Saturday, September 22, 2018

ডায়েৰীৰ পাতৰ পৰা

খিড়িকীখন বেৰৰ যিখিনিৰ পৰা আৰম্ভ হয় , তাতকৈ মই তেতিয়া অলপহে বেছি ওখ। বিচনাখনত উঠি  পৰ্দা খন আঁতৰাই লোৰ মাৰি দুডালত ধৰি কাঠৰ ফ্ৰেম টোৰ ওপৰত থিয় হৈ আকাশখনলৈ চাই থাকো। বিচনা চাদৰ লেতেৰা কৰা বুলি মায়ে মাজে মাজে খং কৰে। সোধে -

“ তাত ঠিয় হৈ কিনো চাই থাক তই ! “

উত্তৰ দিব পৰাকৈ কথাবোৰ সজাই কোৱাৰ বয়স হোৱা নাছিল তেতিয়া। মই কব পৰা নাছিলো আকাশ, উৰি যোৱা চৰাইবোৰ আৰু বাহিৰৰ পৃথিৱীখনৰ লগত মোৰ যোগসূত্ৰ আছিল সেইখন খিড়িকী। ঘনে ঘনে সলনি হয় আকাশৰ ৰূপ। কেতিয়াবা যদি এখন  নীলা দলিছাৰ দৰে , কেতিয়াবা আকৌ ওন্দোলাই থকা আকাশত চঞ্চলা মেঘৰ আহ যাহ, বিজুলীৰ চমক। কবিতাময়ী এজাক বৰষুণ নামি আহে ধৰালৈ। বৰষুণৰ সেই চিপ চিপ শব্দটো মোৰ আছিল শৈশৱৰ আটাইতকৈ প্রিয়। দেউতাৰ ধমকক নেওচি তিতাৰ সাহস নাছিল। বাৰাণ্ডাৰ এটা খুটাত খামুচি ভৰি খন মেলি দিছিলো বৰষুণৰজাকৰ ফালে।

শৈশৱৰ সেই দিনবোৰতে  মই প্ৰেমত পৰিছিলো আকাশৰ, বৰষুণৰ , কোমল ঘাঁহনিৰ, চৰাইবোৰৰ আৰু পৃথিবীখনৰ।

গছবোৰৰ কথা নকলেও অন্যায় কৰা হব।

আমাৰ ঘৰৰ পদূলিৰ ঠিক সন্মুখত এডাল অকাশলংঘী আমগছ আছিল । বনৰীয়া দতাল বৰা এটাই সেইখিনিতে হেনো এবাৰ ককাক দুপৰীয়া খেদি আহিছিল। ককা তেতিয়া সৰু। আমডালৰ বুকুত লুকাই ককাই ৰক্ষা পৰিছিল। বাঘৰ গর্জনত সন্ধিয়াবোৰৰ নিৰ্জনতা ভাঙিছিল। মোৰ বাবে সেইবোৰ আছিল অতীতৰ ৰূপকথা। আমডালৰ নিগাজী বাসিন্দা  বুঢ়াডাঙৰীয়াৰ ভয় এটা পিছে বৰ্তমান আছিল তেতিয়া। আড্ডাপ্ৰিয় দেউতা যিদিনা বন্ধুৰ ঘৰৰ পৰা দেৰিকৈ ঘৰলৈ উভতে, আমিবোৰ বাহিৰলৈ ওলাব লাগিলে টাইগাৰ (দেউতাৰ কুকুৰ পোহাৰ খুব চখ আছিল) ৰৈ থাকে বিশ্বস্ত প্ৰহৰীৰ দৰে।

সেই গছজোপা আছিল তিনিটা পুৰুষৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ অলেখ অলিখিত সময়ৰ সাক্ষী। বহাগৰ বৰদৈচিলাৰ পিছত আমৰ সৰু সৰু মুচি বোৰে গছ ডালৰ তলখিনি সেউজীয়া কৰি তোলে। নতুন মুচিৰ সেই মন মতলীয়া কৰা গোন্ধটো আজিও যেন নাকত লাগি আছে।

আমাৰ ঠাইখিনি যদি আমৰতল আছিল, মোৰ পঢ়াশালী খন আছিল বকুলতল। সেই আমডালৰ তলেৰে পিঠিত স্কুলৰ বেগটো লৈ মই ওলাই যাওঁ বকুলতললৈ। । অভাৱ আৰু ভোকৰ সমাহাৰ দেখিছিলো স্কুলত, আমাৰ চৌপাশে। ভোকৰ ভাতৰ অভাৱত ৰুটি (আটাৰ পিঠা) খোৱা দেখিছিলো বহুতক।  নটি বয় জোতা পিন্ধা আৰু পিঠিত বেগ লোৱা ব্যতিক্ৰমী ছাত্ৰ আছিলো মই। অন্যসকলৰ চকুত ধনী ঘৰৰ সন্তান।

স্কুলত থকা সময়খিনিত ভাব হয় মায়ে যেন মোক সঘনাই  মাতিহে আছে। ঘৰলৈ আহি মাক সুধিছিলো - স্কুলত থাকোতে তই মোক মাতি থকা কিয় শুনো মই ! মায়ে একো কোৱা নাছিল। তেওঁৰ চকুত প্রশ্রয়ভৰা কাৰুণ্য আৰু স্নেহৰ অনাবিল সমাহাৰ ঘটিছিল।

আকাশ, বৰষুণ, আমৰ মুচি বোৰৰ সেই গোন্ধটোৰ মাজতে কেতিয়া জানো সেই সংশয়ে মোৰ বুকুত কুৰুপি কুৰুপি সোমাই পৰিছিল গমেই নাপালো। শৈশৱ আৰু কৈশোৰত কিমান ৰাতি মই বিনিদ্ৰ ৰজনী পাৰ কৰিছিলো ত্ৰস্তমান হৈ ! বৰষুণৰ মায়া এৰি এদিন পৃথিৱী এৰি যোৱাৰ সংশয়টোৱে মোক উদ্বাউল কৰি ৰাখিছিল।বয়স তেতিয়া বেছি নাছিল। প্ৰাইমাৰী স্কুলৰ দেওনা  মাত্ৰ পাৰ হৈছিলোহে তেতিয়া।

বুঢ়া বকুলতলত পঢ়া আকাশ আৰু বৰষুণ ভাল পোৱা সৰু ল’ৰাটো এদিন যেতিয়া এখন মহানগৰৰ প্ৰান্তত উপস্থিত হৈছিল, তেতিয়া শৈশৱৰ সেই মৃত্যুভয় আৰু নাছিল।  জীৱনক প্ৰাণভৰি ভালপোৱা বাইশ বছৰীয়া তজবজীয়া যুৱকৰ বুকুত আছিল পৃথিৱীদেখাৰ দুৰন্ত হেঁপাহ। সৰুৰে পৰা সাঁচি ৰখা ইংৰাজী আলোচনী বোৰৰ পেপাৰ কাটিং বোৰ তেতিয়া বগা এম্বেচাদাৰ গাড়ীৰ ওপৰত থকা ৰঙা লাইটটোৰ প্ৰতি এটা মোহলৈ ৰূপান্তৰিত হৈছিল।

অফিচৰ পৰা ৰাতিপূৱাৰ শ্বিফ্ট শেষ কৰি আহি অফিচাৰ চামাৰীত ৰমিলা থাপৰৰ Ancient Indian Social History খন পঢ়ি আছিলো। সন্ধিয়া বন্ধুৱে লগ দিলে - কিমান আৰু কবিৰাজী কৰ !  তোক চিকেন ৰল আৰু কফি একাপ খুৱাম আজি।

চিকেন ৰোলৰ লোভ। বাইকখন লৈ ওলাই গলো। সেইদিনা জনা নাছিলো জীৱনৰ  বহুবোৰ সপোন মোহাৰি মোৰ জীৱনৰ দিশ সলনি কৰিবলৈ চকা এটা ৰৈ আছিল বজাৰখনত ।  মানৱ সভ্যতাৰ আদিমতম যন্ত্ৰ সেই চকাটোয়ে কত কিমানৰ ভাগ্য চক্ৰ ঘূৰাই আছে। মোৰো জীৱনৰ ভাগ্যচক্ৰ ঘূৰাই দিছিল সেইদিনা।

ওলমি পৰা হাতখন ,  সিঁচৰিত হৈ পৰা মাংস আৰু হাড় বোৰ বৰ সযতনে অইনখন হাতেৰে তুলি লৈ মই এখন গাড়ীৰ পিছৰ চিটত বহি দিছিলো।  ৰঙা লাইট নথকা এখন পুৰণি এম্বেচাদৰ গাড়ী। কোনোবাই ওচৰৰ ফাৰ্মাচীৰ পৰা আনি দিয়া কটনখিনি আৰু জোৰেৰে হেঁচি ধৰিছিলোঁ হাতখনত । তেজৰ বোৱতী সোঁত এটাৰ উষ্ণতা অনুভৱ কৰি  বন্ধুক কৈছিলোঁ - নিজকে হলিউদৰ যুদ্ধৰ চিনেমাবোৰৰ আহত নায়কজন যেন লাগিছে। সি চিঞঁৰিছিল - চুপ ৰহো য়াৰ।

হস্পিতালত কোনোবা এজনে এখন কেচিৰে মোৰ কাপোৰ বোৰ এফালৰ পৰা কাটি গৈছে। ফটা চোলা, বনিয়ন, অন্তৰ্বাস। কোনোবা এজনে এটা ড্ৰিপ লগাইছে।

এজাক বৰষুণ নামিছিল। বাৰাণ্ডাত বহি মই চাই আছো বৰষুণৰ কণিকাবোৰ। এখন কাগজৰ নাওঁ উটাই দিছো বৈ যোৱা পানীখিনিত। টুলুং ভুটুং কৈ নাওঁ খন আগুৱাই গৈছে। দীঘলীয়া বাৰাণ্ডাখনৰ  এমুৰৰ পৰা অইনটো মুৰলৈ দৌৰি গৈছো মই, কাগজৰ নাওখনৰ পিছে পিছে। মায়ে পিছপিনৰ পৰা মাত দিছে - বাবা।

মাৰ সেই মাতটোৱে বোধহয় পৃথিৱী আৰু আকাশৰ মাজত দুলি থকা মোক পৃথিৱীলৈ ঘুৰাই আনিছিল ।
দুৰ্গাপূৰৰ পৰা এমাহ পিছত ভেলোৰলৈ আহিলো।1999 চনৰ আগষ্ট মাহৰ দহ তাৰিখে  যি হস্পিতালত সোমালো, তাৰ পৰা ছুটি পাইছিলোঁ 2001ৰ এপ্ৰিল মাহত। কিছুমান মানুহৰ কক্ষপথ তেতিয়া মোৰ লগত  নিমিলা হৈছিল । কিছুমান নতুন মানুহৰ যোগ হৈছিল । এৰি যোৱা সকলৰ অনন্য অনুভৱৰে সৌভাগ্যশালী হৈছিলো মই।

পৃথিৱীখন সলনি হৈছে। আমাৰ পদূলিৰ এই বুঢ়া আমজোপা , বকুলডাল এতিয়া আৰু নাই। দিনটোত দুখন গাড়ী চলা অলিবাটটোত এতিয়া খোজ কাঢ়িবলৈ ঠাই নাই। খেৰৰ সৰু পঁজাবোৰ ভাঙি মানুহবোৰে কংক্ৰীটৰ দালান সাজিছে।

আকাশ আৰু বৰষুণ আজিও মোৰ প্ৰিয় আৰু যিদিনা, পুনৰ উভতি নহাকৈ, আঁতৰি যাম,  কোনোবা আহক নাহক, বিষাদৰ এটি কৰুণ সুৰ লৈ সেইদিনা নিশ্চয়কৈ ৰৈ থাকিব এজাক মুখলধাৰ বৰষুণ ।










You can contact Kamaljit at kamaljitmedhi1975@gmail.com

3 comments:

জীৱন বাটৰ একা বেকা পথৰ অভিজ্ঞতা। said...

Hello Sir,
How are you? I hope you are fine.

I am Abdul Kadir mazumdar,
Assistant Librarian, Ajmal law College, Hojai.

চাৰ, আপোনাৰ লিখনি খিনিয়ে কিছু সময়ৰ বাবে মোক এই জগতখন পাহৰাই দিছিল আৰু মইয়ো উভতি গৈছিলোঁ মোৰ অতিতত। বিস্বাস কৰক সেই অতিত টো যে কিমান ধুনিয়া আছিল আজি মই উপলব্ধি কৰিলোঁ আপোনাৰ লিখনিৰ জৰীয়তেই। ধন্য়বাদ।

Hrishikesh Medhi said...
This comment has been removed by the author.
Anonymous said...

Thank you Mazumdar.

Your words are so inspiring.

Yes, somewhere deep in our heart, we breath the same dreams, same hope, same memeries and longing.

That makes this world a beautiful place to live.

Regards,

Kamaljit Medhi