দিল্লীৰ লোধীৰোডৰ পৰা ইণ্ডিয়া গেটৰ সমীপেৰে মান্দীহাউচ চাৰ্কোলহৈ ফিৰোজ শাহ পথেৰে অনেকবাৰ অহা যোৱা কৰিছো। পিচে আজি কেইমাহমানৰ আগেয়ে গঙ্গাৰাম হস্পিটেলত নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহোঁতে , ফিৰোজ শাহ পথৰ আলেকজেণ্ডাৰ পুস্কিনৰ মূৰ্তিটো প্ৰথমবাৰ চকুত পৰিল। দেশে বিদেশে সমাদৃত আলেকজেণ্ডাৰ পুস্কিন ৰুচ সাহিত্যৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ কবি। তেখেতৰ অভূতপূৰ্ব জনপ্ৰিয়তাই ৰুছিয়াৰ ভৌগলিক চাৰিসীমা অতিক্ৰমি পূৱ আৰু পশ্চিমৰ অনেক দেশৰ বিদ্বত সমাজত সমাদৰ পাইছিল।
পুষ্কিনৰ মূৰ্তিটোৰ দৰ্শনে মোক মূহুৰ্তৰ বাবে স্বাস্থ্য সম্পৰ্কীয় দুঃচিন্তাৰ পৰা আঁতৰাই দুৰ অতীতলৈ যেন ঢপলিয়াই লৈ গ'ল। ৰুছিয়াৰ জাৰৰ শাসনৰ সময়ত হোৱা পুগাচেভৰ বিদ্ৰোহৰ সময়খিনিক লৈ লিখা পুষ্কিনৰ এখন বহুপঠিত উপন্যাস The Captain's Daughter খন মোৰো এসময়ত বৰ প্ৰিয় আছিল। সেইখন উপন্যাসৰ এঠাইত এটা উজবেক নে কচাক লোকগাঁথাৰ উল্লেখ আছিল।
"Find a better, and you will forget me
Find a worse, and you remember me for ever "
প্ৰায় ত্ৰিশ বছৰ আগেয়ে পঢ়া কিতাপখন।শব্দকেইটা ইফাল সিফাল অলপ হব পাৰে। কিন্তু মূল ভাবাৰ্থটো নিঃসন্দেহে একেই আছে। আজিও শব্দকেইটা মনত পৰিলে ভাব হয়, এক চিৰন্তন সত্যকে উজবেক লোকগাঁথাটোৱে যেন প্ৰকাশ কৰিছে। পৃথিৱীৰ সকলো মানুহৰ মৌলিক কিছু চৰিত্ৰ একেই থাকে। ভৌগলিক দূৰত্ব, পৰিৱেশৰ ভিন্নতাই মাথোঁ বাহ্যিক আচৰণ আৰু অৱয়ৱৰ কিছু ভিন্নতা আনে।
এই লোকগাঁথাৰ শব্দকেইটাকে জীৱনত অনেকবাৰ বিৰহী বন্ধু বান্ধৱীক সান্ত্বনা দিবলৈ ব্যৱহাৰ কৰিছো।
The Captain's Daughter ৰ মুখ্য চৰিত্ৰ পিউটাৰ আনড্ৰেইচ গ্ৰিনভ তেতিয়াও ভূমিষ্ঠ হোৱা নাই। মাকৰ পেটতে মহা আৰামেৰে বিচৰণ কৰি আছে। পিউটাৰৰ পিতৃ আছিল এজন পূৰ্বৰ সামৰিক বিষয়া। তেওঁ সিন্ধান্ত ললে তেওঁৰ পুত্ৰ সন্তানৰ জন্ম হলে এজন সামৰিক বিষয়াই হব। অকল সিদ্ধান্ত লোৱাই নহয় । সন্তান উপজাৰ আগতেই তেঁও ভৱিষ্যতৰ পুত্ৰ সন্তানক ৰুছ সৈন্যৰ চেমিয়ন'স্কি ৰেজিমেন্টৰ চাৰ্জেণ্ট হিচাপে নামভৰ্তি কৰালে।
পিউটাৰ আনড্ৰেইচ গ্ৰিনভৰ পিতৃৰ দৰে আমাৰ দেউতাইও মোৰ জন্মৰ আগেয়েই মই কটন কলেজত পঢ়াৰ সিন্ধান্ত লৈছিল নে নাই নাজানো, কিন্তু জ্ঞান হোৱাৰ দিন ধৰি কটন কলেজৰ গুণ আৰু গৰিমাৰ কাহিনী শুনি শুনি মই অতিষ্ঠ আৰু বিৰক্তহে হৈ পৰিছিলো। কটন কলেজৰ পুৰণি অসম আৰ্হিৰ ঘৰ কেইটাই মোক বিশেষে ৰেখাপাত কৰিব পৰা নাছিল।
পিচে কটন কলেজৰ প্ৰতি মোৰ এই বিৰক্তি আসক্তিলৈ পৰিণত হবলৈ বেছি সময় নালগিল । সেই কাহিনীও কম। তাৰ আগেয়ে অন্য এটা ঘটনাহে মনলৈ আহিছে।
বোধহয় সপ্তম শ্ৰেণীলৈ উঠিছো । মজলীয়া বৃত্তি পৰীক্ষাৰ সময়। পঢ়া সময়ত মাজে মাজে অনুসন্ধানত অহা আমাৰ মাৰ পুৰণি অভ্যাস। "কি লিখি আছ "বুলি অঙ্কৰ বহীখন টান মাৰি নি দেখিলে বৰপুত্ৰই পৰীক্ষাৰ সকলো দুঃচিন্তা বাদ দি হৃদয়ৰ সমস্ত আবেগেৰে ইতিমধ্যে জীৱনৰ প্ৰথমটো কবিতা লিখি সমাপ্ত কৰি পেলাইছে ।
আৰু অৱধাৰিত ভাবে জীৱনৰ প্ৰথম কবিতাটোৰ পুৰস্কাৰ হিচাপে পাইছিলো মাৰ হাতৰ মৃদু স্পৰ্শ। থেপেচকৈ শব্দ কৰি গালত ফৰফৰনি তুলি যোৱা পৰিচিত অনুভৱ এটাৰ স্পৰ্শ আছিল সেয়া।
জীৱনৰ প্ৰথম কবিতা । অপৈণ আৰু পেনপেনিয়া ছন্দ মিলাই লিখা উচ্ছাস ভৰা অনুভৱৰ প্ৰকাশ সেয়া। ইপিনে আমাৰ ঘৰত শুচিবায়ুগ্ৰস্থতাৰ প্ৰতি অত্যাধিক সংবেদনশীল মধ্যবিত্তীয় পৰিৱেশৰ পৰা দূৰদৰ্শনৰ চিত্ৰহাৰেই নহয়, বাপতি সাহোন ৰঙালী বিহুৱেও ৰেহাই নাপায়। তেনে পৰিৱেশত ডাঙৰ হোৱা বাৰৰ দেওনা পাৰ হোৱা পুত্ৰই পৰীক্ষাৰ সময়ত জীৱনৰ প্ৰথম প্ৰেমৰ কবিতা লিখি থাকিলে কোন মাকে বাৰু এচাট নলগাব !
সেইদিনা বোধহয় ভাগ্যদেৱী মোৰ প্ৰতি প্ৰসন্ন আছিল। মায়ে যদি কিবাপ্ৰকাৰে তেওঁৰ পুত্ৰৰ হৃদয়ত থৌকি বাথৌ লগাই কবিতাৰ উন্মেষ জগোৱা প্ৰেৰণাদায়ীজনীৰ বিন্দু মাত্ৰ ভু পালেহেঁতেন, মাথো এটা চৰত তেঁও নিঃসন্দেহ ক্ষান্ত নাথাকিলহেঁতেন , মই নিশ্চিত। শৈশৱতে মোৰ হৃদয় ব্যাকুল কৰি প্ৰেমৰ বিষাদ সিঁচি যোৱা সেই নায়িকাৰ পৰিচয়ো আছিল অনন্য।
ডাঙৰে চলোৱা হাম্বাৰ চাইকেলখনৰ তলৰ খোটালিৰ পৰা উন্নীত হৈ তেতিয়া দুপিয়াই দুপিয়াই ওপৰৰ খোটালিলৈ উঠিছোঁ । প্ৰথমে চাইকেলৰ হাফ পেডেল মাৰি মাৰি ফুল পেডেল মাৰো। হাজোৰ বিষ্ণুৰাম মেধিৰ ঘৰটো পাৰ হৈ মাধৱ মন্দিৰলৈ যোৱা পথটোৰ সোপিনে কেঁকুৰিটোতে চাইকেল মেৰামতি কৰা দোকান এখন। দোকানখনৰ মালিকজনৰ ভাল নামটো মনত নাই। বোধহয় তেওঁৰ অপোছাকী নামটো আছিল "ফেৰকা"। ক্ষীণাকায় মানুহজনৰ মুখত কাহানিও হাঁহি বা অন্যান্য মানৱীয় অনুভূতিৰ প্ৰকাশৰ আভাস দেখা পোৱা নাযায় । যেন তেওঁ আছিল মৃত আত্মাৰ জীৱন্ত শৰীৰ এটা । মানুহজনৰ বিষয়ে স্কুলীয়া বন্ধুসকলৰ পৰা কিছু মুখৰোচক কাহিনীও শুনিছিলো সেই সময়ত।
কোনে মানুহজনক সেই বিখ্যাত "ফেৰকা" নামটো দিছিল সেই তথ্য উদ্ধাৰিত নহ'ল। তেওঁ ন শিকাৰু চাইকেল আৰোহী সকলক ঘণ্টা হিচাপত চাইকেল ভাৰালৈ দিছিল। তেঁওৰ দোকানত এটা হেণ্ড পাম্প আছিল। এবাৰ চাইকেলৰ চকা ফুলাবলৈ তেওঁ চাৰিঅনা নে কিবা এটা লৈছিল। এই চাইকেলৰ দোকানতে মোৰ প্ৰথম প্ৰেমৰ নায়িকাৰ লগত দেখা। কৈশোৰৰ কোমল অন্তৰৰ কত বিচিত্ৰ অনুভূতি আৰু কল্পনাৰ নায়িকা হৈ পৰিছিল তেঁও। তেঁওৰ এবাৰ দৰ্শনৰ বাবে চাৰিঅনা এটা লৈ, অপ্ৰয়োজনত কিমানদিন "ফেৰকা"ৰ দোকানত হেণ্ড পাম্পৰ লিভাৰ টানিছো !
"ফেৰকা"ৰ দোকানত বিভিন্ন অলংকাৰেৰে বিভূষিত অনন্যা সুন্দৰী সেই মহিলাৰ সম্পূৰ্ণ অৱয়ৱৰ পোষ্টাৰ এখন দেখিছিলো। পিচলৈ জানিছিলো সেইখন আছিল "উৎসৱ" নামৰ বোলছবিখনত বসন্তসেনাৰ ভাও লোৱা হিন্দী বোলছবিৰ মোহময়ী অভিনেত্ৰী ৰেখা।
কি আছিল কৈশোৰৰ সেই ভালপোৱাত ! কল্পনাৰ সৰগৰ কোনো দেৱীৰ দৰে স্নিগ্ধতা আৰু কান্তিৰ সেই অপৰূপ শৰীৰ। সেই অনাবিল আকৰ্ষণত বুজা নুবুজা কত অনুভৱৰ সমাহাৰ। সেই প্ৰেম আছিল নিস্পাপ, নিস্কলসু । শৰীৰৰ অৱস্থিতিৰ উৰ্দ্ধত , কিযে এক পবিত্ৰ অনুভৱ। অনিৰ্বচনীয় বিষাদ এটাই বুকুত হাহাকাৰ তুলিছিল । ভয় এটাও পিছে আছিল। ভাল ল'ৰাৰ টেগ এটা লাগিছিল সৰুৰে পৰা। তেনে এটা ল'ৰাই, চাইকেলৰ দোকানৰ পোষ্টাৰ এখনৰ ছবি এখনৰ প্ৰেমত পৰাৰ কথা ভাল হবনে !
এই ভাল বেয়াৰ অন্তঃদ্বন্দই জীৱনত অনেকবোৰ চূণ বিচুৰ্ণ কৰিছে। Non conformist হোৱাৰ ইচ্ছা থাকিও, সাহসৰ অভাৱ বাৰে বাৰে অনুভৱ কৰিছিলোঁ। বোধহয় সেই সাহসৰ অভাৱেই জীৱনক এক পৰিশীলতা দিছিল, দিছিল শৃংখলাবোধ।
সেই মোহময়ী ৰেখাই আছিল মোৰ শৈশৱ কৈশোৰৰ প্ৰথম প্ৰেম। জীৱনৰ প্ৰথম কবিতাৰো নায়িকা। আজিও তেওঁক টিভিৰ পৰ্দাত দেখিলে কৈশোৰৰ সেই অনুভৱৰ কল্পনাবিলাসী হৈ পৰো ক্ষণিকৰ বাবে। ইয়াৰ পিছলৈ অনেক কবিতা লিখিলোঁ, স্কুল কলেজত পুৰস্কাৰ পালো, ৰেডিওত নিজৰ কবিতা পাঠ কৰিলোঁ। তথাপিও কম জীৱনৰ প্ৰথমটো কবিতা লিখাৰ মাদকতাৰ লগত একোৰে যেন তুলনা নহয়।
আকৌ কটন কলেজলৈ উভতি আহো। সেইদিনা দেউতাৰ লগত ৰিক্সাত কটনৰ সমুখৰ পথেৰে পানবজাৰলৈ গৈছো। পিছৰ ৰিক্সাখনত ভন্টি আৰু ভাইটিৰ লগত মা। কটন কলেজৰ মূখ্য প্ৰশাসনিক ভৱনটোৰ সমুখত দুজন ল'ৰা আৰু সুন্দৰী ছোৱালী এজনীয়ে কথা পাতি আছে। কিবা ধেমেলীয়া কথাই হব চাগে। এজনে হাঁহিত ৰব নোৱাৰি হাউলি পৰিছে। অন্যজন ল'ৰা আৰু ছোৱালীজনীয়েও হাঁহি ৰখাব পৰা নাই। শীতৰ আবেলিৰ স্মিত পোহৰ বিধৌত কি সুন্দৰ মুখাবয়ব তিনিওজনৰ। সেই মূহুৰ্তৰ সেই গোটেই দৃশ্যটো মোৰ মনত চিৰকাললৈ ফ্ৰিজ হৈ ৰ'ল।
" এবাৰ বাণী কাকতি...."। দেউতাই কিবা বাণী কান্ত কাকতিৰ কথা এটা কৈ গৈছিল। সেই সময়ত বাণীকান্ত কাকতিৰ কথা শুনাৰ কোনো ধৈৰ্য্য মোৰ নাছিল।
মেট্ৰিকত আশা কৰাৰ দৰে ষ্টেণ্ড নকৰি সমগ্ৰ পৰিয়ালক শোক সাগৰত বুৰাই থৈছিলো। দুখৰ সেই সাগৰত স্নান কৰা নাছিলো মাথো মই নিজে। স্বপ্নৰ কটনত ভৱিষ্যতৰ এক অবুজ টান অনুভৱ কৰিছিলো। ওচৰ চুবুৰীয়াই মোৰ মন ভাল লগাবলৈ ভাত খোৱাৰ নিমন্ত্ৰণ দিয়ে। নিমন্ত্ৰণ ৰক্ষা কৰাৰ আগেয়ে মায়ে সকিয়াই " অলপ দুখ কৰি থাকিবি মানুহৰ ঘৰত। ছাগলৰ দৰে হাঁহি হাঁহি চেলবেলাই নাথাকিবি। তোৰ মন বেয়া বুলিহে তেওঁলোকে আজি আমাক নিমন্ত্ৰণ দিছে!"
কটনৰ মজিয়া গচকাৰ সময়ত জীৱনৰ পোন্ধৰটা বসন্ত পাৰ হৈছিলহে। কৈশোৰৰ দুটা বছৰনো কি ! ধুমুহাৰ দৰে পাৰ হৈ যায় ফিজিক্স গেলেৰীৰ পৰা বায়লজীৰ শ্ৰেণীকোঠালৈ দৌৰোতে দৌৰোতে!
আচলতে, জীৱনৰ কোনো মহৎ উদ্দ্যেশ্য লৈ ১৯৯০ ৰ পোন্ধৰ আগষ্টৰ দিনা মই কটনলৈ অহাই নাছিলোঁ।১৯৯০ ৰ কটন কলেজ মানেই যেন মোৰ বাবে সেই মনোকোঠাত স্থিৰ হৈ ৰৈ থকা সেইখন আলোকচিত্ৰৰ দুৰ্বাৰ আকৰ্ষণ। যৌৱনৰ উচ্চাস, আশা, বাধাহীন জীৱন জিজ্ঞাসাৰ পাৰভঙা উৰ্মিমালাৰ কটন কলেজ । সেই ছবিখনৰ মায়াই মোক যেন কটনলৈ টানিছিল।
১৯৮৭ ৰ ডিচেম্বৰ মাহত কটন কলেজৰ দুৱাৰমুখত দেখা ৰূপকথাৰ দৰে সুন্দৰ সেই তিনিখন মুখত এতিয়া চাগে লাহে লাহে আবেলি নামিছে । নায়কোচিত চেহেৰাৰ সুদৰ্শন সেই যুৱকৰ তালুত চাগে বিচাৰিলে আজি এডাল চুলিও পোৱা নাযায় । সুন্দৰী সেই যুৱতীৰ চঞ্চল নয়নযুগলত আজি চাগে ডাঠ মোটা ফ্ৰেমৰ চশমা ! এসময়ৰ ঋজু তন্বি শৰীৰত সুখবোৰে থোপা থোপে ওলমি পৰিছে।
জীৱন মানেই কত কিমান কাহিনী, অযুত স্মৃতিৰ উজনি নামনি সোঁত। পঞ্চম দশকলৈ ধাৱমান হোৱা প্ৰৌঢ় হৃদয়টো ক্ষণিকৰ বাবে কৈশোৰ যৌৱনৰ উত্তাপে ৰঙাই যোৱাকৈ আজিও সগৌৰৱে ঠিয় হৈ আছে কটন কলেজ। তাৰেই স্মৃতিচাৰনে কত জনক দিছে জীৱনৰ সঞ্জীৱনী , পোৱা নোপোৱাৰ যেন এক আলিখিত দলিল।
You can contact Kamaljit at kamaljitmedhi1975@gmail.com