Sunday, September 27, 2020

এৰি অহা দিনবোৰ

জীৱন পথত বহুবোৰ মানুহৰ লগত সম্পৰ্কৰ এনাজৰী ছিঙি গৈছে, নতুন সম্পৰ্কবোৰ যোগ হৈছে। ৰাস্তাই ঘাটে লগ পালে মাত এষাৰ লগোৱা হয়, ব্যক্তিগত ভাবে তেওঁলোকৰ ঘৰলৈ যোৱা নহয়, ফোনত খা খবৰ লোৱা নহয়।

পোন্ধৰ বছৰ বয়সত ঘৰৰ পৰা কটন কলেজলৈ ওলাই অহাৰ পিছত হাজোৰ ঘৰখনৰ বাবে বিয়া দি দূৰলৈ উলিয়াই দিয়া জীয়ৰীৰ দৰে হৈছো। ঘৰলৈ গৈ থাকো। কিন্তু সেই ঠাইখনৰ পাৰিপাৰ্শ্বিক জগতখনৰ লগত একাত্ম হোৱাৰ অৱকাশ নাথাকে। পুৰণি মানুহবোৰ লাহে লাহে নোহোৱা হৈছে , তেওঁলোকৰ বৰ্তমানৰ প্ৰজন্ম বোৰক চিনি নাপাওঁ। 

মামাহঁতৰ ঘৰৰ সম্পৰ্কীয় মানুহখিনিৰ কথাই কওঁ। সৰুতে মাৰ লগত কিমান গৈছিলোঁ মানুহখিনিৰ ঘৰলৈ । ককা , আইতা আৰু তেওঁলোকৰ আপোন মানুহখিনিয়ে মাক মাতিছিল " সৰ'য়া" বুলি । মাৰ "উৰ্বশী" নামটো কাচিৎহে শুনিছিলো তেওঁলোকৰ মুখত। বোধহয় মা ঘৰৰ সৰু ছোৱালী বাবে "সৰু আই"ৰ অপভ্ৰংশ হৈ "সৰ'য়া" নামটোৰ উৎপত্তি হৈছিল । মাক সেই নামেৰে মতা মানুহবোৰ এতিয়া পিচে প্ৰায় নোহোৱা হ'ল, আদৰৰ এই নামটোও এতিয়া শেষ হৈ আহিছে।

মাৰ আইতাকৰ কথাই কওঁ। কম বিচিত্ৰ আছিলনে মানুহজনী । তেওঁলোকৰ ঘৰ আছিল মামাহঁতৰ ঘৰৰ একেবাৰে ওচৰত। আমি মামাহঁতৰ ঘৰলৈ আহিলেই আমাক চাবলৈ তেওঁ আহি ওলায়।

সেই সময়ত তেওঁৰ শৰীৰ পৰি আহিছে । তেওঁ ইহলোকৰ পৰা পৰলোকলৈ ধাৱমান হোৱাৰ আয়োজন কৰিছে। টোপনি অহাৰ পিছত তেওঁৰ আত্মাটো হেনো প্ৰায়ে স্বৰ্গ ভ্ৰমণলৈ ওলায় যায়। আহ..স্বৰ্গৰ কি সুন্দৰ বৰ্ণনা দিয়ে তেওঁ ! অমৰ চিত্ৰ কথাত দেখাৰ দৰে লাগে আইতাৰ স্বৰ্গ ভ্ৰমণৰ।কথাবোৰ । বিভিন্ন দেৱ দেৱীক লগ পোৱাৰ কাহিনীবোৰ তেওঁ শুনাই থাকে। দেউতাই বৰ মানোযোগেৰে শুনে তেওঁৰ কথা । চমজদাৰ শ্ৰোতা পাই তেওঁৰ আগ্ৰহ বাঢ়ে ।

" দেৱৰাজ ইন্দ্ৰৰ লগতো আপোনাৰ দেখা হ'ল তাৰ মানে আইতা।" দেউতাই সোধে।

" অ বাপা , মোক আৰ এইবাৰ নিবো যেন পাচু দে, ৰাতি ৰাতি মোক নিবা আহেয়ে ।"

আইতাৰ আৰু এটা সংশয় আছিল। বিভিন্ন জনে তেওঁক "ঔষধ" কৰি হায়ৰাণ কৰাৰ তেওঁৰ কষ্টৰ কাহিনীবোৰ বৰ্ণাইছিল। ওচৰৰ শকত প্ৰতিবেশী বুঢ়ী জনী আৰু নিজৰ সৰুবোৱাৰীৰ প্ৰতি তেওঁৰ সন্দেহ আৰু দুয়োজনীৰ প্ৰতি অহৰ্নিশে বিভিন্ন সুৰত অন্তহীন গালি শপনি পৰিছিল। এই " ঔষধ" কৰাৰ কাহিনীবোৰ আছিল বৰ বিচিত্ৰ। কেতিয়াবা যদি কৰবাত মন্ত্ৰপুত চুলি অকণ পেলাই থয়, কৰবাত তাবিজ পোতে । সৰিয়হ তেলৰ চিচা পুতিলে আকৌ তেওঁৰ গাটো জুইয়ে পোৰাৰ দৰে লাগে , বিছনাত চটফটাই ওৰে ৰাতি বিনিদ্ৰ ৰজনী পাৰ কৰে। প্ৰতিকাৰ বিচাৰি বেজ , ওজা বিচাৰি তেওঁ ঘুৰ্মুতিয়াই থাকে।

তেনে এটা দিনৰ কথা। মা দেউতাৰ লগত মামাহঁতৰ ঘৰলৈ গৈছোঁ। এয়াৰ ফৰ্চত কাম কৰা ডাঙৰ মামা ঘৰলৈ আহিছে। সেইবাবেই বোধহয় যোৱা হৈছিল। আমি অহা গম পাই, আইতাজনীও আহি ওলাল ।

পৰম্পৰাগতভাৱে সেইদিনাও তেওঁ দেউতাক আৰু মামাক তেওঁক অপকাৰ কৰিব খোজা মানুহবোৰৰ কলা যাদুৰ কাহিনীবোৰ শুনাই আছিল। দেউতা আৰু ডাঙৰ মামাক কাহিনীবোৰ শুনাই কিছু শান্ত হৈ তেওঁ ঘৰলৈ উভতিল। পিছে ঘৰলৈ উভতাৰ অলপ পিছতে উত্তেজিত আইতা আকৌ আহি ওলাল।

"দেখচেনা সুৰেন , মোৰ কথা তহঁতেই বিশ্বাস নকৰা, এখনি মই ঘৰোৰ পৰা ওলাই আহোতেই , কুনি এই তাবিজ পুতলাক , দেখচানা।"

মানে এখন মহা হাঁহাকাৰ। মন্ত্ৰপুত তাবিজ ওলাইছে আইতাৰ মজিয়াত। গোটেই দিনটো আইতাৰ অন্তহীন গোৱাল গালি শপনি চলি থাকিল।

পিছদিনা ৰাতিপুৱা। মায়ে মোক গা ধুৱাবলৈ ওলাইছে। জাৰৰ দিনবোৰৰ এই গা ধুওৱা পৰ্বটোলৈ মোৰ বৰ বিতৃষ্ণা। নিজে বাথৰুমত গা ধোৱাৰ মন। নাঙঠ কৰি মোক আৰু ভণ্টিক সৰিয়হ তেল লগাই কিছু সময় ৰ'দত শুকাবলৈ মেলি দিয়ে । এইখিনি সময়ত ভয় হৈ থাকে ওচৰৰ কোনো সোমাই আহে বুলি। ইয়াৰ পিছত চোতালৰ এখন কাঠৰ পীৰাৰ ওপৰত উঠাৰ নিৰ্দেশ আহে । ঠিক এইখিনিতে মাৰ গান আৰম্ভ হয় ....লুইতৰে পানী যাবি অ' বৈ ....লুইতৰ পানী বাগৰি যায় আৰু মায়ে হাতৰ চাবোন লগোৱা কাপোৰ খনে দেহৰ সমগ্ৰ চাল মাথো ছিঙি নোযোৱাকৈ ঘঁহিবলৈ আৰম্ভ কৰি দিয়ে ....অসহ্য। এইখিনিৰ পিছতে মাৰ গানলৈ যতি পৰে কাৰণ নিদিওঁ বুলি শপত খাইও মুখত চাবোন ঘঁহি দিয়া পৰ্বটো আৰম্ভ হৈ যায় আৰু লগে লগে মোৰ চিঞৰ বাখৰ।

পিচে সেইদিনা মুখত চাবোন ঘঁহাৰ বহু আগেয়েই মাৰ গান হঠাৎ বন্ধ হৈ গ'ল।

" তোৰ তাবিজটো ক'ত ?"

" তাবিজ , মই একো নাজানো ।"

" সঁচা কথা ক। ক'ত পেলালি ? নহলে আজি তোৰ কান আৰু চুলি ছিঙিম মই ।"

মানুহৰ নজৰ নালাগিব বুলি কলা ৰচি এডালত ডিঙিত এটা তাবিজ ওলোমাই দিছিল আইতাই। চাৰিকোণীয়া সেই বস্তুটো পিন্ধি মই মুঠেই ভাল পোৱা নাছিলোঁ।

সেইটোকে সেইদিনা আজো আইতাৰ মজিয়াত পুতি থৈ আহিছিলো আইতাৰ হাঁহাকাৰ লাগক বুলি।





You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Saturday, July 11, 2020

Every God shall die someday


Sincerely wish Turkey's democratically ruled government is soon overthrown by the Army. Turkish Army is still secular as compared to the fundamentalist Recep Tayyip Erdogan regime. Ergogan is slowing trying to inject religion in the Turkish army as well.

The day, Turkey, lone secular country with Islamic majority, is officially declared Islamic, the conflict between Islam and Christianity in Europe will peak up unimaginable momentum. This is coming sooner rather than later.

Man has been inhabiting this planet for about 5-7 million years. The first evidence of burial of mankind has been found in Middle East as old as about 100000 BC. As compared to those gigantic numbers, age of Hinduism is just about 6000 years. Christianity is merely 2000 years old and so is Buddhism at about 2500 years. Islam came into existence in the 7th century. Existence of these religions seem antediluvian, but compared to human existence of 7 million years in this planet, they are still young and yet seen so much of changes.

In next 1000 years, no one knows  which religion will exist in this world. Everyone believes, his God is eternal, yet irrespective of religion, even God doesn’t live forever. Everything that starts, comes to an end. Even the sun and the earth will not live forever. Someday, Sun will consume all its fuel and fade away into a dead star.

What I see in the next 300-400 years, Islam will rise rapidly and  the world will turn into a melting pot of bipolar religious conflicts. The days of middle age will return. But finally peace shall prevail as usual. I shall not be around to see that day. But surely I shall flow through intricate genetic codes of my future.

Perhaps the story of reincarnation of Lord Vishnu is no myth and has some serious reckoning.

https://www.ndtv.com/world-news/turkey-turns-iconic-museum-hagia-sophia-into-mosque-2260813?pfrom=home-topstories


You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Saturday, July 4, 2020

বহিৰাগত

বহিৰাগতই অসমখন খালে বুলি আপডেট নিদিয়া বাবে দুই এজনে মোক মাজে মোক কম জাতীয়তাবাদী বুলি মন্তব্য কৰে। অসমৰ ভাষা, সংস্কৃতি , ভৱিষ্যতৰ চিন্তাত ব্যাকুল হলো বুলিয়েই জাতীয়তাবাদী বুলি একাংশ লোকে মানি নলয় যেতিয়ালৈকে বহিৰাগতৰ বিৰুদ্ধে হোৱাই নোহোৱাই কথা নকওঁ । সেইবাবেই ভাবিছো লাহে লাহে নিজক সলনি কৰিব লাগিব। মানে মই নিজেও জাতীয়তাবাদী হব লাগিব। নিজৰ ভেটি যাওঁ যাওঁ অৱস্থা যদিও সেইবোৰ চকু মুদি থাকিম, কিন্তু যিমান পাৰোঁ নিজৰ অৱস্থাৰ বাবে সহজ কাল্পনিক টাৰ্গেট হিচাপে বিহাৰ ইউপিক মাজে মাজে গালি গালাজ দিম।

অকল মই নিজে জাতীয়তাবাদী হ'লে নহব। ভৱিষ্যত প্ৰজন্মৰ ল'ৰা দুটাকো গঢ় দিব লাগিব। সেইবাবেই আজি শনিবাৰৰ দিনা দুয়োটা ল'ৰাক লেপটপত অংকীয়া ভাওনা চাবলৈ লগাই দিলোঁ।

ডাঙৰ ল'ৰা প্ৰশ্ন সোধাত পাকৈত।

ডাঙৰ ল'ৰা - "এয়া কি ভাষাৰ নাটক পাপা ?"

মই- " শঙ্কৰদেৱে ব্ৰজাৱলী ভাষাত লিখিছিল ।"

ডাঙৰ ল'ৰা - " এইটো আকৌ কি ভাষা পাপা ?"

মই -"এইটো ভাষা সেই সময়ত ভক্তি আন্দোলনৰ ৰচনা বোৰ লিখিবলৈ অনেক বৈষ্ণৱ প্ৰচাৰকে ব্যৱহাৰ কৰিছিল বিশেষকৈ উৰিষ্যা, পশ্চিম বংগ আদিত। "

ডাঙৰ ল'ৰা- " আৰে পাপা যোৱা বছৰ বৃন্দাবনত আমি চোৱা ৰাধা কৃষ্ণৰ ফুলৰ হোলী খেলা নাটক খনৰ দৰে লাগিছে ভাষাটো। তাতো 'হামু' বুলি কোৱা মনত পৰিছে ।

মই - " ব্ৰজৰ ভাষাৰ লগত মৈথিলী আৰু অসমৰ প্ৰচলিত ভাষাৰ সংযোগ কৰি শংকৰদেৱে লিখিছিল নাটক বোৰ । সেইবাবেই মিল আছে আকৌ "

ডাঙৰ ল'ৰা- "মৈথিলী ভাষা ??? কোন ঠাইত কয় ?"

মই- " এয়া এক ইন্দো এৰিয়ান ভাষা । ভাৰত আৰু নেপালত কয়। এতিয়াও আমাৰ বিহাৰত বহু মানুহে কয় এই ভাষা । কিয় নেপালীত ডাঙৰ ভায়েকক দাজু বুলি মতা শুনা নাই তুমি ! আকৌ মহাভাৰতত কৃষ্ণই বলৰামক দাউ বুলি মাতে !"

ডাঙৰ ল'ৰা- " শুনিছোঁ পাপা। আমাৰ ওচৰৰ শ্ৰীনি আংক'লে মাকক আই বুলি মাতে । আমিও অসমত আইতাক আইতা বুলি মাতো।"

মই - " অসমতো মাকক 'আই' বুলি কয় অ' ।"

ডাঙৰ ল'ৰাৰ লগত এই কথোপকথন খিনিৰ পিছত মনলৈ এটা চিন্তা আহিল। অসমীয়া সংস্কৃতিৰ আধাৰ শংকৰদেৱে যি ভাষা ব্যৱহাৰ কৰিছিল সেই ভাষাৰ লগতে সংপৃক্ত হৈ আছে ভাৰতীয় দৰ্শন , সততে গালি গালাজ দিয়া বিহাৰ ইউপি আদি ঠাইবোৰো । উত্তৰ ভাৰতৰ বিভিন্ন প্ৰাচীন ঠাইবোৰৰ ভ্ৰমণ আৰু পণ্ডিত সকলৰ লগত মত বিনিময়ে তেওঁৰ চিন্তাত বৌদ্ধিক আলোড়নৰ সৃষ্টি কৰিছিল।

এইযে এইখন শংকৰদেৱৰ অসম , ইয়াত নাগপুৰীয়াৰ স্থান নাই বুলি বুকু ফুলাই থাকো , তাৰমানে আমাৰ নিজৰ খিনিও বিভিন্ন ভাৰতীয় সংস্কৃতিৰ সংমিশ্ৰণ। তেনেহ'লে এই গোটেই প্ৰক্ৰিয়াটোক তুচ্ছ তাচ্ছিল্য কৰা সকল অসম আৰু অসমীয়াৰ মিত্ৰ নে শতৰু ! এনেদৰে জাতীয়তাবাদী হোৱা মানে নিজৰ অতীতটোকে অস্বীকাৰ কৰা নহয়নে ! গোটেইখন কিবা খেলি মেলি লাগি গ'ল।

এইবাৰ সৰু ল'ৰা কোঁচত উঠি ল'লে। তাক আকৌ আমাৰ পৰিয়ালৰ বিভিন্ন মানুহবোৰৰ নামবোৰ শ্ৰীমতীয়ে মাজে মাজে শিকাই থাকে। সিও ধেমালিতে মোক সুধি গৈছে - তোমাৰ ককাৰ নাম কি ?

"ৰাজিন মেধি" উত্তৰ দিলোঁ।

"ককাৰ দেউতাকৰ নাম ?"

"ৰাতিমল মেধি ।"

"ককাৰ দেউতাকৰ দেউতাকৰ নাম ?"

হোমৱৰ্কৰ হ'ল নে নাই সুধিলোঁ। এইটো সুধিলে আৰু সি সজাগ হৈ যায় আৰু টান প্ৰশ্ন বোৰো
সোধা বন্ধ কৰিব।

" পাপা , বিষ্ণুৰাম মেধি কোন আছিল ?" এইবাৰ ডাঙৰ ল'ৰাও যোগ দিলে। " তেওঁৰ ৱিকি পেজ এটাও আছে "।

বিষ্ণুৰাম মেধিৰ পেজটো ল'ৰাৰ লগত পঢ়িব ধৰিলোঁ। তাত লিখা আছে বিষ্ণুৰাম মেধিৰ উপৰি পুৰুষ এসময়ত হেনো কোচবিহাৰৰ পৰা বৰপেটা হৈ হাজোলৈ আহিছিল। ল'ৰাই আকৌ সুধিলে - কোচবিহাৰ পশ্চিম বংশত নহয় জানো ?

মাকে মাত লগালে - "সেইকাৰণেই তহঁতৰ দেউতাৰে বঙালী গীত শুনি ভাল পায় বুজিছ। মোক লগ নোপোৱা হ'লে চাগে তহঁতৰ মাৰৰ ঘৰ গুৱাহাটী নহৈ কলিকতাত হ'লহেঁতেন।"

কলিকতাক লৈ খোচ এটা মাৰি এওঁ এটা তৃপ্তি পায়। পাওঁক।

শ্ৰীমতীক ক'লো - "আমাৰ আনন্দৰাম বৰুৱা আৰু তৰুণ ফুকনৰ পৰিয়ালৰ বুৰঞ্জী শুনিছানে ?"

" মানৰ আক্ৰমণৰ সময়ৰ কথা। এখন নাৱত এজন ব্ৰাহ্মণ আৰু তেওঁৰ পৰিয়ালটো ব্ৰহ্মপুত্ৰৰে ভটিয়াই পলাই আহিছে......"

এইবোৰ মজাদাৰ কাহিনীৰ শ্ৰোতা শ্ৰীমতী আৰু ডাঙৰ ল'ৰা। কাহিনী শুনিবলৈ পালে একো নালাগে।

কাহিনী শেষ হ'ল। শ্ৰীমতী দুপৰীয়াৰ ভাত বাঢ়িবলৈ উঠি গ'ল। ভাত খাই থাকোতে এটা ভাব মনলৈ বাৰে বাৰে আহি থাকিল - কালৰ কোনোবা ঘটনাচক্ৰত আমাৰ উপৰি পুৰুষসকল কোচবিহাৰৰ পৰা বৰপেটালৈ নহা হ'লে , আজি জাতীয়তাবাদী হিচাপে মোৰ মাতৃভাষা কি হ'লহেঁতেন !

নৱজাগৰণৰ আৰম্ভনি হৈছিল ইটালীত। ইতিহাসে ৰিঙিয়াই যি ঠাইত বিভিন্ন ভাষী , জাতি জনজাতিৰ সংমিশ্ৰণ হৈছিল , বেহা বেপাৰৰ বাবে মানুহৰ আগমনত দলদোপ লাগিছিল, সেইবোৰ ঠাই উন্নতিৰ চৰমসীমাত উপনীত হৈছিল। এইখন শংকৰ আজানৰ ঠাই বুলি ভেম জোৰা নাছিল তেওঁলোকে। বা তেনে ধুৰন্ধৰ লোক সেইবোৰ সমাজত বোধহয় নগন্য আছিল।

গোটেই কথাবোৰ ইমান খেলি মেলি । একাংশ লোকৰ জাতীয়তাবাদৰ সংজ্ঞাটো একেবাৰে বুজিয়েই নাপাওঁ।








You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Thursday, April 16, 2020

চিত্ৰহাৰ নহয়, ৰংগোলীহে

আমাৰ স্কুলীয়া দিনত দূৰদর্শনৰ চিত্ৰহাৰ আছিল অভূতপূৰ্ব জনপ্ৰিয় অনুষ্ঠান। এইবোৰ টিভিৰ ছবি স্পষ্ট কৰিবলৈ বাঁহ ঘুৰোৱা দিনৰ কথা। আজিকালি এই অনুষ্ঠান চলি আছে নে নাই নাজানো । প্ৰতি বুধ আৰু শুক্ৰবাৰ সন্ধিয়া আঠ বজাৰ পৰা চিত্ৰহাৰ আহে।

আহিলে কি হব ! চিত্ৰহাৰৰ ওপৰত ঘৰত 144 ধাৰা নিষেধাজ্ঞা । যেন কিবাকৈ চিত্ৰহাৰ চালেই ল'ৰা ছোৱালী ৰসাতলে গ'ল আৰু ।

তথাপিও কেতিয়াবা সন্ধিয়া মা দেউতা ঘৰত নথকাৰ বিৰল সংযোগৰ সময়ত মনে মনে টিভি লগাও। টিভিৰ শব্দ একেবাৰে কম ৰাখি , শহাকনীয়া হৈ থাকো । ধৰক টিভিৰ পৰ্দাত ঋষি কাপুৰ আৰু জয়া প্ৰদা ওলাইছে ...ডফলি ৱালে ডফলি বজা.... মনৰ ভিতৰতে নিজৰ লগত ঋষি কাপুৰক সলাই লৈছো তেতিয়া । সমস্ত দেহ মন পুলকিত কৰা এক অবুজ শিঁহৰণ , ....তেৰি চম চম চে, মেৰি দম দম চে, ক্যা ৰংগ চানে লগা ... আহ.. আৰু ঠিক তেতিয়াই গেটখন খোলাৰ শব্দ এটা শুনো । দেহ মনৰ সেই শিঁহৰণ ক'ত লুকাই যায় নিমিষতে ! টিভি বন্ধ কৰি পঢ়া মেজত বহি লওঁ। মা বোধহয় আগৰ জন্মত CID আছিল । কাৰণ তেওঁ আমাৰ মুখ দেখিয়ে গম পাই - 'অসভ্য ল'ৰা , টিভি চাই আছিলি ! '

মিছা কৈ লাভ নাই। টিভিটো চুই চালেই সকলো গম পাই যায়। হিন্দী চিনেমাৰ ক্ষেত্ৰতো সেই একেই নিষেধাজ্ঞা বাহাল আছিল।

বাধা নাছিল মাথো অসমীয়া চিনেমাখন চোৱাত। মাহৰ দ্বিতীয় সপ্তাহৰ শনিবাৰৰ গধূলিৰ চিনেমাখন। বোৱাৰী, সোনমইনা, ককা দেউতা নাতি আৰু হাতী ...কিমান মেল'ড্রামা । প্ৰাঞ্জল শইকীয়াই ভনীয়েকৰ বিয়াৰ বাবে কিডনী বিক্ৰী কৰি দিছে তেতিয়া । দেউতাকে (বোধহয় সুৰেন মহন্ত) ডাঙৰ বোৱাৰীয়েকৰ আগত আবেগিক সংলাপ এৰিছে ...আৰু ইপিনে ...মায়ে মনে মনে চাঁদৰৰ আচলেৰে চকু পানীখিনি মচি লৈছে সাউৎকৈ, ভাবি লৈছে আমি কোনেও তেওঁক মন কৰা নাই ।

এইবোৰ কন্দা কতাৰ চিনেমা চোৱাৰ বয়স তেতিয়া মোৰ নাছিল। কৈশোৰৰ অনুসন্ধিৎসু মনৰ ভিতৰত তেতিয়া অযুত কল্পনা আৰু ভাৱৰ সমাহাৰ। সেই কল্পনাই "ওঁঠ চেপিলে গাখীৰ ওলাব" বুলি মা দেউতাৰ সঘন সকিয়নীৰ প্ৰাচীৰ লংঘী দূৰ দিগন্তলৈ উৰা মাৰে !

সেই সময়ত চোৱা দুখন অসমীয়া বোলছবি ডক্টৰ বেজবৰুৱা আৰু চামেলি মেম চাহাবে কিন্তু আমাৰ মনবোৰ কমোৱা তুলাযেন কৰিছিল। ডক্টৰ বেজবৰুৱাত নিপন গোস্বামীলৈ বৰ হিংসা হৈছিল। এনেকৈ আমিও ঘৰৰ পৰা দূৰৰ কৰবাত আলহী খাবলৈ যাব পোৱা হলে...! ডাঙৰ ভন্টি আছিল মাৰ বাধ্য " ইনফৰ্মাৰ"। মোৰ ডাৰৰ বাতৰি ডাৰে ডাৰে মাক যোগাৰ ধৰে। এই ধৰক , বহু দেৰি অপেক্ষাৰ অন্তত ক্ৰিকেট বেটখন হাতত পৰে আৰু ঠিক তেতিয়াই মাক লৈ তাই ওলাব - "আহিলিনে " । মনে মনে নদীৰ পাৰলৈ ফুৰিবলৈ যাম, মাজবাটৰ পৰা মাত এটা আহে - ক'ত গৈছ ?

সেই সময়ত প্ৰত্যেক ৰবিবাৰে 7:30 ৰ পৰা আহিছিল ৰংগোলী অনুষ্ঠান । দেউতাই ৰাতিপুৱা সোনকালে উঠি কিতাপ পঢ়ি থাকে। এবাৰ মোক দেখি সুধিলে - চিত্ৰহাৰ চাই আছ !

" নাই , এয়া চিত্ৰহাৰ নহয়.. ৰংগোলীহে । "

সেই সময়ত বহু পুৰণি গান এটা আহি আছিল টিভিত - " সাৰাংগা , তেৰি য়াদো মে ..." ছবিবোৰ ইমান অস্পষ্ট. নায়কৰ মুখখন ভালদৰে চিনিবই নোৱাৰি।

অনুষ্ঠানৰ নামটোও ৰংগোলী , দেউতাই দেখা গানটোত কোনো নায়ক নায়িকাই নাচি বাগি থকা নাই। "পঢ়াত বহ" বুলি লাহেকৈ কৈ আঁতৰি গ'ল।

এনেদৰেই কেইদিনমান ৰংগোলী উপভোগ কৰিলোঁ। পিছে লাগিল আকৌ অথন্তৰ। সেইদিনা
ৰংগোলীত আকৌ আহি ওলাল জয়া প্ৰদা আৰু ঋষি কাপুৰ ....ডফলি ৱালে ডফলি বজা...ঋষি কাপুৰে ডফলি বজাইছে আৰু লগে লগে জয়া প্ৰদাৰ মনোমোহা নৃত্য। ঠিক তেতিয়াই কোঠাত দেউতাৰ আবিৰ্ভাৱ !

এয়া চিত্ৰহাৰ নহয়, ৰংগোলীহে বুলি বুজোৱাৰ সেইদিনা উপায় নাছিল।

এই কাহিনী বোধহয় অকল আমাৰ ঘৰৰ কাহিনী নহয়। পুৰণি মধ্যবিত্ত ঘৰৰ শুচিবায়ুগ্ৰস্থতাৰ প্ৰতি অত্যাধিক সংবেদনশীল সাধাৰণ মনস্তত্ব । এই মনস্তত্বৰ পৰা ৰঙালী বিহুয়েও সাৰি যাব পৰা নাছিল।

সৰু ডাঙৰ ল'ৰা ছোৱালীয় জাকে জাকে বিহু মাৰিবলৈ ঘৰলৈ আহে। " চেনাই ঔ" বুলি ঢোলত চাপৰ পৰে কি নপৰে , দেউতাই মাত লগায় -" হবদে"।

আমাৰ বাবে বিহু মাৰিবলৈ যোৱা অকল্পনীয় আছিল। ভোগালী বিহু ভালদৰে পালিছিলোঁ। ৰঙালীৰ কথাবোৰ মাথো সজাই পৰাই পৰীক্ষাৰ বহীত সুন্দৰ ৰচনা লিখিছিলো।

এনে এজন মানুহ এবাৰ ডিগবৈ ক্লাৱৰ বিহুৰ অনুষ্ঠানত (বোধহয় ৱাইফ'জ ডিনাৰৰ প্ৰগ্ৰেম) ভাগ লব লগা হ'ল। গোটেই অনুষ্ঠানটোত বিহু নচাৰ নামত মঞ্চত মাথো হাতচাপৰি মাৰি পাৰ কৰিলোঁ।

পুৰণি মধ্যবিত্ত পৰিয়ালৰ ভাল ল'ৰাৰ 'টেগ' এটা গাত লাগিছিল তেতিয়া । কিন্তু মনৰ ভিতৰৰ অনেক সহজাত গোপন অনুভৱে হৃদয় কৰ্ষিত কৰিছিল কত বিনিদ্ৰ ৰাত্রী। ভাল ল'ৰাৰ 'টেগ'টো আঁতৰাই , জীৱনৰ যিকেইটা মুহূৰ্তত সেই গোপন শিহৰণে বিদ্ধ কৰাৰ অনুভৱ শৰীৰৰ প্ৰতি বিন্দুত অনুভূত হৈছিল , উদ্বাউল হৈছিল সমস্ত মানোজগত, সেইবোৰ মুহূৰ্তও জীৱনৰ মূল্যবান সম্পদ।




You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Monday, April 6, 2020

সৰু সৰু ভুলবোৰ


আগবয়সৰ জীৱনত কিছুমান সিদ্ধান্ত ভুল বুলি বুজিবলৈ যেতিয়া চেতনাবোধ জাগে, তেতিয়া আৰু শুধৰণিৰ আৰু সময় নাথাকে।

মোৰ জীৱনৰ এনে এটা ভুল মেডিকেলৰ ছাত্র হব নোৱাৰিম বুলি মনত সোমোৱা বদ্ধমূল ধাৰণাটো ।

মাৰ ইচ্ছা আছিল মোক চিকিৎসক কৰাৰ। পিছে কটনত সোমোৱাৰ পিছত বায়লজীৰ দাঁত ভঙা শব্দবোৰ দেখি ভয়ত একপ্ৰকাৰ পেপুৱা লাগিলোঁ। তাতে ব'টানিৰ গছ গছনিৰ বৈজ্ঞানিক নামবোৰ জানো কম আছিল। ইয়াৰ বিপৰীতে অঙ্কবোৰ তুলনামুলক ভাবে আছিল নিঃকিন আৰু সৰল মনৰ। আমাৰ দুখ কষ্ট বুজে। এটা বুজিলেই হৈ যায়, বাকীবোৰৰ বহুবোৰ । মনৰ ভিতৰতে এটা সিদ্ধান্ত লৈ ল'লো।

শেষ সিদ্ধান্ত তেতিয়াও লব পৰা নাই। এনে সময়তেই এদিন প্ৰীতি বাইদেউৰ ব'টানিৰ ক্লাছ এটাই সকলো সহজ কৰি দিলে। বাইদেউ বৰ একা চেকা । বিশেষকৈ কোনো ছোৱালীৰ লগত শ্ৰেণীত একেলগে বহিলে আৰু ৰক্ষা নাই। সেইদিনা ক্লাছত সোমাই সকলোকে চকু ফুৰাই মোক ধমক লগালে "হেৰা ল'ৰা , তাত কিয় বহি আছা ? আগৰ বেঞ্চত বহা ।" সেমেনা সেমেনিকৈ এখন আগৰ বেঞ্চলৈ উঠি আহিলো। সেইখন বেঞ্চৰ পৰাই সময় সুবিধা মতে , পিছৰ বেঞ্চৰ লগত কথোপকথন কৰি আছো। এপাকত বাইদেউৰ চকু পৰিল।

"দুষ্ট ল'ৰা , ওলোৱা ক্লাছৰ পৰা । এতিয়াই ওলোৱা "

ষ্টেপত বহি আড্ডা মৰাৰ বাবে কটনৰ অধ্যক্ষ ক্ৰোৰী ছাৰৰ খেদন খাইছোঁ। কিন্তু সেয়া আছিল সামুহিক "গনখেদন"। সিমান গাত লগা নাছিল। এইবাৰ কিন্তু লাগিল। সেই যি ওলাই আহিলো , আৰু ঘুৰি যোৱা ন'হল। দুদিনপিছত যাৰ বাবে খেদা খালো, তেওঁকো বাইদেউয়ে উলিয়াই দিলে ক্লাছৰ পৰা। ভাবিলো ভালেই হ'ল । সময় অকণ ওলাল নিজৰ বাবে।

ইয়াৰ বিপৰীতে কেমেষ্টি বিষয়টো মোৰ বৰ প্ৰিয় হৈ পৰিছিল। ইয়াৰ বাবে একমাত্র ব্যক্তিজন আছিল শ্ৰদ্ধাৰ সত্যেন চৌধুৰী ছাৰ। তেওঁ শিকোৱাখিনি আজিও কৰ্মজীৱনত কামত লগাই আছো।

আজি যেতিয়া , চিকিৎসা বিজ্ঞানৰ লগত জড়িত বিভিন্ন বিষয়বোৰ পঢ়ো , ইণ্টাৰনেটত বিভিন্ন প্ৰবন্ধবোৰৰ ৰসস্বাদনৰ কৰি যি আনন্দ পাওঁ , সেই আনন্দখিনিৰ কিছু অংশ যদি 1990 ৰ বায়লজী শ্ৰেণীত পালোঁহেঁতেন !

ডাক্টৰি পঢ়া হ'লে সফল ডাক্তৰ হলোহেঁতেন সেই বিষয়ে মোৰ নিজৰ সন্দেহ নাই। মাজে মাজে এই ভাবটো কিন্তু প্ৰায়েই আহে। লগতে এক ধৰণৰ দুখবোধো। ডাক্তৰৰ সফলতাৰ লগত তেওঁৰ পুথিগত জ্ঞানৰ লগত মানৱীয় গুণসমূহৰো ডাঙৰ ভুমিকা আছে। পুথিগত জ্ঞান অৰ্জন কৰিবলৈ বিশেষ কষ্ট নহয়। অনুশীলন আৰু মেধাই ইয়াৰ আহৰণ সহজ কৰি তোলে। কিন্তু দ্বিতীয়বিধ আহৰণ কৰা সহজ নহয়।

দ্বিতীয় ভুলটো আছিল স্কুলৰ দিনত সংস্কৃতৰ প্ৰতি অনীহা। ঘৰত এই বিষয়টো মোক পঢ়িবলৈ একপ্ৰকাৰ জোৰ কৰিয়ে দি দিছিল। সেই অনীহাৰ বাবেই বোধহয় সংস্কৃত শিকা মোৰ নহ'ল। মেট্ৰিকত কিবাকৈ 70 নে 72 কিবা এটা পাইছিলোঁ , কিন্তু শিক্ষা একো লব নোৱাৰিলোঁ। স্কুলত আমাৰ সংস্কৃতৰ শিক্ষক আছিল ডঃ শ্ৰীকান্ত শৰ্মা ছাৰ। এনে এজন বিদগ্ধ পণ্ডিত ব্যক্তিক ওচৰতে পাইও মোৰ একো শিকা নহ'ল।

সংস্কৃত ভাষাৰ যি লালিত্য, যি মধুৰতা সেই মধু উপভোগ কৰিবলৈ মই অসমৰ্থ। ভাষাৰ এনে মাধুৰ্য্য বিৰল। সঁচা অৰ্থত এই ভাষা দেৱ ভাষা।



You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Thursday, April 2, 2020

জীৱনৰ বাটে ঘাটে - চিষ্টাৰ ষ্টেলা

দুৱাৰত এটা মৃদু টোকৰৰ শব্দত চিলমিলিয়া টোপনিৰ পৰা সাৰ পালো।

" May I come in "

ইলিজাৰভ ফিক্স'টৰেৰে জোৰাই থোৱা হাতখন কোনোমতে দাঙি বিচনাৰ পৰা উঠি বহিলোঁ। বন্ধ দুৱাৰখন ঠেলি মহিলাজনী ভেলোৰৰ খ্ৰীষ্টিয়ান মেডিকেল কলেজ হস্পিটেলৰ মই থকা M ৱাৰ্ডৰ ব্যক্তিগত কোঠাটোলৈ সোমাই আহিল ।

" I am sister Stella"

আকৰ্ষণীয় ব্যক্তিত্বৰ মানুহজনী। বয়স বোধহয় ত্ৰিশৰ দেওনা পাৰ হোৱা নাই। অথচ তেওঁ পিন্ধি থকা ধৰ্মীয় বেশভূষা, গাম্ভীৰ্য্যতা আৰু অনাবিল প্রশান্তি বিয়পি পৰা মুখখনে মানুহজনীৰ ব্যক্তিত্বক অন্য এক মাত্ৰা দিছিল। তেওঁৰ সেই শান্ত সমাহিত কণ্ঠস্বৰ যেন বহু দূৰ দিগন্তৰ পৰা ভাঁহি আহি মোৰ কাণত পৰিছিল।

ইয়াৰ আগেয়ে ভেলোৰৰ হস্পিটেলৰ সেই M ৱাৰ্ডত মইনো কেনেকৈ গৈ পালো প্ৰথমে কৈ লব লাগিব।

ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাত সন্মানখিনি বচাই ভালদৰে উত্তীৰ্ণ হৈ চাকৰি সূত্ৰে মই তেতিয়া পশ্চিম বংগৰ দূৰ্গাপূৰৰ বাসিন্দা । কাম কৰো ষ্টীল অথৰিটি নামৰ ৰাজহুৱা খণ্ডৰ বৃহৎ কোম্পানীটোত। প্ৰশাসনিক সেৱাৰ ভূত এটাই সৰুৰে পৰাই মাজে মাজে কামুৰি আছিল । প্ৰাথমিক পৰীক্ষাটো পাছ কৰি মূল পৰীক্ষাৰ প্ৰস্তুতিত ব্যস্ত । অফিচৰ পৰা ছুটি লৈ ৰমিলা থাপৰৰ ভাৰত বুৰঞ্জী খন পঢ়ি আছিলো সেইদিনা ।

" ঐ কবিৰাজ , আৰু কিমান কবিৰাজি কৰ ! Lets go out for a sleazy evening coffee"

জেয়ন্ত বাৰ্মা মোৰ নলে গলে লগা বন্ধু। সি তেতিয়াও বাইক কিনা নাই। গধূলিবোৰত প্ৰায়ে মোৰ বাইকত মনটো জীপাল কৰিবলৈ ওলাই যায়। কোম্পানীৰ প্রজেক্টৰ কামত অহা অনেক ৰুচ পৰিয়াল তেতিয়াও দুৰ্গাপূৰত বসবাস কৰিছিল। ষ্টীল মাৰ্কেটৰ বেকাৰী এখনত গধূলি ৰুচ ছোৱালীকেইজনীমান আহে। অপূৰ্ব সুন্দৰী ৰুচ ছোৱালীবোৰ । তানিয়া , এঞ্জেলিয়া ...এনে ধৰণৰ নাম আছিল কেইজনীমানৰ। বাৰ্মাৰ সেইখন বেকাৰীত কফি খোৱাৰ চখ একেলগে । মই নাযাওঁ, সিহে নেৰে । গধূলিৰ কফিৰ খৰচ লাগিলে সি দিব সেইদিনা ।

সেই যে ওলাই গলো, মোটামুটি ভৱলীলা সামৰিছিলোঁয়েই । বাইকৰ পৰা উফৰি বাছ এখনৰ তলি পালোগৈ আৰু মোৰ জীৱনক ন ন অভিজ্ঞতাৰে চহকী কৰিবলৈ বাছ খনৰ চকাটোৱে মৰমতে দুবাৰকৈ সোঁহাতখনতে চুমি থৈ গ'ল।

সোঁহাতৰ পৰা সিঁচৰিত হৈ পৰা মাংস আৰু তেজৰ মাজতো তিৰবিৰাই থকা বগা ৰঙৰ অস্থিৰ ভঙা টুকুৰাবোৰ লৈ যেতিয়া মই এম্বেচাদৰ গাড়ীৰ পিছৰ ছিটটোত বহিছিলোঁ , ঘটনাৰ আকস্মিকতাই যেন মোক পৰিৱৰ্তিত কৰিছিল দুখ ,কষ্ট অনুভৱ নকৰা এক যান্ত্ৰিক ৰবটলৈ। গাড়ীৰ জোকাৰণিত হাতখন ছিঙি নপৰিবলৈ আলফুলে ধৰি লৈছিলো, তেজৰ উষ্ম বোৱতী সোঁত এটা হাতৰ পৰা ক্ৰমাৎ বৈ গৈছিল কৰঙনলৈ।

হস্পিটেলৰ এটা কোঠাত কোনোবা এজনে কেচি চলাই এটাৰ পিছত এটাকৈ কাটি গৈছে দেহৰ সমস্ত কাপোৰ আৰু মই ....মই যেন ক্ৰমাৎ ধোঁৱাৰে আচ্ছন্ন এখন অকল্পনীয় জগতত প্ৰৱেশ কৰিবলৈ উদ্যত হৈছো। বোধহয় হেলুচিনেশ্যন হৈছিল। শৈশৱৰ স্কুলৰ বেগটো পিঠিত ওলোমাই পঢ়াশালীলৈ যোৱা মই জনক দেখিছিলো । এনেতে মায়ে পিছপিনৰ পৰা মাত দিছে - বাবা ...

"তোমাৰ অপেৰেশ্যন হৈ গ'ল। সকলো ঠিক হৈ যাব দেই। "

ডাক্তৰ মুখাৰ্জীৰ মাতখাৰ শুনিলোঁ। চেইল হস্পিটেলৰ ডাক্তৰ মুখাৰ্জীয়ে খুব সুন্দৰ অস্ত্ৰোপচাৰ কৰিছিল। তেজৰ বন্ধ হৈ যোৱা প্ৰবাহ তেওঁ পুনৰ বোৱাই দিছিল সমগ্ৰ হাতখনলৈ। ৰেদিয়েল নাৰ্ভ ডাল সম্পূৰ্ণ ভাবে ছিঙি গৈছিল । বাকী আলনাৰ আৰু মেডিয়ান দুডালৰ আংশিক ক্ষতি হৈছিল।

এজন ডাক্তৰৰ সফলতা মাথো তেওঁৰ ব্যক্তিগত অভিজ্ঞতা আৰু নিষ্ঠাৰ ফলাফল নহয়। সফলতাৰ আঁৰত লুকাই থাকে হস্পিটেলৰ অনেক স্বাস্থ্যকৰ্মীৰ অৱদান। এইখিনিয়ে এখন সাধাৰণ হস্পিটেলৰ পৰা বিশ্বমানৰ হস্পিটেলক পৃথক কৰে। মোৰ অভিজ্ঞতা হ'ল অন্য ভাবে।

সেই সময়ত ভেলোৰৰ Hand Surgery বিভাগটো আছিল দেশৰ ভিতৰতে সৰ্বোত্তম। Dr George Anderson আছিল হাতৰ যাদুকৰ। তেওঁ বিখ্যাত ব্ৰিটিছ ডাক্তৰ Dr Paul Brand ৰ ছাত্র। এটা ব্ৰিটিছ পৰিয়ালত প'ল ব্ৰেণ্ডৰ জন্ম হয় ।ভাৰতবৰ্ষত তেতিয়া অনেক কুষ্ঠৰোগী । এওঁলোকৰ বেচিভাগৰে চিৰদিনৰ বাবে হাতবোৰ অকামিলা হৈ গৈছিল। ফলত সুস্থ হোৱাৰ পিছতো স্বাভাৱিক জীৱন নিৰ্বাহ সম্ভৱ নহৈছিল। এওঁলোকৰ দুৰ্দশাই ডেকা প'লক গভীৰ ভাবে প্ৰভাৱিত কৰিছিল। দেশ বিদেশৰ বিভিন্ন অভিজ্ঞতাৰে তেওঁ উলিয়াইছিল Hand reconstructtive অস্ত্ৰোপচাৰৰ অনেক নতুন কৌশল। ভেলোৰত স্থাপন কৰিছিল দেশৰ প্ৰথমটো Hand Reconstruction Surgery বিভাগ। কোম্পানীয়ে সিদ্ধান্ত ললে মই ভেলোৰলৈ যাম।

দুৰ্গাপূৰত প্ৰাৰম্ভিক সফল অস্ত্ৰোপচাৰৰ পিছত মই যেতিয়া ভেলোৰৰ বিখ্যাত খ্ৰীষ্টিয়ান মেডিকেল কলেজ হস্পিটেলত উন্নত চিকিৎসাৰ বাবে ভৰ্তি হওঁ তেতিয়া দুৰ্গাপূৰৰ পৰা লগত কঢ়িয়াই আনিছিলোঁ দেহত MRSA (Methicillin-Resistant Staphylococcus Aureus) সংক্ৰমণ, তেজত কিলবিলাই ফুৰিছিল হেপাটিটিছ বিৰ বীজাণু । সাধাৰণতে হস্পিটেলত পোৱা যায় MRSA নামৰ ভয়াবহ সংক্ৰমণবিধ । কোনো সাধাৰণ এন্টিবায়টিকে ইয়াক ৰোধ কৰিব নোৱাৰে। এই সংক্ৰমনে হাড়, মাংসপেশী এফালৰ পৰা যেন খাই আহিছিল। একমাত্ৰ ঔষধ আছিল ভেংক'মাইচিন নামৰ শক্তিশালী ঔষধটো। কিন্তু এই ঔষধৰ পাৰ্শ্বক্ৰিয়া ইমানেই বেয়া যে ইয়াৰ প্ৰয়োগে মোৰ বৃক্কদুটাক সাময়িক ভাবে বিকল কৰি দেহত ৰাসায়নিক দ্ৰব্যৰ ভাৰসাম্যতা বিঘ্নিত কৰি পেলালে। ইয়াৰ উপৰি শ্বাসনলী প্ৰায় বন্ধ কৰি দিয়াৰ উপৰি তেজত কেলচিয়াম পৰিমাণ অত্যাধিক ভাবে কমাই তুলি এটা ৰাতি মোক একেবাৰে ICU লৈ টানি নিলে।

ডক্তৰ টাইটাছে এদিন মোক কৈ গ'ল - যদি ঔষধে কাম নকৰে , তেওঁলোকে গোটেই শৰীৰত সংক্ৰমণ বিয়পি নপৰিবলৈ বোধহয় হাতখন কাটিব লাগিব। গতিকে চোকা ঔষধ দিয়াৰ বাহিৰে অন্য উপায় নাই। ইপিনে অস্ত্ৰোপচাৰৰ সময়ত দুৰ্গাপূৰত দিয়া তেজৰ লগত হেপাটিটিছ বিৰ বীজাণুয়ে মোৰ শৰীৰৰ ৰক্ত কণিকাৰ লগত মিহলি হৈ যকৃতত বাহৰ পাতিছিল।

তেনে এটি সময়তে চিষ্টাৰ ষ্টেলাৰ প্ৰদাৰ্পন মোৰ কোঠাত।

"ভগৱানে আপোনাৰ মঙ্গল কৰক । আপোনাৰ বাবে প্ৰভু যিশুৰ ওচৰত মই প্ৰাৰ্থনা কৰিবলৈ আহিছো।"

কোনোবা এটা ইভানজেলিকেল চচাইটিৰ পৰা আহিছে চিষ্টাৰ ষ্টেলা। মায়ে হস্পিটেলৰ গীৰ্জাঘৰত মোৰ মংগলৰ বাবে মম জ্বলাবলৈ যাওঁতে গীৰ্জাৰ বাহিৰত অপেক্ষা কৰা সময়ত চচাইটিৰ পুস্তিকা কেইখনমানত চকু ফুৰাইছিলো। প্ৰভু যিশুৰ বাণীক বিশ্ব বাসীৰ মাজত বিলাই দিয়াৰ মহৎ উদ্দেশ্য তেওঁলোকৰ। কোনোবা এখন পুস্তিকাত নতুন contact person সকলৰ নাম আৰু ফোন নম্বৰবোৰ আছিল। বুজিলোঁ উদ্দেশ্য যিমান মহান নহওঁক , সাধাৰণ ভাষাত সেয়া আছিল মানুহৰ মাজত খৃষ্টীয়ান ধৰ্মৰ প্ৰসাৰ কৰা। এনেবোৰ সংগঠনৰ প্ৰতি থকা মোৰ স্বাভাৱিক বিৰক্তি নেওচি ভদ্ৰতাৰ খাতিৰত চিষ্টাৰ ষ্টেলাক ধন্যবাদ জনাই বহিবলৈ অনুৰোধ কৰিলোঁ।

কেৰেলাৰ মালাবৰ উপকণ্ঠৰ সমূদ্ৰতীৰৰ এখন সৰু গাঁৱৰ বাসিন্দা ষ্টেলা ভাৰগিজ। দেউতাকে কাম কৰিছিল ভাৰতীয় ৰেলত। এংলো ইণ্ডিয়ান মাক আৰু মালয়লী দেউতাকৰ চতুৰ্থ সন্তান। দেউতাকৰ লগত দক্ষিণ ভাৰতৰ বিভিন্ন ঠাইত জীৱনৰ 15 টা বছৰ পাৰ কৰিছে। ট্ৰভানক'ৰ বিশ্ববিদ্যালয়ৰ পৰা সমাজ বিজ্ঞান বিভাগৰ এম. এ পাছ কৰিছে। সৰুৰে পৰা ধৰ্মীয় পৰিবেশৰ মাজত ডাঙৰ হোৱা। মাক ঢুকোৱাৰ পিছত প্ৰভু যিশুৰ বাণীতে জীৱনৰ অৰ্থ বিচাৰি ষ্টেলা ভাৰগিজ হৈ পৰিল চিষ্টাৰ ষ্টেলা। খৃষ্টীয়ান নানৰূপে যিশুৰ বাণী শুনাই আৰ্তজনক ।

প্ৰতিজন মানুহ একো একোখন ভিন্ন পৃথিৱী। মানুহৰ এই বিবিধতাই মোক আকৰ্ষিত কৰে মানুহৰ ওচৰ চাপিবলৈ , নতুন এক পৃথিৱীৰ সন্ধানত।

বোধহয় মোৰ সংগ্ৰামৰ সময়খিনিত তেওঁ অন্তৰৰ পৰা মোৰ বাবে প্ৰভুৰ আশীৰ্বাদৰ প্ৰয়োজন অনুভৱ কৰিছিল। সেইবাবেই প্ৰথমদিনা অহাৰ কেইদিনমান পিছত তেওঁ আকৌ আহিছিল। ধেমালিৰ চলেৰে চিষ্টাৰ ষ্টেলাক সেইদিনা ক'লো - " মই তথাকথিত ধৰ্ম নমনা মানুহ, ডিঙিত তৰোৱাল লগাই দিলেও লাভ নাই .. I am a Hindu till the last breadth "

তেওঁ সুধিছিল - মই ব্ৰাহ্মণ নেকি !

মই কৈছিলোঁ মই ধাৰ্মিক নহয়, কিন্তু আধ্যাত্মিকতাবাদ মোৰ জীৱনৰ সাধনা। প্ৰচলিত ধৰ্মীয় আচাৰ , নীতি নিয়মৰ পালন নকৰাকৈ পাঁচ হাজাৰ বছৰীয়া হিন্দু সংস্কৃতিৰ মই এক অভিন্ন সত্বা। সেইবাবেই ধৰ্মীয় ৰীতি নীতি পালন নকৰাকৈও মই এজন হিন্দু। ধৰ্ম আৰু আধ্যাত্মিকতাবাদৰ পৃথকীকৰণ তেওঁ সহজে বুজা নাছিল ।

আধ্যাত্মিকতাবাদ নথকা ধাৰ্মিক মানুহৰ প্ৰতি মই আকৰ্ষণ অনুভৱ নকৰোঁ। মই কৈছিলোঁ - আপুনি বিশ্বাস কৰাৰ দৰে পৃথিৱীত পাপৰ বোজা লৈ মই ধৰালৈ অহা নাই। জীৱন মোৰ বাবে চিৰসুন্দৰ , এক অনুপম অনুভৱ, এক অভিনৱ যাত্ৰা । মোৰ এই বেয়া দিনটো , এই ভাৱধাৰাই মোৰ সাহস, জীয়াই থকাৰ প্ৰেৰণা। আদি শঙ্কৰাচাৰ্য্যৰ অদ্বৈতবাদ মই পঢ়িছোঁ, বিবেকানন্দও পঢ়িছোঁ । যেতিয়াই নিৰাশাই জীৱনক হতাশাগ্ৰস্ত কৰি তোলে , আজিও মই বিবেকানন্দৰ সেই বিখ্যাত উক্তি আওৰাও - The world is enjoyed by the heroes , be a hero ।

Yes, I am a hero.

ভেলোৰৰ হস্পিটেলত থকা সময়খিনিত তেওঁ বহুবাৰ মোৰ খবৰ লবলৈ আহিছিল। তেতিয়ামানে তেওঁ মোক খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত কৰাৰ কিবা যদি সামন্যতমো আশা ৰাখিছিল, বোধহয় একেবাৰে পাহৰি গৈছিল। তেওঁ মোৰ বাবে যথেষ্ট সময় লৈ আহিছিল। তেওঁৰ পৰা শুনিছিলো মালাবৰ উপকূলৰ সমূদ্ৰতীৰৰ গাঁৱত তেওঁলোকৰ শৈশৱৰ কথা , দেউতাকৰ লগত লাম লাকটু বান্ধি কটোৱা সৰু ডাঙৰ ঠাইবোৰৰ অনেক গল্প, মাকক হেৰুৱাৰ বেদনাগধুৰ কঠিন সময়খিনিৰ কথা , যৌৱনৰ স্বপ্ন। মই আছিলোঁ আগ্ৰহী শ্ৰোতা। আগ্ৰহী শ্রোতাৰ সমুখত নিজক পৃথিৱীখন উন্মুক্ত কৰাৰ এক গভীৰ তৃপ্তিবোধ আছে । মোৰ আগ্ৰহে বোধহয় তেওঁক চিষ্টাৰ ষ্টেলাৰ পৰা আকৌ ষ্টেলা ভাৰগিজ কৰি তুলিছিল।

" Mr. Medhi আজিলৈ আহো। অহাবাৰ আপোনাৰ পৰা শুনিম গঙ্গা নদীৰ পাৰে পাৰে গঢ়ি উঠা প্ৰাচীন আৰ্য্য সভ্যতাৰ কাহিনী ।"

ভাৰতৰ ইতিহাস , সংস্কৃতিৰ লগত তেওঁৰ পৰিচয় আছিল নগণ্য, যি পঢ়িছিল সেয়া আছিল মাথো স্কুল কলেজৰ দেওনা পাৰ হোৱাৰ আহিলা। কিন্তু মোৰ দৰে তেওঁও আছিল আগ্ৰহী শ্ৰোতা। প্ৰাচীন সিন্ধু সভ্যতাৰ পৰা আৰ্য্য সভ্যতালৈ , সাংস্কৃতিৰ উত্তৰণৰ কত কাহিনী মই তেওঁক কোৱা নাছিলোঁ। নাঙলৰ আৱিষ্কাৰৰ লগে লগে সভ্যতাৰ প্ৰগতিৰ চকা ত্বৰান্বিত হোৱাৰ কথা শুনি তেওঁ আচৰিত হৈছিল । পুলকিত হৈ তেওঁ কৈছিল - আকৌ আহিম, আকৌ আহিম । আমাৰ দেশৰ এই অযুত কাহিনী আপোনাৰ মুখেৰে শুনিম ....You are such a master story teller ।

মই কওঁ - আপুনি এদিন যদি নিজৰ বিষয়ে লিখে এখন ৰচনা লিখিব - My evenings with a story teller in Vellore ।

দুবছৰ ভেলোৰৰ হস্পিটেলত থাকি সুস্থ হৈ ওলাই অহাৰ সময় আহিল। 1999 ৰ ছেপ্টেম্বৰ মাহত হস্পিটেলখনত যি সোমাইছিলো , একেবাৰে ছুটি পালো 2001 ৰ এপ্ৰিল মাহত। চিষ্টাৰ ষ্টেলাক মাজতে চাৰিমাহ মান লগ পোৱা নাই । কাহিনী শুনি ভাল পোৱা মানুহজনী ক'ত নোহোৱা হ'ল !

ভেলোৰ হস্পিটেলৰ মুখ্য দুৱাৰৰ কাষতে আকৌ লগ পালোঁ চিষ্টাৰ ষ্টেলাক। তেওঁক অভিবাদন জনোৱাৰ পিছত ক'লো - Long time, no see. Where are you lost Sister ....কাইলৈ যামগৈ । মোৰ বাবে প্ৰাৰ্থনা কৰিব আৰু কাহানিও উভতি আহিব নালাগে যেন ।

দীঘলীয়া আবেলিবোৰত তেওঁক লগ পোৱা সময়খিনিত মাজে মাজে সৰু ছোৱালীৰ দৰে উৎসুক হৈ পৰা ষ্টেলা ভাৰগিজজনী তেতিয়া নাছিল তেওঁ। কান্ধত গুৰু সামাজিক আৰু ধাৰ্মিক দায়িত্ববোধে । মাইছোৰৰ কোনোবা এখন মিছনেৰী স্কুলৰ শিক্ষকতাৰ দায়িত্ব দিছে তেওঁৰ।

" What do you take home from here Mr. Medhi ?" তেওঁ সুধিছিল।

" চিষ্টাৰ ষ্টেলা , গানৰ কেচেটৰ ৰিলবোৰ টেপ ৰেকৰ্ডাৰত ফচি যোৱা দেখিছে নিশ্চয় ! যিখিনি অংশ বেয়া হয় সেইখিনি ফাষ্ট ফৰৱাৰ্ড কৰি দিও , ভালখিনিৰ পৰা আকৌ বাজিবলৈ ধৰে। জীৱনৰ এই দুটা বছৰ ফাষ্ট ফৰৱাৰ্ড কৰি দিম বুলিয়ে ভাবিছিলোঁ। পিছে.....এতিয়া সলনি হৈছে চিন্তাধাৰা " মই ক'লো।

" What's the changed perspective, if you don't mind ?"

" হয় এতিয়া সলনি হৈছে । ভাবিছো যিখিনি ৰিলটোৰ বেয়া হৈছে , সেইখিনিও চি চিয়াই বাজকচোন । অপেক্ষাই সময়ক মধুৰ কৰে। অপেক্ষাৰ অন্তত আকৌ সেই হৃদয়ৰ কঁপাই যোৱা গীতবোৰ বাজি উঠিব নহয়। চি চিযাই বজা সময়খিনিও জীৱনৰ সম্পদ কিন্তু ।"

চিষ্টাৰ ষ্টেলাক বিদায় জনাই মূল দুৱাৰৰে ওলাই আহিছো বাহিৰৰ পৃথিৱীখনলৈ। হাতখনৰ স্থবিৰ হৈ পৰা আঙুলীবোৰে আকৌ ঘুৰাই পাইছে স্বাভাবিক ছন্দ। দেহৰ ধমণিত ঘুৰি ফুৰা হেপাটিটিছ বিয়ে কেতিয়াবাই অন্য পথ পোনাইছে। পিছৰ পৰা চিষ্টাৰ ষ্টেলাৰ মাত শুনা যেন লাগিল

"Mr. Medhi ..."

হয় , চিষ্টাৰ ষ্টেলাই হয়। তেওঁ আগুৱাই আহিল ।

" Mr Medhi ..Thank you for the wonderful time and long conversations we had. You are a noble soul and a master story teller.
I want to tell you faith makes life bearable, বিশ্বাসে জীৱনটোক সহনীয়া কৰি তোলে বিশেষকৈ আমাৰ দৰে দুৰ্বল মানুহবোৰৰ বাবে। Faith may be another form of escapism , but it makes life easier and Godly. ঈশ্বৰে আপোনাক কুশলে ৰাখক।"

তেওঁক ক'লো "Yes Sister Stella , if faith makes you feel Godly, you are truly a blessed soul "

ভেলোৰৰ পৰা ওলাই পুনৰ আহি পালো দুৰ্গাপূৰ।লাহে লাহে দুৰ্গাপূৰ মোৰ বাবে একেবাৰে অসহনীয় হৈ পৰিছিল। বাৰ্মাই তেতিয়া ষ্টীল কোম্পানীৰ চাকৰি এৰি লণ্ডনলৈ গুচি গৈছিল। বহুবোৰ বন্ধুয়েই তেতিয়া এৰি গৈছে দুৰ্গাপূৰ।

চাকৰিৰ পৰা পদত্যাগ পত্ৰ দি ওলাই আহিলো । এদিন পিঠিত বেগ এটা লৈ সেই একেটা ৰেল ষ্টেচনতে দুৰ্গাপূৰলৈ আহিছিলো । আহিবৰ সময়ত ৰেলৰ ষ্টেচনবোৰৰ নামবোৰ পঢ়ি আহিছিলো। সেই নামবোৰকে আকৌ এবাৰ পঢ়ি গ'লো, মাথো বিপৰীত ক্ৰমত।

2001 ৰ পৰা প্ৰায় 19 বছৰ পাৰ হ'ল। চিষ্টাৰ ষ্টেলাক পুনৰাই আৰু লগ পোৱা নাই। কৰবাত এইবাৰ লগ পালে আকৌ এবাৰ জোকাম - "সৰ্বশক্তিমান যিশুৰ প্রিয় পোপৰ চহৰ ভেটিকান ইটালীৰ ৰোমতেই অৱস্থিত। তাতেই আকৌ কৰ'না ভাইৰাছৰ উপদ্ৰৱ কিদৰে সম্ভৱ চিষ্টাৰ ষ্টেলা !"


You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Wednesday, January 1, 2020

নতুন বছৰৰ চিন্তা

 নতুন বছৰটোৰ প্ৰথম ৰাতিপুৱা বিচনাতে এৰি অহা সময়খিনিৰ কথাবোৰ মনতে জুকিয়াই আছিলো। এনেয়েও ৰাতিপুৱা সময়খিনিত মোৰ চিন্তাবোৰ দিহিঙে দিপাঙে ঢাপলি মেলে।

কিয় জানো কৃশানুৰ মুখখন মনত পৰিল । Krishanu Dutta , ইঞ্জিনিয়াৰিং কলেজৰ মোৰ জুনিয়ৰ। ফেচবুকত কিছু মন্তব্যক লৈ আমাৰ মাজে মাজে কথাৰ কতাকটি হয় যদিও এটা কথাত মই সদায় নিশ্চিত হৈ থাকো কৃশানুয়ে যি কৈছে অন্তৰৰ পৰা যি বিশ্বাস কৰে তাৰ ভিত্তিত কৈছে। আমাৰ চিন্তাধাৰা ভিন্ন হব পাৰে , কিন্তু অসম আৰু অসমীয়াৰ স্বাৰ্থত সদায় মতামত দিয়া হয় । সেই কৃশানুয়ে গোটেই অসমীয়া মানুহৰ বাবে এটা আশাব্যঞ্জক খবৰ কঢ়িয়াই আনিছিল। অগাধ ধন সম্পত্তিৰ থকা পৰিয়ালৰ ল'ৰা নহয়, আমাৰ দৰে সাধাৰণ ঘৰৰ ল'ৰা কৃশানু । চাকৰি কৰি আছিল দেশৰ আগশাৰীৰ BHEL নামৰ বৃহৎ কোম্পানীটোত মেনেজাৰ হিচাপে। সেই চাকৰি বাদ দি, খুলিছে জাগীৰডত Ni4 নামৰ এখন সম্পূৰ্ণ নিৰামিষ ৰেস্তোৰাঁ। বেপাৰ বাণিজ্য বুলিলে সততে ভয় খাই থকা এটা জাতিৰ বাবে এইটো কম কথা নহয়। তাকে কৰি অন্য বহুকেইজনক সংস্থাপন দিছে।

আমাৰ ইতিহাসৰ যুগান্তকাৰী চৰিত্ৰবোৰক সৰ্বভাৰতীয় পৰ্য্যায়ত মানুহে চিনি নাপায় । অসম বুলিলে অসমৰ বাহিৰৰ মানুহে আগেয়ে ভূপেন হাজাৰিকাক চিনি পাইছিল। এতিয়া অসমৰ মানুহে ভাল পাওঁক বেয়া পাওঁক হিমন্ত বিশ্ব শৰ্মাক বহুতে বাহিৰত চিনি পায়। সৰ্বভাৰতীয় পৰ্য্যায়ত অসমক চিনাকি কৰাই দিয়াৰ দায়িত্ব কিন্তু অসমীয়াৰেই সৰ্বাধিক।

সেইবাবেই আজি ৰাতিপুৱা এটা চিন্তা আহিছে। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি এটা দিল্লীত হোৱা উচিত নহয়নে ! মানুহৰ সঘন আহ যাহ থকা ঠাইত। দিল্লীৰ সেনাক হৰুৱাই কাললৈ খিয়তি ৰাখি যোৱা কালজয়ী বীৰ জনৰ প্ৰতিমূৰ্তি দিল্লীতে স্থাপন হোৱা অসমৰ বাবে কম গৌৰৱৰ কথা হবনে ! এইবোৰ কথাও অসম চৰকাৰে গমি পিটি চাব লাগে। এইটো বৰ কঠিন কাম নহব যেন লাগে।

আমি দিল্লীৰ লগত নাথাকো, আমি ভাৰতক তেল নিদিওঁ, চৰকাৰৰ লগত কথা নাপাতো, এইবোৰ কিন্তু ল'ৰা ধেমালি , অপৈনত মস্তিষ্কৰ কাম বা পৈনত কিন্ত নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে কোৱা কথা। বাস্তৱৰ ছবি খনৰ লগত খাপ নোখোৱা কথা এইবোৰ ।

চৰকাৰ যিয়েই নহওঁক অসমে সুবিধা খিনি আদায় কৰাহে মুখ্য কাম। তাকে নকৰি চাবুৱাৰ ডাকঘৰ , ৰেল ষ্টেচন জ্বলোৱা সকলে চাবুৱাৰ ৰাইজৰ কি উপকাৰ সাধিলে বুজি নাপাওঁ। ইয়াৰ ফল ভুগিব সাধাৰণ আমাৰ মানুহেই। তৃতীয় পক্ষৰ কথা কৈ কিমান আৰু নিজক ফাঁকি দিব ! বনভোজলৈ যোৱা মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰি জাতিৰ কি উপকাৰ সাধিলে ! আপদীয়া উচ্ছাস কিন্তু অসমীয়াৰ প্ৰধান শত্ৰু।

অসমৰ ৰাইজ সজাগ নহলে এনে হাজাৰজন কৃশানুৰ সপোন আৰু উদ্যম কিন্তু কলিতে মৰহি যাব, কাজিৰঙা আৰু ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰত নিয়োজিত হাজাৰ হাজাৰ পৰিয়ালৰ পেটত গাঁঠি লাগিব। এইবোৰ কথাও চিন্তনীয়।

আৰু কিছুমান কথা অসমীয়াই চিন্তা কৰা যুগুত। CAA ৰ বিৰুদ্ধে আন্দোলন কৰিলেই এইখন বাতিল হবনে ! অসমত বিজেপি চৰকাৰৰ ঠাইত অন্য এটা দলক আনিলে আইন খন বাতিল হবনে ? কেতিয়াও নহয়। যিবোৰ ৰাজ্য চৰকাৰে নিজৰ ৰাজ্যত কা নামানো বুলি কৈ আছে, সেইবোৰ বহুৱালি নহয়নে ? বিশেষকৈ নাগৰিকত্ব বিষটোৱেই ৰাজ্য চৰকাৰৰ এক্তিয়াৰৰ ভিতৰত নপৰে।

অসমৰ মানুহে এটা কথা বুজা উচিত অসমৰ বাহিৰত যি আন্দোলন হৈছে তাত চামিল হৈছে বিৰোধী দলবোৰ , বাওঁ সকল আৰু সৰ্বাধিক ইছলাম ধৰ্মীয় মানুহখিনি। এওঁলোকৰ উদ্দেশ্য কা আইনখনত ইছলাম ধৰ্মকো সাঙুৰি লোৱা। এই মানুহখিনিৰ সৰহভাগে এনেয়েও বিজেপি দলক ভোট নিদিয়ে। সেইবাবেই এই আন্দোলনৰ পৰা।বিজেপি দলৰ ক্ষতি হোৱা নাই , বৰং লাভ হে হৈছে। এইবোৰ কৰি থাকোতে দেশৰ আৰ্থিক বিকাশ জাতীয় চৰকাৰক বিপদত পেলাব পৰা বিষয়বোৰ তল পৰিল আৰু বোধহয় তৃতীয় কোৱাৰ্টাৰৰ (Q3) পৰা অৰ্থনীতিয়ে ফলাফল ভাল দেখুৱাবলৈ আৰম্ভ কৰিব। ইয়াৰ বিপৰীতে দেশৰ সৰ্বাধিক মানুহ কিন্তু CAA ৰ সমৰ্থনত। বিশেষকৈ পাকিস্তান আৰু বাংলাদেশত ধৰ্মৰ নামত নিপীড়িত হিন্দু খিনিৰ প্ৰতি মুখত নকলেও পেটে পেটে বহু মানুহৰ সমৰ্থন আছে। লগতে দেশৰ অন্য অংশটো কাশ্মীৰ বা মধ্য প্ৰাচ্যৰ ISIS আদিয়ে কৰাৰ দৰে পৰিস্থিতি হব পাৰে বুলি ভয় কৰা মানুহ কংগ্ৰেছ দলটো আছে, বাওঁ সকলৰ বহু পৰিয়ালেও চাৰিবেৰৰ মাজত সেই শংকা বেকত কৰে (নামবোৰ নকওঁ, ক'লে জগৰ লাগিব আৰু প্ৰমাণ বিচাৰিব, মইতো চোৰাং কেমেৰা লগত লৈ মানুহৰ লগত কথা নাপাতো ) সেইবাবেই ভোটৰ অংকত বিজেপি দলৰ হেৰাৱাবলৈ বিশেষ একো নাই । অসমৰ কথা সুকীয়া। অসমৰ মানুহে নতুনকৈ মানুহ বিচৰা নাই। কিন্তু অসমতো এনে মানুহ সংখ্যাত কম নহয়।

সেইবাবেই কওঁ, CAA বাতিল হব পাৰে মাথো ন্যায়ালয়ত আৰু সেই যুজঁ চলি আছে। আৰু যদি সেয়াই হয়, কাৰ স্বাৰ্থত আমি হাতৰ কুঠাৰ ভৰিত মাৰি 1983 ৰ পুনৰাবৃত্তি কৰি আছো ! অন্য এটা হাতী পাৰ্টীৰ স্বাৰ্থত, নে অসমলৈ বিদেশী আনি অসমীয়াৰ ভৱিষ্যত সন্দিহান কৰি তোলা কংগ্ৰেছ আৰু সহযোগী বাওঁ হতিয়া কেইটাৰ স্বাৰ্থত !

চৰকাৰ এখনক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ ঠাই হ'ল বেলট কাকত। ক্ষোভৰ উত্তৰ দিব খুজিলে 2021 ৰ বেলটৰ যুদ্ধত দিয়ক । প্ৰত্যুত্তৰ দিয়ক উচ্চতম ন্যায়ালয়ত। ৰাজহুৱা সম্পত্তি ধ্বংস কৰি, বনভোজলৈ যোৱা মানুহক পিটি, অনেক পৰিয়ালৰ জীৱন ধ্বংস কৰি, ৰাজহুৱাকৈ অশালীন শব্দ কোৱা ভাৰসম্যহীন কাৰোবাৰ নকল কৰি আকৌ এক ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ কেতিয়াওঁ নহয়।