Tuesday, September 10, 2019

আজৰি পৰৰ চিন্তা

দূৰ অতীতৰ , হাজাৰ বছৰীয়া ইতিহাস নহয় এইবোৰ । ব্যৱধান মাথো এটা প্ৰজন্মৰ । এই ধৰক , ল'ৰা দুটাই মুৰ্গীৰ মাংস খাই বৰ তৃপ্তি পায়। সিহঁতৰ বয়সত মুৰ্গীৰ মাংসৰে এসাঁজ খোৱা আমাৰ বাবে কিন্তু সহজ কথা নাছিল। নিখুঁত পৰিকল্পনা , কত অভিনয় আৰু একাগ্ৰতাৰ প্ৰয়োজন আছিল । আমাৰ ঘৰবোৰত মুৰ্গীৰ প্ৰৱেশ নিষিদ্ধ আছিল। ককা আইতাই মুৰ্গী ভক্ষণ মানে একেবাৰে জাত যোৱা বুলি বিশ্বাস কৰিছিল যদিও সকলোৰে আত্মা ৰাম বুলি ঘোষাপদ গোৱা হৈছিল। মামাহতঁৰ ঘৰৰ পৰা সেইবিধ হৰলিক্সৰ বটলত প্ৰেৰণ কৰা হৈছিল গোপনে। সেইদিনা মাৰ পেটৰ বিষ এটা উঠিছিল। বিষ কমিলে খাম বুলি ভাতসাঁজ নিজৰ কোঠালৈ লৈ আহিছিল।

হাজোৰ পুৰণি ঘৰৰ পৰা মা দেউতা তেতিয়া অলপ দূৰৰ নিৰ্জন ঠাই এখনলৈ উঠি গৈছে। সেয়া আছিল মাৰ ইচ্ছা। হাজোৰ মন্দিৰৰ ওচৰৰ ঠাইখিনিত এটা উৎসৱ মুখৰ পৰিবেশ থাকে সদায় । এনে পৰিবেশ ল'ৰা ছোৱালীৰ শিক্ষাৰ অন্তৰায় বুলি মায়ে ভাবিছিল। মুকলি বতাহ আৰু ৰ'দালি তেওঁৰ প্রিয় আছিল।

এনেতে এদিন নতুন ঘৰলৈ খবৰ লবলৈ আহিল দেউতাৰ শিক্ষক স্বৰ্গীয় কণ্ঠীৰাম দাস। স্বৰ্গীয় দাসদেৱ আছিল হাজো অঞ্চলৰ এজন প্ৰখ্যাত ইংৰাজী শিক্ষক । শিক্ষকতা আছিল তেওঁৰ জীৱনৰ সাধনা। ভাল ছাত্ৰৰ সন্ধান পালে , তেওঁ আপোনপাহৰা হোৱা দেৱতা সুলভ মানুহ। দেউতা আছিল তেওঁৰ বৰ প্রিয় ।

দেউতাই অথে বেথে তেওঁক আদৰি আনিলে। সুন্দৰ আবেলিটোত দাসদেৱে ঘৰৰ ভিতৰত নবহি চোতালতে এখন চকী দিবলৈ দেউতাক কলে।

অথন্তৰ লাগিল তাতেই। ককা আইতাৰ পৰা বেলেগকৈ থকাৰ সুবিধা লৈ দেউতাই দুদিনমানৰ আগেয়ে পৰীক্ষামূলক ভাবে দুটা মুৰ্গী কিনি আনিছিল পুহিবলৈ। মুৰ্গী দুটাক চাউল খাবলৈ দিয়াটো আবেলিৰ তেওঁৰ অন্যতম প্রিয় কাম আছিল। দেউতাক দেখাৰ লগে লগে , সিহঁত দুটাই দেউতাৰ ওচৰলৈ দৌৰি আহিল। দেউতাই যিমানেই খেদে , সিহঁতেও সিমানেই কাষ চাপি আহে।

" ছাৰ, এইবোৰ ওচৰৰ মৰিয়া মানুহৰ মুৰ্গী । বৰ দিগদাৰ দিয়ে । " দেউতাই মিছা মাতিলে। তেওঁৰ নিজে মুৰ্গী পোহাৰ কথাটো কবলৈ সাহস হোৱা নাছিল।

লুইতৰ বুকুৰে বহু পানী বাগৰি গলেও , সৰু কালৰ সেই সাধাৰণ ঘটনাটো মোৰ মনৰ ভিতৰত উকমুকাই থাকিল। ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলত দেখিছিলো চুবুৰীয়া ৰাজ্যবোৰৰ জনজাতীয় ল'ৰা ছোৱালী খিনিৰ প্ৰতি আমাৰ অসমীয়াখিনিৰ এক উচ্চাত্মিকাবোধ। বহুক্ষেত্ৰত নিজৰ হীনমন্যতাক লুকাবলৈ বোধহয় এই উচ্চাত্মিকাবোধৰ প্ৰয়োজন হৈছিল। আমাৰ নিঃকিন অৱস্থাৰ বিপৰীতে সেই ল'ৰা ছোৱালীবোৰে দামী দামী ব্ৰেণ্ডৰ কাপোৰ পিন্ধিছিল, সুন্দৰ ইংৰাজী কৈছিল, ইংৰাজী গান গাইছিল, বান্ধৱীৰ লগত মহানগৰৰ মাদকতা উপভোগ কৰিছিল । পাহাৰৰ লোকসকলৰ খোৱা লোৱাক লৈ এক অৱজ্ঞা আৰু ইতিকিং মূলক মনোভাব আছিল ভৈয়ামৰ মানুহখিনিৰ। কবলৈ দ্বিধা নকৰো, মোৰ শৈশৱ আৰু কৈশোৰৰ দিনবোৰত সমাজ আৰু পৰিয়ালতো এনে সন্দেহ, অৱজ্ঞা আৰু উচ্চাত্মিকাবোধৰ বীজ ৰোপণ কৰা হৈছিল বহুবাৰ , বহু ক্ষেত্ৰত দকৈ কথাবোৰ চিন্তা নকৰাকৈ।

অসমীয়াৰ এই আচৰণৰ বাবেই পাহাৰীয়া ভাই ভনী সকল আমাৰ পৰা আঁতৰি গৈছিল লাহে লাহে।

জীৱনত এটা কথা সৰুতেই বুজি উঠিছিলো মানুহৰ মৰম পাবলৈ , আস্থা আৰ্জিবলৈ, তেওঁলোকৰ কৃষ্টি সংস্কৃতিক ভাল পাব লাগিব। মানুহক সন্মান কৰিবলৈ শিকিব লাগিব। আখলঘৰটোও এটা জনগোষ্ঠীৰ গৌৰৱ আৰু আতিথ্যতাৰ পৰিচয়।

হয়, মই কিছু বিশেষ খাদ্যহে খাই ভাল পাওঁ। কিন্তু কোনোজনে মৰমেৰে আগবঢ়াই দিয়া আমৰলী টোপ, মেথোনৰ মাংসৰ আচাৰকণ, সিজোৱা শামুকটো খাই পেলাইছোঁ অথেবেথে। । নগা পাহাৰৰ আলহী হৈ একেটা গাহৰিৰ ঠেংৰ পৰা বহুজনৰ লগত মাংস কামুৰি খাইছোঁ, ৰাই জাই কৰা পানীয়ৰে দেহ মন শাত কৰিছো, কেতিয়াবা ...। সেইবোৰ জগৰ লগা খাদ্যৰ কথা নকওঁ বাৰু। বিনিময়ত পাইছো মানুহৰ আকুণ্ঠ মৰম আৰু সহৃদয়তা।

কথাবোৰ কবলৈ সহজ , নিজৰ জীৱনত কৰি দেখুৱাবলৈ টান । দেউতাৰ মুখত শুনিছিলো তেওঁলোকৰ আত্মীয় কলিতাৰ ঘৰৰ ল'ৰাই বেলেগ জাতৰ ছোৱালী বিয়া কৰোৱাৰ ফলত বুঢ়ী মাকৰ অপমৃত্যুৰ কাহিনী। তেতিয়াই , মনত নিজৰ বিবাহৰ ক্ষেত্ৰত জাতি, ধৰ্ম, ভাষাৰ বান্ধোন নমনাৰ এক দুৰ্বাৰ আকাংশা জাগিছিল।

বিবাহৰ ক্ষেত্ৰত ধৰ্ম, জাতি, ভাষাৰ বান্ধোন নামানো বুলি কলেই নহব নহয়। এইবোৰ বিধিৰ পাকলগা বিপাক। জোৰা লগা সূতাডাল কেতিয়ানো ছিঙি যায় বুজিবলৈ টান। শেষত যিজনীয়ে সাত জনমৰ বাবে আহিল , বিয়াৰ পিছত গম পালোঁ তেওঁৰ আৰু মোৰ জাত হেনো একেই।








You can contact Kamaljit at kamaljitmedhi1975@gmail.com