Saturday, July 22, 2023

এৰি অহা দিনবোৰ

আকৌ দূৰ্গাপুৰৰ সময়খিনিলৈ উভতি আহিছোঁ ।বাইশত ভৰি দিয়া তজবজীয়া দুৰন্ত যুৱক । ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত জীৱনৰ প্ৰথম চাকৰি। বোকাৰোত প্ৰাৰম্ভিক প্ৰশিক্ষণৰ পিছত দূৰ্গাপুৰলৈ বদলি হৈছোঁ।

সূৰ্য্যৰ পোহৰত জিকমিকাই থকা বৰ্তমানৰ তালুখনত তেতিয়া বতাহত ঢৌ খেলা কিচকিচিয়া ঘন কলা চুলি একোচা । স্কুল কলেজৰ সময়ৰ পৰাই সাজ পাৰ পৰিপাটিকৈ পিন্ধাৰ অভ্যাস এটা আছিলেই। মাথোঁ হাতত ধনবিত বিশেষ নাছিল তেতিয়া। চাকৰিৰ পিছত সেই সমস্যাটো কিছু শাম কাটিছিল । মনৰ ভিতৰত ফুৰফুৰীয়া আনন্দৰ ভাৱ এটা সকলো সময়তে লাগি থাকেই।

ফুৰফুৰীয়া এই অনুভৱটো পিচে এতিয়াও আছে। বয়সৰ লগে লগে প্ৰাবল্যৰ হয়তো কিছু উত্থান পতন হৈছে। মোৰ সোঁৱৰণীত লিখিছে " জাতক হৰ্ষ বদনৰ হয় । অথ মাস ফল।" সোঁৱৰণীৰ এইখিনি কথা কিন্তু ফলিয়াইছে। ফাগুন মাহত মোৰ জন্ম। ফাগুন মানেই এজাক চঞ্চল পচোৱা । সেইবাবেই চাগে পচোৱা এচাটিয়ে চিত্ত চঞ্চল কৰে, দূৰ দূৰণিৰ অন্তহীন আহ্বানত আজিও বিহ্বল হওঁ ।

হেলমেটটো মুৰত লগাই কাৰখানাৰ ভিতৰত কাম চাবলৈ যাও। পুৰণি মেচিন এটাই প্ৰায়ে দিগদাৰি কৰে। সেইবাবেই প্ৰতিদিনে এপাক মাৰি কাম কাজ ঠিকে আছেনে চাই অহাৰ তিৱাৰী ছাৰৰ কাঢ়া নিৰ্দেশ আছিল মোৰ ওপৰত। দুপৰীয়া সময়ত, মেচিনটোৰ ওচৰৰ ঠাণ্ডা ঠাইখিনিতে কেইজনীমান মহিলা বনুৱাই বিশ্ৰাম কৰে। প্ৰথমে বৰকৈ মন কৰা নাছিলো। পিচে লাহে লাহে মন কৰিলোঁ, মই আহিলেই যেন মানুহ কেইজনীৰ মাজত এক উত্তেজনা আৰম্ভ হয়! আঁৰ চকুৰে লক্ষ্য কৰিলোঁ, বয়সীয়াল মানুহকেইজনীৰ মাজত এজনী গাভৰু ছোৱালী এজনী। ঢালাইৰ শিল বালি অনা কামত নিয়োজিত , মলিয়ন কাপোৰৰ মাজতো জিলিকি থকা উজ্জল মুখৰ ছোৱালী জনী। মই মেচিনটো পৰীক্ষা কৰিবলৈ আহিলেই সেই ছোৱালীজনীক অন্য মহিলাকেইজনীয়ে চকুৰে, কিলাকুটিৰে ঢকিয়াই ইংগিত দিয়ে " চোৱা, চোৱা আহিছে।"

হয়, এখন সুন্দৰ উপন্যাসৰ আৰম্ভনি হব পাৰিলেহেঁতেন গোটেই ঘটনাটো। জাতি কুল, সংস্কাৰ, সামাজিক, অৰ্থনৈতিক বৈষম্য... সকলো ওফৰাই প্ৰেমৰ বিজয় নিচান উৰোৱা বোলছবি এখনৰ কাহিনীৰ নায়ক হব পাৰিলোহেঁতেন মই নিজেই।

সপোন দেখাত কোনে কাক বাধা দিব ! দৰিদ্ৰতা আৰু জীৱনৰ কঠোৰতাই কৰ্ষণ কৰা সেই গাভৰুৰ মনত ক্ষণিকৰ বাবে মোৰ অৱস্থিতিয়ে যদি বাস্তৱৰ পৃথিৱীখনক পাহৰি স্বপ্নৰ পৃথিৱী এখনৰ আনন্দ অকণ দিছিল, ক'তনো পৃথিৱীত হাঁহাকাৰ হলহেঁতেন। পিচে মই ইমান আদৰ্শবাদীও নাছিলোঁ। সাহসী পিচে আজিও নহয়। সমাজৰ প্ৰতি আজিও ঢেৰ ভয় । মোৰ বাবে অসহ্যকৰ হৈ উঠিছিল মানুহকেইজনীৰ সেই নিৰ্দোষ ধেমালি। তাতে দূৰ্গাপুৰ ষ্টিল কোম্পানীৰ নতুন অভিযন্তাৰ ভেম এটাও আছিল বোধহয়। অনেকৰ প্ৰশ্ৰয় আৰু অভিজাত অনুৰাগৰ কোমল ইংগিতে নিজক লৈ অহং ভাৱ এটাও জগাই তুলিছিল।

সেইদিনাও ছোৱালীজনী সেইখিনি ঠাইতে জিৰণি লৈ আছিল। লগত এজনী বয়সীয়াল সংগী। মই অহাৰ বাবেই কিজানি, তাই গীত এটা গাবলৈ আৰম্ভ কৰিছিল ... ইয়ে ৰাতে, ইয়ে মৌচম .. নদী কা কিনাৰা...। জুলাই মাহৰ অসহ্য গৰম তেতিয়া । ষ্টিল ইউনিটৰ বিভিন্ন আসুৰিক মেচিনৰ কৰ্কশ ধাতৱ শব্দৰ মাজতে চোকা কাড় এডালৰ দৰে ঠহৰকৈ কানত পৰা সেই গীত শুনি থকাৰ ধৈৰ্য্য নাছিল মোৰ। লগে লগে আঁতৰি আহিলো।

সেইদিনাৰ পৰা মেচিনটোৰ ওচৰলৈ যোৱাই বাদ দিলোঁ। বাদ দিয়া মানে, সেই মুৱাই নহও। ছোৱালীজনীৰ গীতটোৱে মোক ভালকৈয়ে ভয় খুৱালে। সুন্দৰী অপ্সৰাৰ ৰূপ লাবণ্যত কত ঋষি মহৰ্ষিৰ ধ্যান ভংগ হোৱাৰ কাহিনী পঢ়িছোঁ। অপ্সৰা নহলেও, কত মানৱীৰ ৰূপৰ যাদুত নিজেই দগ্ধ হৈছোঁ কতবাৰ হিচাপ নাই। এইবাৰ চাগে ঘটনা ওলোটা হব। ভয়তে মেচিন চাবলৈ অহা একেবাৰে বন্ধ কৰি দিলোঁ। এনেকৈয়ে দুমাহ মান চলিল। এদিন মেচিন হঠাৎ বন্ধ হল। একেবাৰে ওপৰৰ পৰা আমাৰ বচলৈ ফোন আহিল। তিৱাৰী চাৰে মোক মাতি আনি সুধিলে " বেটা, যোৱাকালিৰ তুমি লিখি অনা মেচিনৰ পাৰামিটাৰ কেইটা লৈ আনা । কেনেকৈ মেচিন বন্ধ হল, বুজিব লাগিব।" মই কেনেকৈ কও, ছোৱালী এজনীৰ ভয়ত দুমাহ মই সেইমুৱাই হোৱা নাই। চাৰে সেইদিনা চুইহে নিকিলালে মোক।

***********************
বেচেলৰ হৈ থাকিলেও অসমীয়া মানুহে টকা পইচা বচোৱাৰ নামত কৃপণহৈ থাকিব নোৱাৰে। দূৰ্গাপুৰত মই তেতিয়া অফিচাৰ চামাৰিৰ পৰা কোৱাৰ্টাৰত উঠিছো। লাহে লাহে টিভি, ফ্ৰিজ, ৱাচিং মেচিন, মিউজিক চিষ্টেম, বিচনা, চকী, পঢ়া আৰু খোৱা মেজ আদিৰে এখন সম্পূৰ্ণ ঘৰ হৈছে। মাথো, থাকো অকলে। ৰান্ধনি ঘৰ চম্ভালে সহদেৱ নামৰ এজনে। সিয়েই ঘৰ চফা কৰাকৈ ছোৱালী এজনীও আনি দিছিল। নতুনকৈ বিয়া হোৱা একেবাৰে কম বয়সৰ ছোৱালী। শৰীৰৰ ওজনৰ ভাৰ সহিব নোৱাৰা দেহ, শুকান চকু মুখ। বাপেকে ৰিক্সা চলায়। গিৰিয়েকে হাজিৰা কাম কৰে, মিস্ত্ৰীৰ সহায়ক। মোৰ লগত দেখা সাক্ষাত নহয়েই। মই অফিচত থকা সময়তে ঘৰৰ কাম কৰি ওলাই যায়। দৰমহাখিনি ওচৰৰ বৌ এজনীক দি থওঁ। ৰবিবাৰ মোৰ সাপ্তাহিক ছুটিৰ দিন। সেইদিনা ৰান্ধনী আৰু কাম কৰা ছোৱালীজনীকো ছুটি দিওঁ। ৰবিবাৰে প্ৰায়েই লগৰ এজন মোৰ কোৱাৰ্টাৰলৈ আহে। বাহিৰলৈ ওলাই নগলে, সেইদিনা আমি দুপৰীয়াৰ ভাতসাঁজ নিজে বনাও। মই সহায়কাৰী। পাচলি কুটি দিওঁ, ভাল লগা গান মিউজিক চিষ্টেমত লগাই দিওঁ, তেওঁৰ মন মেজাজ ভালে ৰাখিবলৈ খুহুতীয়া কথা কওঁ । ৰন্ধা বঢ়া আগেয়েও ভাল নাপাইছিলো, আজিও নকৰোঁ।

এবাৰ মোৰ লগত কেইদিনমান থকাকৈ মা আহিছিল। মা অহাৰ সময়তহে মোৰ ঘৰত কাম কৰা ছোৱালীজনীৰ বিষয়ে কিছু জানিব পৰিলোঁ। চৈধ্য নে পোন্ধৰ বছৰ বয়সতে বিয়া হৈ মাক হোৱা ছোৱালী। দিন হাজিৰা কৰা গিৰিয়েকৰ ৰাতি ৰাতি অসহনীয় অত্যাচাৰ। দিনটোৰ কষ্টৰ পিছত, এটুপি ধৰি সেইখিনি মাৰ পিট বোধহয় তাৰ অধিকাৰ বুলিয়েই ভাবিছিল। তাৰ সেই মৰমবোৰ হেনো তাইৰ হাত, মুখ, পিঠিত ৰঙচুৱা হৈ গোট মাৰিছিল।

মা যোৱাৰ কেইমাহমানৰ পিছত তাই এদিন হঠাৎ কামলৈ অহা বন্ধ কৰিছিল। পাবলগীয়া দৰমহাৰ টকা কেইটা নিবলৈ এদিন তাইৰ বাপেক আহিছিল। " তাই আমাৰ নাক কান কাটিলে ছাৰ। মান সন্মান সকলো শেষ কৰিলে।"

এবছৰীয়া ল'ৰাটোক লৈ তাই এদিন গিৰিয়েকক এৰি অন্য কাৰোবাৰ লগত নিৰুদ্দেশ হৈ গৈছিল।

**********************
তেতিয়ালৈ জীৱনৰ কেইবাটাও বসন্ত পাৰ হৈ আদহীয়া মানুহ মই। জীৱনৰ অভিজ্ঞতাই ঠায়ে ঠায়ে এডাল দুডাল চুলিত শুকুলা বোল সানিছে । ডাঙৰ ল'ৰা হৃষি আমাৰ জীৱনলৈ আহিছে । ভাগ্যদেৱী বোধহয় মোৰ ওপৰত প্ৰসন্ন হৈছিল। কাৰণ কপালখনৰ অবয়ৱ বাঢ়ি বাঢ়ি প্ৰায় ব্ৰহ্মতালু চুইছিল ।

দূৰ্গাপুৰ এৰি তেল কোম্পানীৰ চাকৰিত সোমোৱাও ভালেমান সময় হল। কোম্পানীৰ প্ৰজেক্টৰ কামত ঘনাই ডিগবৈ দিল্লী অহা যোৱা হৈ থাকে। সেইবাৰ থাকিছিলো দিল্লীৰ কোম্পানীৰ অতিথিশালা এটাত। দুটা নে তিনিটা কোঠালীৰ সৰু অতিথিশালা, কিন্তু সুবিধাজনক। আগেয়ে থকা নাই। খোৱা লোৱা ভাল।

ৰাতিৰ আহাৰ খোৱাৰ সময়ত পৰ্দাৰ ফাঁকেৰে দেখিলোঁ খোৱা বনাই থকা মানুহজনীয়ে মাজে মাজে মোলৈ জুমি থাকে। দুবাৰমান চকুৱে চকুৱে পৰিল। অলপ অপ্ৰস্তুত হলো। মানুহজনীয়ে যেন মোক কিবা এটা সুধিব বিচাৰিছে। চিনাকি চিনাকি লাগিছে। দিল্লী মহানগৰৰ অতিথিশালাৰ ৰান্ধনী ক'তনো চিনাকি ওলাব ! খাই বৈ নিজৰ কোঠালৈ আহি লেপটপত বহিলো। ৰাতিপুৱাই ডিব্ৰুগড়লৈ বিমান ধৰিব লাগিব। ৰিছিপশ্যনৰ মানুহজনক ছয় বজাত উঠাই দিয়াৰ নিৰ্দেশ দি শুই পৰিলোঁ।

ৰাতিপুৱা ব্ৰেকফাষ্ট খাই থকাৰ সময়ত ৰিছিপশ্যনৰ মানুহজন সোমাই আহিল।

" ছাৰ, আপুনি এসময়ত দূৰ্গাপুৰত আছিল নেকি ? মোৰ মানুহজনীয়ে আপোনাক চিনি পায়।"

ৰান্ধনিঘৰৰ পৰা পৰ্দাঠেলি মানুহজনীও ওলাই আহিল। দূৰ্গাপুৰত মোৰ ঘৰত কাম কৰা, গিৰিয়েকৰ মৰমত হাত, বুকু, পিঠিত টেমুনা বন্ধা, বাপেকৰ নাক কটাই এবছৰীয়া পুতেকৰ সৈতে পলাই যোৱা সেই ছোৱালীজনী। একালৰ দেহৰ ভৰ সহিব নোৱাৰা চেহেৰাৰ ঠাইত জীৱনৰ পৰিতৃপ্তিয়ে দিয়া আশা আৰু সুখৰ সাহস আৰু প্ৰত্যয়ৰ পোন শৰীৰ।

সুধিলো, "এইজন মানুহৰ লগতেই তুমি এদিন নোহোৱা হৈছিলা নেকি ?"

মানুহজনীয়ে মুখেৰে কোনো উত্তৰ দিয়া নাছিল। এমুঠি লজ্জা বিয়পি পৰা তেঁওৰ চকু, মুখৰ অভিব্যক্তি আছিল মৌণ উত্তৰ।

ভাল হওক বুলি শুভেচ্ছা জনাই গুচি আহিলো। মানুহজনী আকৌ ভিতৰলৈ সোমাই গল। হাতত টোপোলা এটা। " ছাৰ, কেইখনমান পুৰি, ভাজি আৰু আপুনি ভাল পোৱা ধৰণে অমলেট বান্ধি দিছোঁ। ভোক লাগিলে খাই লব।"
" সহদেৱ কাকু আমাকে বলত, আমলেট খেতে আপনাৰ কতটা পছন্দ ছিল।"

কি বিচিত্ৰ জীৱন ! পুৰি ভাজিৰ সেই সামান্য টোপোলাটোও সেইদিনা অসামান্য হৈ পৰিছিল মোৰ বাবে । কত মানুহৰ এই নিৰ্ভেজাল মৰম আৰু সহায়ে জীৱনত কতবাৰ ধন্য কৰিছে! দিছে সাৰ্থকতাৰ অনিৰ্বচনীয় অনুভৱ ।

জীৱনত পাবলৈ আৰুনো আছে কি! You can contact Kamaljit at kamaljitmedhi1975@gmail.com