Thursday, November 22, 2018

যি দৰ্শন আছিল মোৰ জীৱনৰ পথ


সাম্যবাদৰ সাম্প্ৰদায়িকতা আৰু অস্তিত্বৰ সংকট

                                                            কমলজিত মেধি
                                          
আমিবোৰ তেতিয়া স্কুলৰ তলৰ  শ্ৰেণীৰ ছাত্ৰ ।  আবেলিৰ ঘৰুৱা আলোচনাবোৰৰ এটা প্রিয় বিষয়বস্তু আছিল ছোভিয়েট দেশৰ সাম্যবাদৰ বিপৰীতে  আমেৰিকাৰ পুঁজিপতি সমাজ ব্যৱস্থা। আমেৰিকা আমাৰ বাবে সপোনৰ দেশ আছিল। কিন্তু নৈতিক সমৰ্থন আছিল সাম্যবাদৰ কথা কোৱা ছোভিয়েট ৰুছিয়াৰ প্ৰতি। অকল আমাৰ পৰিয়ালৰ  আলোচনাৰ  বিষয় নাছিল সেয়া। শীতল যুদ্ধৰ দিনৰ দুটা মেৰুত বিভক্ত  হৈছিল  প্ৰায় সমগ্ৰ পৃথিৱী।  সেই সময়তে গোষ্ঠী নিৰপেক্ষতাৰ নাম লৈ বহু কেইখন  দেশে এটা সংগঠন গঢ়িছিল । জৱাহৰলাল নেহৰু আছিল এই গোটটোৰ জাকত জিলিকা নেতা। ঢাল তৰোৱাল নথকা নিধিৰাম চৰ্দাৰৰ দৰে  দেশ কিছুমানৰ সংগঠন আছিল সেয়া। অধিকাংশ  সদস্য দেশেই আওপকীয়াকৈ  ছোভিয়েট ৰুছিয়াৰ সমৰ্থন কৰিছিল বা সুবিধাজনক স্থিতি লৈছিল।

ডাকোৱালে দি থৈ যোৱা ছোভিয়েট দেশৰ পত্ৰিকা বোৰ পঢ়ো। সেই আলোচনীবোৰে হাজাৰ হাজাৰ মাইল দূৰৰ এখন স্বপ্নৰ দেশ ৰুছিয়াৰ লগত আমাৰ কৌতূহলী শৈশৱৰ মনবোৰৰ মাজত এক সংযোগী সেঁতু গঢ়ি তোলে। সেইখন সুন্দৰ দেশৰ ধুনীয়া ধুনীয়া ল’ৰা ছোৱালী বোৰৰ ফটোবোৰ চুই চাওঁ। মুহূৰ্তৰ বাবে মনলৈ আহে মই পঢ়া স্কুলখন আৰু সহপাঠীসকলৰ দৈন্যতা । মনত এক বিশ্বাস জাগে। সেই পথেই পৃথিৱীৰ চৰম সত্য । দুৰ্বল আৰু নিষ্পেষিত মানুহৰ মুক্তিৰ একমাত্ৰ  পথ বুলি  বিশ্বাস দৃঢ় হৈ উঠে।

নতুন পৃথিৱী নামৰ আলোচনী খন পঢ়ো মাজে মাজে। আলোচনী খনৰ  বেটুপাতবোৰ বোধহয়  ৰঙা ৰঙৰ আছিল । কথাবোৰ ভালদৰে বুজাৰ বয়স হোৱা নাছিল।  শৈশৱ আৰু কৈশোৰৰ সেই আলিদোমোজাত থমাছ হুদৰ Song of the shirt নামৰ কবিতাটোৱেও মনত তোলপাৰ লগাইছিল।

১৯৪৩ চনত লিখা এই কবিতাটো আছিল ইংলেণ্ডৰ শ্ৰমিক শ্ৰেণীৰ জীৱনৰ সকৰুণ কাহিনী। ডিচেম্বৰ মাহৰ লণ্ডনৰ হাড় কপোৱা জাৰ । এনে এটি জাৰৰ দিনত , কোনো এটা বন্ধ কোঠাত এজনী শ্রমিকে  কাপোৰ চিলাইছে । অনাহাৰ আৰু অনিদ্ৰাই পিষ্ট  কৰা এটা শৰীৰ আৰু মন ….

With fingers weary and worn,
With eyelids heavy and red,
A woman sat in unwomanly rags,
Plying her needle and thread –
Stitch! Stitch! Stitch!

শ্ৰীমতী বিদয়েলৰ জীৱনৰ ওপৰত লিখা  থমাছ হুদৰ সেই কবিতাটো কিমান বাৰ আওৰাইছিলোঁ ! যিমানে কবিতাটো আওৰাইছিলোঁ সিমানেই পুঁজিপতি ব্যৱস্থা টোৰ প্ৰতি বিদ্ৰোহ অনুভৱ কৰিছিলো।  স্কুলত এই কবিতাটো আমাক পঢ়ুৱাইছিল ইংৰাজীৰ শিক্ষক আমাৰ দেউতাই। শ্ৰেণীকোঠাত তেওঁৰ গলগলীয়া মাতটোৰ  ধ্বনি প্ৰতিধ্বনি বহু দেৰিলৈ আমাৰ মনত অনুৰণিত হৈ ৰৈছিল। ঔদ্যোগিক বিপ্লৱৰ সময়ৰ ইউৰোপলৈ যেন  তেওঁ আমাক লৈ গৈছিল।

স্কুলৰ সেই সময়খিনিত লিখা মোৰ কবিতাবোৰত প্ৰায়েই পৃথিৱীৰ মানুহৰ  মুক্তিৰ  কথা লিখিছিলো। “ আশাবোৰ ভোকৰ ৰুটি হৈ ভাঁহি” থকা দেখিছিলো ,  হৃদয়ত “অগ্নিকণ্ঠ প্ৰমুঠিওজক মুক্ত কৰাৰ পণ” । সাম্যবাদৰ প্ৰতি মোৰ আকৰ্ষণ দিনে দিনে বাঢ়ি আহিছিল।

কটনত সেই সময়ত বাওঁ চিন্তাৰ ব্যাপক পৰিসৰ। মেধাবী এটা শ্ৰেণী ছাত্ৰ ছাত্ৰী বাওঁ ছাত্ৰ সংগঠনৰ সদস্য। কটনলৈ অহাৰ আগেয়ে মনৰ মাজত ৰোপিত হোৱা সৰু গছৰ পুলিটোৱে বিৰাট এক বৰগছলৈ পৰিণত হোৱাৰ অৱকাশ আছিল। কিন্তু ১৯৯০ ত কটনলৈ অহাৰ আগেয়ে পৃথিৱী কঁপোৱা কেইটামান ঘটনাই কমুনিজিমৰ প্ৰতি মোৰ মনটো সন্দিহান কৰি তুলিছিল।

টিয়েনমেন স্কোয়াৰ , ১৯৮৯। চীনৰ হাজাৰ হাজাৰ ছাত্ৰ ৰাজপথলৈ ওলাই আহিছিল গণতন্ত্ৰৰ সমৰ্থনত  আৰু দুৰ্নীতিৰ বিৰোধীতা কৰিবলৈ। ছাত্ৰসকলৰ সেই শান্তিপুৰ্ন আন্দোলন মষিমূৰ কৰিবলৈ চীনৰ সৰ্বহাৰাৰ চৰকাৰে তেতিয়া  টেংক পঠিয়াইছিল। হাজাৰ হাজাৰ ছাত্ৰৰ তেজেৰে ৰাঙলী কৰিছিল টিয়েনমেন স্কোয়াৰ । কোনোবা এখন আলোচনীত চীনাসৈন্যৰ টেংকৰ সমুখত থিয় হৈ  মৃত্যুক  নিৰ্ভয়ে আলিংগন কৰা এজন চীনা ছাত্ৰৰ  ফটো এখন দেখিছিলোঁ। মানুহ কিমান আশাহীন আৰু অতিষ্ঠ হলে এনেদৰে সাহসী প্ৰতিবাদ কৰিব পাৰে , সেয়া যেন সমগ্ৰ বিশ্বক বুজাই দিছিল সেই অখ্যাত ছাত্ৰজনে । ১৯৮৯ ৰ টিয়েনমেন স্কোৱাৰৰ সেই হৃদয় বিদাৰক ঘটনা আছিল কুৰি শতিকাৰ ইতিহাসৰ এক অন্ধকাৰ অধ্যায়।

১৯৮৯ ৰ প্ৰায় দুবছৰ আগেয়ে ৰোমানিয়াত শেষ হৈছিল অন্য এক একনায়কত্ববাদী শাসন ব্যৱস্থাৰ। নিকোলাই চিছেচকু আৰু তেওঁৰ পত্নীক হত্যা কৰিছিল ৰোমানিয়াৰ মুক্তিকামী জনতাই । সততে মুক্তিকামী সৰ্বহাৰাৰ কথা কোৱা সাম্যবাদী দেশ এখনত এনেদৰে সাম্যবাদৰ পৰা মুক্তি বিচৰা জনতাৰ আচৰণত আচৰিত হৈছিলোঁ।  পূব ইউৰোপত তেতিয়া পৰিবৰ্তনৰ বতাহ। এখনৰ পিছত এখনকৈ কমিউনিষ্ট চৰকাৰ উফৰি গৈছে । ছোভিয়েট ৰুছিয়া আকৌ পেৰেষ্ট্ৰইকা , গ্লাছনস্তৰ বামাৰলিত  উটি ভাঁহি যোৱাৰ উপক্ৰম।

কটনলৈ আহি Aleksandr  Isayevich Solzhenitsyn ৰ সেই বিখ্যাত উপন্যাস  One Day in the Life of Ivan Denisovich খনৰ সম্ভেদ পালো। এই উপন্যাস খনে শৈশৱৰ পৰা সপোনৰ দেশ বুলি  গণ্য কৰা দেশখন  আৰু সাম্যবাদী সংস্কৃতিৰ এক বিপৰীত চিত্ৰ দাঙি ধৰিলে। হিটলাৰৰ নাজী বাহিনীৰ বৰ্বৰতাৰ বিষয়ে পঢ়িছিলো। এন ফ্ৰাঙ্কৰ ডায়েৰী পঢ়িছিলো। থমাছ কেনেলীৰ চিনলাৰছ আৰ্ক নামৰ বহু পঠিত উপন্যাসখনো পঢ়িছিলো। কিন্তু  Solzhenitsyn ৰ  উপন্যাস খনে ৰুছিয়াৰ লেনিন, ষ্টেলিনৰ বৰ্বৰতাৰ লগত মোক চিনাকি কৰাই দিলে।

কটনত দুবছৰ বিজ্ঞান শাখাত হায়াৰ চেকেণ্ডাৰী পঢ়িছিলো । তাৰ পিছত ইঞ্জিনিয়াৰিং কলেজ। পঢ়াশুনাত মধ্যমীয়া ধৰণৰ আছিলো। মহানগৰৰ উপকণ্ঠৰ মফচলিয়া এখন ঠাইৰ  স্কুলত সদায় প্ৰথম হৈ অহা ল’ৰাজনৰ  কটনৰ বাকৰিত নিজকে  চোকা আৰু মেধাবী ছাত্ৰ বুলি থকা ধাৰণাটো একেবাৰে  সলনি হৈ গৈছিল। কটনৰ সেই ফিজিক্স আৰু কেমেষ্টিৰ ক্লাছ বোৰত শিকা বহুবোৰ কথা ভালদৰে বুজা নাছিলো। কিন্তু বিজ্ঞানৰ কিছু প্ৰাথমিক ধাৰণাই মনৰ মাজত  সাম্যবাদ সম্পৰ্কে কিছুমান নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছিল।

ফিজিক্সৰ শ্ৰেণীত বৈদ্যুতিক প্ৰবাহৰ সূত্ৰ পঢ়িলো। বুজি পালো বিভৱ পাৰ্থক্য  নাথাকিলে এটা বৰ্তনীত  বিদ্যুতৰ পৰিবহন সম্ভৱ নহয়। ঠিক সেইদৰে এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ কোনো তৰল বা গেছ  বৈ যাবলৈ প্ৰয়োজন হয় চাপৰ তাৰতম্যতাৰ। যেতিয়াই অসমতা শেষ হৈ যায়, বন্ধ হৈ যায় বিদ্যুতৰ আহ যাহ ,  ৰুদ্ধ হৈ যাব নদীৰ বোৱতী সোঁত। ঠিক সেইদৰে অধিক উষ্ণতাৰ পৰা কম উষ্ণতালৈ তাপৰ পৰিবহনহে  স্বাভাৱিক। ইয়াৰ বিপৰীতে কাম কৰিবলৈ যোৱা মানেই শক্তিৰ অৱক্ষয়।

যদি অসমতাই প্ৰকৃতিৰ চালিকা শক্তি  হয়, তেনেহলে সাম্যবাদৰ  এখন শ্ৰেণীহীন সমাজৰ লক্ষ্য প্ৰকৃতিৰ নিয়ম বিৰুদ্ধ  নহবনে ! যি অস্বাভাৱিক , সেই দর্শন  কেতিয়াবা মানৱ জাতিৰ কল্যাণকামী আৰু ইতিহাসত স্থায়ী হব পাৰিবনে !  সেইবাবেই নেকি বিশ্বৰ মানচিত্ৰৰ পৰা সাম্যবাদ হেৰাই  যোৱাৰ উপক্ৰম হৈছে ! মনলৈ এনে  হাজাৰ প্ৰশ্ন আহিছিল সেই সময়ত ।  সন্দেহ নাই ১৯১৭ ৰ ৰুছ বিপ্লৱৰ পিছত বিজ্ঞান ,প্ৰযুক্তিবিদ্যাৰ দিশত অভাৱনীয় উন্নতি কৰিছিল ছোভিয়েট দেশে । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাম্যবাদৰ মন্ত্ৰৰে উদ্বুদ্ধ ৰুছ খেতিয়কে  হাতত যাঠি লৈ হিটলাৰৰ নাজী বাহিনীৰ পেনজাৰ  টেংকৰ  গতি ৰুদ্ধ কৰাৰ প্ৰয়াস কৰিছিল । জাৰ্মান সৈন্যৰ বাবে সেয়া আছিল আমোদজনক কিন্তু অকল্পনীয়।  ৰুছ মানুহৰ দেশপ্ৰেমৰ কল্পনাতীত দৃষ্টান্ত আছিল লেনিনগ্ৰেডত নাজী বাহিনীৰ পৰাজয় আৰু হিটলাৰৰ পতনৰ আৰম্ভণি ।

বিজ্ঞানৰ আৰু এটা সূত্ৰৰ লগত এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ মিল দেখিবলৈ পাওঁ। ইঞ্জিনিয়াৰিঙত Fluid Flow Operation ত পঢ়া  এডাল পাইপৰ মাজেৰে পৰিবাহিত হোৱা পানীৰ সোঁত এটালৈ মনত পৰে। পাইপৰ মাজেৰে বৈ যোৱা পানী খিনিৰ গতি বেগ সকলো ঠাইতে সমান নহয়। পাইপৰ গাত লাগি থকা পানীৰ তৰপটো আমাৰ সমাজৰ কম  শিক্ষা আৰু কাৰিকৰী অৰ্হতা থকা মানুহখিনিৰ দৰে। পাইপৰ মাজেৰে বৈ যোৱা পানীৰ এই তৰপটোৰ গতি হয় তুলনামূলক ভাবে মন্থৰ। পাইপৰ গাৰ পৰা দূৰত থকা পানী খিনিৰ তৰপটোৰ গতি হয় সৰ্বাধিক। ঠিক একেদৰে এখন দেশৰ অৰ্থনৈতিক উন্নতিৰ পৰা আটাইতকৈ বেছি লাভবান হয় কাৰিকৰী অৰ্হতা আৰু সামৰ্থ থকা লোকসকল। সুফল সমাজৰ তলৰ শ্ৰেণীটোলৈও আহে , কিন্তু সেয়া তুলনাত কম । সমাজৰ তলৰ শ্ৰেণীৰ উন্নতিৰ বাবে দুটা ব্যৱস্থা আছে। পাইপৰ বোৱতী পানী খিনিৰ বেগ   আৰু বেছি তীব্ৰতৰ কৰি  তলৰ মন্থৰ  তৰপ বোৰৰ  গতিও ত্বৰান্বিত কৰা বা পানী খিনিত চাকনৈয়াৰ সৃষ্টি কৰি বিভিন্ন তৰপবোৰৰ বেগৰ তাৰতম্য হ্ৰাস কৰা। পুঁজিপতি দেশবোৰে প্ৰথম উপায়টোত বিশ্বাস কৰে। সাম্যবাদী সকলে দ্বিতীয়টোত। সেয়া কৰিবলৈ যাওঁতে , দ্বিতীয় ব্যৱস্থাটোত পানী কঢ়িওয়া পাইপডাল ভাঙি পৰাৰ সম্ভাৱনাও সৰ্বাধিক। কিন্তু প্ৰথম ব্যৱস্থাটোৰো একাধিক ঋণাত্মক  দিশ আছে।

সাম্যবাদী ভাৱধাৰাৰ আৰু এটা প্ৰধান ঋণাত্মক দিশ কটন আৰু ইঞ্জিনিয়াৰিং কলেজৰ দিনবোৰত চকুত পৰিছিল। এজন মানুহৰ জীৱনৰ সকলোবোৰ দিশ যেন বাওঁ আদৰ্শই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে । কেনে লোকৰ লগত বন্ধুত্ব কৰিব, কি কিতাপ পঢ়িব , কেনে মতবাদক সমৰ্থন কৰি মন্তব্য কৰিব এই  সকলোবোৰ স্বয়ংক্ৰিয় ভাবে  নিয়ন্ত্ৰিত নিজস্ব চিন্তাধাৰাৰ দ্বাৰা  নহয় । নিয়ন্ত্ৰিত হয় আদৰ্শৰ তাড়নাত।   নিয়ন্ত্ৰণ কৰিব মাৰ্ক্স, লেনিন , বা চে গুয়াভাৰ আদিয়ে । এইসকল ব্যক্তিৰ আগৰ হাজাৰ বছৰৰ পুৰণি ভাৰতীয় সভ্যতা সংস্কৃতি যেন তেওঁলোকৰ বাবে অৰ্থহীন। শ্ৰেণীসংগ্ৰামৰ সাম্যবাদী সূত্ৰ অনুসৰি অৰ্থনৈতিক ভাবে সফল ব্যক্তিজন কিন্তু সদায় শোষণকাৰী। মৌলিক চিন্তাৰ পৰা ব্যক্তি বা সমষ্টিক নিৰুৎসাহ কৰা হয় এই আদৰ্শত,  নিজকে প্ৰগতিশীল বুলি ঘোষণা কৰা লোকসকলৰ চিন্তা Iচর্চা হৈ পৰে ঠেক পৰিসৰত আৱদ্ধ । স্বাভাৱিক বিকাশ হৈ পৰে ৰুদ্ধ ।

যি চিন্তাধাৰা, যি সমাজ ব্যৱস্থা, যি ধৰ্মই মানুহৰ  মৌলিক চিন্তাধাৰাক বাধাগ্ৰস্ত কৰি কোনো ব্যক্তিবিশেষ বা চিন্তাধাৰাকে জীৱনৰ একমাত্ৰ পথ বুলি ভাবিবলৈ বাধ্য কৰে , সেই চিন্তাধাৰা, সেই সমাজ ব্যৱস্থা, সেই ধৰ্মতে ফেনাটিচিজমৰো ( fanaticism) জন্ম হয়।  সেইবাবেই বাওঁচিন্তাত বিশ্বাসী সকল  কেতিয়াও সাম্ৰদায়িকতাৰ পৰা মুক্ত নহয়। বাওঁ চিন্তা আৰু ফেনটিচিজম সমাৰ্থক হৈ পৰে । তেওঁলোকৰ প্ৰগতিশীলতা পক্ষপাতপূৰ্ণ , চিন্তাধাৰা ব্যপকতাহীন । বাওঁচিন্তাৰ বুদ্ধিজীৱিসকল আৰু অন্যান্য সাম্প্ৰদায়িক লোক সকলৰ চিন্তাধাৰা একেটা মুদ্ৰাৰে  ইপিঠি সিপিঠি। হওঁক যেনিবা তেওঁলোক বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী প্ৰতিভা।

যি সাম্যবাদী ভাৱধাৰাই সাধাৰণ ৰুছ খেতিয়ক এজনক অসাধাৰণলৈ পৰিৱৰ্তন কৰি নাজী বাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰিছিল, সেই একেই দর্শনৰ প্ৰতীক মাৰ্ক্স,  লেনিনৰ প্রস্থৰ মূৰ্তিবোৰৰ ওপৰত ৰুছিয়াত হাতুৰীৰ কোব পৰিছিল । ছোভিয়েট দেশ ভাঙি পৰিছিল। আনকি ৰুছ দেশৰ বুৰঞ্জীৰ পৰা আঁতৰাই পেলোৱা হৈছিল ১৯১৭ চনৰ ৰুছ বিপ্লৱৰ কাহিনী। সাম্যবাদৰ প্ৰতি  সেই একেই বিৰাগ পূব ইউৰোপৰ দেশবোৰত আজিও  দেখা যায় ।

মানুহৰ মন , ব্যক্তি স্বাধীনতাৰ হেঁপাহ বোৱতী নদীৰ দৰে। সেই সোঁতৰ দুৰ্বাৰ বোৱতী বাধাক বন্ধ কৰি ৰাখিব পাৰি কিছু সময়ৰ বাবে , চিৰদিনৰ বাবে নহয়। সাম্যবাদৰ পতনে যেন ইতিহাসৰ সেই সৰল সূত্ৰটোকেই আকৌ এবাৰ প্ৰতিপন্ন কৰিলে।

স্বাধীনোত্তৰ ভাৰতবৰ্ষত ভোকৰ হাঁহাকাৰ আছিল সৰ্বব্যাপী। ছোভিয়েট ৰুছিয়াৰ চোৰাংচোৱা সংস্থা কেজিবি আৰু সাম্যবাদী বুৰঞ্জীবিদ , লিখক সকল আছিল প্ৰভাবশালী আৰু ৰাজঅনুগ্রহীত।  মুঠতে সাম্যবাদী চিন্তাধাৰাৰ প্ৰসাৰৰ বাবে ৰম্যভূমি আছিল ভাৰতবৰ্ষ। তথাপিও ভাৰতবৰ্ষত সাম্যবাদে সমাজৰ ব্যাপক সঁহাৰি নোপোৱাৰ কাৰণ আছিল ভাৰতীয় সংস্কৃতি আৰু উদাৰ হিন্দুত্ববাদ।

সাম্যবাদী সকলে মানি লবলৈ টান পালেও এই কথা অনস্বীকাৰ্য যে ভাৰতবৰ্ষৰ জাতীয় সংস্কৃতি আৰু চেতনাবোধৰ মূলতে  হিন্দুত্ববাদৰ উদাৰ পৰম্পৰা । বিদেশী আক্রমনকাৰীৰ হাতত বাৰে বাৰে আক্ৰান্ত , লাঞ্চিত হৈছিল ভাৰতবৰ্ষ । ধৰ্মৰ উন্মাদনাই সংহাৰ কৰিছিল লক্ষ লক্ষ জনগণক ।  ধৰ্মৰ সেই কদৰ্য ৰূপ  স্বাধীনোত্তৰ ভাৰতবৰ্ষইও দেখিছিল। কিন্তু স্বাধীন ভাৰতবৰ্ষই ধৰ্মৰ বিপৰীতে বিচাৰিলে এখন ধৰ্ম নিৰপেক্ষ দেশ। উদাৰ জাতীয় সংস্কৃতিৰ এনে  উদাহৰণ বিৰল।

১৮৯৩ ৰ চিকাগোৰ ধৰ্মীয় সংসদত স্বামী বিবেকানন্দই  ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ ব্যাখ্যা কৰি কৈছিল , ভিন্ন ভিন্ন নদীৰ জলধাৰা যিদৰে বহুদূৰ বাট বুলি একেখন সাগৰত মিলিত হয়, সেইদৰে বিভিন্ন ঈশ্বৰ উপাসনাৰ একমাত্ৰ আৰু শেষ উদ্দেশ্য কিন্তু একেজনেই ঈশ্বৰ। এই উদাৰ গণতান্ত্ৰিক চেতনাবোধেই ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ। যি সংস্কৃতিয়ে মানুহক তেত্ৰিশ কোটি ভগবানত বিশ্বাস কৰাৰ অধিকাৰ দিছে, যি ধৰ্ম আৰু সংস্কৃতিৰ বিবিধতা আৰু উদাৰতা সাৰ্বজনীন, সেই সংস্কৃতিৰ বাবে সাম্যবাদ আছিল এক অপাংক্তেয় সত্তা মাত্ৰ । সুস্বাদু আহাৰত আবিষ্কাৰ হোৱা শিলগুটিৰ টুকুৰা।

ভাৰতীয় সংস্কৃতি আৰু হিন্দুত্ববাদৰ প্ৰতি সাম্যবাদৰ সহজাত বিৰোধৰ কাৰণো সেইটোৱেই ।

ৰঙা কৰবীৰ ফুল নামৰ ভ্ৰমণ কাহিনী খনত সন্নিবিষ্ট “মস্কো বহুত দূৰ”  নামৰ প্ৰবন্ধটোত , হেম বৰুৱাদেৱে লিখিছিল    “ মায়কভস্কীয়ে পেৰিছৰ বুলিভাৰ বোৰক উপলুঙা কৰিছে। মস্কো চহৰতো বুলিভাৰ আছে। দুয়োটাৰে ভিতৰত পাৰ্থক্য হৈছে - মস্কোৰ বোৰত আছে মৃত মানৱৰ প্রস্থৰ মূৰ্তি। পেৰিছৰ বোৰত আছে ভাস্কৰ্য শিল্পীৰ কল্পনাত ধৰা দিয়া, অন্তৰ আলোকেৰে উদ্ভাসিত কৰা নিদর্শন। সি সময়ৰ সকলো বন্ধন নেওচি মানুহৰ আত্মা থাকে মানে চিৰকাল জীয়াই থাকিব, যাৰ কোনো কালেই মৰণ নাই - তেনে ভাস্কৰ্য প্ৰতীক । আনহাতে মস্কোৰ বোৰৰ ভাগ্য ষ্টেলিনৰ ছবি আৰু মূৰ্তিৰ দৰেই সাঙোৰ খাই আছে ৰাজনৈতিক আৰ্হিৰ লগত। এদিন সমগ্ৰ জীৱন আচ্ছন্ন কৰি থকা ষ্টেলিনৰ দৰেই এইবোৰৰো যদি ভাগ্য বিপৰ্যয় ঘটে , তেন্তে আচৰিত হব লগা কিবা জানো আছে ?”

ভাৰত আৰু ছোভিয়েট ৰুছিয়াৰ মৈত্ৰী সম্পৰ্কক  এক নতুন দিশ দিয়াৰ বাবে অন্য কেইজনমান সংসদৰ লগত হেম বৰুৱাদেৱে ভ্ৰমণ কৰিছিল সাম্যবাদী ছোভিয়েট ৰুছিয়া। সেই ভ্ৰমণ কাহিনী “ৰঙা কৰবীৰ ফুল” গ্ৰন্থৰূপত প্ৰকাশ হৈছিল ১৯৫৯ চনৰ জানুৱাৰী মাহত । ছোভিয়েট দেশ আৰু সাম্যবাদৰ  জয়জয় ময়ময় অৱস্থা তেতিয়া। এনে এক সময়তে, সাম্যবাদৰ বিপৰ্যয়ৰ অনুমান কৰা হেম বৰুৱাদেৱৰ প্ৰজ্ঞা আৰু দূৰদৰ্শিতাৰ কথা ভাবিলে শ্ৰদ্ধাত  মুৰ দো খাই পৰে।

নিষ্পেষিত , নিপীড়িত জনৰ প্ৰতি আজিও মই হৃদয়ত অনুকম্পা অনুভৱ কৰো। শোকক শক্তিলৈ পৰিৱৰ্তন কৰাৰ মাওঁৰ বাক্যশাৰী আজিও মোৰ জীৱনৰ আমোঘ বাণী । জন হেনৰীৰ গীতটো আজিও মোৰ প্ৰিয়। তথাপি  সাম্যবাদ আজি আৰু মোৰ  জীৱন দৰ্শন নহয়। মানৱ সভ্যতাৰ ইতিহাসত লক্ষ লক্ষ মানুহৰ তেজেৰে ৰাঙলী কৰা সাম্যবাদী দৰ্শনৰ পাপৰ বোজা বহন কৰিবলৈ অসমৰ্থ আৰু অপৰাগ ।

লিখকৰ ঠিকনা :
কমলজিত মেধি
আম্ৰপালি চাফায়াৰ
এপাৰ্টমেণ্ট নং - B ১০২
চেক্টৰ - ৪৫, নয়দা
মোবাইল : 9435529941


You can contact Kamaljit at kamaljitmedhi1975@gmail.com