Saturday, September 22, 2018

ডায়েৰীৰ পাতৰ পৰা

খিড়িকীখন বেৰৰ যিখিনিৰ পৰা আৰম্ভ হয় , তাতকৈ মই তেতিয়া অলপহে বেছি ওখ। বিচনাখনত উঠি  পৰ্দা খন আঁতৰাই লোৰ মাৰি দুডালত ধৰি কাঠৰ ফ্ৰেম টোৰ ওপৰত থিয় হৈ আকাশখনলৈ চাই থাকো। বিচনা চাদৰ লেতেৰা কৰা বুলি মায়ে মাজে মাজে খং কৰে। সোধে -

“ তাত ঠিয় হৈ কিনো চাই থাক তই ! “

উত্তৰ দিব পৰাকৈ কথাবোৰ সজাই কোৱাৰ বয়স হোৱা নাছিল তেতিয়া। মই কব পৰা নাছিলো আকাশ, উৰি যোৱা চৰাইবোৰ আৰু বাহিৰৰ পৃথিৱীখনৰ লগত মোৰ যোগসূত্ৰ আছিল সেইখন খিড়িকী। ঘনে ঘনে সলনি হয় আকাশৰ ৰূপ। কেতিয়াবা যদি এখন  নীলা দলিছাৰ দৰে , কেতিয়াবা আকৌ ওন্দোলাই থকা আকাশত চঞ্চলা মেঘৰ আহ যাহ, বিজুলীৰ চমক। কবিতাময়ী এজাক বৰষুণ নামি আহে ধৰালৈ। বৰষুণৰ সেই চিপ চিপ শব্দটো মোৰ আছিল শৈশৱৰ আটাইতকৈ প্রিয়। দেউতাৰ ধমকক নেওচি তিতাৰ সাহস নাছিল। বাৰাণ্ডাৰ এটা খুটাত খামুচি ভৰি খন মেলি দিছিলো বৰষুণৰজাকৰ ফালে।

শৈশৱৰ সেই দিনবোৰতে  মই প্ৰেমত পৰিছিলো আকাশৰ, বৰষুণৰ , কোমল ঘাঁহনিৰ, চৰাইবোৰৰ আৰু পৃথিবীখনৰ।

গছবোৰৰ কথা নকলেও অন্যায় কৰা হব।

আমাৰ ঘৰৰ পদূলিৰ ঠিক সন্মুখত এডাল অকাশলংঘী আমগছ আছিল । বনৰীয়া দতাল বৰা এটাই সেইখিনিতে হেনো এবাৰ ককাক দুপৰীয়া খেদি আহিছিল। ককা তেতিয়া সৰু। আমডালৰ বুকুত লুকাই ককাই ৰক্ষা পৰিছিল। বাঘৰ গর্জনত সন্ধিয়াবোৰৰ নিৰ্জনতা ভাঙিছিল। মোৰ বাবে সেইবোৰ আছিল অতীতৰ ৰূপকথা। আমডালৰ নিগাজী বাসিন্দা  বুঢ়াডাঙৰীয়াৰ ভয় এটা পিছে বৰ্তমান আছিল তেতিয়া। আড্ডাপ্ৰিয় দেউতা যিদিনা বন্ধুৰ ঘৰৰ পৰা দেৰিকৈ ঘৰলৈ উভতে, আমিবোৰ বাহিৰলৈ ওলাব লাগিলে টাইগাৰ (দেউতাৰ কুকুৰ পোহাৰ খুব চখ আছিল) ৰৈ থাকে বিশ্বস্ত প্ৰহৰীৰ দৰে।

সেই গছজোপা আছিল তিনিটা পুৰুষৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ অলেখ অলিখিত সময়ৰ সাক্ষী। বহাগৰ বৰদৈচিলাৰ পিছত আমৰ সৰু সৰু মুচি বোৰে গছ ডালৰ তলখিনি সেউজীয়া কৰি তোলে। নতুন মুচিৰ সেই মন মতলীয়া কৰা গোন্ধটো আজিও যেন নাকত লাগি আছে।

আমাৰ ঠাইখিনি যদি আমৰতল আছিল, মোৰ পঢ়াশালী খন আছিল বকুলতল। সেই আমডালৰ তলেৰে পিঠিত স্কুলৰ বেগটো লৈ মই ওলাই যাওঁ বকুলতললৈ। । অভাৱ আৰু ভোকৰ সমাহাৰ দেখিছিলো স্কুলত, আমাৰ চৌপাশে। ভোকৰ ভাতৰ অভাৱত ৰুটি (আটাৰ পিঠা) খোৱা দেখিছিলো বহুতক।  নটি বয় জোতা পিন্ধা আৰু পিঠিত বেগ লোৱা ব্যতিক্ৰমী ছাত্ৰ আছিলো মই। অন্যসকলৰ চকুত ধনী ঘৰৰ সন্তান।

স্কুলত থকা সময়খিনিত ভাব হয় মায়ে যেন মোক সঘনাই  মাতিহে আছে। ঘৰলৈ আহি মাক সুধিছিলো - স্কুলত থাকোতে তই মোক মাতি থকা কিয় শুনো মই ! মায়ে একো কোৱা নাছিল। তেওঁৰ চকুত প্রশ্রয়ভৰা কাৰুণ্য আৰু স্নেহৰ অনাবিল সমাহাৰ ঘটিছিল।

আকাশ, বৰষুণ, আমৰ মুচি বোৰৰ সেই গোন্ধটোৰ মাজতে কেতিয়া জানো সেই সংশয়ে মোৰ বুকুত কুৰুপি কুৰুপি সোমাই পৰিছিল গমেই নাপালো। শৈশৱ আৰু কৈশোৰত কিমান ৰাতি মই বিনিদ্ৰ ৰজনী পাৰ কৰিছিলো ত্ৰস্তমান হৈ ! বৰষুণৰ মায়া এৰি এদিন পৃথিৱী এৰি যোৱাৰ সংশয়টোৱে মোক উদ্বাউল কৰি ৰাখিছিল।বয়স তেতিয়া বেছি নাছিল। প্ৰাইমাৰী স্কুলৰ দেওনা  মাত্ৰ পাৰ হৈছিলোহে তেতিয়া।

বুঢ়া বকুলতলত পঢ়া আকাশ আৰু বৰষুণ ভাল পোৱা সৰু ল’ৰাটো এদিন যেতিয়া এখন মহানগৰৰ প্ৰান্তত উপস্থিত হৈছিল, তেতিয়া শৈশৱৰ সেই মৃত্যুভয় আৰু নাছিল।  জীৱনক প্ৰাণভৰি ভালপোৱা বাইশ বছৰীয়া তজবজীয়া যুৱকৰ বুকুত আছিল পৃথিৱীদেখাৰ দুৰন্ত হেঁপাহ। সৰুৰে পৰা সাঁচি ৰখা ইংৰাজী আলোচনী বোৰৰ পেপাৰ কাটিং বোৰ তেতিয়া বগা এম্বেচাদাৰ গাড়ীৰ ওপৰত থকা ৰঙা লাইটটোৰ প্ৰতি এটা মোহলৈ ৰূপান্তৰিত হৈছিল।

অফিচৰ পৰা ৰাতিপূৱাৰ শ্বিফ্ট শেষ কৰি আহি অফিচাৰ চামাৰীত ৰমিলা থাপৰৰ Ancient Indian Social History খন পঢ়ি আছিলো। সন্ধিয়া বন্ধুৱে লগ দিলে - কিমান আৰু কবিৰাজী কৰ !  তোক চিকেন ৰল আৰু কফি একাপ খুৱাম আজি।

চিকেন ৰোলৰ লোভ। বাইকখন লৈ ওলাই গলো। সেইদিনা জনা নাছিলো জীৱনৰ  বহুবোৰ সপোন মোহাৰি মোৰ জীৱনৰ দিশ সলনি কৰিবলৈ চকা এটা ৰৈ আছিল বজাৰখনত ।  মানৱ সভ্যতাৰ আদিমতম যন্ত্ৰ সেই চকাটোয়ে কত কিমানৰ ভাগ্য চক্ৰ ঘূৰাই আছে। মোৰো জীৱনৰ ভাগ্যচক্ৰ ঘূৰাই দিছিল সেইদিনা।

ওলমি পৰা হাতখন ,  সিঁচৰিত হৈ পৰা মাংস আৰু হাড় বোৰ বৰ সযতনে অইনখন হাতেৰে তুলি লৈ মই এখন গাড়ীৰ পিছৰ চিটত বহি দিছিলো।  ৰঙা লাইট নথকা এখন পুৰণি এম্বেচাদৰ গাড়ী। কোনোবাই ওচৰৰ ফাৰ্মাচীৰ পৰা আনি দিয়া কটনখিনি আৰু জোৰেৰে হেঁচি ধৰিছিলোঁ হাতখনত । তেজৰ বোৱতী সোঁত এটাৰ উষ্ণতা অনুভৱ কৰি  বন্ধুক কৈছিলোঁ - নিজকে হলিউদৰ যুদ্ধৰ চিনেমাবোৰৰ আহত নায়কজন যেন লাগিছে। সি চিঞঁৰিছিল - চুপ ৰহো য়াৰ।

হস্পিতালত কোনোবা এজনে এখন কেচিৰে মোৰ কাপোৰ বোৰ এফালৰ পৰা কাটি গৈছে। ফটা চোলা, বনিয়ন, অন্তৰ্বাস। কোনোবা এজনে এটা ড্ৰিপ লগাইছে।

এজাক বৰষুণ নামিছিল। বাৰাণ্ডাত বহি মই চাই আছো বৰষুণৰ কণিকাবোৰ। এখন কাগজৰ নাওঁ উটাই দিছো বৈ যোৱা পানীখিনিত। টুলুং ভুটুং কৈ নাওঁ খন আগুৱাই গৈছে। দীঘলীয়া বাৰাণ্ডাখনৰ  এমুৰৰ পৰা অইনটো মুৰলৈ দৌৰি গৈছো মই, কাগজৰ নাওখনৰ পিছে পিছে। মায়ে পিছপিনৰ পৰা মাত দিছে - বাবা।

মাৰ সেই মাতটোৱে বোধহয় পৃথিৱী আৰু আকাশৰ মাজত দুলি থকা মোক পৃথিৱীলৈ ঘুৰাই আনিছিল ।
দুৰ্গাপূৰৰ পৰা এমাহ পিছত ভেলোৰলৈ আহিলো।1999 চনৰ আগষ্ট মাহৰ দহ তাৰিখে  যি হস্পিতালত সোমালো, তাৰ পৰা ছুটি পাইছিলোঁ 2001ৰ এপ্ৰিল মাহত। কিছুমান মানুহৰ কক্ষপথ তেতিয়া মোৰ লগত  নিমিলা হৈছিল । কিছুমান নতুন মানুহৰ যোগ হৈছিল । এৰি যোৱা সকলৰ অনন্য অনুভৱৰে সৌভাগ্যশালী হৈছিলো মই।

পৃথিৱীখন সলনি হৈছে। আমাৰ পদূলিৰ এই বুঢ়া আমজোপা , বকুলডাল এতিয়া আৰু নাই। দিনটোত দুখন গাড়ী চলা অলিবাটটোত এতিয়া খোজ কাঢ়িবলৈ ঠাই নাই। খেৰৰ সৰু পঁজাবোৰ ভাঙি মানুহবোৰে কংক্ৰীটৰ দালান সাজিছে।

আকাশ আৰু বৰষুণ আজিও মোৰ প্ৰিয় আৰু যিদিনা, পুনৰ উভতি নহাকৈ, আঁতৰি যাম,  কোনোবা আহক নাহক, বিষাদৰ এটি কৰুণ সুৰ লৈ সেইদিনা নিশ্চয়কৈ ৰৈ থাকিব এজাক মুখলধাৰ বৰষুণ ।










You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Thursday, September 6, 2018

নায়কজন সম্ভ্ৰান্ত পৰিয়ালৰ। চাকৰিসূত্ৰে ভিতৰুৱা ঠাই এখনলৈ আহিছে আৰু তাতেই  লগ পালে সুন্দৰী নায়িকাক। চাৰিচকুৰ মিলন হল। প্ৰথম দর্শনতে প্ৰেম।

তাৰ পিছত বিভিন্ন চিকুয়েন্সত নায়ক নায়িকাই নাচি বাগি প্ৰেমত মচগুল । কিন্তু সমস্যা হল ল’ৰাৰ বাপেক। ৰাতিপূৱা তেওঁ ড্ৰেছিং গাউন পিন্ধি মুখত পাইপ লৈ বাতৰি কাকত পঢ়া আঢ্যৱন্ত মানুহ।   ল’ৰাৰ বিয়া ঠিক কৰিব খুজিছে বিখ্যাত ইণ্ডাষ্ট্ৰিয়েলিষ্ট মিষ্টাৰ সিংহানিয়াৰ পুত্ৰৰ লগত। কিন্তু নায়কে মানি লব খোজা নাই দেউতাকৰ ইচ্ছা, জাত্যাভিমান, আদেশ আৰু ভীতি প্ৰদর্শনক। লাগিলে কৰক দেউতাকে তেজ্যপুত্ৰ । সি বিয়া কৰাব সেইজনী ছোৱালী, যিজনীয়ে স্কুল কলেজ নেদেখিব পাৰে, ইংৰাজী বৰ্ণমালা চিনি নাপাব পাৰে , চহৰৰ আদব কায়দা নাজানিব পাৰে, কিন্তু সুললিত ৰোমান্টিক গীত আৰু ৰূপ লাবন্যৰে  নায়কৰ হৃদয়ৰ লগতে আমাৰো মনবোৰ মুহি, হৃদয়ত ঈৰ্ষা, বাসনা আৰু বুজাব নোৱাৰা কিছু অনুভৱৰ সংমিশ্ৰিত হাঁহাকাৰ এটা জগাই তুলিছিল।

চিনেমাৰ পৰ্দাত কাহিনী চলি আছে আৰু দৰ্শকৰ আসনত বহি আমিবোৰে নায়ক নায়িকাক তামাম সমৰ্থন কৰি আছো। পাৰিলে নায়কৰ দেউতাকক যেন নচছা শূলতহে দিম। হওঁক এইখন বিয়া। প্ৰেমৰ বাটত হেঙাৰ হব আহিছে !

শেষত লৰাৰ দেউতাক সৈমান হবলৈ বাধ্য। ৰাইজৰ হাতচাপৰি আৰু চিনেমাৰ যৱনিকা ।

চিনেমাৰ এই কাহিনীটোৰ প্ৰায় পুনৰাবৃত্তি দেখিছিলো সেইদিনা, যিদিনা মোৰ এজন বন্ধুয়ে তেওঁৰ ভাল লগা গাভৰু গৰাকী দেখুৱাবলৈ মোক লৈ গৈছিল।

আহিবৰ সময়ত চুলিখিনি, কাপোৰযোৰ সৰু আয়না খনত কেইবাবাৰো চাই ঠিক থাক আছে বুলি আশ্বস্ত হৈ ওলাই আহিছো। হাজাৰ হওঁক , গুৰুত্বপূৰ্ণ কাম।  বহুবছৰৰ আগৰ কথা। কিন্তু কথাবোৰ হুবহু মনত আছে। আমি দুয়ো ছাত্ৰাৱাসৰ পৰা বজাৰলৈ ওলাই আহিলো আৰু বন্ধুয়ে যেতিয়া আঙুলিয়াই মোক দেখুৱাইছিল তেওঁৰ হৃদয়ত প্ৰেমৰ অবুজ  ঝঙ্কাৰ তোলা প্ৰেয়সীলৈ, মই সমুখত প্ৰথমে একোয়েই দেখা নাছিলো। ৰাস্তাটোৰ কাষত কেইখনমান সৰু গুমটিৰ দোকান আছিল । তাৰে এটা গুমটিৰ সমুখত বাঁহৰ চাং এখনত শাক পাচলিৰ এখন দোকানৰ বিক্রেতা  এজনী গাভৰু বহি আছিল। আমাক দেখি তাই অসহজ হৈ পৰিছিল। পিন্ধি থকা ফ্ৰকটো টানি ঠিক ঠাক কৰি লৈছিল।

ইঞ্জিনিয়াৰিং পঢ়া ছাত্ৰৰ চকুৰ উচাত্মিকা বোধ মোহাৰি এইবাৰ মই ভালদৰে গাভৰু গৰাকী লক্ষ্য কৰিলো। নিঃসন্দেহে তাই চিনেমাৰ সেই নায়িকাবোৰৰ দৰে ৰূপহী আছিল। পুৰণি ফ্ৰক এটা পিন্ধিছিল তাই । সেই ফ্ৰকটোৱে  তাইৰ যৌৱনৰ ঔদ্ধতা আৰু অহংকাৰক লুকুৱাই ৰখাত শোচনীয় ভাবে ব্যৰ্থ হৈছিল।

চিনেমাত দেখা সেই পাইপৰ ধোঁৱা উৰোৱা বাপেকজনৰ চৰিত্ৰটোৰ দৰে সেইদিনা মই বন্ধুক বুজনি দিছিলো। সি আছিল ঠিক চিনেমাৰ সেই নায়কজনৰ দৰে। অকাট্য যুক্তি দিছিল। মই লিখা কবিতাবোৰ বৰষুণৰ পানীত উটুৱাই দিবলৈ কৈছিল। তাৰ  যুক্তিবোৰত আবেগ আছিল। এৰিক চেগালৰ Love Story নামৰ উপন্যাসখনৰ অ’লিভাৰ বেৰেটৰ দেউতাকে কোৱাৰ দৰে কৈছিলো - “এইবোৰ তোৰ সাময়িক মোহ। This incompatible relation has to pass the.test of time”

আৰভিং ষ্টোনে লিখা  লাষ্ট ফৰ লাইফ নামৰ উপন্যাস খন তেতিয়া পঢ়িছিলো। ভেন গঘৰ প্ৰেম  নিবেদন প্ৰত্যাখ্যান কৰা দেহোপজীবিনি জনীলৈ ভেন গঘে পঠিয়াই দিয়া নিজৰ কাণৰ লটিটোৰ কথা পঢ়ি শিঁহৰিত হৈছিলোঁ। কিন্তু বন্ধুৰ স্বাৰ্থত সেইদিনা সেইবোৰ মই পাহৰি গৈছিলো।

আজি বহু বছৰ সেই বন্ধুক লগ পোৱা নাই। শুনিছো অভিযন্তা পত্নীৰ লগত তেওঁৰ সুখী পৰিয়াল, জীৱন যুদ্ধৰ এজন অক্লান্ত যোদ্ধা।

আজি মাননীয় আদালতৰ দ্বাৰা সমকামী সকলক জীৱন সংগী নিৰ্বাচন কৰাৰ অধিকাৰ দিয়াৰ বাতৰিটো শুনি , বহু বছৰ আগৰ সেই বন্ধুলৈ মনত পৰিল। সমকামী সকলৰ প্ৰতি মোৰ সহমৰ্মিতা আছে। তেওঁলোক নিজৰ ইচ্ছা অনুসৰি সমকামী নহয়। প্ৰকৃতিৰ এক বিস্ময়কৰ যোগ বিয়োগৰ অংকৰ ফলাফল তেওঁলোক। তেওঁলোকক জীৱন উপভোগৰ পৰা বঞ্চিত কৰা নিশ্চয় অনুচিত।

তথাপি কিয় জানো মই চিনেমাৰ সেই কণফৰ্মইটিত বিশ্বাসী বাপেকজনৰ দৰে অনুভৱ কৰিছো। কেইজনমান মুষ্টিমেয় মানুহৰ বাবে , যেন এক  অপ্ৰাকৃতিক ঘোষণা এয়া । সমকামী স্বাধীনতাৰ বিৰূপ বিপাক বোৰৰ যথোচিত ব্যৱস্থা লবলৈ আমাৰ নিয়ম কানুনবোৰৰ সংশোধন প্ৰয়োজনীয় আছিল নেকি  সেয়া মাননীয় আদালতে খুচুৰি চাইছেনে ? এই ৰায় মানিবলৈ ভাৰতীয় আইন আৰু প্ৰশাসন প্ৰস্তুত নে ! আমাৰ শিশু আৰু কিশোৰ সকলৰ যথোচিত নিৰপত্তাৰ ব্যৱস্থা আছেনে ?

আৰু যদি এইবোৰ কথা আদালতে ভবা নাই , আদালতৰ এই ৰায় আৰু  ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী চমকৰ মাজত একো পাৰ্থক্য নাথাকিব।


You can contact Kamaljit at kamaljitmedhi1975@gmail.com