Monday, April 6, 2020

সৰু সৰু ভুলবোৰ


আগবয়সৰ জীৱনত কিছুমান সিদ্ধান্ত ভুল বুলি বুজিবলৈ যেতিয়া চেতনাবোধ জাগে, তেতিয়া আৰু শুধৰণিৰ আৰু সময় নাথাকে।

মোৰ জীৱনৰ এনে এটা ভুল মেডিকেলৰ ছাত্র হব নোৱাৰিম বুলি মনত সোমোৱা বদ্ধমূল ধাৰণাটো ।

মাৰ ইচ্ছা আছিল মোক চিকিৎসক কৰাৰ। পিছে কটনত সোমোৱাৰ পিছত বায়লজীৰ দাঁত ভঙা শব্দবোৰ দেখি ভয়ত একপ্ৰকাৰ পেপুৱা লাগিলোঁ। তাতে ব'টানিৰ গছ গছনিৰ বৈজ্ঞানিক নামবোৰ জানো কম আছিল। ইয়াৰ বিপৰীতে অঙ্কবোৰ তুলনামুলক ভাবে আছিল নিঃকিন আৰু সৰল মনৰ। আমাৰ দুখ কষ্ট বুজে। এটা বুজিলেই হৈ যায়, বাকীবোৰৰ বহুবোৰ । মনৰ ভিতৰতে এটা সিদ্ধান্ত লৈ ল'লো।

শেষ সিদ্ধান্ত তেতিয়াও লব পৰা নাই। এনে সময়তেই এদিন প্ৰীতি বাইদেউৰ ব'টানিৰ ক্লাছ এটাই সকলো সহজ কৰি দিলে। বাইদেউ বৰ একা চেকা । বিশেষকৈ কোনো ছোৱালীৰ লগত শ্ৰেণীত একেলগে বহিলে আৰু ৰক্ষা নাই। সেইদিনা ক্লাছত সোমাই সকলোকে চকু ফুৰাই মোক ধমক লগালে "হেৰা ল'ৰা , তাত কিয় বহি আছা ? আগৰ বেঞ্চত বহা ।" সেমেনা সেমেনিকৈ এখন আগৰ বেঞ্চলৈ উঠি আহিলো। সেইখন বেঞ্চৰ পৰাই সময় সুবিধা মতে , পিছৰ বেঞ্চৰ লগত কথোপকথন কৰি আছো। এপাকত বাইদেউৰ চকু পৰিল।

"দুষ্ট ল'ৰা , ওলোৱা ক্লাছৰ পৰা । এতিয়াই ওলোৱা "

ষ্টেপত বহি আড্ডা মৰাৰ বাবে কটনৰ অধ্যক্ষ ক্ৰোৰী ছাৰৰ খেদন খাইছোঁ। কিন্তু সেয়া আছিল সামুহিক "গনখেদন"। সিমান গাত লগা নাছিল। এইবাৰ কিন্তু লাগিল। সেই যি ওলাই আহিলো , আৰু ঘুৰি যোৱা ন'হল। দুদিনপিছত যাৰ বাবে খেদা খালো, তেওঁকো বাইদেউয়ে উলিয়াই দিলে ক্লাছৰ পৰা। ভাবিলো ভালেই হ'ল । সময় অকণ ওলাল নিজৰ বাবে।

ইয়াৰ বিপৰীতে কেমেষ্টি বিষয়টো মোৰ বৰ প্ৰিয় হৈ পৰিছিল। ইয়াৰ বাবে একমাত্র ব্যক্তিজন আছিল শ্ৰদ্ধাৰ সত্যেন চৌধুৰী ছাৰ। তেওঁ শিকোৱাখিনি আজিও কৰ্মজীৱনত কামত লগাই আছো।

আজি যেতিয়া , চিকিৎসা বিজ্ঞানৰ লগত জড়িত বিভিন্ন বিষয়বোৰ পঢ়ো , ইণ্টাৰনেটত বিভিন্ন প্ৰবন্ধবোৰৰ ৰসস্বাদনৰ কৰি যি আনন্দ পাওঁ , সেই আনন্দখিনিৰ কিছু অংশ যদি 1990 ৰ বায়লজী শ্ৰেণীত পালোঁহেঁতেন !

ডাক্টৰি পঢ়া হ'লে সফল ডাক্তৰ হলোহেঁতেন সেই বিষয়ে মোৰ নিজৰ সন্দেহ নাই। মাজে মাজে এই ভাবটো কিন্তু প্ৰায়েই আহে। লগতে এক ধৰণৰ দুখবোধো। ডাক্তৰৰ সফলতাৰ লগত তেওঁৰ পুথিগত জ্ঞানৰ লগত মানৱীয় গুণসমূহৰো ডাঙৰ ভুমিকা আছে। পুথিগত জ্ঞান অৰ্জন কৰিবলৈ বিশেষ কষ্ট নহয়। অনুশীলন আৰু মেধাই ইয়াৰ আহৰণ সহজ কৰি তোলে। কিন্তু দ্বিতীয়বিধ আহৰণ কৰা সহজ নহয়।

দ্বিতীয় ভুলটো আছিল স্কুলৰ দিনত সংস্কৃতৰ প্ৰতি অনীহা। ঘৰত এই বিষয়টো মোক পঢ়িবলৈ একপ্ৰকাৰ জোৰ কৰিয়ে দি দিছিল। সেই অনীহাৰ বাবেই বোধহয় সংস্কৃত শিকা মোৰ নহ'ল। মেট্ৰিকত কিবাকৈ 70 নে 72 কিবা এটা পাইছিলোঁ , কিন্তু শিক্ষা একো লব নোৱাৰিলোঁ। স্কুলত আমাৰ সংস্কৃতৰ শিক্ষক আছিল ডঃ শ্ৰীকান্ত শৰ্মা ছাৰ। এনে এজন বিদগ্ধ পণ্ডিত ব্যক্তিক ওচৰতে পাইও মোৰ একো শিকা নহ'ল।

সংস্কৃত ভাষাৰ যি লালিত্য, যি মধুৰতা সেই মধু উপভোগ কৰিবলৈ মই অসমৰ্থ। ভাষাৰ এনে মাধুৰ্য্য বিৰল। সঁচা অৰ্থত এই ভাষা দেৱ ভাষা।



You can contact Kamaljit at kamaljitmedhi1975@gmail.com

No comments: