Tuesday, August 7, 2018

এৰি অহা ঘৰবোৰ

কেইদিনমানৰ আগেয়ে অফিচৰ কামত গুৱাহাটীলৈ গৈছিলো। অফিচৰ কামত  গলে মই থাকো নুনমাটিৰ তিনি নম্বৰ চেক্টৰত পাহাৰৰ টিলা এটা বগাই পোৱা ভাৰতীয় তেল নিগমৰ অতিথিখালাত। সেই অতিথিখালাটোৰ তলৰ অন্য এটা টিলাৰ এটা ঘৰ আছিল গুৱাহাটীত মোৰ যোৱা তিনিবছৰৰ  বাসস্থান ।

গধূলি গাড়ীখন চলাই অতিথিখালাটোলৈ গৈ আছিলো । গাড়ীৰ খিৰিকী খুলি থৈছো। বৰষাসিক্ত বতাহ এছাটি গাড়ী খনৰ ভিতৰলৈ সোমাই আহিছে। হঠাৎ দেখিলো এয়া কি ! অৱচেতন মনটোয়ে স্বয়ংক্ৰিয় ভাবে মোক  অতিথিখালাৰ সলনি আমাৰ পুৰণি আবাসৰ সন্মুখ কেতিয়া পোৱালেহি ধৰিবই নোৱাৰিলো। খোলা গেটেৰে গাড়ী খন ভিতৰলৈ নিবলৈ ধৰোতেহে মোৰ হুঁচ আহিল ।

গাড়ীখন আকৌ ঘুৰাই দিলো।  এখন্তেক ৰৈ দেখিলো দুৱাৰ মুখৰ পৰা মোৰ নামটো মচি দিয়া হৈছে।  ঘৰটোৰ যিখন বাৰাণ্ডাত বহি একাপ চাহ খোৱাৰ ইচ্ছা জাগিছিল তাত অসংখ্য কাপোৰ শুকাবলৈ মেলি দিয়া আছিল। অনুমতি অবিহনে সেই খিনি ঠাইত আৰু মোৰ প্ৰৱেশ সম্ভৱ নাছিল।

সেইখন ঘৰটো মোৰ নিজৰ নহয়। কোম্পানীয়ে থাকিবলৈ দিয়া ক্ষন্তেকীয়া জিৰণি ঠাইহে আছিল । এদিন সেয়া অঘৰী জীৱনৰ ঠিকনা আছিল, আজি অন্য এখন ঠাই  নতুন ঠিকনা হৈছে। মাথো তিমানেই।

এইখিনি লিখি থাকোতে আৰু এখন ঘৰৰ পুৰণি স্মৃতি মনলৈ আহিছে। মানুহবোৰক লৈয়েই ঘৰ এখনৰ অৱস্থিতি আৰু আত্মা। আইতা (দেউতাৰ মাক) জীয়াই থকালৈ যিখন ঘৰ আছিল আমাৰ কলেজৰ পৰা উভতি অহা পথৰ প্ৰথম ষ্টপেজ, আইতা ঢুকোৱাৰ পিছত, সেইখন ঘৰলৈ যোৱাৰ সংখ্যাটো বোধহয় আঙুলিৰ মূৰত গন্তি কৰাৰো প্ৰয়োজন নহব।

বিয়াৰ আগেয়ে অকলে আৰু পিছতো ডিগবৈৰ পৰা ঘৰলৈ আহিলে আইতা থকা আমাৰ পুৰণি ঘৰখনত মই আৰু পৰিবাৰ প্ৰথমে সোমাই যাওঁ। বয়স্কজনক সেৱা কৰা পৰম্পৰা মোক কোনে প্ৰথম শিকাইছিল মনত নাই।  সেই পৰম্পৰা দেখিছো এতিয়া আমাৰ লৰা দুটাই শিকিছে।

বয়সে জৰাজীৰ্ণ কৰা দুখন হাত উঠি আহে মোৰ আৰু পৰিবাৰক স্পৰ্শ কৰিবলৈ।  আমাক দিবলৈ বৈসয়িক ধন সম্পদ সেই দুখন হাতত নাছিল। আছিল সেইবোৰৰ উৰ্ধত, হৃদয় উদ্বেলিত কৰা, সাঁচতীয়া  আশীৰ্বাদৰ বান্ধ ভাঙি অহা অফুৰন্ত এক স্ৰোতধাৰা । সেই বোৱতী সুঁতিত স্নান কৰাৰ সৌভাগ্য আছিল আমাৰ পৰম সম্পদ।

কাঠ, বালি, বিলাতী মাটিৰ ঘৰৰ কথা বাৰু  নকওঁ। জীৱনৰ বাটত কত মানুহে কত কিমান সম্পৰ্কক নেওচি আঁতৰি যায়।  সম্পৰ্কৰ কঁপাহী উশাহৰ সেই নিঃশব্দ ভাষা, চিন্তা আৰু দুঃচিন্তাৰ মেৰপাক, স্পৰ্শৰ অনাবিল আনন্দ আৰু অধিকাৰ , জীৱনৰ সৰু ডাঙৰ অজস্ৰ স্মৃতিক নেওচি সময়ৰ আহ্বানত আঁতৰি যোৱা সম্পৰ্কবোৰৰ ভিতৰত কত কিমান বেদনা লুকাই থাকে কিজানি !

অতীত হোৱা সেই সময়বোৰে বৰ্ষাসিক্ত কোনো এক অকলশৰীয়া সন্ধিয়া হৃদয়ত বিৰাট এক  হাঁহাকাৰ জগাই তোলে । এনে বহু বেদনা কঢ়িয়াই এদিন মই, আপুনি আৰু আমি সকলো উপস্থিত হম সেই শেষ প্ৰান্তত যি প্ৰান্তৰ পিছলৈ মাথো অতীতৰ বিস্তৃত পৰিধি।



You can contact Kamaljit at kamaljitmedhi1975@gmail.com