Sunday, February 10, 2019

CAB বিতৰ্ক :অসমৰ বাবে অপ্ৰাসংগিক , লাভ লোকচান নোহোৱা ইছ্যু

ৰবিবাৰৰ ৰাতিপুৱা । কম্বলৰ মিঠা আমেজ লৈ শুই আছিলোঁ। এনেতে মোবাইলটো বাজি উঠিল । বন্ধুৰ ফোন।

" কমল , তুমি যে কৈ থাকা CAB অসমৰ বাবে অপ্ৰাসংগিক , লাভ লোকচান নোহোৱা ইছ্যু , কাৰণটো ফঁহিয়াই কিবা এটা লিখা । "

তাগিদাত লিখা এইখিনিয়ে মোৰ মনৰ কথা।

CAB বিতৰ্ক : নাগৰিকত্ব বিধেয়কখন লৈ অসমীয়া মানুহৰ মনত প্ৰধানকৈ এই দুটা বিষয় আলোচনা হৈছে :

১) বিধেয়কখনৰ বিৰোধ কৰা সকলৰ মতে , বিধেয়কখন সংসদত গৃহীত হোৱাৰ লগে লগে অসমত অসমীয়া মানুহ সখ্যালঘু হব। কৌটিৰ ঘৰত বাংলাদেশী হিন্দুসকলৰ অসমলৈ প্ৰব্ৰজন হব আৰু অসমীয়া ভাষা সংস্কৃতিৰ সৰ্বনাশ হব।

2) বিধেয়কখনৰ সপেক্ষে কোৱা বহুতৰ মতে এই বিধেয়কখন আইনত পৰিণত হলেহে অসমত অসমীয়াৰ অস্তিত্ব বৰ্তি থাকিব ।

মই নিজে দুয়োপক্ষৰে কথাখিনি পৰিসংখ্যাৰ ভিত্তিত কোৱা কথা নহয় বুলি ভাবো। কিয় নাভাবো সেই কথাখিনিকে ইয়াত লিখিব বিচাৰিছো।

অসম আৰু উত্তৰ পূবলৈ হিন্দু বাংলাদেশীৰ প্ৰব্ৰজন : অসম আৰু ত্ৰিপুৰাৰ লোকপিয়লৰ তথ্যখিনি যদি চোৱা যায়, দেখিবলৈ পাওঁ 1901 ৰ পৰা 2011 লৈ প্ৰতিটো লোকপিয়লৰ হিচাপত মুছলমান জনসংখ্যা 2 -4 শতাংশকৈ বাঢ়িছে আৰু হিন্দু ধর্মৰ মানুহৰ সংখ্যা একেই গতিত কমি আহিছে। ব্যতিক্ৰম মাত্ৰ 1951 আৰু 1971 ৰ লোকপিয়ল। 1941 ত মুছলমান জনসংখ্যা 25.72 % বিপৰীতে 1951 ত হৈছিলগৈ 24.68 % আৰু 1961 ৰ 25.26 % কমি 1971 ত হৈছিল 24.56 % । ঠিক একে সময়তে চুবুৰীয়া ত্ৰিপুৰাটো বঙালীভাষী মানুহৰ সংখ্যাৰ ব্যাপক বৃদ্ধিয়ে এই কথাটোকেই সূচায় যে দেশৰ স্বাধীনতাৰ সময়ত আৰু বাংলাদেশৰ মুক্তি আন্দোলনৰ সময়ত বুজন সংখ্যক বঙালী হিন্দু ভয়াবহ ধৰ্মীয় উন্মদনাত নিপীড়িত হৈ অসম আৰু আৰু ত্ৰিপুৰালৈ প্ৰব্ৰজন কৰিছিল।

1981 ৰ লোকপিয়লত ত্ৰিপুৰাৰ জনজাতীয় জনসংখ্যা কমি হৈছিল 28.44%। সন্দেহ নাই , বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজন আছিল ইয়াৰ মুখ্য কাৰণ। কিন্তু 1981 ৰ পিছত দেখিবলৈ পাওঁ ত্ৰিপুৰাৰ জনগাঁথনিত জনজাতি সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈছে আৰু বঙালীভাষী লোকৰ সংখ্যা হ্ৰাস পাইছে । ত্ৰিপুৰাৰ লোকপিয়লৰ হিচাপ মতে জনজাতীয় জনসংখ্যা 1991 আছিল 30.95% , 2001 ত 31.05 % আৰু 2011 ত 31.8 % । এই পৰিসংখ্যাই বোধহয় পৰিবৰ্তনীয় পৰিস্থিতিত ত্ৰিপুৰালৈ বাংলাদেশৰ পৰা হ্ৰাস হোৱা প্ৰব্ৰজনকে বুজায়।

এইখিনি পৰিসংখ্যাৰ পৰা এটা কথা প্ৰমাণিত হয় যে বাংলাদেশৰ পৰা এতিয়া আৰু কৌটিৰ ঘৰত হিন্দু সকল আহি অসমীয়াসকলক অসমত সংখ্যালঘুত পৰিণত কৰিব বুলি ভবা কথাষাৰ অমুলক। ইয়াৰ কাৰণ বাংলাদেশত সংখ্যালঘুৰ নিৰাপত্তাৰ প্ৰতি সজাগ আৱামী লীগৰ শ্বেইখ হাচিনাৰ চৰকাৰ আৰু বাংলাদেশৰ অৰ্থনীতিক উন্নয়ন। অৰ্থনৈতিক উন্নয়নৰ ফলত বাংলাদেশৰপৰা অহা মুছলমান প্ৰব্ৰজনকাৰীৰ সংখ্যাও সম্প্ৰতি হ্ৰাস পাইছে বুলি বোধ হয়।

তথাপিও যোৱা লোকপিয়লত যোৰহাট , শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় 9-10 % জনসংখ্যা বৃদ্ধিৰ বিপৰীতে গোৱালপাৰা, ধুবুৰী আদি ৰাজ্যত এই হাৰ আছিল সৰ্বাধিক। ইয়াৰ কাৰণ হিচাপে তলত মোৰ নিজৰ পৰিয়ালৰ এখন স্কিমাটিক চিত্ৰ দিছো। বৰ্তমানৰ প্ৰজন্মটোৰ আগত, মোৰ নিজৰ বংশৰে প্ৰতিটো পৰিয়ালৰ 6-7 টাকৈ সতি সন্ততি আছিল। এওঁলোকক লৈ দুটা বা তিনিটা প্ৰজন্মৰ মানুহখিনিৰ নামবোৰ এফালৰ পৰা লিখি গলে কাগজখিলা এটা প্ৰকাণ্ড পিৰামিডলৈ পৰিণত হয়। কিন্তু বৰ্তমানৰ প্ৰজন্মটোত বোধহয় অকল মোৰেই দুটা সন্তানৰ সৰ্ববৃহৎ সংসাৰ !


সৰু পৰিয়ালৰ ধাৰণাটো অসমৰ চুকে কোনে বিয়পি পৰিছে। অসমৰ খিলঞ্জীয়া মুছলমান খিনিও ইয়াৰ ব্যতিক্ৰম নহয়। কিন্তু চৰ চাপৰিত এই ধাৰণাটো এতিয়াও মানুহৰ মনলৈ অহা নাই। বিশেষকৈ যিখন সমাজত মহিলাসকল শিক্ষিত নহব, তেনে এখন অৰ্থনৈতিকভাবে পিছপৰা সমাজত জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যাধিক হোৱা আচৰিত নহয়।

ওপৰৰ কথাখিনিৰ পৰা সংক্ষেপে ইয়াকে কব পাৰি :

1) নাগৰিকত্ব আইনৰ সংশোধনৰ বাবে কৌটিৰ ঘৰত বাংলাদেশী হিন্দুসকল ( বাংলাদেশৰ মুঠ হিন্দু জনসংখ্যা বৰ্তমান 1.2 -1.7 কৌটি ) অসমলৈ অহাৰ ধাৰণাটো সত্য নহয়।

2) জন্ম নিয়ন্ত্ৰনৰ ব্যৱস্থা নথকা অৰ্থনৈতিক ভাবে পিছপৰা পমুৱা মানুহখিনিৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যাধিক হোৱা আচৰিত নহয়। অধিকাংশ বাংলাদেশৰ পৰা অহা হিন্দু আৰু মুছলমান মানুহৰ প্ৰব্ৰজন হৈছিল 1971ৰ আগেয়ে। গতিকে বৰ্তমানৰ 1971 ৰ ভিত্তি বৰ্ষ মতে তেওঁলোকৰ অধিকাংশ ভাৰতীয় নাগৰিক আৰু NRC ত তেওঁলোকৰ নাম সোমোৱা আচৰিত নহয়। বৰ্তমানৰ NRC য়ে অসমীয়া খিলঞ্জীয়াৰ অস্তিত্বক সুৰক্ষা দিব নোৱাৰে।

CAB কিয় খিলঞ্জীয়া অসমীয়াৰ ৰক্ষকবচ নহয় :

নাগৰিকত্ব আইন খনে অসমৰ থলুৱা মানুহখিনিক সংখ্যালঘু হোৱাত বাধা দিব বুলি কোৱা চৰকাৰী পক্ষ আৰু তেওঁলোকৰ সমর্থনকাৰী সকলৰ চিন্তাধাৰাও সচাঁ নহয় । লোকপিয়লৰ তথ্য খিনিয়ে অন্ততঃ সেই কথাকে প্ৰমাণ কৰে।

2011 ৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা 3.12 কৌটি। ইয়াৰে 61.54% হিন্দু আৰু 34.29% মুছলিম ধৰ্মাৱলম্বী মানুহ। 2001 ৰ পৰা 2011 লৈ অসমত হিন্দু ধর্মৰ মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 10% আৰু মুছলিম ধৰ্মৰ 29.59 % শতাংশ। এই হাৰ আছিল সৰ্বভাৰতীয় হাৰ 24.6 % তকৈ প্ৰায় 5 শতাংশ বেছি।

বৰ্তমানৰ এই হাৰৰ জনসংখ্যা বৃদ্ধিয়ে নিঃসন্দেহে 2051 ৰ ভিতৰতে অসমত হিন্দু সকলক সংখ্যালঘুলৈ পৰিৱৰ্তন কৰিব। আজিৰ পৰা আৰু 50 বছৰৰ ব্যৱধানত অসমত ইছলামধৰ্মী লোকৰ সংখ্যা হিন্দু সকলতকৈ প্ৰায় 1.5 কৌটি অধিক হব । জনবিন্যাসৰ এই পৰিৱৰ্তনক বাধা দিবলৈ বৰ্তমানৰ CAB খনৰ সমৰ্থক সকলে কৰ পৰা হিন্দু মানুহ বিচাৰি পৃথিৱী চলাথ কৰিব ?

ইয়াৰ লগতে উজনি অসমত চলি থকা ব্যাপক জনজাতীয় লোকৰ খ্ৰীষ্টান ধৰ্মান্তকৰণৰ কথা নকলোৱেই বা !

অসমৰ মুঠ জনসংখ্যাৰ ভিতৰত খিলঞ্জীয়া অসমীয়া মুছলমান লোকৰ সংখ্যা বৰ্তমান 25-30 লাখতকৈ বেছি নহব। এওঁলোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অন্যান্য খিলঞ্জীয়া সকলতকৈ অধিক নহয়। গতিকে বৰ্তমানৰ পৰিস্থিতিত পমুৱা মুছলমান মানুহখিনিয়ে অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী। যিহেতু গণতন্ত্ৰত ভোটৰ সংখ্যাৰ ওপৰত সকলো নিৰ্ভৰ কৰিব, সেইবাবে আৰু ত্ৰিশ বছৰৰ ভিতৰত এই জনগোষ্ঠীটোৰ এজন সদস্যই অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহাত আচৰিত হবলগীয়া একো নাই আৰু সেয়া তেওঁলোকৰ গণতান্ত্ৰিক ভাৰতীয় সংবিধান প্ৰদত্ত অধিকাৰ। লগতে অসমীয়া সংস্কৃতি আৰু অন্যান্য সামাজিক দিশবোৰ সংখ্যাগুৰু এই জনগোষ্ঠীৰ দ্বাৰা নিয়ন্ত্ৰিত হব । বৰ্তমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ ভিত্তিত , 2101 লৈ অসমৰ জনসংখ্যাৰ অনুমানিক হিচাপৰ তথ্যৰ চিত্ৰ দিয়া হৈছে।



অসমত বাস কৰা বাংলাদেশী মূলৰ মানুহখিনিক বহিস্কাৰ কৰাৰ চিন্তাটো বৰ্তমান এটা utopian সপোনৰ বাহিৰে অন্য একো নহয়। হয়তো নাগৰিকত্বৰ ভিত্তিবৰ্ষ 1951 কৰিলে কেইদিনমানলৈ অসমৰ থলুৱা মানুহৰ প্ৰশাসনিক অধিকাৰ কিছু বছৰলৈ সংৰক্ষিত থাকিব। সাংবিধানিক সুৰক্ষাৰ বাবে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব লাগিব আৰু সেয়া সহজসাধ্য কাম নহব। এনে কামৰ বাবে বিৰোধ আহিব অসমৰ বুদ্ধিজীৱি সমাজ আৰু দেশ বিদেশৰ মিডিয়াৰ পৰা।

ইতিহাসৰ পাত লুটিয়ালে দেখা যায় সংস্কৃতিৰ বোৱতী নৈখনত বিভিন্ন উপনৈবোৰ মিলি যায় আৰু মূল বোৱতী ধাৰাটোৰ দিশ নিৰ্ণয় কৰে। মহাভাৰতৰ সময়ত আজিৰ কান্দাহাৰ আছিল গান্ধাৰ। পিছলৈ আফগানিস্তানত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ আছিল সৰ্বাধিক। বৌদ্ধ ধৰ্মৰ পিছত আহিল ইছলাম আৰু ভৱিষ্যতলৈ কি আহিব সেয়া সময়েহে কব। প্ৰাচীন কালত আৰ্য্য সকলৰ আগমনৰ আগেয়ে ভাৰতবৰ্ষত দ্ৰাবিড়সকলৰ সভ্যতা আছিল উত্তৰৰ পৰা দক্ষিণলৈ , পূৱৰ পৰা পশ্চিমলৈ বিস্তৃত। আৰ্য্য সকলৰ আগমনৰ লগে লগে তেওঁলোক পশ্চিম আৰু উত্তৰ ভাৰতৰ পৰা বিতাড়িত হল। কিন্তু দ্ৰবিড় সকলৰ সংস্কৃতিৰ প্ৰভাৱতে আৰ্য্য সকলৰ সভ্যতা ঠন ধৰি উঠিছিল।

নিজৰ স্বকীয়তাক জীয়াই ৰখাৰ চিৰন্তন সংগ্ৰাম প্ৰতিটো জনগোষ্ঠীৰ। কিন্তু প্ৰকৃতিয়ে হিন্দু, মুছলমান, অসমীয়া, বঙালী বুজি নাপায়। হাজাৰ বছৰৰ ইতিহাসৰ ঘাঁহনিত পোত যায় মানুহৰ সৰু সৰু কত মান - অভিমান। আজি আমি যি ভূখণ্ডত নিজৰ অধিকাৰ সাব্যস্ত কৰি আছো সেই ঠাইৰ অধিকাৰ অতীতত অইন কাৰোবাৰ আছিল। অহাকালি আকৌ কোনোবা নতুন । এয়াই চিৰন্তন সত্য।

অসমীয়া খিলঞ্জীয়া মানুহৰ বাবে হাতত বোধহয় এইকেইটা পথ খোলা আছে :

1) নাগৰিকত্বৰ ভিত্তিবৰ্ষ 1951লৈ সলনি কৰি সাংবিধানিক সুৰক্ষাৰ চিন্তা চৰ্চা কৰা । জনজাতিকৰণ এক শক্তিশালী প্ৰদক্ষেপ হব পাৰে কিছু সময়লৈ খিলঞ্জীয়াৰ প্ৰশাসনিক অধিকাৰ সংৰক্ষণ কৰাৰ।

2) পমুৱা মানুহখিনিক বাংলাদেশী বুলি অসমীয়াৰ ঠাট্টা মস্কৰা কৰাৰ দিন উকলিল । তেওঁলোক বৃহৎ অসমীয়া সমাজৰ এৰিব নোৱাৰা অংগ মাত্ৰ নহয়। অসমৰ ভৱিষ্যতৰ দিশ নিৰ্ণায়ক। এই জনগোষ্ঠীৰ শিক্ষা আৰু প্ৰগতিৰ বাবে আজিৰ অসমীয়া সচেতন নহলে, অসমৰ ভৱিষ্যতৰ ইতিহাস সুখৰ নহব।