Thursday, July 13, 2017

আমাৰ দেউতা এজন শিক্ষক আছিল । তেওঁ হাজো হায়াৰ চেকেণ্ডাৰী স্কুলত ইংৰাজী পঢ়ুৱাইছিল। আছিল নহয় , বৰ্তমানেও হয়।  কাৰণ অৱসৰৰ পিছত আজিও  ল'ৰা ছোৱালী পঢ়ুৱাব পালে, দুখ ভাগৰ পাহৰি থাকে।

দেউতা নিজেও চোকা ছাত্ৰ আছিল। অতি আকৰ্ষণীয় আছিল তেওঁৰ ব্যক্তিত্ব। বজ্ৰ সদৃশ কণ্ঠস্বৰ, অফুৰন্ত শক্তি  আৰু সভাশুৱনি মানুহ জনৰ  ওচৰত অন্যবোৰ যেন নিষ্প্ৰভ হৈ পৰে। তেওঁৰ অধ্যয়ন আৰু দৃষ্টিভংগী অতি সূক্ষ্ম। দেশ বিদেশৰ বিভিন্ন ঘটনা প্ৰবাহৰ নিৰ্ভুল ভৱিষ্যত দেখা পায়। আমি কেতিয়াবা কওঁ - আজিৰ পৰা ত্ৰিশ বছৰ আগৰ ঘটনাবোৰ তুমি কেনেদৰে দেখিছিলা ! সেইবোৰ কাকত আলোচনীত লিখা হলে কিমান যে বাহ বাহ পালাহেতেন ! এই যে অসমত এদিন ভাজপাৰ চৰকাৰ হব, বহু বছৰ আগেয়ে দেউতাই বোধহয় আমাৰ ডাঙৰ মামাক কৈছিল কোনো এটা গধূলি চাহৰ আড্ডাত। যিয়েই নহওঁক ইয়াৰ পিছৰ অসম খনৰ ভৱিষ্যতৰ বিষয়ে তেওঁৰ অনুমান  যেন  সঁচা নহয় কেতিয়াওঁ !

আমি ঘৰৰ গোটেইকেইজনে দেউতাই পঢ়ুৱা স্কুলতে পঢ়িছিলো। গৰমৰ দিনত আমাৰ স্কুলত বিজুলী পাংখা নাছিল। গৰমত কেতিয়াবা কোনো ছাত্র ছাত্ৰী বেহুচ হৈ গলে আমাৰ খুব আনন্দ। লগে লগে স্কুল ছুটী হৈ যায়। বৰষুণৰ দিনৰ কথা নকলোয়েই বা !

পিছে সেই স্কুলত দেউতাই John Keats, Wordsworth, Jean Paul Sartre, বাৰ্ট্ৰাণ্ড  ৰাছেল,  টলষ্টয়ৰ পৰা আৰু কত তাৰকাৰ লগত কৈশোৰত চিনাকি কৰাই দিয়া নাছিল !  Elocution ৰ প্ৰথম পাঠ শিকিছিলো দেউতাৰ বক্তৃতা শুনি। চমৎকাৰ আছিল তেওঁৰ দেহ আৰু মুখৰ ভাষা। দেউতা এটা অকলশৰীয়া উদাহৰণ নহয়। দেউতা সেই সময়ৰ এনে বহুতো শিক্ষকৰ প্ৰতীক। বিজ্ঞানৰ পাঠত দাস  ছাৰৰ লগত ষ্টীম ইঞ্জিনৰ ধাৰণাৰ ব্যৱহাৰিক পৰীক্ষণ কৰি  হাজোৰ মাধৱ মন্দিৰৰ পুখুৰীত জাহাজৰ prototype চলোৱাৰ কথাবোৰ ভাবি আজি অভিভূত হওঁ।

দেউতাই অৱসৰ লোৱাৰ সময়ত মই ইঞ্জিনিয়াৰিং পাছ কৰি চাকৰিত সোমাইছো। মই ডাঙৰ। মোৰ তলত আৰু দুজন ভাইটি আৰু দুজনী ভন্টী। সৰু ভাইটি অভিজিতৰ বাহিৰে গোটেই কেইটাই কলেজ উনিভাৰ্ছিটিত পঢ়ে। ইপিনে সকলো কাম সময়মতে হব লাগে বুলি নিজে ছোৱালী চাই মোক বিয়া পাতি দিছে। অৱসৰৰ পিছত পাব লগা পইচা কেইটা দেউতাই নাপাই হে নাপায় ! ঘোচ নিদিয়ে দেউতাই। কাম হব ক’ৰ পৰা !

মোক শিক্ষক কৰাৰ ইচ্ছা আছিল। মায়ে কলে - এইবাৰ কিন্ত্ত মোৰ কথা মতে হব। মোৰ বোৱাৰী কেইজনীৰ অন্ততঃ ভাগ্যবোৰ ভাল হওক।( ভাগ্য পিছে ভাল নহল তেওঁলোকৰ) আমাৰ এজনৰো শিক্ষক হোৱা নহল। ভাগ্য ভাল আছিল,  এজন এজনকৈ ঘোচ নিদিয়াকৈ আমি প্ৰতিজনে পাছ কৰাৰ  লগে লগে কৰবাত মূৰ সুমুৱাব পাৰিছিলো !

দেউতাই আগেয়ে প্ৰায়ে কয় - নিজৰ সন্মান বচাই অৱসৰ লব পাৰিলোঁ যে। বৰ দুৰ্দিন আহিছে জাতিটোৰ বাবে। যি শিক্ষকে গঢ়ি পিটি জাতি আৰু দেশৰ ভবিষ্যত গঢ়িব লাগে, ৰাজনৈতিক দালালৰ হাতত এটা বাক্য ভালদৰে লিখিব নোৱাৰা বহুতো আজি আমাৰ বেছিভাগ অসমীয়া মাধ্যমৰ চৰকাৰী শিক্ষক হৈছে। অমিবোৰে কৰা ত্যাগৰ মূল্য সমাজে নিদিয়ে। চুৰি ডকাইতি কৰি  আৰ্জন কৰা সম্পদৰ ভক্তিত গদ গদ সমাজ আজি। আমাৰ সময়ত ভাল ছাত্ৰ সকলক মালা পিন্ধোৱাই ৰাইজে শিক্ষক কৰি আদৰি অনাৰ দিন উকলিল ।

আমি পঢ়া হাজোৰ সেই স্কুলখনত বিজুলী পাংখা নাথাকিব পাৰে, কত কিমান চোকা ছাত্ৰৰ সেই স্কুলৰ চৌহদ আছিল   জীৱন গঢ়া পাঠশালা।  সেইখন স্কুলৰ কাষেৰে কেতিয়াবা পাৰ হলে আজি বুকু খন গভীৰ হৈ পৰে। প্ৰকাণ্ড খেলপথাৰ (এসময়ত বৰদলৈ  ট্ৰফীৰ লীগ খেল চাইছিলো ইয়াতে) আৰু শাৰী শাৰী অসম আৰ্হিৰ ঘৰ বোৰ। সৰুতে  দেখাৰ দৰে আজি খেলুৱৈৰে গিজ গিজাই নাথাকে খেলপথাৰ। গধূলিৰ শক্তিবৰ্ধক পানীয় সেৱনকাৰী শৰীৰত ফটবলৰ পিছে পিছে দৌৰাৰ শকতি কত থাকিব! মানুহৰ পিছে আৰ্থিক উন্নতি হৈছে। দহমাইল দূৰৰ ইংৰাজী স্কুলত পঢ়ে আজিৰ বেছি ভাগ সজাগ পিতৃ মাতৃৰ সন্তান সকল। কি সুন্দৰ ইউনিফৰ্ম ! দৃষ্টিৰ আঁতৰ নোহোৱালৈ, মাক বাপেকে সন্তানক দেৱালৰ  ছিদ্ৰৰেও জুমি জুমি চাই থাকিব। যিসকলে আজি  মই পঢ়া স্কুলত পঢ়ে, সেইসকল কিন্তু অকলে আহে, দেহত নাথাকে সুন্দৰ ইউনিফৰ্ম, ভৰিত জোতা। মিড দে মিলৰ স্কীমটো আমাৰ সময়ত নাছিল, এতিয়া জোৰদাৰ চলি আছে।  আজিৰ শিক্ষক ব্যস্ত থাকে মিড দে মিলৰ চাউল আৰু খৰিৰ হিচাপত। এতিয়াও দেউতাৰ ওচৰলৈ কোনো কোনো ডেকা  শিক্ষক আহে। ইংৰাজীত দৰ্খাস্ত লিখিবলৈ বা অন্য কিছু তৰ্জমা কৰিবলৈ। দেউতাৰ বয়স হৈছে, হাত কঁপে এতিয়া। সৰু ভন্টীলৈ ৰৈ থাকে। তাইৰ হাতৰ আখৰ আমাৰ সকলোতকৈ ধুনীয়া। দেউতাই শ্ৰুতলিপি দিয়ে, তাই লিখি যায়। সৰুতে ঘৰত ভাতৰ পাতত বহা, দেশ বিদেশৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা সভা খনৰ আজিকালি আগৰ দৰে  ৰং নাই। কাচিৎহে আমি পাঁচটা লগ হওঁ। জীৱনৰ কত কি দায়িত্ব ! হাজোৰ পুৰণা ঘৰত এতিয়া দুজন অকলশৰীয়া মানুহ, ভাত খোৱা মেজৰ মাত্ৰ দুখন চকী হলেই হৈ যায়।

হয় পিছে, মোৰ দেউতাও এজন শিক্ষক আছিল বা এতিয়াও আছে । এটা কথা ঠিক।  আত্ম সন্মানতকৈ চাকৰিটো তেওঁৰ বাবে বেছি গুৰুত্বপূৰ্ণ নাছিল।  মন্ত্ৰীৰ অপমান সহ্য কৰাতকৈ, তেওঁ যে চাকৰি ত্যাগ কৰিবলৈ কুন্ঠা বোধ নকৰিলেহেঁতেন, সেয়া ধূৰুপ।

FB ত মন্ত্ৰী হিমন্তবিশ্বৰ বিষয়ে লিখা মন্তব্যবোৰ পঢ়িছোঁ।  মন্ত্ৰী হিচাপে সমীক্ষা লোৱা তেওঁৰ দায়িত্ব। কিন্তু তাৰ বাবে live TV ৰ দৰকাৰ বোধহয় নাছিল ।  গোটেই ঘটনাটো আজিও বৰ্তি থকা নিষ্ঠাবান আৰু প্ৰতিভাশালী শিক্ষক বা শিক্ষয়ত্ৰীসকলৰ বাবে অপমানজনক নহয়নে! অৱশ্যে  বৰ্তমানৰ শিক্ষা বিভাগটোৰ বাবে অকল মন্ত্ৰীজনেই দায়ী নহয় ! সত্তৰ আৰু আশীৰ দশকৰ পৰা আমাৰ সমাজলৈ অহা পৰিৱৰ্তন বোৰলৈ মনত পেলাওকচোন। এই গোটেই প্ৰক্ৰিয়া টোৰ   কিন্তু বৰ্তমান হল  আজিৰ আমাৰ শিক্ষা ব্যৱস্থা আৰু মন্ত্ৰীজনা।

( আজিকালি টেটৰ পৰীক্ষা দি শিক্ষক হোৱা  সকলৰ মাজত বহুতো প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীও আছে। অন্ততঃ ঘোচ নিদিয়াকৈ বহুজন শিক্ষক হৈছে। তাৰ বাবে কিছু কৃতিত্বও কিন্ত্ত মন্ত্ৰী জনাৰ প্ৰাপ্য)
You can contact Kamaljit at kamaljitmedhi1975@gmail.com

No comments: