Sunday, September 27, 2020

এৰি অহা দিনবোৰ

জীৱন পথত বহুবোৰ মানুহৰ লগত সম্পৰ্কৰ এনাজৰী ছিঙি গৈছে, নতুন সম্পৰ্কবোৰ যোগ হৈছে। ৰাস্তাই ঘাটে লগ পালে মাত এষাৰ লগোৱা হয়, ব্যক্তিগত ভাবে তেওঁলোকৰ ঘৰলৈ যোৱা নহয়, ফোনত খা খবৰ লোৱা নহয়।

পোন্ধৰ বছৰ বয়সত ঘৰৰ পৰা কটন কলেজলৈ ওলাই অহাৰ পিছত হাজোৰ ঘৰখনৰ বাবে বিয়া দি দূৰলৈ উলিয়াই দিয়া জীয়ৰীৰ দৰে হৈছো। ঘৰলৈ গৈ থাকো। কিন্তু সেই ঠাইখনৰ পাৰিপাৰ্শ্বিক জগতখনৰ লগত একাত্ম হোৱাৰ অৱকাশ নাথাকে। পুৰণি মানুহবোৰ লাহে লাহে নোহোৱা হৈছে , তেওঁলোকৰ বৰ্তমানৰ প্ৰজন্ম বোৰক চিনি নাপাওঁ। 

মামাহঁতৰ ঘৰৰ সম্পৰ্কীয় মানুহখিনিৰ কথাই কওঁ। সৰুতে মাৰ লগত কিমান গৈছিলোঁ মানুহখিনিৰ ঘৰলৈ । ককা , আইতা আৰু তেওঁলোকৰ আপোন মানুহখিনিয়ে মাক মাতিছিল " সৰ'য়া" বুলি । মাৰ "উৰ্বশী" নামটো কাচিৎহে শুনিছিলো তেওঁলোকৰ মুখত। বোধহয় মা ঘৰৰ সৰু ছোৱালী বাবে "সৰু আই"ৰ অপভ্ৰংশ হৈ "সৰ'য়া" নামটোৰ উৎপত্তি হৈছিল । মাক সেই নামেৰে মতা মানুহবোৰ এতিয়া পিচে প্ৰায় নোহোৱা হ'ল, আদৰৰ এই নামটোও এতিয়া শেষ হৈ আহিছে।

মাৰ আইতাকৰ কথাই কওঁ। কম বিচিত্ৰ আছিলনে মানুহজনী । তেওঁলোকৰ ঘৰ আছিল মামাহঁতৰ ঘৰৰ একেবাৰে ওচৰত। আমি মামাহঁতৰ ঘৰলৈ আহিলেই আমাক চাবলৈ তেওঁ আহি ওলায়।

সেই সময়ত তেওঁৰ শৰীৰ পৰি আহিছে । তেওঁ ইহলোকৰ পৰা পৰলোকলৈ ধাৱমান হোৱাৰ আয়োজন কৰিছে। টোপনি অহাৰ পিছত তেওঁৰ আত্মাটো হেনো প্ৰায়ে স্বৰ্গ ভ্ৰমণলৈ ওলায় যায়। আহ..স্বৰ্গৰ কি সুন্দৰ বৰ্ণনা দিয়ে তেওঁ ! অমৰ চিত্ৰ কথাত দেখাৰ দৰে লাগে আইতাৰ স্বৰ্গ ভ্ৰমণৰ।কথাবোৰ । বিভিন্ন দেৱ দেৱীক লগ পোৱাৰ কাহিনীবোৰ তেওঁ শুনাই থাকে। দেউতাই বৰ মানোযোগেৰে শুনে তেওঁৰ কথা । চমজদাৰ শ্ৰোতা পাই তেওঁৰ আগ্ৰহ বাঢ়ে ।

" দেৱৰাজ ইন্দ্ৰৰ লগতো আপোনাৰ দেখা হ'ল তাৰ মানে আইতা।" দেউতাই সোধে।

" অ বাপা , মোক আৰ এইবাৰ নিবো যেন পাচু দে, ৰাতি ৰাতি মোক নিবা আহেয়ে ।"

আইতাৰ আৰু এটা সংশয় আছিল। বিভিন্ন জনে তেওঁক "ঔষধ" কৰি হায়ৰাণ কৰাৰ তেওঁৰ কষ্টৰ কাহিনীবোৰ বৰ্ণাইছিল। ওচৰৰ শকত প্ৰতিবেশী বুঢ়ী জনী আৰু নিজৰ সৰুবোৱাৰীৰ প্ৰতি তেওঁৰ সন্দেহ আৰু দুয়োজনীৰ প্ৰতি অহৰ্নিশে বিভিন্ন সুৰত অন্তহীন গালি শপনি পৰিছিল। এই " ঔষধ" কৰাৰ কাহিনীবোৰ আছিল বৰ বিচিত্ৰ। কেতিয়াবা যদি কৰবাত মন্ত্ৰপুত চুলি অকণ পেলাই থয়, কৰবাত তাবিজ পোতে । সৰিয়হ তেলৰ চিচা পুতিলে আকৌ তেওঁৰ গাটো জুইয়ে পোৰাৰ দৰে লাগে , বিছনাত চটফটাই ওৰে ৰাতি বিনিদ্ৰ ৰজনী পাৰ কৰে। প্ৰতিকাৰ বিচাৰি বেজ , ওজা বিচাৰি তেওঁ ঘুৰ্মুতিয়াই থাকে।

তেনে এটা দিনৰ কথা। মা দেউতাৰ লগত মামাহঁতৰ ঘৰলৈ গৈছোঁ। এয়াৰ ফৰ্চত কাম কৰা ডাঙৰ মামা ঘৰলৈ আহিছে। সেইবাবেই বোধহয় যোৱা হৈছিল। আমি অহা গম পাই, আইতাজনীও আহি ওলাল ।

পৰম্পৰাগতভাৱে সেইদিনাও তেওঁ দেউতাক আৰু মামাক তেওঁক অপকাৰ কৰিব খোজা মানুহবোৰৰ কলা যাদুৰ কাহিনীবোৰ শুনাই আছিল। দেউতা আৰু ডাঙৰ মামাক কাহিনীবোৰ শুনাই কিছু শান্ত হৈ তেওঁ ঘৰলৈ উভতিল। পিছে ঘৰলৈ উভতাৰ অলপ পিছতে উত্তেজিত আইতা আকৌ আহি ওলাল।

"দেখচেনা সুৰেন , মোৰ কথা তহঁতেই বিশ্বাস নকৰা, এখনি মই ঘৰোৰ পৰা ওলাই আহোতেই , কুনি এই তাবিজ পুতলাক , দেখচানা।"

মানে এখন মহা হাঁহাকাৰ। মন্ত্ৰপুত তাবিজ ওলাইছে আইতাৰ মজিয়াত। গোটেই দিনটো আইতাৰ অন্তহীন গোৱাল গালি শপনি চলি থাকিল।

পিছদিনা ৰাতিপুৱা। মায়ে মোক গা ধুৱাবলৈ ওলাইছে। জাৰৰ দিনবোৰৰ এই গা ধুওৱা পৰ্বটোলৈ মোৰ বৰ বিতৃষ্ণা। নিজে বাথৰুমত গা ধোৱাৰ মন। নাঙঠ কৰি মোক আৰু ভণ্টিক সৰিয়হ তেল লগাই কিছু সময় ৰ'দত শুকাবলৈ মেলি দিয়ে । এইখিনি সময়ত ভয় হৈ থাকে ওচৰৰ কোনো সোমাই আহে বুলি। ইয়াৰ পিছত চোতালৰ এখন কাঠৰ পীৰাৰ ওপৰত উঠাৰ নিৰ্দেশ আহে । ঠিক এইখিনিতে মাৰ গান আৰম্ভ হয় ....লুইতৰে পানী যাবি অ' বৈ ....লুইতৰ পানী বাগৰি যায় আৰু মায়ে হাতৰ চাবোন লগোৱা কাপোৰ খনে দেহৰ সমগ্ৰ চাল মাথো ছিঙি নোযোৱাকৈ ঘঁহিবলৈ আৰম্ভ কৰি দিয়ে ....অসহ্য। এইখিনিৰ পিছতে মাৰ গানলৈ যতি পৰে কাৰণ নিদিওঁ বুলি শপত খাইও মুখত চাবোন ঘঁহি দিয়া পৰ্বটো আৰম্ভ হৈ যায় আৰু লগে লগে মোৰ চিঞৰ বাখৰ।

পিচে সেইদিনা মুখত চাবোন ঘঁহাৰ বহু আগেয়েই মাৰ গান হঠাৎ বন্ধ হৈ গ'ল।

" তোৰ তাবিজটো ক'ত ?"

" তাবিজ , মই একো নাজানো ।"

" সঁচা কথা ক। ক'ত পেলালি ? নহলে আজি তোৰ কান আৰু চুলি ছিঙিম মই ।"

মানুহৰ নজৰ নালাগিব বুলি কলা ৰচি এডালত ডিঙিত এটা তাবিজ ওলোমাই দিছিল আইতাই। চাৰিকোণীয়া সেই বস্তুটো পিন্ধি মই মুঠেই ভাল পোৱা নাছিলোঁ।

সেইটোকে সেইদিনা আজো আইতাৰ মজিয়াত পুতি থৈ আহিছিলো আইতাৰ হাঁহাকাৰ লাগক বুলি।





You can contact Kamaljit at kamaljitmedhi1975@gmail.com