Friday, August 5, 2022

ছুটিৰ দিনৰ চিন্তা

দেওবাৰৰ ৰাতিপুৱাই বন্ধুৰ ফোন আহিল। "আমাৰ লাহে লাহে বয়স হৈছে , বুজিছা। অৱসৰ লবলৈ এতিয়া হাতত 12-13 বছৰহে আছে। আমি কেইজনমানে কি ভাবিছো, একেলগে মনে মিলা 20-25 জন বন্ধুৱে যদি একেলগে কোনো এটা চচাইটিত ঘৰ লও , একেলগে অৱসৰৰ পিছত থাকিবলৈ কম আনন্দৰ হবনে!" ছিৰিয়াছ কথাখিনি কোৱাৰ পিছত , বন্ধুৱে আমি 20-25 জনে একেলগে থাকিলে কি কি কৰিম, সেই  কথাখিনিও যোগ দি ফোনটো থৈ দিলে। জীৱনৰ এনে এটা স্তৰত ৰৈ আছো, সামাজিক সম্ভ্ৰম আৰু গাম্ভীৰ্য্যতা বৰ্তাই ৰখা বৰ জৰুৰী। কিন্তু চেঙেলীয়া মনটোৰ কিছু অংশ এতিয়াও চুকে কোনে লুকাই আছে।   কেইজনমান সৰহকৈ, পৰিয়াল নোহোৱাকৈ লগ হলে , এতিয়াও সেই চেঙেলীয়া ৰূপটোৰ প্ৰকাশ পায়। ত্ৰিশ বছৰ আগত আপোনাৰ হৃদয়ত থৌকি বাথৌ লগোৱা মুখখন হয়তো জীৱনৰ ব্যস্ততাত পাহৰি গৈছিল। এইকেইজনে আকৌ এবাৰ  মনত পেলাই দিব কলেজীয়া দিনত সেইজনীৰ পিছত লাগোতে হোৱা আমোদজনক দুৰ্গতিবোৰ। অত্যন্ত কাঢ়া আৰু ছিৰিয়াছ বুলি নাম থকা আজিৰ  বিষয়াজনো বন্ধু সকলৰ আগত কলেজীয়া দিনৰ  নামটোৰেহে পৰিচিত হয়। (মোৰ কলেজত কি নাম আছিল ৰাজহুৱাকৈ নুসুধিব দেই।) বন্ধুৰ প্ৰস্তাৱটো অনেক ভাবি চিন্তি মই কিন্তু না কৰিলোঁ। জীৱনত সুখ আৰু দুখৰ সমষ্টি একেই থাকে। এটা বৃত্তৰ পৰিধিৰ পৰা বৃত্তৰ কেন্দ্ৰলৈ টনা   কোণবোৰৰ সমষ্টি সদায় ৩৬০ ডিগ্ৰীয়েই হব।  দহ হওঁক, এশ হওঁক, হাজাৰটা কোণ হওঁক, সমষ্টিৰ পৰিৱৰ্তন নহয়। শেষ জীৱনত একেলগে থাকিবলৈ আহি, সেইখন ঠাইতে আপোন বন্ধুবোৰক এজন এজনকৈ  আঁতৰি যোৱাৰ দুখবোৰ সহি থাকিবলৈ শেষৰ কেইজন বন্ধুৰ কলিজা কিমান ডাঠ হব লাগিব ! সহনীয় হবনে সেইখন ঠাইৰ পাৰ্কৰ বেঞ্চ কেইখন, আড্ডাৰ ঠাইবোৰ, ঘাঁহনিবোৰ, মানুহবোৰ। তাতকৈ ভৌগলিক দূৰত্বই বোধহয় জীৱনৰ নিৰ্মম বাস্তৱক অনেকগুণে সহনীয় কৰি তুলিব। নাই, নাই ... কলেজৰ বন্ধুসকলৰ লগত একেলগে  নাথাকো। মাজে মাজে লগ হোৱাই সঠিক হব। ########## প্ৰথম দৃষ্টিত আমি যি দেখো, গভীৰভাবে অনুধাৱন কৰিলে তাৰ বিপৰীত চিত্ৰ এখন দেখো। দেশ চলোৱাৰ দৰে গুৰুত্বপূৰ্ণ কাম কৰা মানুহৰ অনেক কাম অতি দূৰদৰ্শী হব লাগিব। তেঁওলোকে সাময়িক গণ উত্তেজনাৰ পৰা আঁতৰি সিদ্ধান্ত লব লাগিব ।   আজিৰ সো আৰু বাওঁপন্থী সকলৰ মুখত সততে শুনি থকা কিছু কথা ফহিয়াই চাও আহক। আজিৰ Times of India ত পঢ়িলো পাকিস্থানৰ বিত্তমন্ত্ৰীয়ে দেশখনক সতৰ্ক কৰি দিছে অহা তিনিমাহৰ কঠিন সময়ৰ বাবে সাজু থাকিবলৈ । দেশখন বৰ্তমান ভয়াবহ আৰ্থিক নাটনিৰ সন্মুখীন হৈছে। শত্ৰুদেশ হিচাপে মই কি চিন্তা কৰিম ! তেওঁলোকৰ অৱস্থা আৰু বেয়া হওক, দুৰ্ভিক্ষ লাগক, মৰি হাজি সকলো শেষ হওক। ভাৰত চৰকাৰেও পাৰিলে , এওঁলোকক সেই দিশলৈ ঠেলি দিয়ক। এখন চুবুৰীয়া দেশ, ইমান আৰ্থিক অভাৱৰ মাজত থাকিলে আমি শান্তিত থাকিব পাৰিমনে! সেই অস্থিৰ অৱস্থাই আহি আমাকো চুই নাযাবনে ! চুবুৰীয়া আৰ্থিক আৰু সামাজিকভাৱে সবল হলেহে, নিজেও শান্তিত থাকিব পাৰিম। মই নিশ্চিত, বৰ্তমানৰ ভাৰত চৰকাৰেও অনেকৰ আপত্তিস্বত্বেও একেই চিন্তা কৰিব। ৭১ত সুবিধা পাইও বোধহয় ইন্দিৰা গান্ধীয়ে পাকিস্থানৰ প্ৰতি কিছু নৰম হোৱাৰ কাৰন আছিল সেয়াই। ######## দেশৰ অনেক মানুহৰ মুখত শুনিবলৈ পাওঁ, হিন্দুসকল একত্ৰিত হব নোৱাৰে, তেওঁলোকৰ বিৰুদ্ধে ধৰ্মীয় অন্যায় হলেও , তেওঁলোক উত্তেজিত নহয়, তেওঁলোক নিৰুদ্বেগ। ইয়াৰ বিপৰীতে অন্য ধৰ্মৰ উপাসনাস্থলীতে তথাকথিত ধাৰ্মিক লোকজনে যি কয়, তাক আখৰে আখৰে পালন কৰাৰ সিদ্ধান্ত হয়। কথাখিনি মিছা নহয়। কিন্তু হিন্দু সকলৰ এই স্বভাৱটোৰ বাবেই ভাৰতত হিন্দুধৰ্ম এটা সময়ত ৰক্ষা পৰিছিল। পৃথিবীৰ ইতিহাসত , যি দেশলৈ ইছলামৰ ৰাজত্ব বা প্ৰসাৰ হৈছে, সেই দেশবোৰ সম্পূৰ্ণভাবে ইছলামিক দেশলৈ ৰূপান্তৰিত   হৈছে। আজিৰ ভাৰতবৰ্ষ সেইবাবেই অনেক ইছলামিক মৌলবাদীৰ বাবে এক unfinished agenda। এইটো unfinished agenda হৈ ৰৈ যোৱাৰ ঘাই কাৰণ কিন্তু দুটা। প্ৰথম কাৰণ হৈছে, মাথোঁ ৰজা বা মুধাফটা লোক কেইজনক ধৰ্মান্তৰিত কৰিলেই অন্যান্য সকলৰ ধৰ্মান্তকৰন হোৱাৰ প্ৰথা ভাৰতত হিন্দু সকলৰ মাজত নাই। ৰজাৰ কথাও অনুচিত হলে নুশুনাৰ ব্যক্তিগত অধিকাৰ হিন্দুসকলে ধৰ্মৰ পৰাই শিকিছে। অবাধ ব্যক্তিগত স্বাধীনতাও আছিল ভাৰতত ইছলামিক প্ৰসাৰৰ প্ৰধান বাধা। বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰসাৰে ভাৰতীয় সংস্কৃতি আৰু বৌদ্ধিক জগতখনক চহকী কৰিছিল, কিন্তু তেঁওলোকৰ অপ্ৰাকৃতিক দৰ্শনে সমাজব্যবস্থাক দুৰ্বল কৰিছিল। জ্ঞান, বিজ্ঞানৰ দিশত চহকী হৈও দুৰ্বল মধ্যযুগীয় ভাৰতবৰ্ষৰ  পৰিণতি হৈছিল জ্ঞান বিজ্ঞানৰ ভাণ্ডাৰ নালন্দা বিশ্ববিদ্যালয়ৰ পতন। বৰ্তমানৰ ভাৰতত মোগলসকলৰ দুৰ্দিন। কংগ্ৰেছ চৰকাৰৰ ভাৰতত যেন ভাৰতবৰ্ষ মানেই মাথোঁ মোগলযুগ। বুৰঞ্জীৰ পৃষ্ঠাৰ পৰা অন্যান্যলৈ এনে মোগলপ্ৰীতিৰ বিৰোধ কৰিলেও, এটা কথা মানি লব  লাগিব, শক্তিশালী মোগল সাম্ৰাজ্যৰ অবিহনে বৰ্তমানৰ ভাৰতত হিন্দু সকলৰ অধিকাংশ ইছলাম ধৰ্মীত পৰিণত হৈ পৰিলহেঁতেন। টাইমুৰৰ দৰে অলেখৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিলহেঁতেন হিন্দু সমাজ। শক্তিশালী মোগলসকলে ভাৰতক এক সুস্থিৰতা দিছিল।  ধৰ্মতকৈও ৰাজনৈতিক ক্ষমতাৰ বিস্তাৰ আছিল তেঁওলোকৰ প্ৰধান লক্ষ্য। বাবৰৰ পৰা ঔৰংজেৱলৈ প্ৰায় ২২৫ বছৰ , ভাৰতক সম্পূৰ্ণভাৱে ইছলামিককৰণ নহলেও , যিখিনি আছে, সেইখিনিৰ অধিকাংশ বোধহয় মোগলে বিচাৰিলে বৰ্তি নাথাকিলহেঁতেন। উদাহৰস্বৰূপে কাশ্মীৰলৈ উনুকিয়াব পাৰি। ########## অসমৰ সমাজ জীৱনলৈ শ্ৰীমন্ত শংকৰদেৱৰৰ অৱদান অনস্বীকাৰ্য্য। তেওঁ ইতিহাসৰ শ্ৰেষ্ঠতম অসমীয়া। সাহিত্য, সংস্কৃতি, গীত, নাট, ধৰ্ম কি দিয়া নাই গুৰুজনাই। ৰুদ্ৰ সিংহৰ ৰাজত্বকালৰ শেষৰপিনে অসমৰ জনসংখ্যা আছিল প্ৰায় ২৫ লাখ। নদনবদন দেশ।  অসমলৈ ইংৰাজৰ আগমণৰ সময়ত , সেই জনসংখ্যা হৈছিল প্ৰায় ৬ লাখ। হাবিয়ে , জঙ্ঘলে প্ৰাণৰ ভয়ত জীৱটো কোনোমতে বৰ্তাই ৰখা সেইখিনি সংশয়পূৰ্ণ সময়ৰ পৰা অসমীয়া জাতিয়ে আৰু কাহানিও আত্মবিশ্বাস ঘুৰাই নাপালে। আহোমৰ প্ৰধান শক্তি পাইক প্ৰথাই এদিন lশেষ কৰিছিল আহোম ৰাজত্বক । যি অসমীয়াই এদিন ভূপতিত কৰিছিল মোগল আৰু ৰাজপুতৰ অহংকাৰ, ৰোধ কৰিছিল নালন্দাৰ বিনাশকাৰী বাখতিয়াৰক, তেওঁলোকৰ মনস্তত্ত্বত স্থায়ী প্ৰভাৱ পৰিছিল সেই সময়খিনিৰ। ছশ বছৰীয়া আহোমৰাজবংশৰ শক্তি অকল পাইক প্ৰথাই নাছিল। ইতিহাসৰ অধ্যয়ন আৰু লোকপিয়ল আছিল তেঁওলোকৰ অন্যতম শক্তি। ৰুদ্ৰ সিংহ স্বৰ্গগামী হোৱা সময়ৰ (১৭১৪)  ২৫ লাখ শক্তিশালী অসমীয়াই আজি বাংলাদেশীলৈ   অসমক উন্মুক্ত কৰি দিলেহেঁতেননে ! ইয়াৰ ঘাই কাৰণেই বা কি, ফহিয়াই চাবলৈ ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই সমল বিচাৰিব লাগিব। ইতিহাসে কয়, সাহিত্য সংস্কৃতিৰ শীৰ্ষত আৰোহণ কৰি যি জাতিয়ে তৰোৱালখন পাহৰি যায়, তেওঁলোকক সংস্কৃতিয়ে ৰক্ষা কৰিব নোৱাৰে কাহানিও। ইতিহাসৰ শ্ৰেষ্ঠতম  চৰিত্ৰবোৰৰো সময় সদায় একে নাযায়। ইতিহাস বৰ নিষ্ঠুৰ। আজিৰ জাতিৰ পিতা হিচাপে পুজনীয়জনৰ অহাকালি কি হয়, কোনে জানে ! You can contact Kamaljit at kamaljitmedhi1975@gmail.com