Sunday, May 3, 2026

মায়া

জীৱনৰ প্ৰথম দুটা দশকত হাজো আৰু গুৱাহাটীৰ বাহিৰখন দেখাৰ সৌভাগ্য নহলেও , নিয়তিৰ কৃপাত পিছৰ তিনিটা দশকত দেশৰ বিভিন্ন চহৰত সময় অতিবাহিত কৰিলো। সেই ঠাইবোৰৰ, মানুহবোৰৰ, শত সহস্ৰ স্মৃতি গোটালো। ঠাই এখন এৰাৰ সময়ত ভাব হয়, আকৌ কেতিয়াবা এই জীৱনত উভতি অহা হবনে ! কতজনক কোৱা হয় " আকৌ আহিম এদিন , লগ পাম, মনৰ কথা পাতিম" । কিন্তু সেয়া সম্ভৱ হৈ নুঠে । জীৱনপথত দায়িত্বৰ কত মেটমৰা বোজা । সেইবোৰ চম্ভালি থাকোঁতেই সময় শেষ হয় । সকলো সামৰিবৰ হয় ।

দুদিনমানৰ আগেয়ে শ্ৰীমতীক উৎসাহেৰে কলো " নিজৰ গাড়ী লৈ কলিকতালৈ যাওঁ বলা । তাৰপৰা দুদিনমান মন্দাৰমণিৰ সাগৰৰ পাৰত থাকি, বাকীখিনি সময় দুৰ্গাপুৰত কটাম ।"

দুৰ্গাপুৰত মোৰ চিনাকিসকল লাহে লাহে নোহোৱা হৈছে । কিছুলোকে এই জগতৰ মায়া এৰিলে, অনেকে অৱসৰৰ পিছত নিজৰ ঘৰলৈ উভতি গৈছে । মোৰ লগৰ অধিকাংশ বদলি হৈ অন্য চহৰলৈ আঁতৰি গৈছে । কিছু বছৰৰ অন্তত মোৰ বাবে সেইখন চহৰ হৈ পৰিব অতীতৰ এসোপা স্মৃতি আৰু আচহুৱা, অপৰিচিত ।

মই ক'লো - "পাৰিলে দুদিনমান দাৰ্জিলিং নহলে গেংটক ত থাকিবা নেকি ? "

ৰটাৰী ক্লাৱৰ এখন কনফাৰেন্স উপলক্ষে মই আৰু পৰিবাৰে এবাৰ চাৰিদিন গেংটকত থাকিছিলো। ডিচেম্বৰ মাহৰ মাজভাগ । বৰ জাৰ পৰিছিল গেংটক চহৰত । দুই পুত্ৰক গৰম কাপোৰেৰে ঢাকি আমি নাথুলা পাছৰ পৰা সেইবাৰ কাঞ্চনজঙ্ঘাৰ অপৰূপ সৌন্দৰ্য্য চাইছিলো ।

শ্ৰীমতীয়ে ভাল বুলি শলাগিলে । সুধিলে - সময় কিমান লাগিব !

হিচাপ কৰি দেখিলো প্ৰায় দহ দিনমান লাগিব । উৎসাহত যতি পৰিল । ইমানদিন ছুটি মই নাপাম । পালেও , ইমানদিনৰ ছুটিত পৰিবাৰ, দুই পুত্ৰই মোৰ স্মৃতি বিজৰিত ঠাইবোৰলৈ যোৱাতকৈ অন্য ঠাইলৈ যাবলৈ বিচাৰিব পাৰে, সিহঁতৰ স্কুল, কলেজ বন্ধ নহ'ব..... মুঠতে হিচাপ নিমিলাৰ সম্ভাৱনাই অধিক ।

সেইবাবেই কেতিয়াবা চাকৰিৰ পৰা অৱসৰ লোৱা সকলক দেখি হিংসা হয় । নব্বৈৰ দশকত কলেজলৈ যোৱা লোকৰ বাবে দেশৰ অৰ্থনীতিৰ যি বিপুল পৰিবৰ্তন , সেই পৰিবৰ্তনৰ অংশীদাৰ হৈ পঞ্চাছ বছৰত আৰ্থিকভাৱে স্বাধীন হোৱাৰ পূৰ্ণ সুযোগ আছিল । আমিবোৰে লব নোৱাৰিলো । এতিয়া দুখ কৰি লাভ কি ! ষাঠি বছৰলৈ এনেদৰে থাকিব লাগিব । মাহৰ শেষত দৰমহা আহিব, ঘৰৰ চৌকা জ্বলিব ....আৰু যেতিয়া সময় আহিব, ধন আহিব, তেতিয়া শৰীৰ নাথাকে । এয়াই কম প্ৰতিভাৰ মধ্যবিত্তীয় জীৱন !

বোকাৰো, ৰুৰকেল্লা, জামচেদপুৰ, ৰাচী আদি ঠাইবোৰলৈ বোধহয় জীৱনত দ্বিতীয়বাৰ আৰু যোৱা নহ'ব !

আজি ৰাতিপুৱা শ্ৰীমতীক ৰাচী ভ্ৰমণৰ কথাবোৰ কৈ আছিলো । মোবাইলৰ যুগৰ আগৰ সময় । শৰৎ আৰু শীতৰ দোমোজাৰ আমেজভৰা সময় সেয়া । আচলতে জীৱনৰ সেই সময়খিনিত মাথো অপাৰ আনন্দ , আৱেগ আৰু উৎসাহৰ আতিশয্যত একাকাৰ বৰ্তমান, ভৱিষ্যত ।

চাইনীৰ মাহীয়েক থাকে ৰাচীত । চাইনী , দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা তাৰ যঁজা ভনীয়েক আৰু মই , তিনিও সেইবাৰ ফুৰিবলৈ গৈছিলোঁ । চাইনীৰ দেউতাক তেতিয়া টাটা ষ্টীলৰ উচ্চপদস্থ বিষয়া । থাকে জামছেদপুৰৰ কোম্পানী কোৱাৰ্টাৰত । মহাকে বোধহয় মেকন নামৰ কোম্পানীটোত চাকৰি কৰিছিল । মহেন্দ্ৰ সিং ধোনীয়ে বিখ্যাত কৰি তোলাৰ পূৰ্বৰ ৰাচী চহৰ তেতিয়া বিহাৰ ৰাজ্যৰ ভিতৰত । সেউজ আৰু শান্ত ৰাচী চহৰখনে আমাক তিনিওকে অশান্ত কৰি তুলিছিল , যেতিয়া দেখিলো মাহীয়েকৰ ঘৰত ওলমি আছিল এটা প্ৰকাণ্ড তলা ।

দেৱালীৰ বন্ধত মহাক, মাহীয়েক পুৰীলৈ গ'ল আৰু সেই চাইনী বপুৰাই মাহীয়েকক "ছাৰপ্ৰাইজ" দিবলৈ গৈ নিজেই " ছাৰপ্ৰাইজড" হোৱাৰ লগতে আমাৰ দুটাকো তাৰ ভাগ দিছে ।

এঘণ্টামানৰ মুৰত কেইবাটাও ফোনৰ পিছত মাহীয়েকে দি থৈ যোৱা ঘৰৰ চাবি প্ৰতিৱেশীৰ পৰা সংগ্ৰহ কৰা হল । চাইনীৰ মাহীয়েকৰ লগতো কথা হ'ল । মাহীয়েকৰ ফুলনি কৰাৰ বৰ চখ ! কিমান প্ৰজাতিৰ বনচাই , ফুলৰে ভৰা কেম্পাচ । ভিতৰত থকা টাব কেইটাত মাজে মাজে পানী দিবলৈ ঘৰৰ চাবি দি থৈ গৈছিল প্ৰতিৱেশীক । তেওঁৰ সেই চখটোৰ বাবেই আমিও ৰাচী চহৰত ভগনীয়া হোৱাৰ পৰা উদ্ধাৰ পালোঁ !

কিযে আনন্দৰ দিন আছিল ! চাইনী মস্ত কথা চহকী , ভনীয়েক সোহনা অলপ গম্ভীৰ কিন্তু সপ্ৰতিভ । আমি দিনটো বিভিন্ন ঠাই ঘুৰি ফুৰো । ভাৰা কৰা এম্বেছাদৰত তিনিও দূৰৰ জলপ্ৰপাত এটা চাবলৈ গৈছিলোঁ । গৈ দেখোঁ , শীৰ্ণ পানীৰ সোঁত এটা । তেনে জলপ্ৰপাত বাৰিষা আমাৰ শ্বিলং চেৰাপুঞ্জীত কত কিমান আছে ঠিক নাই ! উভতি অহাৰ সময়ত সি উৎসাহেৰে ক'লে - "চা চা এইখনেই হৈছে এই চহৰৰ মুখ্য আকৰ্ষণ! এইখনলৈ তোৰ দৰে এবষ্ট্ৰেক্ট থিংকিং কৰা মানুহবোৰ আহে !"

সেইখন আছিল ৰাচী চহৰৰ বিখ্যাত মানসিক ৰোগৰ চিকিৎসালয় ।

নিশাৰ আহাৰ তৈয়াৰ কৰিবলৈ কেতিয়াবা সিহঁত দুটাই পাচলি কাটিবলৈ মোক পাচে । মই কটা বিলাহীৰ বিধ্বস্ত ৰূপ দেখি সোহানাই ক'লে -" তুমি কিটচেনত একো কৰিব নালাগে । বেলকনিত বহি বাহিৰৰ দৃশ্য চোৱা, কবিতা লিখা, নহলে ৱাকমেনত গান শুনা ।"

সোহানাই এদিন কৈছিল - "কমলজিত , বিয়া পতাৰ সময়ত অলপ সাৱধান হবা ...এনে মহাৰাজ টাইপ থাকিব বিচাৰিলে, একেদিনাই তোমাক দিভৰ্চ দি দুচি যাব যে খাটাং !"

সেইবাবেই বোধহয় অনেক চিন্তা ভাৱনাৰ মুৰত শ্ৰীমতীক পাইছিলোঁ।

গণি চালো প্ৰায় উনত্ৰিশ বছৰৰ আগৰ সময় সেইখিনি। এনে লাগে যেন সেইদিনাৰহে কথা ! শেষ শৰতৰ নিৰ্মল আকাশ, ৰাতিপুৱাৰ ৰ'দত জলমলাই থকা নিবিড় অৰণ্য , সৰ্পিল পথটো , শান্ত ৰাচীচহৰ প্ৰান্তত অনাই বনাই ঘুৰি ফুৰা তিনিটা প্ৰাণ , সমস্ত পৃথিৱী ৰঙীন দেখা চঞ্চল আকুলতা , হৃদয়ত উপচি পৰা আনন্দ আৰু সপোন !

চাইনী আছিল অধৈৰ্য্য... যেনি যোৱাৰ মন সকলো এৰি গুচি যায় । সেইবাবেই বোধহয় পৃথিৱীয়ে তাক আমুৱালে । মলিনতাৰ এচিকুট নথকা, সীমাহীন প্ৰাণচাঞ্চল্যৰ সৰগত চাগে প্ৰয়োজন বেছি আছিল! সেইবাবেই সি সোনকালে আঁতৰি গল!

এবাৰ আমাৰ কোম্পানীৰ গুৰগাৱত থকা পেট্ৰলিয়াম ইনষ্টিটিউটত ডেৰমাহৰ দীঘলীয়া ট্ৰেইনিং এটা কৰিবলৈ গৈছিলো । পোন্ধৰ বছৰ আগৰ কথা।অন্য এজন বন্ধুৰ পৰা জানিব পাৰিছিলো আমি থকা ঠাইখিনিৰ একেবাৰে ওচৰতে হেনো থাকে সোহনা । সংসাৰ আৰু চাকৰিত ব্যস্ত জীৱন। এদিন তাইক লগ কৰিবলৈ গৈ সিহঁতৰ এপাৰ্টমেণ্টৰ একেবাৰে ওচৰৰ পৰা লগ নকৰাকৈ উভতি আহিছিলো ।

কিছু অতীত , অতীত হিচাপেই ভাল লাগে । কোনো এক অলস দেওবাৰৰ আবেলিৰ হৰ্ষ বিষাদৰ অনাবিল অনুভৱতেই চাগে সেই অতীতবোৰ মায়াময় । সিহঁতৰ বাবে বৰ্তমান এক আচহুৱা বাস্তৱ ।

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

No comments: