Thursday, April 16, 2020

চিত্ৰহাৰ নহয়, ৰংগোলীহে

আমাৰ স্কুলীয়া দিনত দূৰদর্শনৰ চিত্ৰহাৰ আছিল অভূতপূৰ্ব জনপ্ৰিয় অনুষ্ঠান। এইবোৰ টিভিৰ ছবি স্পষ্ট কৰিবলৈ বাঁহ ঘুৰোৱা দিনৰ কথা। আজিকালি এই অনুষ্ঠান চলি আছে নে নাই নাজানো । প্ৰতি বুধ আৰু শুক্ৰবাৰ সন্ধিয়া আঠ বজাৰ পৰা চিত্ৰহাৰ আহে।

আহিলে কি হব ! চিত্ৰহাৰৰ ওপৰত ঘৰত 144 ধাৰা নিষেধাজ্ঞা । যেন কিবাকৈ চিত্ৰহাৰ চালেই ল'ৰা ছোৱালী ৰসাতলে গ'ল আৰু ।

তথাপিও কেতিয়াবা সন্ধিয়া মা দেউতা ঘৰত নথকাৰ বিৰল সংযোগৰ সময়ত মনে মনে টিভি লগাও। টিভিৰ শব্দ একেবাৰে কম ৰাখি , শহাকনীয়া হৈ থাকো । ধৰক টিভিৰ পৰ্দাত ঋষি কাপুৰ আৰু জয়া প্ৰদা ওলাইছে ...ডফলি ৱালে ডফলি বজা.... মনৰ ভিতৰতে নিজৰ লগত ঋষি কাপুৰক সলাই লৈছো তেতিয়া । সমস্ত দেহ মন পুলকিত কৰা এক অবুজ শিঁহৰণ , ....তেৰি চম চম চে, মেৰি দম দম চে, ক্যা ৰংগ চানে লগা ... আহ.. আৰু ঠিক তেতিয়াই গেটখন খোলাৰ শব্দ এটা শুনো । দেহ মনৰ সেই শিঁহৰণ ক'ত লুকাই যায় নিমিষতে ! টিভি বন্ধ কৰি পঢ়া মেজত বহি লওঁ। মা বোধহয় আগৰ জন্মত CID আছিল । কাৰণ তেওঁ আমাৰ মুখ দেখিয়ে গম পাই - 'অসভ্য ল'ৰা , টিভি চাই আছিলি ! '

মিছা কৈ লাভ নাই। টিভিটো চুই চালেই সকলো গম পাই যায়। হিন্দী চিনেমাৰ ক্ষেত্ৰতো সেই একেই নিষেধাজ্ঞা বাহাল আছিল।

বাধা নাছিল মাথো অসমীয়া চিনেমাখন চোৱাত। মাহৰ দ্বিতীয় সপ্তাহৰ শনিবাৰৰ গধূলিৰ চিনেমাখন। বোৱাৰী, সোনমইনা, ককা দেউতা নাতি আৰু হাতী ...কিমান মেল'ড্রামা । প্ৰাঞ্জল শইকীয়াই ভনীয়েকৰ বিয়াৰ বাবে কিডনী বিক্ৰী কৰি দিছে তেতিয়া । দেউতাকে (বোধহয় সুৰেন মহন্ত) ডাঙৰ বোৱাৰীয়েকৰ আগত আবেগিক সংলাপ এৰিছে ...আৰু ইপিনে ...মায়ে মনে মনে চাঁদৰৰ আচলেৰে চকু পানীখিনি মচি লৈছে সাউৎকৈ, ভাবি লৈছে আমি কোনেও তেওঁক মন কৰা নাই ।

এইবোৰ কন্দা কতাৰ চিনেমা চোৱাৰ বয়স তেতিয়া মোৰ নাছিল। কৈশোৰৰ অনুসন্ধিৎসু মনৰ ভিতৰত তেতিয়া অযুত কল্পনা আৰু ভাৱৰ সমাহাৰ। সেই কল্পনাই "ওঁঠ চেপিলে গাখীৰ ওলাব" বুলি মা দেউতাৰ সঘন সকিয়নীৰ প্ৰাচীৰ লংঘী দূৰ দিগন্তলৈ উৰা মাৰে !

সেই সময়ত চোৱা দুখন অসমীয়া বোলছবি ডক্টৰ বেজবৰুৱা আৰু চামেলি মেম চাহাবে কিন্তু আমাৰ মনবোৰ কমোৱা তুলাযেন কৰিছিল। ডক্টৰ বেজবৰুৱাত নিপন গোস্বামীলৈ বৰ হিংসা হৈছিল। এনেকৈ আমিও ঘৰৰ পৰা দূৰৰ কৰবাত আলহী খাবলৈ যাব পোৱা হলে...! ডাঙৰ ভন্টি আছিল মাৰ বাধ্য " ইনফৰ্মাৰ"। মোৰ ডাৰৰ বাতৰি ডাৰে ডাৰে মাক যোগাৰ ধৰে। এই ধৰক , বহু দেৰি অপেক্ষাৰ অন্তত ক্ৰিকেট বেটখন হাতত পৰে আৰু ঠিক তেতিয়াই মাক লৈ তাই ওলাব - "আহিলিনে " । মনে মনে নদীৰ পাৰলৈ ফুৰিবলৈ যাম, মাজবাটৰ পৰা মাত এটা আহে - ক'ত গৈছ ?

সেই সময়ত প্ৰত্যেক ৰবিবাৰে 7:30 ৰ পৰা আহিছিল ৰংগোলী অনুষ্ঠান । দেউতাই ৰাতিপুৱা সোনকালে উঠি কিতাপ পঢ়ি থাকে। এবাৰ মোক দেখি সুধিলে - চিত্ৰহাৰ চাই আছ !

" নাই , এয়া চিত্ৰহাৰ নহয়.. ৰংগোলীহে । "

সেই সময়ত বহু পুৰণি গান এটা আহি আছিল টিভিত - " সাৰাংগা , তেৰি য়াদো মে ..." ছবিবোৰ ইমান অস্পষ্ট. নায়কৰ মুখখন ভালদৰে চিনিবই নোৱাৰি।

অনুষ্ঠানৰ নামটোও ৰংগোলী , দেউতাই দেখা গানটোত কোনো নায়ক নায়িকাই নাচি বাগি থকা নাই। "পঢ়াত বহ" বুলি লাহেকৈ কৈ আঁতৰি গ'ল।

এনেদৰেই কেইদিনমান ৰংগোলী উপভোগ কৰিলোঁ। পিছে লাগিল আকৌ অথন্তৰ। সেইদিনা
ৰংগোলীত আকৌ আহি ওলাল জয়া প্ৰদা আৰু ঋষি কাপুৰ ....ডফলি ৱালে ডফলি বজা...ঋষি কাপুৰে ডফলি বজাইছে আৰু লগে লগে জয়া প্ৰদাৰ মনোমোহা নৃত্য। ঠিক তেতিয়াই কোঠাত দেউতাৰ আবিৰ্ভাৱ !

এয়া চিত্ৰহাৰ নহয়, ৰংগোলীহে বুলি বুজোৱাৰ সেইদিনা উপায় নাছিল।

এই কাহিনী বোধহয় অকল আমাৰ ঘৰৰ কাহিনী নহয়। পুৰণি মধ্যবিত্ত ঘৰৰ শুচিবায়ুগ্ৰস্থতাৰ প্ৰতি অত্যাধিক সংবেদনশীল সাধাৰণ মনস্তত্ব । এই মনস্তত্বৰ পৰা ৰঙালী বিহুয়েও সাৰি যাব পৰা নাছিল।

সৰু ডাঙৰ ল'ৰা ছোৱালীয় জাকে জাকে বিহু মাৰিবলৈ ঘৰলৈ আহে। " চেনাই ঔ" বুলি ঢোলত চাপৰ পৰে কি নপৰে , দেউতাই মাত লগায় -" হবদে"।

আমাৰ বাবে বিহু মাৰিবলৈ যোৱা অকল্পনীয় আছিল। ভোগালী বিহু ভালদৰে পালিছিলোঁ। ৰঙালীৰ কথাবোৰ মাথো সজাই পৰাই পৰীক্ষাৰ বহীত সুন্দৰ ৰচনা লিখিছিলো।

এনে এজন মানুহ এবাৰ ডিগবৈ ক্লাৱৰ বিহুৰ অনুষ্ঠানত (বোধহয় ৱাইফ'জ ডিনাৰৰ প্ৰগ্ৰেম) ভাগ লব লগা হ'ল। গোটেই অনুষ্ঠানটোত বিহু নচাৰ নামত মঞ্চত মাথো হাতচাপৰি মাৰি পাৰ কৰিলোঁ।

পুৰণি মধ্যবিত্ত পৰিয়ালৰ ভাল ল'ৰাৰ 'টেগ' এটা গাত লাগিছিল তেতিয়া । কিন্তু মনৰ ভিতৰৰ অনেক সহজাত গোপন অনুভৱে হৃদয় কৰ্ষিত কৰিছিল কত বিনিদ্ৰ ৰাত্রী। ভাল ল'ৰাৰ 'টেগ'টো আঁতৰাই , জীৱনৰ যিকেইটা মুহূৰ্তত সেই গোপন শিহৰণে বিদ্ধ কৰাৰ অনুভৱ শৰীৰৰ প্ৰতি বিন্দুত অনুভূত হৈছিল , উদ্বাউল হৈছিল সমস্ত মানোজগত, সেইবোৰ মুহূৰ্তও জীৱনৰ মূল্যবান সম্পদ।




You can contact Kamaljit at kamaljitmedhi1975@gmail.com

No comments: