দুৱাৰত এটা মৃদু টোকৰৰ শব্দত চিলমিলিয়া টোপনিৰ পৰা সাৰ পালো।
" May I come in "
ইলিজাৰভ ফিক্স'টৰেৰে জোৰাই থোৱা হাতখন কোনোমতে দাঙি বিচনাৰ পৰা উঠি বহিলোঁ। বন্ধ দুৱাৰখন ঠেলি মহিলাজনী ভেলোৰৰ খ্ৰীষ্টিয়ান মেডিকেল কলেজ হস্পিটেলৰ মই থকা M ৱাৰ্ডৰ ব্যক্তিগত কোঠাটোলৈ সোমাই আহিল ।
" I am sister Stella"
আকৰ্ষণীয় ব্যক্তিত্বৰ মানুহজনী। বয়স বোধহয় ত্ৰিশৰ দেওনা পাৰ হোৱা নাই। অথচ তেওঁ পিন্ধি থকা ধৰ্মীয় বেশভূষা, গাম্ভীৰ্য্যতা আৰু অনাবিল প্রশান্তি বিয়পি পৰা মুখখনে মানুহজনীৰ ব্যক্তিত্বক অন্য এক মাত্ৰা দিছিল। তেওঁৰ সেই শান্ত সমাহিত কণ্ঠস্বৰ যেন বহু দূৰ দিগন্তৰ পৰা ভাঁহি আহি মোৰ কাণত পৰিছিল।
ইয়াৰ আগেয়ে ভেলোৰৰ হস্পিটেলৰ সেই M ৱাৰ্ডত মইনো কেনেকৈ গৈ পালো প্ৰথমে কৈ লব লাগিব।
ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাত সন্মানখিনি বচাই ভালদৰে উত্তীৰ্ণ হৈ চাকৰি সূত্ৰে মই তেতিয়া পশ্চিম বংগৰ দূৰ্গাপূৰৰ বাসিন্দা । কাম কৰো ষ্টীল অথৰিটি নামৰ ৰাজহুৱা খণ্ডৰ বৃহৎ কোম্পানীটোত। প্ৰশাসনিক সেৱাৰ ভূত এটাই সৰুৰে পৰাই মাজে মাজে কামুৰি আছিল । প্ৰাথমিক পৰীক্ষাটো পাছ কৰি মূল পৰীক্ষাৰ প্ৰস্তুতিত ব্যস্ত । অফিচৰ পৰা ছুটি লৈ ৰমিলা থাপৰৰ ভাৰত বুৰঞ্জী খন পঢ়ি আছিলো সেইদিনা ।
" ঐ কবিৰাজ , আৰু কিমান কবিৰাজি কৰ !
Lets go out for a sleazy evening coffee"
জেয়ন্ত বাৰ্মা মোৰ নলে গলে লগা বন্ধু। সি তেতিয়াও বাইক কিনা নাই। গধূলিবোৰত প্ৰায়ে মোৰ বাইকত মনটো জীপাল কৰিবলৈ ওলাই যায়। কোম্পানীৰ প্রজেক্টৰ কামত অহা অনেক ৰুচ পৰিয়াল তেতিয়াও দুৰ্গাপূৰত বসবাস কৰিছিল। ষ্টীল মাৰ্কেটৰ বেকাৰী এখনত গধূলি ৰুচ ছোৱালীকেইজনীমান আহে। অপূৰ্ব সুন্দৰী ৰুচ ছোৱালীবোৰ । তানিয়া , এঞ্জেলিয়া ...এনে ধৰণৰ নাম আছিল কেইজনীমানৰ। বাৰ্মাৰ সেইখন বেকাৰীত কফি খোৱাৰ চখ একেলগে । মই নাযাওঁ, সিহে নেৰে । গধূলিৰ কফিৰ খৰচ লাগিলে সি দিব সেইদিনা ।
সেই যে ওলাই গলো, মোটামুটি ভৱলীলা সামৰিছিলোঁয়েই । বাইকৰ পৰা উফৰি বাছ এখনৰ তলি পালোগৈ আৰু মোৰ জীৱনক ন ন অভিজ্ঞতাৰে চহকী কৰিবলৈ বাছ খনৰ চকাটোৱে মৰমতে দুবাৰকৈ সোঁহাতখনতে চুমি থৈ গ'ল।
সোঁহাতৰ পৰা সিঁচৰিত হৈ পৰা মাংস আৰু তেজৰ মাজতো তিৰবিৰাই থকা বগা ৰঙৰ অস্থিৰ ভঙা টুকুৰাবোৰ লৈ যেতিয়া মই এম্বেচাদৰ গাড়ীৰ পিছৰ ছিটটোত বহিছিলোঁ , ঘটনাৰ আকস্মিকতাই যেন মোক পৰিৱৰ্তিত কৰিছিল দুখ ,কষ্ট অনুভৱ নকৰা এক যান্ত্ৰিক ৰবটলৈ। গাড়ীৰ জোকাৰণিত হাতখন ছিঙি নপৰিবলৈ আলফুলে ধৰি লৈছিলো, তেজৰ উষ্ম বোৱতী সোঁত এটা হাতৰ পৰা ক্ৰমাৎ বৈ গৈছিল কৰঙনলৈ।
হস্পিটেলৰ এটা কোঠাত কোনোবা এজনে কেচি চলাই এটাৰ পিছত এটাকৈ কাটি গৈছে দেহৰ সমস্ত কাপোৰ আৰু মই ....মই যেন ক্ৰমাৎ ধোঁৱাৰে আচ্ছন্ন এখন অকল্পনীয় জগতত প্ৰৱেশ কৰিবলৈ উদ্যত হৈছো। বোধহয় হেলুচিনেশ্যন হৈছিল। শৈশৱৰ স্কুলৰ বেগটো পিঠিত ওলোমাই পঢ়াশালীলৈ যোৱা মই জনক দেখিছিলো । এনেতে মায়ে পিছপিনৰ পৰা মাত দিছে - বাবা ...
"তোমাৰ অপেৰেশ্যন হৈ গ'ল। সকলো ঠিক হৈ যাব দেই। "
ডাক্তৰ মুখাৰ্জীৰ মাতখাৰ শুনিলোঁ। চেইল হস্পিটেলৰ ডাক্তৰ মুখাৰ্জীয়ে খুব সুন্দৰ অস্ত্ৰোপচাৰ কৰিছিল। তেজৰ বন্ধ হৈ যোৱা প্ৰবাহ তেওঁ পুনৰ বোৱাই দিছিল সমগ্ৰ হাতখনলৈ। ৰেদিয়েল নাৰ্ভ ডাল সম্পূৰ্ণ ভাবে ছিঙি গৈছিল । বাকী আলনাৰ আৰু মেডিয়ান দুডালৰ আংশিক ক্ষতি হৈছিল।
এজন ডাক্তৰৰ সফলতা মাথো তেওঁৰ ব্যক্তিগত অভিজ্ঞতা আৰু নিষ্ঠাৰ ফলাফল নহয়। সফলতাৰ আঁৰত লুকাই থাকে হস্পিটেলৰ অনেক স্বাস্থ্যকৰ্মীৰ অৱদান। এইখিনিয়ে এখন সাধাৰণ হস্পিটেলৰ পৰা বিশ্বমানৰ হস্পিটেলক পৃথক কৰে। মোৰ অভিজ্ঞতা হ'ল অন্য ভাবে।
সেই সময়ত ভেলোৰৰ
Hand Surgery বিভাগটো আছিল দেশৰ ভিতৰতে সৰ্বোত্তম।
Dr George Anderson আছিল হাতৰ যাদুকৰ। তেওঁ বিখ্যাত ব্ৰিটিছ ডাক্তৰ
Dr Paul Brand ৰ ছাত্র। এটা ব্ৰিটিছ পৰিয়ালত প'ল ব্ৰেণ্ডৰ জন্ম হয় ।ভাৰতবৰ্ষত তেতিয়া অনেক কুষ্ঠৰোগী । এওঁলোকৰ বেচিভাগৰে চিৰদিনৰ বাবে হাতবোৰ অকামিলা হৈ গৈছিল। ফলত সুস্থ হোৱাৰ পিছতো স্বাভাৱিক জীৱন নিৰ্বাহ সম্ভৱ নহৈছিল। এওঁলোকৰ দুৰ্দশাই ডেকা প'লক গভীৰ ভাবে প্ৰভাৱিত কৰিছিল। দেশ বিদেশৰ বিভিন্ন অভিজ্ঞতাৰে তেওঁ উলিয়াইছিল
Hand reconstructtive অস্ত্ৰোপচাৰৰ অনেক নতুন কৌশল। ভেলোৰত স্থাপন কৰিছিল দেশৰ প্ৰথমটো
Hand Reconstruction Surgery বিভাগ। কোম্পানীয়ে সিদ্ধান্ত ললে মই ভেলোৰলৈ যাম।
দুৰ্গাপূৰত প্ৰাৰম্ভিক সফল অস্ত্ৰোপচাৰৰ পিছত মই যেতিয়া ভেলোৰৰ বিখ্যাত খ্ৰীষ্টিয়ান মেডিকেল কলেজ হস্পিটেলত উন্নত চিকিৎসাৰ বাবে ভৰ্তি হওঁ তেতিয়া দুৰ্গাপূৰৰ পৰা লগত কঢ়িয়াই আনিছিলোঁ দেহত
MRSA (Methicillin-Resistant Staphylococcus Aureus) সংক্ৰমণ, তেজত কিলবিলাই ফুৰিছিল হেপাটিটিছ বিৰ বীজাণু । সাধাৰণতে হস্পিটেলত পোৱা যায় MRSA নামৰ ভয়াবহ সংক্ৰমণবিধ । কোনো সাধাৰণ এন্টিবায়টিকে ইয়াক ৰোধ কৰিব নোৱাৰে। এই সংক্ৰমনে হাড়, মাংসপেশী এফালৰ পৰা যেন খাই আহিছিল। একমাত্ৰ ঔষধ আছিল ভেংক'মাইচিন নামৰ শক্তিশালী ঔষধটো। কিন্তু এই ঔষধৰ পাৰ্শ্বক্ৰিয়া ইমানেই বেয়া যে ইয়াৰ প্ৰয়োগে মোৰ বৃক্কদুটাক সাময়িক ভাবে বিকল কৰি দেহত ৰাসায়নিক দ্ৰব্যৰ ভাৰসাম্যতা বিঘ্নিত কৰি পেলালে। ইয়াৰ উপৰি শ্বাসনলী প্ৰায় বন্ধ কৰি দিয়াৰ উপৰি তেজত কেলচিয়াম পৰিমাণ অত্যাধিক ভাবে কমাই তুলি এটা ৰাতি মোক একেবাৰে ICU লৈ টানি নিলে।
ডক্তৰ টাইটাছে এদিন মোক কৈ গ'ল - যদি ঔষধে কাম নকৰে , তেওঁলোকে গোটেই শৰীৰত সংক্ৰমণ বিয়পি নপৰিবলৈ বোধহয় হাতখন কাটিব লাগিব। গতিকে চোকা ঔষধ দিয়াৰ বাহিৰে অন্য উপায় নাই। ইপিনে অস্ত্ৰোপচাৰৰ সময়ত দুৰ্গাপূৰত দিয়া তেজৰ লগত হেপাটিটিছ বিৰ বীজাণুয়ে মোৰ শৰীৰৰ ৰক্ত কণিকাৰ লগত মিহলি হৈ যকৃতত বাহৰ পাতিছিল।
তেনে এটি সময়তে চিষ্টাৰ ষ্টেলাৰ প্ৰদাৰ্পন মোৰ কোঠাত।
"ভগৱানে আপোনাৰ মঙ্গল কৰক । আপোনাৰ বাবে প্ৰভু যিশুৰ ওচৰত মই প্ৰাৰ্থনা কৰিবলৈ আহিছো।"
কোনোবা এটা ইভানজেলিকেল চচাইটিৰ পৰা আহিছে চিষ্টাৰ ষ্টেলা। মায়ে হস্পিটেলৰ গীৰ্জাঘৰত মোৰ মংগলৰ বাবে মম জ্বলাবলৈ যাওঁতে গীৰ্জাৰ বাহিৰত অপেক্ষা কৰা সময়ত চচাইটিৰ পুস্তিকা কেইখনমানত চকু ফুৰাইছিলো। প্ৰভু যিশুৰ বাণীক বিশ্ব বাসীৰ মাজত বিলাই দিয়াৰ মহৎ উদ্দেশ্য তেওঁলোকৰ। কোনোবা এখন পুস্তিকাত নতুন
contact person সকলৰ নাম আৰু ফোন নম্বৰবোৰ আছিল। বুজিলোঁ উদ্দেশ্য যিমান মহান নহওঁক , সাধাৰণ ভাষাত সেয়া আছিল মানুহৰ মাজত খৃষ্টীয়ান ধৰ্মৰ প্ৰসাৰ কৰা। এনেবোৰ সংগঠনৰ প্ৰতি থকা মোৰ স্বাভাৱিক বিৰক্তি নেওচি ভদ্ৰতাৰ খাতিৰত চিষ্টাৰ ষ্টেলাক ধন্যবাদ জনাই বহিবলৈ অনুৰোধ কৰিলোঁ।
কেৰেলাৰ মালাবৰ উপকণ্ঠৰ সমূদ্ৰতীৰৰ এখন সৰু গাঁৱৰ বাসিন্দা ষ্টেলা ভাৰগিজ। দেউতাকে কাম কৰিছিল ভাৰতীয় ৰেলত। এংলো ইণ্ডিয়ান মাক আৰু মালয়লী দেউতাকৰ চতুৰ্থ সন্তান। দেউতাকৰ লগত দক্ষিণ ভাৰতৰ বিভিন্ন ঠাইত জীৱনৰ 15 টা বছৰ পাৰ কৰিছে। ট্ৰভানক'ৰ বিশ্ববিদ্যালয়ৰ পৰা সমাজ বিজ্ঞান বিভাগৰ এম. এ পাছ কৰিছে। সৰুৰে পৰা ধৰ্মীয় পৰিবেশৰ মাজত ডাঙৰ হোৱা। মাক ঢুকোৱাৰ পিছত প্ৰভু যিশুৰ বাণীতে জীৱনৰ অৰ্থ বিচাৰি ষ্টেলা ভাৰগিজ হৈ পৰিল চিষ্টাৰ ষ্টেলা। খৃষ্টীয়ান নানৰূপে যিশুৰ বাণী শুনাই আৰ্তজনক ।
প্ৰতিজন মানুহ একো একোখন ভিন্ন পৃথিৱী। মানুহৰ এই বিবিধতাই মোক আকৰ্ষিত কৰে মানুহৰ ওচৰ চাপিবলৈ , নতুন এক পৃথিৱীৰ সন্ধানত।
বোধহয় মোৰ সংগ্ৰামৰ সময়খিনিত তেওঁ অন্তৰৰ পৰা মোৰ বাবে প্ৰভুৰ আশীৰ্বাদৰ প্ৰয়োজন অনুভৱ কৰিছিল। সেইবাবেই প্ৰথমদিনা অহাৰ কেইদিনমান পিছত তেওঁ আকৌ আহিছিল। ধেমালিৰ চলেৰে চিষ্টাৰ ষ্টেলাক সেইদিনা ক'লো - " মই তথাকথিত ধৰ্ম নমনা মানুহ, ডিঙিত তৰোৱাল লগাই দিলেও লাভ নাই ..
I am a Hindu till the last breadth "
তেওঁ সুধিছিল - মই ব্ৰাহ্মণ নেকি !
মই কৈছিলোঁ মই ধাৰ্মিক নহয়, কিন্তু আধ্যাত্মিকতাবাদ মোৰ জীৱনৰ সাধনা। প্ৰচলিত ধৰ্মীয় আচাৰ , নীতি নিয়মৰ পালন নকৰাকৈ পাঁচ হাজাৰ বছৰীয়া হিন্দু সংস্কৃতিৰ মই এক অভিন্ন সত্বা। সেইবাবেই ধৰ্মীয় ৰীতি নীতি পালন নকৰাকৈও মই এজন হিন্দু। ধৰ্ম আৰু আধ্যাত্মিকতাবাদৰ পৃথকীকৰণ তেওঁ সহজে বুজা নাছিল ।
আধ্যাত্মিকতাবাদ নথকা ধাৰ্মিক মানুহৰ প্ৰতি মই আকৰ্ষণ অনুভৱ নকৰোঁ। মই কৈছিলোঁ - আপুনি বিশ্বাস কৰাৰ দৰে পৃথিৱীত পাপৰ বোজা লৈ মই ধৰালৈ অহা নাই। জীৱন মোৰ বাবে চিৰসুন্দৰ , এক অনুপম অনুভৱ, এক অভিনৱ যাত্ৰা । মোৰ এই বেয়া দিনটো , এই ভাৱধাৰাই মোৰ সাহস, জীয়াই থকাৰ প্ৰেৰণা। আদি শঙ্কৰাচাৰ্য্যৰ অদ্বৈতবাদ মই পঢ়িছোঁ, বিবেকানন্দও পঢ়িছোঁ । যেতিয়াই নিৰাশাই জীৱনক হতাশাগ্ৰস্ত কৰি তোলে , আজিও মই বিবেকানন্দৰ সেই বিখ্যাত উক্তি আওৰাও -
The world is enjoyed by the heroes , be a hero ।
Yes, I am a hero.
ভেলোৰৰ হস্পিটেলত থকা সময়খিনিত তেওঁ বহুবাৰ মোৰ খবৰ লবলৈ আহিছিল। তেতিয়ামানে তেওঁ মোক খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত কৰাৰ কিবা যদি সামন্যতমো আশা ৰাখিছিল, বোধহয় একেবাৰে পাহৰি গৈছিল। তেওঁ মোৰ বাবে যথেষ্ট সময় লৈ আহিছিল। তেওঁৰ পৰা শুনিছিলো মালাবৰ উপকূলৰ সমূদ্ৰতীৰৰ গাঁৱত তেওঁলোকৰ শৈশৱৰ কথা , দেউতাকৰ লগত লাম লাকটু বান্ধি কটোৱা সৰু ডাঙৰ ঠাইবোৰৰ অনেক গল্প, মাকক হেৰুৱাৰ বেদনাগধুৰ কঠিন সময়খিনিৰ কথা , যৌৱনৰ স্বপ্ন। মই আছিলোঁ আগ্ৰহী শ্ৰোতা। আগ্ৰহী শ্রোতাৰ সমুখত নিজক পৃথিৱীখন উন্মুক্ত কৰাৰ এক গভীৰ তৃপ্তিবোধ আছে । মোৰ আগ্ৰহে বোধহয় তেওঁক চিষ্টাৰ ষ্টেলাৰ পৰা আকৌ ষ্টেলা ভাৰগিজ কৰি তুলিছিল।
"
Mr. Medhi আজিলৈ আহো। অহাবাৰ আপোনাৰ পৰা শুনিম গঙ্গা নদীৰ পাৰে পাৰে গঢ়ি উঠা প্ৰাচীন আৰ্য্য সভ্যতাৰ কাহিনী ।"
ভাৰতৰ ইতিহাস , সংস্কৃতিৰ লগত তেওঁৰ পৰিচয় আছিল নগণ্য, যি পঢ়িছিল সেয়া আছিল মাথো স্কুল কলেজৰ দেওনা পাৰ হোৱাৰ আহিলা। কিন্তু মোৰ দৰে তেওঁও আছিল আগ্ৰহী শ্ৰোতা। প্ৰাচীন সিন্ধু সভ্যতাৰ পৰা আৰ্য্য সভ্যতালৈ , সাংস্কৃতিৰ উত্তৰণৰ কত কাহিনী মই তেওঁক কোৱা নাছিলোঁ। নাঙলৰ আৱিষ্কাৰৰ লগে লগে সভ্যতাৰ প্ৰগতিৰ চকা ত্বৰান্বিত হোৱাৰ কথা শুনি তেওঁ আচৰিত হৈছিল । পুলকিত হৈ তেওঁ কৈছিল - আকৌ আহিম, আকৌ আহিম । আমাৰ দেশৰ এই অযুত কাহিনী আপোনাৰ মুখেৰে শুনিম ....You are such a master story teller ।
মই কওঁ - আপুনি এদিন যদি নিজৰ বিষয়ে লিখে এখন ৰচনা লিখিব -
My evenings with a story teller in Vellore ।
দুবছৰ ভেলোৰৰ হস্পিটেলত থাকি সুস্থ হৈ ওলাই অহাৰ সময় আহিল। 1999 ৰ ছেপ্টেম্বৰ মাহত হস্পিটেলখনত যি সোমাইছিলো , একেবাৰে ছুটি পালো 2001 ৰ এপ্ৰিল মাহত। চিষ্টাৰ ষ্টেলাক মাজতে চাৰিমাহ মান লগ পোৱা নাই । কাহিনী শুনি ভাল পোৱা মানুহজনী ক'ত নোহোৱা হ'ল !
ভেলোৰ হস্পিটেলৰ মুখ্য দুৱাৰৰ কাষতে আকৌ লগ পালোঁ চিষ্টাৰ ষ্টেলাক। তেওঁক অভিবাদন জনোৱাৰ পিছত ক'লো -
Long time, no see. Where are you lost Sister ....কাইলৈ যামগৈ । মোৰ বাবে প্ৰাৰ্থনা কৰিব আৰু কাহানিও উভতি আহিব নালাগে যেন ।
দীঘলীয়া আবেলিবোৰত তেওঁক লগ পোৱা সময়খিনিত মাজে মাজে সৰু ছোৱালীৰ দৰে উৎসুক হৈ পৰা ষ্টেলা ভাৰগিজজনী তেতিয়া নাছিল তেওঁ। কান্ধত গুৰু সামাজিক আৰু ধাৰ্মিক দায়িত্ববোধে । মাইছোৰৰ কোনোবা এখন মিছনেৰী স্কুলৰ শিক্ষকতাৰ দায়িত্ব দিছে তেওঁৰ।
"
What do you take home from here Mr. Medhi ?" তেওঁ সুধিছিল।
" চিষ্টাৰ ষ্টেলা , গানৰ কেচেটৰ ৰিলবোৰ টেপ ৰেকৰ্ডাৰত ফচি যোৱা দেখিছে নিশ্চয় ! যিখিনি অংশ বেয়া হয় সেইখিনি ফাষ্ট ফৰৱাৰ্ড কৰি দিও , ভালখিনিৰ পৰা আকৌ বাজিবলৈ ধৰে। জীৱনৰ এই দুটা বছৰ ফাষ্ট ফৰৱাৰ্ড কৰি দিম বুলিয়ে ভাবিছিলোঁ। পিছে.....এতিয়া সলনি হৈছে চিন্তাধাৰা " মই ক'লো।
"
What's the changed perspective, if you don't mind ?"
" হয় এতিয়া সলনি হৈছে । ভাবিছো যিখিনি ৰিলটোৰ বেয়া হৈছে , সেইখিনিও চি চিয়াই বাজকচোন । অপেক্ষাই সময়ক মধুৰ কৰে। অপেক্ষাৰ অন্তত আকৌ সেই হৃদয়ৰ কঁপাই যোৱা গীতবোৰ বাজি উঠিব নহয়। চি চিযাই বজা সময়খিনিও জীৱনৰ সম্পদ কিন্তু ।"
চিষ্টাৰ ষ্টেলাক বিদায় জনাই মূল দুৱাৰৰে ওলাই আহিছো বাহিৰৰ পৃথিৱীখনলৈ। হাতখনৰ স্থবিৰ হৈ পৰা আঙুলীবোৰে আকৌ ঘুৰাই পাইছে স্বাভাবিক ছন্দ। দেহৰ ধমণিত ঘুৰি ফুৰা হেপাটিটিছ বিয়ে কেতিয়াবাই অন্য পথ পোনাইছে। পিছৰ পৰা চিষ্টাৰ ষ্টেলাৰ মাত শুনা যেন লাগিল
"
Mr. Medhi ..."
হয় , চিষ্টাৰ ষ্টেলাই হয়। তেওঁ আগুৱাই আহিল ।
"
Mr Medhi ..Thank you for the wonderful time and long conversations we had. You are a noble soul and a master story teller.
I want to tell you faith makes life bearable, বিশ্বাসে জীৱনটোক সহনীয়া কৰি তোলে বিশেষকৈ আমাৰ দৰে দুৰ্বল মানুহবোৰৰ বাবে।
Faith may be another form of escapism , but it makes life easier and Godly. ঈশ্বৰে আপোনাক কুশলে ৰাখক।"
তেওঁক ক'লো "
Yes Sister Stella , if faith makes you feel Godly, you are truly a blessed soul "
ভেলোৰৰ পৰা ওলাই পুনৰ আহি পালো দুৰ্গাপূৰ।লাহে লাহে দুৰ্গাপূৰ মোৰ বাবে একেবাৰে অসহনীয় হৈ পৰিছিল। বাৰ্মাই তেতিয়া ষ্টীল কোম্পানীৰ চাকৰি এৰি লণ্ডনলৈ গুচি গৈছিল। বহুবোৰ বন্ধুয়েই তেতিয়া এৰি গৈছে দুৰ্গাপূৰ।
চাকৰিৰ পৰা পদত্যাগ পত্ৰ দি ওলাই আহিলো । এদিন পিঠিত বেগ এটা লৈ সেই একেটা ৰেল ষ্টেচনতে দুৰ্গাপূৰলৈ আহিছিলো । আহিবৰ সময়ত ৰেলৰ ষ্টেচনবোৰৰ নামবোৰ পঢ়ি আহিছিলো। সেই নামবোৰকে আকৌ এবাৰ পঢ়ি গ'লো, মাথো বিপৰীত ক্ৰমত।
2001 ৰ পৰা প্ৰায় 19 বছৰ পাৰ হ'ল। চিষ্টাৰ ষ্টেলাক পুনৰাই আৰু লগ পোৱা নাই। কৰবাত এইবাৰ লগ পালে আকৌ এবাৰ জোকাম - "সৰ্বশক্তিমান যিশুৰ প্রিয় পোপৰ চহৰ ভেটিকান ইটালীৰ ৰোমতেই অৱস্থিত। তাতেই আকৌ কৰ'না ভাইৰাছৰ উপদ্ৰৱ কিদৰে সম্ভৱ চিষ্টাৰ ষ্টেলা !"
You can contact Kamaljit at kamaljitmedhi1975@gmail.com