Saturday, October 6, 2018

যোগসূত্ৰ

অন্ধকাৰত বুৰ গৈ থকা অলিবাটটোত সেয়া মোৰ শৈশৱৰ পৰিয়াল। ভাইটি দুটা আৰু সৰু ভন্টীৰ তেতিয়াও জন্ম হোৱা নাই। মাৰ কোচত ডাঙৰ ভন্টী, দেউতাৰ  তৰ্জনী আঙুলিটো খামুচি সেয়া মই নিজে। কেতিয়াবা আঙুলি এৰি দি কেংগাৰুৰ দৰে জঁপিয়াই যোৱা বাবে ধমক খাইছো। আকৌ দেউতাৰ আঙুলিত ধৰিছো, মাজে মাজে আঙুলিত  ওলমি দি তেওঁক হায়ৰাণ কৰিছো।

দেউতাৰ হাতত এটা দুই বেটাৰীৰ পুৰণি টৰ্চ লাইট । টৰ্চৰ পোহৰৰ বৃত্তটোৰ বাহিৰত অবিশ্ৰান্ত অন্ধকাৰ, হাজাৰ হাজাৰ জোনাকী পৰুৱাৰ বিয়নী মেল আৰু জিলিৰ অখণ্ড সংগীত। গধূলি গোহালিত জ্বলোৱা জুইৰ আদিম গোন্ধ এটা নাকত লাগে। দেউতাই টৰ্চটোৰে মাক বাটত পৰি থকা নগচিবলগীয়া বস্তুবোৰ দেখুৱাই যায়। মাৰ ভৰিখন কিন্তু প্ৰায়েই গোবৰত পৰে। দেউতাৰ খং উঠে - “দেখুৱাই দিয়াৰ পিছতো নেদেখে কিছুমান মানুহে” । মায়ে মুখ পাতি ধৰে - আপুনি ইংৰাজীৰ শিক্ষক, অংকৰটো নহয়। টৰ্চৰে বাটত বৃত্ত অঁকাতকৈ ভাষাৰে  কৈ দিলেহে ভালদৰে বুজিলোঁ হয়।

খুটুং খাটাং কথাৰ কটা কটি এখন চলি থাকে গৃহস্থৰ ঘৰ নোপোৱালৈ। ই-মেইল আৰু মোবাইল ফোনৰ আগৰ পৃথিৱী সেইখন। আগতীয়া খবৰ নিদিয়াকৈ অহা আলহী আমি। আমাক দেখাৰ লগে লগে আনন্দ আৰু আশ্চৰ্য্যত উজলি উঠা সেই মুখবোৰৰ ছবিবোৰ মনৰ ভাঁজত আজিও হুবহু  সাঁচি থৈছো। কোনো সংগ্ৰহালয়ত থকা প্ৰাচীন ইজিপ্টীয় মামীৰ দৰে, মোৰ বাবে আপুৰুগীয়া সম্পদ সেইবোৰ।

কথাখিনি লিখি থকাৰ সময়ত বাৰে বাৰে ভাবিছো , শৈশৱৰ সেই সময়খিনিলৈ কিয় মনটো বাৰে বাৰে উৰি যাব খোজে। সেইদিনা  ভাইটোৱে মোক জোকাই কলে , এয়া হেনো যৌৱনে ভাটি দিয়াৰ পূর্বাভাষ। কথাখিনি জুকিয়াই থাকোতে কৰবাত হোমেন বৰগোহাঞিদেৱৰ লেখা এটা মনত পৰিছে। বোধহয় হোমেন বৰগোহাঞিদেৱে কোৱাৰ দৰেই স্মৃতিবোৰ সময়ৰ চেকেনিত পৰিশ্ৰুত হৈ বৰ্তমানৰ বাবে মধুৰ হৈ পৰে। শৈশৱৰ দিনবোৰ বৰ্তমানটোৰ পৰা আটাইতকৈ দূৰত বাবেই শৈশৱ  হেনো আমাৰ আটাইতকৈ মোহনীয় ।

সময় নামৰ সেই চেকেনিখনৰ বাবেই নেকি গাঁৱৰ গধূলিৰ সেই জুইকুৰাৰ গোন্ধটো মোৰ আজিও  প্ৰিয়। কিবা এক আদিম বন্য মাদকতা আছে গোন্ধটোত । যেন মানৱ সভ্যতাৰ বিবৰ্তমানৰ এক যুগমীয়া সাক্ষী । বিখ্যাত ইংৰাজ লিখক ৰুদয়াৰ্ড কিপলিঙৰো বৰ প্রিয় আছিল সেই গোন্ধটো। তেওঁ লিখিছিল - হিমালয়ৰ গধূলিবোৰৰ কিবা এটা অবুজ  মাদকতা আছে। গধূলি সময়ৰ বতাহজাকে বহু দূৰৰ পৰা কঢ়িয়াই অনা কোনো গাঁৱৰ জুইৰ সেই গোন্ধটো যাৰ এবাৰ নাকত লাগে, তেওঁ হেনো বাৰে বাৰে হিমালয়ৰ বুকুলৈ উভতি আহে।

কিপলিঙৰ হিমালয়ৰ  গধূলিৰ সেই মাদকতা বিচাৰি  পাহাৰে পাহাৰে হিমালয়ৰ বুকুত লাগি থকা ঠাইবোৰত লক্ষ্যহীনহৈ  কতদিন ঘূৰি ফুৰিলো। চেঁচা বতাহত নাকটো গুজি দি দুৰৰ তৰাইনৰ কোনোবা গাঁৱৰ  গধূলিবোৰৰ বুজ ললো। অন্ধকাৰত তিতি থকা পাহাৰবোৰলৈ এক বেথা জন্মিছিল। সেই একেই অন্ধকাৰে এদিন সাৱটি ৰাখিছিল মোৰ   শৈশৱৰ অলিবাটবোৰ, ঘৰবোৰ আৰু গছবোৰ। সেই তমশা অন্ধকাৰৰ বুকুতেই যে সৃষ্টিৰ প্ৰথম অংকুৰণ।

শ্ৰীমতী আৰু মোৰ  বহুবোৰ কথাত মিল আছে । আমি তেতিয়া থাকো ডিগবৈত। এদিন গধূলি খবৰ পালো কিবা বিজুতিৰ বাবে  সেইদিনা ৰাতি টাউনশ্বিপত লাইট হেনো নাহিব পাৰে। কথাখিনি শুনাৰ পিছত আমাৰ দুয়োৰে বিৰাট আনন্দ। আহ.. কি ৰোমান্টিক পৰিবেশ ডিগবৈৰ শৰতকালৰ সেই গধূলিৰ ! তাতে আকৌ অৰণ্যৰ মাজৰ পৰা জোনটো উঠি আহি মিঠা জোনাকেৰে বুৰাই পেলাইছে পৃথিৱীখন। শাৰদীয় বতাহত বনৰীয়া ফুলৰ গোন্ধ এটা নাকত পৰিছে। জোনাকত দুটি জোনাকী  হৈ মহা আনন্দত আমি দুয়ো পদূলিত।

আৰু ঠিক সেই সময়তেই কোনো হৃদয়হীন, নিৰ্দয়ী ওপৰৰ বিষয়াৰ কাঢ়া নিৰ্দেশ মানি আপ্ৰাণ চেষ্টাৰে কামত লাগি থকা বিষয়া আৰু কৰ্মচাৰীৰ দলটোৱে সকলো বাধা আঁতৰাই বিজুলীৰ পোহৰেৰে চমকাই তোলে সৰু চহৰখন। সেই পোহৰে আমাৰ মনৰ পোহৰখিনিক একেবাৰে মোহাৰি মুচৰি হৃদয়ত ভৰাই তোলে বিষাদ আৰু অন্ধকাৰ।

আলহী খোৱালৈ আকৌ উভতি গৈছো। গৃহস্থৰ লগত কথা পতাত দেউতা ব্যস্ত থাকে । মই ৰৈ থাকো কেতিয়ানো খোৱাৰ  নিমন্ত্ৰণ আহে। গৰম গৰম লুচী, আলু ভাজি, নাৰিকলৰ লাড়ু, পিঠা আৰু একোটা অমলেট । দেউতাৰ আপত্তি - বাবাই ইমান খাব নোৱাৰিব।

এখন খালি প্লেটত অৰ্ধেকৰো বেছি খিনি ৰাখি দি যেতিয়া পাতল থালখন মোলৈ আগবঢ়াই দিয়ে, মনৰ কোনোবা খিনিত বিদ্ৰোহ এটা জাগি উঠে। ডাঙৰ হোৱাৰ বাসনা এটা তীব্ৰতৰ হৈ পৰে।

কেতিয়াবা আমাৰ ঘৰলৈ অহা আলহীৰ লগত দেউতা ব্যস্ত।মায়ে ৰাতিৰ সাজ চৰ্ত- কাট্ মাৰি থৈছে। আলহী গলেই গৰম গৰম ভাজিৰে ভাত পৰিবেশন কৰিব। ইপিনে আলহী নাযাইহে নাযায়। দেউতা মাৰ ওচৰলৈ উঠি আহে।

“ ভাত হলনে ! ৰাতি হোৱা বাবে  মই আকৌ তেওঁক ভাত খোৱাৰ কথা কৈ থৈছো”।

মাৰ মুৰত আকাশী সৰগ ভাঙি পৰে। দৌৰা দৌৰি লাগে। পুনৰ পাগঘৰৰ চৌকা জ্বলে।

বাহিৰৰ ইঞ্জিনিয়াৰিং কলেজত ( আমাৰ দিনৰ আৰ.ই.চি  আৰু আজিকালিৰ এন. ই.টি) পঢ়াৰ মোৰ হেঁপাহ। আই আই টি যোগ্যতা নাছিল বুলি সোনকালে বুজি উঠাৰ বাবে কটন কলেজৰ দুবছৰ ভালদৰে উপভোগ কৰিবলৈ সময় পাইছিলো। এদিন ৰাতিপুৱা মায়ে কলে - কিয়নো বাহিৰলৈ যাব লাগে তই ! আজি তিনিদিন দেউতাৰে ভালদৰে শুব পৰা নাই তই বাহিৰলৈ যাবি বুলি।

খঙতে নাম ভৰ্তি নকৰো বুলিয়ে ভাবিছিলো। কটনত ডিগ্ৰী পঢ়িম বুলিয়ে ভাবিছিলো।  মাৰ বুজনিত পিছদিনা খং কমিল যেনিবা।

আৰু সদায় চকুৰ আগত ৰাখিব খোজা সেই ল’ৰাটোকে এখন দুৰণিবতীয়া ৰেলৰ এটা ডবাত এদিন উঠাই দি ঘৰৰ পৰা বিদায় দিয়াৰ দিনা, ৰেলখন নচলাললৈ ষ্টেচনৰ প্লেটফৰ্মত  ৰৈ আছিল দুয়োজন।

পানীৰ বটলটো ৰাখিছনে ভালদৰে ! ৰাতি এচিত ঠাণ্ডা লাগিব, চাদৰ খন নুগুচাবি ….এনে অজস্ৰ উপদেশ লৈ মই এদিন স্বাধীন হৈছিলো। সেই স্বাধীনতা সেইদিনা বুকুত শেল হৈ বিন্ধিছিল।

মা দেউতাৰ সেই অভ্যাস এতিয়াও আছে। আজিও  ঘৰলৈ গলে গধূলি মই আৰু পৰিবাৰ কৰবালৈ ওলালে তেওঁলোক শংকিত হৈ পৰে। আমাৰ লগত  গাড়ীত বহি পৰে। নিছিদ্ৰ প্ৰহৰীৰ দৰে আগুৰি ৰাখিব চল্লিশৰ দেওনা পাৰ হোৱা মোক।

জীৱন পথত দেউতাৰ হাতৰ সেই আঙুলিটো এৰি দি কত চহৰ নগৰৰ অচিনাকি  শত সহস্ৰ অলিবাটত অকলশৰে ঘূৰি ফুৰিলো । এবাৰ এলিচক কৈছিলো কথাষাৰ।  চেমপেইনৰ মৃদু মিঠা অনুভৱ এটা লৈ , সপোন নগৰী পেৰিছৰ ছেইন নদীৰ পাৰত মাজৰাতি এজনী ছোৱালীৰ লগত ঘূৰি ফুৰা শুনিলে মোৰ ঘৰত কেনে আশংকা হব শুনি তাইৰ চকু দুটা ডাঙৰ হৈছিল।

“তোমাক হোটেললৈ মই লগ দিম বুলি ভাবিছা যদি ভুলকৈ ভাবিছা। ইয়াৰ পৰা তুমি চিধা অকলশৰেই  খোজ কাঢ়ি যাবা হোটেললৈ । চেম্পচ দি মাৰচৰ পৰা মই মেট্ৰত উঠি দিম “ তাই হাঁহি হাঁহি কৈছিল।

দীঘল অকলশৰীয়া অলিবাটবোৰত এতিয়াও কেতিয়াবা হাতখন মুঠি মাৰি অনুভৱ কৰো সেই তৰ্জনী আঙুলীটোৰ গভীৰ নিৰপত্তা ।

গধূলিৰ আলহী হোৱা সেই বৰদেউতা, খুড়া, জেঠাইবোৰৰ বহুবোৰে কেতিয়াবাই ধৰাৰ মোহ এৰি আঁতৰি গৈছে। মা দেউতাই খবৰ দিয়ে - আজি তহঁতৰ অমুক জেঠাই ঢুকাল অ’ । হৃদয়ত  হাঁহাকাৰ জাগে। তেজৰ সম্পৰ্ক নথকা অথচ শৈশৱ কৈশোৰৰ দিনবোৰ মধুৰ কৰি ৰখা বহুবোৰ সম্পর্ক আজি মাথো মনৰ স্মৃতি।

সেই সম্পৰ্কবোৰক লৈয়েই এখন ঠাইৰ লগতে হৃদয়ৰ যোগসূত্ৰ । সম্পৰ্কবোৰৰ দৰেই এদিন উৱঁলি আহে হৃদয় বান্ধি ৰখা যোগসূত্ৰডালো ।

You can contact Kamaljit at kamaljitmedhi1975@gmail.com