Sunday, May 5, 2019

সেই চিনাকি মুখবোৰ (2)


পৃথিৱীৰ লগত মিলি থকা দিগন্তৰ শেষ সীমালৈ বিস্তৃত বহাগৰ পথাৰখনত মাথো সেউজীয়া আৰু সেউজীয়া । বহাগী আকাশখন কলীয়া ডাৱৰে ওন্দোলাই আনিছে । দূৰ দিগন্ত আৰু ডাৱৰবোৰৰ মাজৰ অকাশখনিত তেতিয়াও পোহৰৰ ৰিং এটা আছে । তাৰেই মাজেদি আবেলিৰ স্তিমিত বেলিৰ এচেৰঙা ৰ'দ আহি দূৰৰ গছবোৰৰ গাত পৰিছে। তেনে এটি আবেলি, প্ৰায় জনশূন্য পথাৰ খনত এটা সাত বছৰীয়া শিশুয়ে গাইজনীৰ দৰখ ডালত টানি প্ৰাণপনে ঘৰমুৱা কৰিবলৈ চেষ্টা কৰিছে। গাইজনীও নাচোৰবান্দা। পথাৰখন নেৰাৰ পণ।এচাটি বতাহে ল'ৰাটোৰ চুলিবোৰ নচুৱাই আছে। দূৰত শিশুটোৰ মাক ৰৈ আছে । দুচকুত প্রানাধিক পুত্ৰৰ প্ৰতি উথলি উঠা মমতা । 

“ আহ , বেগাই আহ। তোক কোনে ইয়ালৈ আহিব কৈছিল ! ধুমুহা পাবহিয়েই আৰু ।” 

বতাহত মিশ্ৰিত গোন্ধ এটা নাকত লাগিছে। কোমল ঘাঁহনি গচকি শিশুটো আগুৱাই আহিছে মাকৰ ওচৰলৈ । পিছে পিছে গাইজনী।

কোনো কলা বিথিকাৰ স্থিৰ চিত্ৰ নহয় এইখন। মোৰ শৈশৱৰ অনেক জীয়া স্মৃতিৰ মাজত লুকাই থকা এৰি অহা দিনবোৰৰ এটা স্নেপশ্বটহে মাথো । 

দেউতাৰ কঢ়া শাসনত ঘৰৰ চাৰিসীমাৰ বাহিৰ ওলোৱাৰ সুবিধা বেচি নাছিল। তথাপি আমাক জীৱনৰ কিছু নতুন অভিজ্ঞতা লভিবকৈ সুবিধা কৰি দিয়াৰ বাবে বোধহয় মাজে মাজে তেওঁ শাসনৰ বাঘজৰী ডাল অলপ শিথিল কৰি দিছিল। শৈশৱত দুদিন দাদা এজনৰ লগত নদীত গা ধোৱাৰ অনুমতি পাইছিলোঁ। হাতত টকা এটা দি ফুটবল 'মেচ' ( match) কেইখনমান চাবলৈ অনুমতি দিছিল। সেইখিনি সময় আছিল মোৰ জীৱনৰ অমূল্য সম্পদ। 

ফুটৱল খেলচোৱাৰ কথা ওলালেই মনটো অতীতলৈ ঢপলিয়াই যায়। হাজো হায়াৰ চেকেণ্ডাৰী স্কুলৰ প্ৰকাণ্ড খেলপথাৰখনত ফুটবল খেল হয়। বৰদলৈ ট্ৰফীৰ প্ৰাৰম্ভিক লীগৰ অসম পুলিচৰ খেলো চাইছিলো সেইখন খেলপথাৰত। আমাৰ হাজো স্পৰ্টছ ইউনিয়নৰ দলটো তেতিয়া জাকত জিলিকা। ওচৰে পাজৰে বিভিন্ন খেলবোৰত প্ৰায়ে জিকে। মিন্টু আলীৰ দুৰ্ধৰ্ষ গলকিপিং, নৃপেন আঠপৰীয়াৰ ডিফেন্স, দীপকদা আৰু মণ্টু মামাৰ তীব্ৰ দৌৰ আৰু বল গ'লপোষ্টৰ ভিতৰত ...লগে লগে প্ৰায় দুইহাজাৰ মানুহৰ হৰ্ষল্লাস। কামৰূপ পুলিচৰ দলটো আছিল আকৌ মহা কুচুটীয়া। হাৰিব ধৰিলেই ফাউলত ধৰে। কেতিয়াবা উত্তেজিত জনতাৰ ওপৰত লাঠীও পৰে আৰু এইবোৰৰ মাজতে ৰেফাৰীয়ে তীব্ৰ বেগত জীৱন ৰক্ষাৰ দৌৰত খেলপথাৰ এৰে ! 

এই খেলবোৰৰ টিকটৰ হাৰ আছিল 25 পইচাৰ পৰা এটকা। আমাক ঘৰৰ পৰা আৰু এটকা দিছিল হাফ টাইমত কেঁচা বুট , ধনীয়া, জলকীয়া বা একপ্লেট ঘুগুনী খাবলৈ। পিচে যিদিনা খেলপথাৰৰ লগত লাগি থকা মানুহঘৰৰ জেওৰাৰ ওপৰেৰে বা মাজেৰে সৰকি খেলপথাৰত সোমাব পাৰিলো, সেইদিনা টিকটৰ পইচাটো আছিল আমাৰ বাবে বনাচ। 

ফুটবল খেল, থিয়েটাৰ আহিলে সৰু এখন মেজত কেঁচা বুট, ভজা বুট, ঘুগুনী বেচা এজন এতিয়া হাজোৰ সন্মানীয় চহকী ব্যৱসায়ী।

এনেকুৱা এখন খেলেই চলি আছিল সেইদিনা। মায়ে মোক দহ নে পোন্ধৰটকা দিছিল বজাৰৰ পৰা বিস্ময় আৰু বোধহয় ৰংঘৰ নামৰ আলোচনী দুখন কিনিবলৈ। মই লাগি গলো ফুটবল চোৱাত। বৰষুণত তিতি বুৰি একাকাৰ হলোঁ। বৰপেটা ক্ৰীড়া একাদশ আৰু চন্দ্ৰপুৰ থাৰ্মেলৰ খেল তীব্ৰ প্ৰতিদ্বন্দিতাৰ মুৰত 1-1 ফলাফলত শেষ হল। তিতি বুৰি, পেণ্টত বোকাৰ কলাজলৈ আন্ধাৰ হোৱাৰ পিছত যেতিয়া বিস্ময় আৰু ৰংঘৰদুখন লৈ ঘৰ সোমালো, মায়ে খঙত সেইদিনা গালদুখন কেইবাবাৰো চুই দিছিল । 

পাৰ হোৱা সময়ৰ কথাবোৰ লিখিবলৈ গলে এয়াই সমস্যা। ইমানবোৰ কথা মনলৈ আহে , কি লিখিম , কত এৰিম ! তিৰাশীৰ অসম আন্দোলনৰ দিনবোৰত মোৰ বয়স আছিল সাত নে আঠ। পুৱা গধূলি পঢ়া মেজত নিয়মীয়াকৈ বহাৰ আদেশ তেতিয়া কাৰ্যকৰী হৈ গৈছিল। মাজে মাজে মুক্ত জীৱনৰ সোৱাদ পাইছিলোঁ মামাহতঁৰ বা পেহীৰ ঘৰত। কিন্তু তিৰাশীৰ আন্দোলনে হঠাৎ আমাৰ জীৱনবোৰলৈ লৈ আহিল শৈশৱৰ অবাধ স্বাধীনতা , মুক্ত বন্যতা। 

আন্দোলনৰ কিছু সময়ত আমি ৰাতি নিজৰ ঘৰত নাথাকি বৰদেউতাহতৰ ঘৰত আছিলোঁ। বোধহয় ছাত্ৰ সন্থাৰ পৰা দেউতাহঁতক নিজৰ ঘৰত থাকিবলৈ মানা কৰিছিল যাতে বলপূৰ্বক ভাবে নিৰ্বাচনৰ কামত নিয়োগ কৰিব নোৱাৰে। বৰদেউতাৰ ঘৰত দুখন বিচনা একে লগ কৰি আমাৰ ল’ৰা ছোৱালী কেইটাক শুবলৈ দিছিল। সবিতা বাইদেউ, কবিতা বাইদেউ, প্ৰাণৰ (মোৰ বাইদেউ আৰু ভাই, ইংৰাজীত কাজিন বুলি কও যে ) লগত মই আৰু ভন্টি । বিচনাত পৰিলেও আমাৰ সোনকালে টোপনি নাহিছিল। বাইদেউ দুজনী আমাতকৈ ডাঙৰ। বহু কথা জানে। ডাঙৰৰ পৰা শুনা আন্দোলনৰ কিছুমান উৰাবাতৰিৰ অপভ্রংশ আমাক শুনাইছিল। সেইবোৰ শুনি মনৰ ভিতৰত চিআৰপি আৰু "বঙাল" ৰ ভয় এটা সোমাইছিল। কিন্তু তাতকৈও ভয়লগা আছিল ভূতৰ ভয়। তথাপি ভূতৰ কাহিনী শুনিবলৈ বৰ হেঁপাহ। জাৰৰ দিন । ভূতৰ ভয়, শিহৰণ আৰু লেপৰ উম মিহলি হৈ কিযে এক বুজাব নোৱাৰা সুখানুভৱ ! দূৰত ফেঁচা এটাই হঠাৎ চিঞঁৰি উঠে। আমি ভয়ত লেপখন গাৰ পিনে টানি লওঁ। লেপৰ সিমুৰত থকাজনে চিঞৰি উঠে -" ইমানকৈ লেপখন কিয় টানিলি" । এইবাৰ সেইজনে লেপত টান দিয়ে। এইজনৰ গা উদং হয়।

বহাগৰ আসন্ন ধুমুহাৰ মাজত গৰু আনিব যোৱাৰ চিত্ৰ খনলৈ উভতি যাওঁ। সেইযে , বহাগৰ পথাৰৰ কোমল ঘাঁহবোৰ গচকাৰ আনন্দ লৈ নতুন ফুল, সেউজীয়া কুমলীয়া পাত, বৰষুণৰ মিশ্ৰিত মন মতলীয়া কৰা পথাৰৰ কোমল গোন্ধ এটা নাকত লাগিছিল , সেই মন মতলীয়া কৰা গোন্ধটো যেন আজিও হৃদয়ৰ কৰবাত লাগিয়েই আছে । এবাৰ মোৰ ল'ৰাটোক লৈ গৈছিলোঁ মোৰ শৈশৱৰ চিনাকিতেনে এজোপা গছৰ তলীলৈ। তাক কলো - "চোৱাচোন, বহাগৰ বতৰত কিমান ধুনীয়া হৈ যায় অসমৰ পৰিবেশ ! কিমান চৰাই গছত ! চকু দুটা মুদি , তুমি এবাৰ চৰাই মাতবোৰ আৰু বতাহজাক অনুভৱ কৰাচোন। কিমান ভাল লাগিব ! তোমাৰ বয়সত এইবোৰ মই কিমান ভাল পাইছিলোঁ।"

সি অবাক। ভাবিছে , আজি চাগে পাপাৰ কিবা মস্ত গণ্ডগোল হল। সি কলে - পাপা , কিবা এটা পঁচা গোন্ধ পাইছো । চৰাইবোৰে ওপৰৰ পৰা টয়লেট কৰিও দিব পাৰে। আমি যাওঁ নেকি ইয়াৰ পৰা।

মই বুজিলোঁ দুয়োৰে শৰীৰত প্ৰবাহিত তেজৰ সোঁত একে হলেও আমি দুটা আচলতে ভিন্ন যুগৰ প্ৰতিনিধি। 

আমাৰ সৰু পেহীৰ ঘৰলৈ যোৱাৰ অন্যতম আকৰ্ষণ আছিল বিশাল লুইতখন আৰু ওচৰৰ হাতীমুৰা পাহাৰখন, পাহাৰৰ পৰা ওলোৱা নিজৰা আৰু মন্দিৰটো । আবেলি গাঁৱৰ এজাক ল’ৰা ছোৱালীয়ে আমাক নদী দেখুৱাবলৈ লৈ যায়। লুইতখনৰ কি মোহনীয় ৰূপ ধৰা পৰিছিল আঠ ন বছৰৰ মোৰ কুমলীয়া মনত ! তন্ময় হৈ চাইছিলো। পাহাৰৰ নিজৰাৰ পানী চুই পোৱা মোৰ আনন্দ আৰু কৌতূহল দেখি ল’ৰা ছোৱালীৰ জাকটোৰো আনন্দ লাগিছিল। যিবোৰ অভিজ্ঞতা আছিল মোৰ বাবে অনন্য , সেইবোৰযে আছিল সিহঁতৰ দৈনন্দিন জীৱন।

পেহা আছিল অসম্ভৱ মাছ পাগল মানুহ। বৰশীৰে মাছ ধৰা নিচা তেওঁৰ। মাজে মাজে তেওঁ ধৰা প্ৰকাণ্ড বৰালি মাছৰ কিছু অংশ আমাৰ ঘৰলৈও পঠাইছিল। অফিচৰ পৰাও মাজে মাজে ছুটি লৈ বৰশী বাবলৈ যায়। মাছ ধৰাৰ কত কিমান কাহিনী ! আমি গৰমৰ দিনত গলে গধুলি পেহীয়ে বাহিৰত চোতালত ঢাৰি পাৰি দিয়ে। প্ৰকাণ্ড চোতালখন। মুৰৰ ওপৰত মুকলি আকাশ। আকাশত কত তৰাৰ জিলমিল। সাধুকথা, মাছৰ গল্প, ডাঙৰ বোৰৰ পুৰণি দিনৰ গল্প আৰু কোনোবা এজনী আইতাই বিচনী বাই থাকে আমাৰ বাবে। মানুহবোৰৰ প্ৰায়বোৰ ঘটনাৰ লগত চন তাৰিখৰ উল্লেখ নাথাকে। সেই বৰ ভূঁইকপ, ইন্দিৰা গান্ধীৰ ইমাৰজেঞ্চি বা কোনোবা ডাঙৰ বানপানীক ৰেফাৰেন্স হিচাপে ঘটনাবোৰ মানুহবোৰে মনত পেলায়। 

পেহাৰ আকৌ আলহী নহলে ভাল নালাগে। ভাত সাঁজৰ সোৱাদ নালাগে। বাটৰ মানুহৰ লগত উপযাচি চিনাকি হৈ নিমন্ত্ৰণ দিয়ে। তাতে যদি তেওঁৰ শহুৰৰ ঘৰৰ ওচৰৰ মানুহ হয়, ৰক্ষা নাই। ধৰি বান্ধি ভাত এসাঁজ খুৱাইহে মানুহক এৰিব। চাহৰ কেটেলিটো জুইৰ ওপৰত থাকেই। মাৰ পেহীলৈ চিন্তা হয় । " জোনাকী, তই ইমান আলহী শুধি থাকিলে ল'ৰা ছোৱালীৰ পঢ়া শুনা কেতিয়া চাবি !!" মাৰ চিন্তা হয়। 

আকৌ উভতি যাওঁ অন্য এক স্নেপশ্বটলৈ। জীৱনৰ বাটত কিছুদূৰ আগুৱাইছিলো বোধহয়। সেইদিনাও মই বাট পোনাইছোঁ লুইতৰ পিনে। বালি গচকি আগুৱাই গৈছোঁ। নদীৰ পাৰত গা ধুই থকা অবয়ব এটা দেখিছিলো চয়াময়াকৈ । পাৰ হৈ যাওঁ বুলিও যাব নোৱাৰিলোঁ। নদীৰ দেৱতাই পাইছিল নেকি সেইদিনা মোক। সময়খিনি স্থিৰ হৈ ৰৈছিল। মই জানিছিলোঁ, সেয়া সঠিক নাছিল। অথচ এক অজান পুলকে মোৰ শৰীৰক যেন বান্ধি ৰাখিছিল একেখিনি ঠাইতে , মোহাচ্ছন্ন কৰি ৰাখিছিল। মোক দেখি , তেওঁ তিতা কাপোৰেৰে নিজক লুকুৱাবৰ চেষ্টা কৰিছিল। নদীৰ দেৱতাৰ ক্ষণিক মোহগ্ৰস্থতা আঁতৰাই মই অহাবাটেৰে ওভতনি খোজ পেলাইছিলোঁ। শৈশৱ কৈশোৰক নেওচি কেতিয়াযে যৌৱনে সন্তৰ্পণে ভুমুকি মাৰিলে , গমকে নাপালোঁ। 

যোৱাবাৰ ঘৰলৈ যাওঁতে মায়ে পেহীৰ ঘৰলৈ যাবলৈ লগ ধৰিলে। শিল দিয়া গ্ৰেভেল ৰাস্তাটো ধৰি থাকিলেই পেহীৰ ঘৰ পাই যাওঁ। এতিয়া বহুবোৰ পকী ৰাস্তা হল। বাওঁপিনে যাওঁ নে সোপিনে যাওঁ , বাৰে বাৰে ৰাস্তা ভুল কৰো। GPS টো অন কৰি ললোঁ। এইখন মোৰ শৈশৱৰ হাতীমুৰা পাহাৰ। পাহাৰখনত কাৰোবাৰ নৃশংস হাতোৰাৰ আঁচোৰ পৰিছে। কাটি পেলোৱা পাহাৰৰ অংশবোৰৰ পৰা জিলিকি থকা ৰঙা মাটিবোৰ যেন মাটি নহয়, এডোঙা এডোঙা তেজহে । অবিৰাম গতিত চলিছে শিল ভঙা কামবোৰ। শিল ভঙাৰ ধাতৱ শব্দটো বুকুত লাগিছিল । বুকুখনৰ কৰবাত দুখ এটা উজাই আহিল। নিজৰাটো জীয়াই আছেনে ! কাৰোবাক সুধিছিলোঁ। আজিকালি হেনো মানুহৰ ঘৰতে খোৱা পানীৰ ব্যৱস্থা হল। নিজৰাৰ পানী নিবলৈ আহোতে বহা জীয়াৰী বোৱাৰীৰ মেলখন একেবাৰে ভাঙি গল। 

পেহীৰ ঘৰৰ সেই প্ৰকাণ্ড চোতালখনো ভাগ ভাগ হৈ গল। চোতালখনৰ বুকুত কেইবাখনো বাঁহৰ জেওৰা গজিল । চোতালখন যেন আমাৰ হেৰুৱা সময়খিনিৰ প্ৰতীক। সময়খিনিৰ প্ৰতিবিম্ব যেন দেখিছোঁ এখন খণ্ডিত দাপোনত। পেহাই আকাশৰ কৰবাত বোধহয় আজিও বৰহমপুত্ৰৰ কোনোবা ঘুলিত বৰশী পতাৰ গল্প কৰিছে। শৈশৱত দেখা পাহোৱাল মানুহবোৰৰ কঁকালবোৰ হালিছে। কোনোবা পুৰণি চিনাকি এজনে সেইদিনাও ওচৰৰ মিঠাইৰ দোকানৰ পৰা পতকৈ দুটামান গজা কাগজ এখনেৰে বান্ধি মোৰ হাতত সুমুৱাই দিছে - "সৰুতে তই খাই কিমান ভাল পাইছিলি , দেউতাৰেহে খাবলৈ নিদিছিল ।"

সময় সলনি হৈছে । একেই আছে মাথো পেহীৰ আৰু আৰু মানুহবোৰৰ মৰমকণ । 




You can contact Kamaljit at kamaljitmedhi1975@gmail.com

1 comment:

Blogger said...

As stated by Stanford Medical, It's really the ONLY reason this country's women live 10 years more and weigh on average 42 pounds lighter than us.

(By the way, it has NOTHING to do with genetics or some secret exercise and really, EVERYTHING to do with "how" they are eating.)

P.S, I said "HOW", and not "WHAT"...

Click on this link to uncover if this quick questionnaire can help you release your real weight loss possibilities