Monday, July 26, 2021

সময়ৰ সকীয়নি

দিল্লী বিমান বন্দৰৰ অটোমেটিক ৱাকৱেৰ ওপৰেৰে চুটকেচটো চোচোৰাই কোবাকোবিকৈ টেক্সি ষ্টেণ্ডলৈ খোজ দিছো। সন্ধিয়াৰ এই সময়খিনিত দিল্লীৰ পথত ট্রেফিক ভাঙি ভাঙি ঘৰ পাবলৈ বোধহয় ডেৰঘণ্টাৰ ওপৰত সময় লাগিব।তথাপিও ঘৰলৈ উভতিছো, আনন্দত ভৰি আছে মন। হঠাৎ ভাব হ'ল ক'ৰ পৰানো উভতি আহি দিল্লী পাইছো মনত পৰা নাই। মনত পেলাবলৈ চেষ্টা কৰি কৰি এয়াৰপৰ্টৰ দোকান এখনতে ল'ৰা দুটাৰ বাবে কিবা এটা কিনি লওঁ বুলি সোমাই গ'লো। দোকানখনত দেখিলো ডাঙৰ ডাঙৰকৈ লিখা আছে Happy New Year 2036 । 2036 !! এয়া আকৌ কি কথা ! চেলচমেনজনক সুধিলো 2021 তে তোমালোকে 2036 ৰ নতুন বছৰ উদযাপন কৰি পেলালা ! অবাক, বিস্ফোৰিত নয়নেৰে সি মোৰ পিনে চাই থাকিল কিছু সময়। যেন কোনো অৰ্বাচীন গ্ৰহৰ বাসিন্দা এজনকহে সন্মুখত দেখিছে ! " ছাৰ, 2036 ত 2036 হে উদযাপন কৰিম । " এইবাৰ মোৰ অবাক হোৱাৰ পাল। এওঁ মোৰ লগত ধেমালি কৰিছে নেকি ! ওচৰৰ অন্য এজন গ্ৰাহকক সুধিলোঁ - "ডাঙৰীয়া, এতিয়া কোনটো চন চলি আছে কব নেকি ?" " তবিয়াতটো ঠিক হাই আপকা' .... য়ে 2036 হায় ভাই ।" আচৰিত !! হাতৰ মোবাইলটোত অনলাইন কেলেণ্ডাৰখন খুলি চালো - সঁচাকৈয়ে এয়া 2036 ! আশ্চৰ্য্যৰে ভাৰাক্ৰান্ত শৰীৰটো এয়াৰপৰ্টৰ চকী এখনতে এৰি দিলো। 2021 ৰ কথাহে মোৰ মনত আছে। যোৱা 15 বছৰ মই তেনেহলে ক'ত আছিলোঁ, কি কৰিলোঁ ! ৰিপ ভেন উইংকলৰ দৰে কৰবাত সুদীৰ্ঘ 15 বছৰ শুই থাকিলোঁ নেকি ! নাই , একোৱেই মনত নপৰে। 15 বছৰ বৰ দীঘলীয়া সময়। মই এৰি থৈ যোৱাৰ সময়ত ডাঙৰ ল'ৰাৰ বয়স আছিল 16। তাক ইঞ্জিনিয়াৰিংৰ কোচিং ক্লাছত নাম লগাই দিছিলো। মাকে তাক অকলে নেৰে দিল্লীত। কৰবাত সি হেৰাই যোৱাৰ ভয় । মই কওঁ তাৰ বয়সত মই কটনৰ গেলাৰীত প্ৰেমৰ কবিতা লিখো । এতিয়া সি 31 বছৰীয়া হব । বোধহয় এতিয়ালৈ সি নিজেই এজন দায়িত্বশীল দেউতাক হৈছে । শহাপহু বুলি জোকোৱা কণমানি সৰু ল'ৰাও এতিয়া 25 বছৰীয়া চফল যুৱক ! আৰু শ্ৰীমতী ! 15 বছৰ , মই নোহোৱাকৈ কিমান দুখ কষ্টৰ ধুমুহা পাৰ হৈ গৈছে তেওঁৰ ওপৰেদি ! কৰাবলৈ ওলোৱাৰ সময়ত দৃষ্টিৰ পৰিসীমাৰ বাহিৰলৈ আঁতৰি নোযোৱালৈ ৰৈ মোলৈ চাই থকা থকা 18 বছৰৰ পৰিচিত মানুহজনী । 15 বছৰৰ প্ৰতীক্ষাত দীঘল হোৱা বিষাদময়ী ছায়া এটা যেন মোৰ চকুৰ আগত ভাঁহি উঠিল। Tom Hanks ৰ Cast away নামৰ চিনেমাখনৰ শেষৰ দৃশ্যটোলৈ মনত পৰিল। সেইযে প্ৰশান্ত মহাসাগৰৰ বুকুত প্লেনখন বিধ্বস্ত হোৱাৰ পিছত , জনশূন্যহীন এটা দ্বীপত অনেক বছৰ কটোৱাৰ পিছত ভুৰ এখনত উঠি মানুহজন পুনৰ ঘৰ ওলায়হি এদিন। তেতিয়ালৈ তেওঁৰ পৃথিৱীখন সলনি হৈ গৈছে। তেওঁৰ পত্নী পুনৰ বিবাহিত । শেষৰ দৃশ্যত এটা নিৰ্জন চাৰি আলিত তেওঁ আহি ৰয়হি। পিকআপ ভেন এখন চলাই অহা ছোৱালী এজনীয়ে তেওঁক পথ কেইটাৰে যাব পৰা ঠাইবোৰৰ নামবোৰ কৈ থাকে , মানুহজনৰ চকুত মাথো অন্তহীন শূন্যতা .....সেই দৃশ্যটো। ধেৎ কিযে ভাবি আছো ! বয়সীয়াল আপোন মানুহবোৰক 15 বছৰ পিছত আকৌ এবাৰ দেখা পামনে ! এই ভাৱটো অহাৰ লগে লগে বুকুৰ মেটমৰা দুখখিনি হাজাৰ বাধা নামনি পানীৰ ৰূপত চকুৰে বৈ আহিল । সাৰ পাই উঠি বহিলো। এয়া চোন মই নয়দাৰ ঘৰৰ বিচনাত ! চকুৰ পানীৰে তিতি গৈছে গাৰুৰ গিলিপ। আহ ! সপোনহে আছিল সেয়া । কি শান্তি ! ###### আজি সন্ধিয়া । শ্ৰীমতীয়ে আবেলিৰ চাহৰ মেজত মনত পেলালে - কোৱাচোন কি দেখিলা সপোনত । ৰাতিপুৱা কোৱাৰ সময়েই নহ'ল। শ্ৰীমতী আজি সপোনৰ কথাটো শুনি হাঁহিত বাগৰি নপৰিল। তেওঁ গহীন হ'ল। " তুমি 15 বছৰৰ কথা সপোনত ভাবি দুখ কৰিছিলা, কিন্তু আমাৰ যোৱা 18 টা বছৰ কেনেদৰে একে উশাহতে পাৰ হৈছে এবাৰ ভাবিছানে !" ভাবি চালো - হয় , জীৱনত অন্তহীন কত ব্যস্ততাৰ মাজত আমি কিমানদিন নেদেখাকৈ থাকো সন্তানৰ শৈশৱ, আওকাণ কৰো পুত্ৰৰ কৰ্তব্য । কিমান আপোনজনে হেঁপাহত ৰৈ থাকে স্নেহৰ স্পৰ্শৰ আশাত! কিমানদিন আমি তেওঁলোকৰ অপেক্ষাক অসহনীয় কৰি তুলিছো আমাৰ অপ্ৰয়োজনীয় ব্যস্ততাৰ অজুহাতত! কিমান দিন পেটৰ ব্যথা অনুভৱ কৰাকৈ আমি হাঁহি পোৱা নাই, এখন্তেক ৰৈ আবেলিৰ আকাশখন চোৱা নাই , পুৱাৰ ৰঙচুৱা সুৰুজ টোক আলিংগন কৰা নাই ! অতীত হোৱা সৰু সৰু সময়বোৰৰ সমষ্টিখিনি আৰু সপোনত দেখা ভৱিষ্যতৰ 15 টা বছৰ যেন একাকাৰ হৈ গৈছে। সেয়া যেন সপোন নাছিল , আছিল সময়ৰ সকীয়নি। You can contact Kamaljit at kamaljitmedhi1975@gmail.com