Sunday, December 29, 2019

এৰি অহা দিনবোৰ

বিয়া নপতা দিনৰ কথা এইবোৰ। গ্ৰেণ্ড ট্ৰাংক ৰোডৰ কাষৰ বিখ্যাত ধাবা এখনত দোভাগ ৰাতি মই আৰু "বংগবন্ধু" ভত্যু ( ভট্টাচাৰ্য্য) । ব্যস্ত ধাবা খনত গ্ৰাহক কমিছে তেতিয়া। আমাৰ ওচৰতে কেইজনমানে পানীয় খাই বহি আছে। কথা বতৰাত গম পাইছো ধানবাদৰ পিনৰ মাস্তান।

ধিছিও.. কৈ এটা শব্দ ওলাল, অলপ ধোঁৱা দেখিলো । মই আৰু ভট্টই ইফালে সিফালে চাইছোঁ। আমাৰ ওচৰত খাই থকা ধানবাদৰ ভদ্ৰলোক এজনে হাত এখন উঠাই ক'লে -" ভাই চাহাব , গলটিচে নিকাল গয়া, খাৰাপ মত পানা"

ভট্টই একেকোবে পলাবই খুজিছিল। খোৱাৰ নামত ধাবাত শ্বহীদ হব নোৱাৰি । নাইট শ্বিফ্ট ডিউটিৰ ৰিলিভাৰ নহা বাবে ৰাতিৰ সাঁজ ধাবাত খাব যোৱাৰ চৰ্তত মেনেজাৰ মান্তি হোৱাতহে নিশাৰ শ্বিফ্টত থাকিবলৈ মান্তি হৈছো দুয়ো। তাৰপিছত সেই ধাবাত দুয়োৰে প্ৰদাৰ্পন। ইপিনে গৰম গৰম চিকেন ভাৰ্টা আহি গৈছে। এৰো কেনেকৈ ! ভট্টক বুজালো - চা , মৰিলে এনেও মৰিবি , তেনেও মৰিবি। কিন্তু এনে ভাৰ্টা এৰি কেণ্টিনৰ পুৰি চোবাব নোৱাৰি এই ৰাতিখন।

খাইহে ধাবা এৰি আহিলো সেইদিনা।

#######

সেইজন বন্ধুৰ আকৌ ভয়ংকৰ বেমাৰ। প্ৰেমৰ দেৱতাৰ বিষাক্ত শৰপাট বুকুতে লাগিছে তেওঁৰ। প্ৰেয়সীৰ বাবে সকলো ত্যাগ কৰিবলৈ সদাপ্ৰস্তুত বন্ধু ।

বন্ধু আকৌ মোৰ ওপৰত একেবাৰে খড়্গহস্ত হৈ থাকে। মানুহক বুজিবকৈ বেছি সময় নালাগে মোক। কোনখিনিত হেচুকিলে আচল স্বৰূপটো ওলাই পৰে , সেয়া মই জানো। বান্ধৱীৰ সকলোবোৰ কুট কৌশল বন্ধুৰ আগত সহজ ভাষাত উপস্থাপন কৰো। তাতেই তেওঁৰ খং।

আমি থকা চহৰখন আছিল এখন সুন্দৰ , সুৰুচি সম্পন্ন চহৰ। আমোদ প্ৰমোদৰ সকলোবোৰ ব্যৱস্থা কৰি দিছিল আমাৰ কোম্পানীয়ে। চহৰৰ সন্ধিয়াবোৰ কিযে মায়াময় আছিল ! বলিউডৰ নায়িকা সকলক ম্লান কৰিব পৰাকৈ ৰূপহী ৰুচ ছোৱালীৰ আহ যাহ কলনীত। দুচকীয়া বাহনত যৌৱনৰ ঔদ্ধত্ব , সুদূৰৰ নিমন্ত্ৰণ। অবিবাহিত ইঞ্জিনীয়াৰ চামাৰীটোৰ ফোনটো আছিল অতিশয় ব্যস্ত। বিশেষকৈ দুৰ্গা পূজাৰ সময়ৰ ওচৰ পাজৰে ব্যস্ততা আৰু বাঢ়ি যায়। হৃদয়ৰ কত সংবাদ , কত প্ৰস্তাৱ কঢ়িয়াই আনে ফোনটোত।

আৰু সেই ফোনটোৱেই এদিন বন্ধুক শৰবিদ্ধ কৰিছিল।

সেইদিনা গধূলি মোক নিমন্ত্ৰণ দিছিল বন্ধুয়ে। গধূলি জলাহাৰ মাজে মাজে কৰে বন্ধুয়ে । মোৰ জলাহাৰত ৰাপ নাথাকিলেও মাটন কিম্মা, টিককা, চিকেন তন্দুৰী আদি গোটাহাৰবোৰ আছিল বৰ প্ৰিয়।

সেইদিনা সন্ধিয়াও বন্ধুক উদ্ধাৰ কৰিবলৈ বহু চেষ্টা কৰিলোঁ । বুজনিৰ ফল হিতে বিপৰীতহে হ'ল। খঙত ফাটি পৰিল বন্ধু। তাতে জলাহাৰৰ পাৰ্শ্বক্ৰিয়াত আক্ৰান্ত দেহ মন ।

ক'ৰপৰা উলিয়াই আনিলে জানো বস্তুবিধ। নলীটো মোৰ পিনে বহু সময় পোনাই থাকিল সেইদিনা। জীওটো হাতত বান্ধি পাৰ কৰা সময়খিনি কাহানিও শেষ নোহোৱা কিবা অনন্ত কাল যেন লাগিছিল।

বহুবছৰ আগৰ কথা। সেই চহৰ এৰি গুচি আহিলো। সেই সময়ৰ প্ৰতিটনত 10000 টকীয়া M6 তীখাক 50000 টকীয়া M1 নকৰো বুলি ফেপেৰি পাতি উঠা বাবে দামোদৰত উটাই দিয়াৰ ধমক আহে ফোনত। উটি যোৱাৰ আগেয়ে এদিন নিজেই আঁতৰি আহিলো ।

সময় বাগৰিল। মোৰ ডাঙৰ ল'ৰাই আজি মোৰ জেকেট পিন্ধি মোক আহুকালত পেলাব পৰা হ'ল।

খবৰ পালো , বান্ধৱীৰ পিছত বন্ধু আজিও লাগি আছে। বিয়াখন হোৱা নাই। জীৱনৰ সমস্ত সঞ্চয় ক'ত গৈছে ঠিকনা নাই , অহাকালিৰ কোনো নিশ্চয়তা নাই। বন্ধুৰ বাবে আজিৰ যি দৃশ্যপট মই দেখিছিলো 20-22 বছৰ আগেয়ে, তাকে বুজাবলৈ গৈ সেইদিনা জীৱনটোকে হেৰুৱাব খুজিছিলোঁ।

যিয়ে ভৱিষ্যত দেখা নাপায় সেইসকলক ভৱিষ্যত দেখুৱাবলৈ চেষ্টা কৰোঁতে নিজৰ সুৰক্ষাৰ প্ৰতি সাৱধান হব। কাৰণ তেওঁলোকে সত্য সন্ধান দিয়া মিত্ৰকে শতৰু বুজিব পাৰে। নিজৰ ব্যৱস্থাখিনি নিজে কৰি ৰাখিব।

এই ঘটনাটোৰ লগত অসমৰ সাম্প্রতিক ঘটনাৱলীৰ কোনো মিল নাই।

You can contact Kamaljit at
kamaljitmedhi1975@gmail.com