Sunday, October 26, 2025

সপোন

(1)

শ্ৰীমতীয়ে মাজে মাজে কেতিয়াবা মোক জোকাই "লিখা মেলা কৰা মানুহবোৰৰ হেনো অন্তৰৰ নিভৃত কোণত অনেক অজনা ৰহস্য লুকাই থাকে । তোমাৰ বা মনৰ ভিতৰত কি ৰহস্য আছে !" সেইদিনা সপোনতে দেখিলো তেওঁ আকৌ মোক তেনে ধৰনৰেই প্ৰশ্ন এটা সুধিছে । কিন্তু দিঠকত নহয়, সপোনত ।

উত্তৰত মই যিখিনি কলো, সপোনতে ভাবিবলৈ ধৰিলো - বৰ সুন্দৰ ইংৰাজী বাক্য কেইটামান কৈ পেলাইছো । এটা সুন্দৰ কবিতা হব পাৰে এইকেইটা শাৰী ।

সাৰ পাই কবিতাটো ইমানকৈ মনত পেলোৱাৰ চেষ্টা কৰিছো । কিন্তু কোনোপধ্যেই প্ৰথম দুটা শাৰীৰ পিছৰখিনি মনত নপৰে। মনত পৰা খিনি লৰালৰিকৈ মোবাইলতে লিখি থলো

"Faithful to the yearning, and to no one else Held fast by the timeless pulse of eternity...."

এতিয়া ভাবিছো মনৰ অবচেতন স্থিতিত ক'তজানো এই শব্দবোৰ লুকাই আছিল । নে কৰবাত পঢ়িছিলোঁ কেতিয়াবা ...একোৱেই মনত নপৰে । সপোনত ঔষধ পোৱা শুনিছোঁ , কিন্তু কবিতা গাই দিয়াৰ কথা নাজানো ।

(2)

কেইদিনমানৰ আগেয়ে অন্য এটা intersting সপোন দেখিলোঁ । কিছুদিনৰ আগেয়ে ঢুকোৱা চিনাকি এজনক লগ পাইছো । সুধিলো - "মই জানো তুমি এতিয়া মৃত, পৃথিৱীত নাই। তেনেহলে তুমি কোন ?"

তেওঁ কলে - মই শৰীৰ এৰি আহিলো, মই আত্মাহে ।

আকৌ সুধিলো - তুমি এতিয়াও সুখ, দুখ এইবোৰ অনুভৱ কৰিব পাৰানে ?

তেওঁ কলে - পাৰো..কিন্তু লাহে লাহে নোৱাৰা হম । লাহে লাহে মই এই বিশাল cosmic energy ৰ এটি ক্ষুদ্ৰ অংশ হৈ পৰিম । সুখ - দুখ , অনুভৱ একোৰেই অস্তিত্ব নাথাকিব মোৰ বাবে ।

তেওঁৰ কথা শুনি মনটো বেজাৰেৰে ভৰি গল ।

জীৱনৰ ক্ষণভংগুৰতাই মোক দুখ দিয়াৰ কথা অনেকবাৰ লিখিছোঁ । স্বৰ্গৰ অনন্ত সুখতকৈ জীৱনৰ যাতনাভৰা সংগ্ৰাম মোৰ হাজাৰগুনে প্ৰিয় ।

হঠাৎ মনলৈ ভাৱ আহিল , এই পৃথিৱীত কত মানুহ কিমান উদাসীন । সুখৰ মুহূৰ্তত মুখত হাঁহি এটা নাই । দুখত নাই চকুপানী । গ্ৰীষ্মৰ আবেলি শৰীৰ আৰু মনক শীতলতাৰে ভৰাই দিয়া বৃষ্টিৰ ৰুনজুন শব্দই হৃদয়ত হাহাকাৰ লগোৱা নাই.... এইবোৰ মানুহ জীয়াই থাকিয়েই মৃত। জীৱনক ভালপোৱা মোৰ চিনাকিজনৰ আত্মা এইবোৰ মানুহৰ তুলনাত জীৱন্ত, প্ৰাণৱন্ত ।

সাৰ পাই সপোনটোৰ কতাহকে ভাবি থাকিলো । কিযে সপোনবোৰ দেখো! কিছুদিনৰ পৰা মনটো বেয়া হৈ থাকে । আগৰ দৰে ফুৰ্তি নালাগে । অৱসাদ বেছি হৈছে, ব্যায়াম কৰিবলৈও মন নাযায় ।

দীঘল সপোন আৰু বিষাদগ্ৰস্থতাৰ কাৰণটো পিছে আজি উলিয়ালো। ডাক্তৰৰ পৰামৰ্শমতে এটা টেবলেট খাই আছো, Neuroforte টেবলেট । দীঘলীয়াকৈ খাবলৈ উপদেশ দিছে । বোধহয় তাৰেই পাৰ্শ্বক্ৰিয়া ।

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

No comments: