Sunday, May 5, 2019

সেই চিনাকি মুখবোৰ (2)

পৃথিৱীৰ লগত মিলি থকা দিগন্তৰ শেষ সীমালৈ বিস্তৃত বহাগৰ পথাৰখনত মাথো সেউজীয়া আৰু সেউজীয়া । বহাগী আকাশখন কলীয়া ডাৱৰে ওন্দোলাই আনিছে । দূৰ দিগন্ত আৰু ডাৱৰবোৰৰ মাজৰ অকাশখনিত তেতিয়াও পোহৰৰ ৰিং এটা আছে । তাৰেই মাজেদি আবেলিৰ স্তিমিত বেলিৰ এচেৰঙা ৰ'দ আহি দূৰৰ গছবোৰৰ গাত পৰিছে। তেনে এটি আবেলি, প্ৰায় জনশূন্য পথাৰ খনত এটা সাত বছৰীয়া শিশুয়ে গাইজনীৰ দৰখ ডালত টানি প্ৰাণপনে ঘৰমুৱা কৰিবলৈ চেষ্টা কৰিছে। গাইজনীও নাচোৰবান্দা। পথাৰখন নেৰাৰ পণ।এচাটি বতাহে ল'ৰাটোৰ চুলিবোৰ নচুৱাই আছে। দূৰত শিশুটোৰ মাক ৰৈ আছে । দুচকুত প্রানাধিক পুত্ৰৰ প্ৰতি উথলি উঠা মমতা । 

“ আহ , বেগাই আহ। তোক কোনে ইয়ালৈ আহিব কৈছিল ! ধুমুহা পাবহিয়েই আৰু ।” 

বতাহত মিশ্ৰিত গোন্ধ এটা নাকত লাগিছে। কোমল ঘাঁহনি গচকি শিশুটো আগুৱাই আহিছে মাকৰ ওচৰলৈ । পিছে পিছে গাইজনী।

কোনো কলা বিথিকাৰ স্থিৰ চিত্ৰ নহয় এইখন। মোৰ শৈশৱৰ অনেক জীয়া স্মৃতিৰ মাজত লুকাই থকা এৰি অহা দিনবোৰৰ এটা স্নেপশ্বটহে মাথো । 

দেউতাৰ কঢ়া শাসনত ঘৰৰ চাৰিসীমাৰ বাহিৰ ওলোৱাৰ সুবিধা বেচি নাছিল। তথাপি আমাক জীৱনৰ কিছু নতুন অভিজ্ঞতা লভিবকৈ সুবিধা কৰি দিয়াৰ বাবে বোধহয় মাজে মাজে তেওঁ শাসনৰ বাঘজৰী ডাল অলপ শিথিল কৰি দিছিল। শৈশৱত দুদিন দাদা এজনৰ লগত নদীত গা ধোৱাৰ অনুমতি পাইছিলোঁ। হাতত টকা এটা দি ফুটবল 'মেচ' ( match) কেইখনমান চাবলৈ অনুমতি দিছিল। সেইখিনি সময় আছিল মোৰ জীৱনৰ অমূল্য সম্পদ। 

ফুটৱল খেলচোৱাৰ কথা ওলালেই মনটো অতীতলৈ ঢপলিয়াই যায়। হাজো হায়াৰ চেকেণ্ডাৰী স্কুলৰ প্ৰকাণ্ড খেলপথাৰখনত ফুটবল খেল হয়। বৰদলৈ ট্ৰফীৰ প্ৰাৰম্ভিক লীগৰ অসম পুলিচৰ খেলো চাইছিলো সেইখন খেলপথাৰত। আমাৰ হাজো স্পৰ্টছ ইউনিয়নৰ দলটো তেতিয়া জাকত জিলিকা। ওচৰে পাজৰে বিভিন্ন খেলবোৰত প্ৰায়ে জিকে। মিন্টু আলীৰ দুৰ্ধৰ্ষ গলকিপিং, নৃপেন আঠপৰীয়াৰ ডিফেন্স, দীপকদা আৰু মণ্টু মামাৰ তীব্ৰ দৌৰ আৰু বল গ'লপোষ্টৰ ভিতৰত ...লগে লগে প্ৰায় দুইহাজাৰ মানুহৰ হৰ্ষল্লাস। কামৰূপ পুলিচৰ দলটো আছিল আকৌ মহা কুচুটীয়া। হাৰিব ধৰিলেই ফাউলত ধৰে। কেতিয়াবা উত্তেজিত জনতাৰ ওপৰত লাঠীও পৰে আৰু এইবোৰৰ মাজতে ৰেফাৰীয়ে তীব্ৰ বেগত জীৱন ৰক্ষাৰ দৌৰত খেলপথাৰ এৰে ! 

এই খেলবোৰৰ টিকটৰ হাৰ আছিল 25 পইচাৰ পৰা এটকা। আমাক ঘৰৰ পৰা আৰু এটকা দিছিল হাফ টাইমত কেঁচা বুট , ধনীয়া, জলকীয়া বা একপ্লেট ঘুগুনী খাবলৈ। পিচে যিদিনা খেলপথাৰৰ লগত লাগি থকা মানুহঘৰৰ জেওৰাৰ ওপৰেৰে বা মাজেৰে সৰকি খেলপথাৰত সোমাব পাৰিলো, সেইদিনা টিকটৰ পইচাটো আছিল আমাৰ বাবে বনাচ। 

ফুটবল খেল, থিয়েটাৰ আহিলে সৰু এখন মেজত কেঁচা বুট, ভজা বুট, ঘুগুনী বেচা এজন এতিয়া হাজোৰ সন্মানীয় চহকী ব্যৱসায়ী।

এনেকুৱা এখন খেলেই চলি আছিল সেইদিনা। মায়ে মোক দহ নে পোন্ধৰটকা দিছিল বজাৰৰ পৰা বিস্ময় আৰু বোধহয় ৰংঘৰ নামৰ আলোচনী দুখন কিনিবলৈ। মই লাগি গলো ফুটবল চোৱাত। বৰষুণত তিতি বুৰি একাকাৰ হলোঁ। বৰপেটা ক্ৰীড়া একাদশ আৰু চন্দ্ৰপুৰ থাৰ্মেলৰ খেল তীব্ৰ প্ৰতিদ্বন্দিতাৰ মুৰত 1-1 ফলাফলত শেষ হল। তিতি বুৰি, পেণ্টত বোকাৰ কলাজলৈ আন্ধাৰ হোৱাৰ পিছত যেতিয়া বিস্ময় আৰু ৰংঘৰদুখন লৈ ঘৰ সোমালো, মায়ে খঙত সেইদিনা গালদুখন কেইবাবাৰো চুই দিছিল । 

পাৰ হোৱা সময়ৰ কথাবোৰ লিখিবলৈ গলে এয়াই সমস্যা। ইমানবোৰ কথা মনলৈ আহে , কি লিখিম , কত এৰিম ! তিৰাশীৰ অসম আন্দোলনৰ দিনবোৰত মোৰ বয়স আছিল সাত নে আঠ। পুৱা গধূলি পঢ়া মেজত নিয়মীয়াকৈ বহাৰ আদেশ তেতিয়া কাৰ্যকৰী হৈ গৈছিল। মাজে মাজে মুক্ত জীৱনৰ সোৱাদ পাইছিলোঁ মামাহতঁৰ বা পেহীৰ ঘৰত। কিন্তু তিৰাশীৰ আন্দোলনে হঠাৎ আমাৰ জীৱনবোৰলৈ লৈ আহিল শৈশৱৰ অবাধ স্বাধীনতা , মুক্ত বন্যতা। 

আন্দোলনৰ কিছু সময়ত আমি ৰাতি নিজৰ ঘৰত নাথাকি বৰদেউতাহতৰ ঘৰত আছিলোঁ। বোধহয় ছাত্ৰ সন্থাৰ পৰা দেউতাহঁতক নিজৰ ঘৰত থাকিবলৈ মানা কৰিছিল যাতে বলপূৰ্বক ভাবে নিৰ্বাচনৰ কামত নিয়োগ কৰিব নোৱাৰে। বৰদেউতাৰ ঘৰত দুখন বিচনা একে লগ কৰি আমাৰ ল’ৰা ছোৱালী কেইটাক শুবলৈ দিছিল। সবিতা বাইদেউ, কবিতা বাইদেউ, প্ৰাণৰ (মোৰ বাইদেউ আৰু ভাই, ইংৰাজীত কাজিন বুলি কও যে ) লগত মই আৰু ভন্টি । বিচনাত পৰিলেও আমাৰ সোনকালে টোপনি নাহিছিল। বাইদেউ দুজনী আমাতকৈ ডাঙৰ। বহু কথা জানে। ডাঙৰৰ পৰা শুনা আন্দোলনৰ কিছুমান উৰাবাতৰিৰ অপভ্রংশ আমাক শুনাইছিল। সেইবোৰ শুনি মনৰ ভিতৰত চিআৰপি আৰু "বঙাল" ৰ ভয় এটা সোমাইছিল। কিন্তু তাতকৈও ভয়লগা আছিল ভূতৰ ভয়। তথাপি ভূতৰ কাহিনী শুনিবলৈ বৰ হেঁপাহ। জাৰৰ দিন । ভূতৰ ভয়, শিহৰণ আৰু লেপৰ উম মিহলি হৈ কিযে এক বুজাব নোৱাৰা সুখানুভৱ ! দূৰত ফেঁচা এটাই হঠাৎ চিঞঁৰি উঠে। আমি ভয়ত লেপখন গাৰ পিনে টানি লওঁ। লেপৰ সিমুৰত থকাজনে চিঞৰি উঠে -" ইমানকৈ লেপখন কিয় টানিলি" । এইবাৰ সেইজনে লেপত টান দিয়ে। এইজনৰ গা উদং হয়।

বহাগৰ আসন্ন ধুমুহাৰ মাজত গৰু আনিব যোৱাৰ চিত্ৰ খনলৈ উভতি যাওঁ। সেইযে , বহাগৰ পথাৰৰ কোমল ঘাঁহবোৰ গচকাৰ আনন্দ লৈ নতুন ফুল, সেউজীয়া কুমলীয়া পাত, বৰষুণৰ মিশ্ৰিত মন মতলীয়া কৰা পথাৰৰ কোমল গোন্ধ এটা নাকত লাগিছিল , সেই মন মতলীয়া কৰা গোন্ধটো যেন আজিও হৃদয়ৰ কৰবাত লাগিয়েই আছে । এবাৰ মোৰ ল'ৰাটোক লৈ গৈছিলোঁ মোৰ শৈশৱৰ চিনাকিতেনে এজোপা গছৰ তলীলৈ। তাক কলো - "চোৱাচোন, বহাগৰ বতৰত কিমান ধুনীয়া হৈ যায় অসমৰ পৰিবেশ ! কিমান চৰাই গছত ! চকু দুটা মুদি , তুমি এবাৰ চৰাই মাতবোৰ আৰু বতাহজাক অনুভৱ কৰাচোন। কিমান ভাল লাগিব ! তোমাৰ বয়সত এইবোৰ মই কিমান ভাল পাইছিলোঁ।"

সি অবাক। ভাবিছে , আজি চাগে পাপাৰ কিবা মস্ত গণ্ডগোল হল। সি কলে - পাপা , কিবা এটা পঁচা গোন্ধ পাইছো । চৰাইবোৰে ওপৰৰ পৰা টয়লেট কৰিও দিব পাৰে। আমি যাওঁ নেকি ইয়াৰ পৰা।

মই বুজিলোঁ দুয়োৰে শৰীৰত প্ৰবাহিত তেজৰ সোঁত একে হলেও আমি দুটা আচলতে ভিন্ন যুগৰ প্ৰতিনিধি। 

আমাৰ সৰু পেহীৰ ঘৰলৈ যোৱাৰ অন্যতম আকৰ্ষণ আছিল বিশাল লুইতখন আৰু ওচৰৰ হাতীমুৰা পাহাৰখন, পাহাৰৰ পৰা ওলোৱা নিজৰা আৰু মন্দিৰটো । আবেলি গাঁৱৰ এজাক ল’ৰা ছোৱালীয়ে আমাক নদী দেখুৱাবলৈ লৈ যায়। লুইতখনৰ কি মোহনীয় ৰূপ ধৰা পৰিছিল আঠ ন বছৰৰ মোৰ কুমলীয়া মনত ! তন্ময় হৈ চাইছিলো। পাহাৰৰ নিজৰাৰ পানী চুই পোৱা মোৰ আনন্দ আৰু কৌতূহল দেখি ল’ৰা ছোৱালীৰ জাকটোৰো আনন্দ লাগিছিল। যিবোৰ অভিজ্ঞতা আছিল মোৰ বাবে অনন্য , সেইবোৰযে আছিল সিহঁতৰ দৈনন্দিন জীৱন।

পেহা আছিল অসম্ভৱ মাছ পাগল মানুহ। বৰশীৰে মাছ ধৰা নিচা তেওঁৰ। মাজে মাজে তেওঁ ধৰা প্ৰকাণ্ড বৰালি মাছৰ কিছু অংশ আমাৰ ঘৰলৈও পঠাইছিল। অফিচৰ পৰাও মাজে মাজে ছুটি লৈ বৰশী বাবলৈ যায়। মাছ ধৰাৰ কত কিমান কাহিনী ! আমি গৰমৰ দিনত গলে গধুলি পেহীয়ে বাহিৰত চোতালত ঢাৰি পাৰি দিয়ে। প্ৰকাণ্ড চোতালখন। মুৰৰ ওপৰত মুকলি আকাশ। আকাশত কত তৰাৰ জিলমিল। সাধুকথা, মাছৰ গল্প, ডাঙৰ বোৰৰ পুৰণি দিনৰ গল্প আৰু কোনোবা এজনী আইতাই বিচনী বাই থাকে আমাৰ বাবে। মানুহবোৰৰ প্ৰায়বোৰ ঘটনাৰ লগত চন তাৰিখৰ উল্লেখ নাথাকে। সেই বৰ ভূঁইকপ, ইন্দিৰা গান্ধীৰ ইমাৰজেঞ্চি বা কোনোবা ডাঙৰ বানপানীক ৰেফাৰেন্স হিচাপে ঘটনাবোৰ মানুহবোৰে মনত পেলায়। 

পেহাৰ আকৌ আলহী নহলে ভাল নালাগে। ভাত সাঁজৰ সোৱাদ নালাগে। বাটৰ মানুহৰ লগত উপযাচি চিনাকি হৈ নিমন্ত্ৰণ দিয়ে। তাতে যদি তেওঁৰ শহুৰৰ ঘৰৰ ওচৰৰ মানুহ হয়, ৰক্ষা নাই। ধৰি বান্ধি ভাত এসাঁজ খুৱাইহে মানুহক এৰিব। চাহৰ কেটেলিটো জুইৰ ওপৰত থাকেই। মাৰ পেহীলৈ চিন্তা হয় । " জোনাকী, তই ইমান আলহী শুধি থাকিলে ল'ৰা ছোৱালীৰ পঢ়া শুনা কেতিয়া চাবি !!" মাৰ চিন্তা হয়। 

আকৌ উভতি যাওঁ অন্য এক স্নেপশ্বটলৈ। জীৱনৰ বাটত কিছুদূৰ আগুৱাইছিলো বোধহয়। সেইদিনাও মই বাট পোনাইছোঁ লুইতৰ পিনে। বালি গচকি আগুৱাই গৈছোঁ। নদীৰ পাৰত গা ধুই থকা অবয়ব এটা দেখিছিলো চয়াময়াকৈ । পাৰ হৈ যাওঁ বুলিও যাব নোৱাৰিলোঁ। নদীৰ দেৱতাই পাইছিল নেকি সেইদিনা মোক। সময়খিনি স্থিৰ হৈ ৰৈছিল। মই জানিছিলোঁ, সেয়া সঠিক নাছিল। অথচ এক অজান পুলকে মোৰ শৰীৰক যেন বান্ধি ৰাখিছিল একেখিনি ঠাইতে , মোহাচ্ছন্ন কৰি ৰাখিছিল। মোক দেখি , তেওঁ তিতা কাপোৰেৰে নিজক লুকুৱাবৰ চেষ্টা কৰিছিল। নদীৰ দেৱতাৰ ক্ষণিক মোহগ্ৰস্থতা আঁতৰাই মই অহাবাটেৰে ওভতনি খোজ পেলাইছিলোঁ। শৈশৱ কৈশোৰক নেওচি কেতিয়াযে যৌৱনে সন্তৰ্পণে ভুমুকি মাৰিলে , গমকে নাপালোঁ। 

যোৱাবাৰ ঘৰলৈ যাওঁতে মায়ে পেহীৰ ঘৰলৈ যাবলৈ লগ ধৰিলে। শিল দিয়া গ্ৰেভেল ৰাস্তাটো ধৰি থাকিলেই পেহীৰ ঘৰ পাই যাওঁ। এতিয়া বহুবোৰ পকী ৰাস্তা হল। বাওঁপিনে যাওঁ নে সোপিনে যাওঁ , বাৰে বাৰে ৰাস্তা ভুল কৰো। GPS টো অন কৰি ললোঁ। এইখন মোৰ শৈশৱৰ হাতীমুৰা পাহাৰ। পাহাৰখনত কাৰোবাৰ নৃশংস হাতোৰাৰ আঁচোৰ পৰিছে। কাটি পেলোৱা পাহাৰৰ অংশবোৰৰ পৰা জিলিকি থকা ৰঙা মাটিবোৰ যেন মাটি নহয়, এডোঙা এডোঙা তেজহে । অবিৰাম গতিত চলিছে শিল ভঙা কামবোৰ। শিল ভঙাৰ ধাতৱ শব্দটো বুকুত লাগিছিল । বুকুখনৰ কৰবাত দুখ এটা উজাই আহিল। নিজৰাটো জীয়াই আছেনে ! কাৰোবাক সুধিছিলোঁ। আজিকালি হেনো মানুহৰ ঘৰতে খোৱা পানীৰ ব্যৱস্থা হল। নিজৰাৰ পানী নিবলৈ আহোতে বহা জীয়াৰী বোৱাৰীৰ মেলখন একেবাৰে ভাঙি গল। 

পেহীৰ ঘৰৰ সেই প্ৰকাণ্ড চোতালখনো ভাগ ভাগ হৈ গল। চোতালখনৰ বুকুত কেইবাখনো বাঁহৰ জেওৰা গজিল । চোতালখন যেন আমাৰ হেৰুৱা সময়খিনিৰ প্ৰতীক। সময়খিনিৰ প্ৰতিবিম্ব যেন দেখিছোঁ এখন খণ্ডিত দাপোনত। পেহাই আকাশৰ কৰবাত বোধহয় আজিও বৰহমপুত্ৰৰ কোনোবা ঘুলিত বৰশী পতাৰ গল্প কৰিছে। শৈশৱত দেখা পাহোৱাল মানুহবোৰৰ কঁকালবোৰ হালিছে। কোনোবা পুৰণি চিনাকি এজনে সেইদিনাও ওচৰৰ মিঠাইৰ দোকানৰ পৰা পতকৈ দুটামান গজা কাগজ এখনেৰে বান্ধি মোৰ হাতত সুমুৱাই দিছে - "সৰুতে তই খাই কিমান ভাল পাইছিলি , দেউতাৰেহে খাবলৈ নিদিছিল ।"

সময় সলনি হৈছে । একেই আছে মাথো পেহীৰ আৰু আৰু মানুহবোৰৰ মৰমকণ । 

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

সেই চিনাকি মুখবোৰ

মানুহজনক বেছিদিন লগ পোৱাৰ কথা মনত নপৰে। দেউতাৰ লগত মানুহজনৰ সম্পৰ্কই আছিল তেনেধৰণৰ । কিন্তু যিকেইদিন লগ পাইছিলোঁ , সেইকেইদিনতে মনত সাঁচ বহুৱাই যোৱাকৈ যথেষ্ট আছিল মানুহজন ।
মানুহজন আছিল দেউতাৰ নিজৰ মামা , বহুতৰ বাবে বিশ্বাসীবাবু। ধক ধকীয়া বগা ধুতি কুৰ্তা পিন্ধা দীঘল নাক, উজ্জ্বল বুদ্ধিদীপ্ত চকুৰ ভদ্ৰলোক । মই তেওঁক প্ৰথম লগপোৱাৰ সময়ত তেওঁৰ বয়স আছিল 70ৰ ওপৰত। কিন্তু মানুহজন আছিল অত্যন্ত সপ্ৰতিভ। চিগাৰেটটো হাতত লাগি থাকিছিল । একে ঠাইত স্থিৰ হৈ বহি থকা তেওঁৰ নিয়ম বিৰুদ্ধ কথা আছিল। মানুহজন কৃপন আছিল বুলি দেউতাৰ মুখত শুনিছিলো। মোক পিছে তেওঁলোকৰ ঘৰত বৰ মৰমেৰে ভাত এসাজ খুৱাইছিল। তেওঁলোকৰ ঘৰৰ মুগৰ দাইলখনৰ সোৱাদ আছিল অনন্য।
মানৰ আক্ৰমণৰ সময়ত হেনো দেউতাৰ মামাকহতঁৰ পৰিয়ালটো ভটিয়াই অসম এৰিবলৈ গৈ কামৰূপত ৰৈ গৈছিল। মামাকৰ মুখৰ আৰ্য্যমূলৰ চেহেৰাটো গোটেই কেইজন ভায়েকৰ ভিতৰত বেছিকৈ পাইছিল দেউতাই ।
দ্বিতীয় মহাসমৰৰ সময়ত তেওঁ ব্ৰিটিছৰ লগত কাম কৰিছিল। কথাখিনি জনাৰ পিছত মোৰ কৌতূহল বাঢ়ি তুংগত । বন্দুক এটা লৈ ককাই জাপানী সৈন্যৰ বিৰুদ্ধে যুদ্ধত আগুৱাই গৈছে । ভীষণ যুদ্ধ চলিছে। তাৰ মাজত ককাই অহৰহ বন্দুক চলাইছে....
" My dear boy, Logistic decides war outcome "
চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী পকাই তেওঁ কৈ উঠিছিল।
আমাৰ কল্পনাৰ ঘোঁৰাটোত লেকাম লাগে। উৎসাহত চেঁচা পানী পৰে। কত যুদ্ধক্ষেত্ৰ আৰু ক'ত logistic support .. ! সেইটো কিবা কাম হলনে !!
ইংৰাজী, বঙালী আৰু সংস্কৃতত তেওঁৰ বিশেষ দখল আছিল বুলি দেউতাৰ মুখত শুনিছিলোঁ। তেওঁৰ ইংৰাজীত জঁতুৱা ঠাঁচৰ প্ৰয়োগ আছিল সৰ্বাধিক। সৰুতে তেওঁৰ মুখতে প্ৰথম শুনিছিলোঁ " Why carry coals to Newcastle " বাক্যশাৰী ।
বুজি নোপোৱা বাবে বেঙাৰ দৰে তেওঁৰ মুখলৈ চাইছিলো।
" বুজিছা বাপু, 15 শতিকাত উত্তৰ পূৱ ইংলেণ্ডৰ Newcastle নামৰ ঠাইত কয়লা উদ্যোগ গঢ় লৈ উঠে। কয়লা আৰু কয়লা ! এনে এখন ঠাইলৈ দুৰৰ পৰা কয়লা কঢ়িয়াই নিয়া কামটো কেনে মূৰ্খামি হব ! সেই তেতিয়াৰ পৰাই ইংৰাজী সাহিত্যত এই নতুন ইদিয়মছৰ জন্ম। তুমি কেতিয়াও নিউ কেচ'ললৈ ব্যৱহাৰৰ বাবে কয়লা নিনিবা কিন্তু।"
কয়লা এটা লাগতিয়াল বস্তু বুলি সৰুতে জনা নাছিলো। কেৰোচিনৰ পাৰফেক্ট ষ্টভত মায়ে ভাত বনাইছিল। আগৰ জনতা ষ্টভটোত এদিন জুই লগাত দেউতাই দলিয়াই দিছিল। তাৰপিছত পাৰফেক্টৰ আগমণ। পিছে ককাক লগ পোৱাৰ সময়ত আমাৰ ঘৰলৈ ৰন্ধন গেছৰ আগমণ হৈছিল। 84 চন মানৰ কথা সেয়া। ৰন্ধন গেছত জুই লাগে বুলি ভয়তে আমাৰ সৰু কেইটাক পাগঘৰত সোমাব নিদিয়ে। আইতাই আক্ষেপ কৰে এনে ভয়ানক যন্ত্ৰ এটা ঘৰলৈ কিয় আনিব লাগে !
প্ৰেছাৰ কুকাৰৰ প্ৰথম ব্যৱহাৰৰ দিনটোৰ কথাও মনত আছে। প্ৰথম হুইছেলটো বজাৰ দিনা আমাৰ মায়ে পাগঘৰ এৰি জীৱন ৰক্ষাৰ বাবে পলাবই খুজিছিল। দেউতা তেওঁৰ পিছত থিয় হৈ থকা বাবে তেওঁ পলাবলৈ বাট নাপাইছিল। চিঞৰত গগন ফালিছিল।
1983 ত আমাৰ ঘৰৰ ওচৰৰ ডিপোটোত কেৰোচিন নিবলৈ অহা মানুহৰ দীঘল শাৰীবোৰৰ কথাও মনত আছে। কিন্তু কয়লা আৰু ষ্টীম ইঞ্জিনৰ কথা আমাৰ জ্ঞাত নাছিল। সেই মজাদাৰ কাহিনীবোৰ কোৱা মানুহজনৰ প্ৰতি আমাৰ কৌতূহল নাথাকিবনে ?
হাজোৰ আমাৰ ঘৰলৈ অহাৰ দিনা ফাগুনৰ এছাটি পচোৱা তেওঁৰ গাত লাগিছিল। তেওঁ ৰবি ঠাকুৰৰ গীতৰ এটা কলি গুণগুণাইছিল। বোধহয় গীতটো আছিল "আজ দখিন-বাতাসে নাম-না-জানা কোন্‌ বনফুল ফুটল বনের ঘাসে।
ও মোর পথের সাথী,পথে পথে গোপনে যায় আসে....।"
ৰবি ঠাকুৰ আৰু দখিন বাতাস , এই কেইটা শব্দহে মোৰ মনত ৰৈ গৈছিল।
আড্ডাৰ পোক আছিল মানুহজন। আড্ডা দিব পালে মানুহক সতকাই নেৰিছিল আৰু বাকী মানুহখিনিৰ শ্ৰোতা হোৱাৰ বাহিৰে অন্য উপায়ো নাছিল। এবাৰ দেউতাক কৈছিল - বুজিছা বাপু, পণ্ডিতজী অসমলৈ আহিছে। অতিথিশালাত তেওঁক আদৰিব আমাৰ বিমলা প্ৰসাদ চলিহাই। মইও আছিলোঁ বিভিন্ন কামবোৰ চোৱাৰ দায়িত্বত। মোৰ আকৌ চলিহা ডাঙৰীয়াৰ ইংৰাজী লৈ মনত কৌতূহল ...।"
খেতিয়কৰ ল'ৰা বিষ্ণুৰাম মেধিৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল বিমলা প্ৰসাদ চলিহা। বিখ্যাত চলিহা পৰিয়ালৰ সন্তান। আনুষ্ঠানিক শিক্ষা বেছি নাছিল চলিহাৰ। ককাৰ দৰে কিছুমানে ডাঙৰ ঘৰৰ মেট্ৰিক পাছ চলিহা ডাঙৰীয়াক খুব এটা পচন্দ নকৰিছিল।
দেউতা আৰু ককাৰ সম্পৰ্কটোত মাজে মাজে খুট খাট লাগি থাকিছিল। গীতাৰ শ্লোক এটা মাতি ককাই লগে লগে ইংৰাজীত ভাঙনি কৰি দিছিল । মই ওচৰতে আড্ডা শুনি বহি আছো। ইংৰাজী ভাঙনিত scorching heat শব্দটো আহিছিল।
"বুজিছা ভাগিন , আজিকালিৰ বহু গ্ৰেজুয়েটে scorching মানে কি বস্তু নাজানেই !"
মামাকক ওলোটাই দিবলৈ দেউতাই মোক সোধে - তই জাননে অৰ্থটো ? মই তেতিয়া ক্লাছ ফাইভত পঢ়ো। এনে এটা শব্দ মই শুনাই নাছিলোঁ।
মই ইঞ্জিনিয়াৰিং পাছ কৰি বোকাৰোত ষ্টীল প্লেণ্টত কাম কৰি থাকোতে বিশ্বাসী ককা ঢুকাইছিল। খবৰটো পাই আকৌ এবাৰ Newcastle লৈ মনত পৰিছিল। এটা ৰঙীন চৰিত্ৰ মোৰ জীৱনৰ পৰা হেৰাই গৈছিল।
মোৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ ককাৰ ঘৰলৈ গৈছিল মোৰ ভাইটি আৰু খুৰা । ককা ইতিমধ্যে ঢুকাইছে। দুৱাৰখন খুলি এজনী অচিনাকি মহিলা ওলাই আহিছিল।
" বিশ্বাসীৰ ঘৰ নহয় জানো ?"
আদবয়সত বিয়া কৰা ককাৰ ল'ৰা এজন আছিল। হেম বৰুৱাৰ ইংৰাজী ভোকেবুলাৰী, কীটছৰ কবিতা, বিষ্ণু মেধিৰ খং, কোনোবা হকিন্স চাহাবৰ ধেমালি এইবোৰ তাৰ বাবে কাহানিও কৌতুহলৰ বিষয় নাছিল। দেউতাক ঢুকুৱাৰ পিছত ঘৰ মাটি বিক্ৰী কৰি পাহাৰৰ ওপৰৰ কোনোবা খিনিলৈ উঠি গৈছিল।
এটা যুগৰ সমাপ্তি ঘটিছিল ।
–--–---------//////----------
ফুল হৈ ফুলা এটা বনৰীয়া সপোন
বিশ্বাসী ককাৰ দৰে আকৰ্ষণীয় জীৱন নাছিল মানুহজনৰ। তেওঁৰ মৃত্যুৰ দিনা কোনো ৰাজহুৱা অনুষ্ঠানে শোকসভা পতা নাছিল, কোনো স্মৃতিচাৰণ, স্মৰণিকাও ছপা হোৱা নাছিল। স্কুল কলেজৰ শিক্ষা নথকা মানুহজনে এটা সপোন দেখিছিল আৰু সেই সপোনটো আছিল আধুনিক ভাৰতৰ সপোনটোৰ পৰিপুৰক। ল'ৰা ছোৱালী কেইটাক লৈ দেখা সেই সপোনটোক দিঠকত পৰিণত কৰিবলৈ অত্যাধিক পৰিশ্ৰমে মানুহ জনৰ জীৱনলৈ অকাল বার্ধক্য কঢ়িয়াই আনিছিল।
মানুহজন অইন কোনো নাছিল। তেওঁ আছিল মোৰ মামা ককা, আমাৰ মাৰ দেউতাক।
এহাল গৰু, কেইবিঘামান মাটি , পাঁচটা ল'ৰা ছোৱালীৰ পৰিয়ালটো আৰু এটা বনৰীয়া সপোন- ল'ৰা ছোৱালী কেইটাক শিক্ষিত কৰাৰ , সেয়াই আছিল মানুহজনৰ সম্বল আৰু সাধনা। মাৰ মুখত শুনিছিলো তেওঁৰ সেই সাধনাৰ কাহিনী। দুপৰীয়াৰ ভাত সাঁজ যেতিয়া খাবলৈ তেওঁ সময় পাইছিল, তেতিয়া প্ৰায়ে গধূলি হৈছিল। ৰ'দ, বৰষুণ , জাৰৰ অতপালি একোৱেই তেওঁক বাধা দিব পৰা নাছিল। পথাৰত তেওঁক সহায় কৰাতকৈ, ল'ৰা ছোৱালী কেইটা স্কুললৈ যোৱাটো তেওঁৰ বাবে বেচি প্ৰয়োজনীয় আছিল। জোনাক নিশা বোৰত তেওঁ বিচনাত পৰি থকা নাছিল। বাৰীৰ কামকাজত লাগিছিল। পাঁচলিখিনি বিক্ৰী কৰি পোৱা ধন কেইটাৰে ল'ৰা ছোৱালীকেইটাৰ স্কুলৰ বহী, কিতাপ কিনিছিল।
বাঁহৰ ওপৰত মাটিৰ লেপ দিয়া সেই তেওঁৰ খেৰৰ ঘৰটো আছিল আমাৰ শৈশৱৰ কিমান হেঁপাহৰ ঠাই ! সেই ঘৰটোত , এখন কাঠৰ ৰেক আছিল। তাত খুচুৰি মই পঢ়িব পৰা কিতাপ বিচাৰিছিলো। ৰেকখনৰ ওপৰত এখন বিষ্ণুৰাভা আৰু জ্যোতিপ্ৰসাদৰ ফটো আছিল।
ডাঙৰ মামাই বৰ সুন্দৰ কবিতা লিখিছিল, বক্তৃতা দিছিল। বিভিন্ন আলোচনীত লিখা, নাটক কৰা , ছবি অঁকা, ফুটবল খেলা মামাহঁতৰ স্বভাৱবোৰ পিছলৈ আমালৈ সিঁচৰিছিল। মা আৰু ডাঙৰ মামাই স্কুলত জিলাৰ ভিতৰত বৃত্তি পাইছিল। বৃত্তিৰ সেই টকাকেইটা বৰ কামৰ ধন আছিল।
মামা হতঁৰ ঘৰত পোৱা মুক্ত পৰিবেশত মোৰ আকৌ প্ৰায়ে পেটৰ অসুখ হৈছিল। ঘৰত খাব নিদিয়া বস্তুবোৰ হেঁপাহ পলুৱাই খাইছিলোঁ। দুৰ্গা পূজাৰ সময় আছিল। সেইদিনা মই মামাহতঁৰ ঘৰত আছিলো আৰু পূজাৰ জিলাপী খাই পেটৰ অসুখত ভুগিছিলো। বাহিৰত সেইদিনা এজাক অৱতৰীয়া বৰষুণ আৰু ঘৰৰ ভিতৰত পেটৰ বিষত পৰি আছিলো মই । কাঠৰ ৰেকখনৰ পৰা টলষ্টয়ৰ সাধুকথা এখন বিচাৰি উলিয়াই পঢ়িছিলোঁ। কিয় জানো টলষ্টয়ৰ সেই কিতাপখনে মোক সেইদিনা পেটৰ বিষটো উপশম কৰি এক বুজাব নোৱাৰা আনন্দ দিছিল ।
মাৰ বিয়াত ককাই কিতাপ ৰাখিবলৈ এটা কাঠৰ আলমাৰী দিছিল। সেই কাঠৰ আলমাৰীটোত থকা দেশ বিদেশৰ কিতাপবোৰে পিছলৈ মোৰ জীৱনটোক অন্য এক মাত্ৰা দিছিল।
ককা ঢুকোৱাৰ দিনা ফেঁহুজালি দিয়াৰ আগেয়ে আমাক লৈ মা আৰু দেউতা মামাহঁতৰ ঘৰলৈ ঢপলিয়াই গৈছিল। ষাঠিৰ দেওনা মাত্ৰ পাৰ হৈছিলহে তেওঁ ।
মৃত্যুৰ আগেয়ে তেওঁ ৰোৱা সপোনটো ফুল হৈ ফুলিবলৈ ধৰা দেখিছিল। সেই ফুলপাহৰ অংশ হৈছিল মামাহঁত, আমিবোৰ , আমাৰ কেএফচি চিকেন, বাৰ্গাৰ খাই ভাল পোৱা পৰৱৰ্তী প্রজন্মটো। ককাৰ কথা কলে বিস্মিত হৈ শুনি থাকে সিহঁতে।
ককাৰ জীৱন সংগ্ৰামৰ কাহিনীটো জানো বাবেই, হেজাৰ বাধা বিঘিনি অতিক্ৰম কৰি উঠি অহা মানুহজনৰ প্ৰতি হৃদয়ত অনুভৱ হয় গভীৰ শ্ৰদ্ধা আৰু অনুকম্পা। সেইবাবেই মই শ্ৰদ্ধা কৰো নৰেন্দ্ৰ মোদীৰ অতীতটোক । একবিংশ শতিকাৰ ভাৰতৰ ইতিহাসৰ দিশ নিৰ্ণয় কৰিব আজি সমাজৰ পিৰামিডটোৰ একেবাৰে তলত থকা নিপীড়িত মানুহ খিনিয়ে।
ককা আৰু আইতাৰ পৰা মোৰ জীৱনত দুটা গুণ পাইছিলোঁ । ককাৰ পৰা পৰিশ্ৰমৰ মৰ্যাদা আৰু আইতাৰ পৰা জীৱনবোধ ।
আইতা আছিল অফুৰন্ত শক্তি আৰু জীৱনক ভাল পোৱা মহিলা। মোৰ শ্ৰীমতীক তেওঁ বৰ মৰম কৰিছিল। " জিনছ পিন্ধিলেহে তোক ভাল দেখো " বুলি কৈছিল। শ্ৰীমতীয়ে তেওঁৰ বাবে চকলেট নিছিল।
শৈশৱৰ সেই আপোন মামাহঁতৰ খেৰৰ ঘৰটো আজি আৰু নাই। আইতা ঢুকোৱাৰ পিছৰ বছৰ ঘৰলৈ অহাৰ সময়ত আইতাৰ কোঠাটো চাবলৈ গৈছিলোঁ মই আৰু পৰিবাৰ। সকলোবোৰ একেই আছিল।
উভতাৰ সময়ত , দূৰৰ কেঁকুৰি টোত আমাৰ গাড়ীৰ পৰা মামাহঁতৰ নঙলামুখ নেদেখা হোৱাৰ আগেয়ে অইন বাৰৰ দৰে গাড়ী খন ৰখাই পিছলৈ আকৌ এবাৰ ঘুৰি চাইছিলো। সেই লোহাৰ গেট খনত আউজি যিখিনি ঠাইত আমালৈ আইতাই ৰৈ চাই থাকে, সেইখিনিত মাথো ৰৈ আছিল এক বিৰাট শূন্যতা।

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Friday, March 29, 2019

সাম্যবাদৰ সাম্প্ৰদায়িকতা আৰু অস্তিত্বৰ সংকট

সাম্যবাদৰ সাম্প্ৰদায়িকতা আৰু অস্তিত্বৰ সংকট
                                                            কমলজিত মেধি
                                          
আমিবোৰ তেতিয়া স্কুলৰ তলৰ  শ্ৰেণীৰ ছাত্ৰ । আবেলিৰ ঘৰুৱা আলোচনাবোৰৰ এটা প্রিয় বিষয়বস্তু আছিল ছোভিয়েট দেশৰ সাম্যবাদৰ বিপৰীতে  আমেৰিকাৰ পুঁজিপতি সমাজ ব্যৱস্থা। আমেৰিকা আমাৰ বাবে সপোনৰ দেশ আছিল। কিন্তু নৈতিক সমৰ্থন আছিল সাম্যবাদৰ কথা কোৱা ছোভিয়েট ৰুছিয়াৰ প্ৰতি। অকল আমাৰ পৰিয়ালৰ  আলোচনাৰ বিষয় নাছিল সেয়া। শীতল যুদ্ধৰ দিনৰ দুটা মেৰুত বিভক্ত হৈছিল প্ৰায় সমগ্ৰ পৃথিৱী। সেই সময়তে গোষ্ঠী নিৰপেক্ষতাৰ নাম লৈ বহু কেইখন দেশে এটা সংগঠন গঢ়িছিল । জৱাহৰলাল নেহৰু আছিল এই গোটটোৰ জাকত জিলিকা নেতা। ঢাল তৰোৱাল নথকা নিধিৰাম চৰ্দাৰৰ দৰে  দেশ কিছুমানৰ সংগঠন আছিল সেয়া। অধিকাংশ সদস্য দেশেই আওপকীয়াকৈ ছোভিয়েট ৰুছিয়াৰ সমৰ্থন কৰিছিল বা সুবিধাজনক স্থিতি লৈছিল।

ডাকোৱালে দি থৈ যোৱা ছোভিয়েট দেশৰ পত্ৰিকা বোৰ পঢ়ো। সেই আলোচনীবোৰে হাজাৰ হাজাৰ মাইল দূৰৰ এখন স্বপ্নৰ দেশ ৰুছিয়াৰ লগত আমাৰ কৌতূহলী শৈশৱৰ মনবোৰৰ মাজত এক সংযোগী সেঁতু গঢ়ি তোলে। সেইখন সুন্দৰ দেশৰ ধুনীয়া ধুনীয়া ল’ৰা ছোৱালী বোৰৰ ফটোবোৰ চুই চাওঁ। মুহূৰ্তৰ বাবে মনলৈ আহে মই পঢ়া স্কুলখন আৰু সহপাঠীসকলৰ দৈন্যতা । মনত এক বিশ্বাস জাগে। সেই পথেই পৃথিৱীৰ চৰম সত্য । দুৰ্বল আৰু নিষ্পেষিত মানুহৰ মুক্তিৰ একমাত্ৰ  পথ বুলি বিশ্বাস দৃঢ় হৈ উঠে।

নতুন পৃথিৱী নামৰ আলোচনী খন পঢ়ো মাজে মাজে। আলোচনী খনৰ  বেটুপাতবোৰ বোধহয় ৰঙা ৰঙৰ আছিল । কথাবোৰ ভালদৰে বুজাৰ বয়স হোৱা নাছিল।  শৈশৱ আৰু কৈশোৰৰ সেই আলিদোমোজাত থমাছ হুদৰ Song of the shirt নামৰ কবিতাটোৱেও মনত তোলপাৰ লগাইছিল।

১৯৪৩ চনত লিখা এই কবিতাটো আছিল ইংলেণ্ডৰ শ্ৰমিক শ্ৰেণীৰ জীৱনৰ সকৰুণ কাহিনী। ডিচেম্বৰ মাহৰ লণ্ডনৰ হাড় কপোৱা জাৰ । এনে এটি জাৰৰ দিনত , কোনো এটা বন্ধ কোঠাত এজনী শ্রমিকে  কাপোৰ চিলাইছে । অনাহাৰ আৰু অনিদ্ৰাই পিষ্ট কৰা এটা শৰীৰ আৰু মন ….

With fingers weary and worn,
With eyelids heavy and red,
A woman sat in unwomanly rags,
Plying her needle and thread –
Stitch! Stitch! Stitch!

শ্ৰীমতী বিদয়েলৰ জীৱনৰ ওপৰত লিখা  থমাছ হুদৰ সেই কবিতাটো কিমান বাৰ আওৰাইছিলোঁ ! যিমানে কবিতাটো আওৰাইছিলোঁ সিমানেই পুঁজিপতি ব্যৱস্থা টোৰ প্ৰতি বিদ্ৰোহ অনুভৱ কৰিছিলো।  স্কুলত এই কবিতাটো আমাক পঢ়ুৱাইছিল ইংৰাজীৰ শিক্ষক আমাৰ দেউতাই। শ্ৰেণীকোঠাত তেওঁৰ গলগলীয়া মাতটোৰ ধ্বনি প্ৰতিধ্বনি বহু দেৰিলৈ আমাৰ মনত অনুৰণিত হৈ ৰৈছিল। ঔদ্যোগিক বিপ্লৱৰ সময়ৰ ইউৰোপলৈ যেন  তেওঁ আমাক লৈ গৈছিল।

স্কুলৰ সেই সময়খিনিত লিখা মোৰ কবিতাবোৰত প্ৰায়েই পৃথিৱীৰ মানুহৰ  মুক্তিৰ কথা লিখিছিলো। “ আশাবোৰ ভোকৰ ৰুটি হৈ ভাঁহি” থকা দেখিছিলো ,  হৃদয়ত “অগ্নিকণ্ঠ প্ৰমুঠিওজক মুক্ত কৰাৰ পণ” । সাম্যবাদৰ প্ৰতি মোৰ আকৰ্ষণ দিনে দিনে বাঢ়ি আহিছিল।

কটনত সেই সময়ত বাওঁ চিন্তাৰ ব্যাপক পৰিসৰ। মেধাবী এটা শ্ৰেণী ছাত্ৰ ছাত্ৰী বাওঁ ছাত্ৰ সংগঠনৰ সদস্য। কটনলৈ অহাৰ আগেয়ে মনৰ মাজত ৰোপিত হোৱা সৰু গছৰ পুলিটোৱে বিৰাট এক বৰগছলৈ পৰিণত হোৱাৰ অৱকাশ আছিল। কিন্তু ১৯৯০ ত কটনলৈ অহাৰ আগেয়ে পৃথিৱী কঁপোৱা কেইটামান ঘটনাই কমুনিজিমৰ প্ৰতি মোৰ মনটো সন্দিহান কৰি তুলিছিল।

টিয়েনমেন স্কোয়াৰ , ১৯৮৯। চীনৰ হাজাৰ হাজাৰ ছাত্ৰ ৰাজপথলৈ ওলাই আহিছিল গণতন্ত্ৰৰ সমৰ্থনত  আৰু দুৰ্নীতিৰ বিৰোধীতা কৰিবলৈ। ছাত্ৰসকলৰ সেই শান্তিপুৰ্ন আন্দোলন মষিমূৰ কৰিবলৈ চীনৰ সৰ্বহাৰাৰ চৰকাৰে তেতিয়া  টেংক পঠিয়াইছিল। হাজাৰ হাজাৰ ছাত্ৰৰ তেজেৰে ৰাঙলী কৰিছিল টিয়েনমেন স্কোয়াৰ । কোনোবা এখন আলোচনীত চীনাসৈন্যৰ টেংকৰ সমুখত থিয় হৈ  মৃত্যুক নিৰ্ভয়ে আলিংগন কৰা এজন চীনা ছাত্ৰৰ ফটো এখন দেখিছিলোঁ। মানুহ কিমান আশাহীন আৰু অতিষ্ঠ হলে এনেদৰে সাহসী প্ৰতিবাদ কৰিব পাৰে , সেয়া যেন সমগ্ৰ বিশ্বক বুজাই দিছিল সেই অখ্যাত ছাত্ৰজনে । ১৯৮৯ ৰ টিয়েনমেন স্কোৱাৰৰ সেই হৃদয় বিদাৰক ঘটনা আছিল কুৰি শতিকাৰ ইতিহাসৰ এক অন্ধকাৰ অধ্যায়।

১৯৮৯ ৰ প্ৰায় দুবছৰ আগেয়ে ৰোমানিয়াত শেষ হৈছিল অন্য এক একনায়কত্ববাদী শাসন ব্যৱস্থাৰ। নিকোলাই চিছেচকু আৰু তেওঁৰ পত্নীক হত্যা কৰিছিল ৰোমানিয়াৰ মুক্তিকামী জনতাই । সততে মুক্তিকামী সৰ্বহাৰাৰ কথা কোৱা সাম্যবাদী দেশ এখনত এনেদৰে সাম্যবাদৰ পৰা মুক্তি বিচৰা জনতাৰ আচৰণত আচৰিত হৈছিলোঁ।  পূব ইউৰোপত তেতিয়া পৰিবৰ্তনৰ বতাহ। এখনৰ পিছত এখনকৈ কমিউনিষ্ট চৰকাৰ উফৰি গৈছে । ছোভিয়েট ৰুছিয়া আকৌ পেৰেষ্ট্ৰইকা , গ্লাছনস্তৰ বামাৰলিত উটি ভাঁহি যোৱাৰ উপক্ৰম।

কটনলৈ আহি Aleksandr  Isayevich Solzhenitsyn ৰ সেই বিখ্যাত উপন্যাস  One Day in the Life of Ivan Denisovich খনৰ সম্ভেদ পালো। এই উপন্যাস খনে শৈশৱৰ পৰা সপোনৰ দেশ বুলি  গণ্য কৰা দেশখন আৰু সাম্যবাদী সংস্কৃতিৰ এক বিপৰীত চিত্ৰ দাঙি ধৰিলে। হিটলাৰৰ নাজী বাহিনীৰ বৰ্বৰতাৰ বিষয়ে পঢ়িছিলো। এন ফ্ৰাঙ্কৰ ডায়েৰী পঢ়িছিলো। থমাছ কেনেলীৰ চিনলাৰছ আৰ্ক নামৰ বহু পঠিত উপন্যাসখনো পঢ়িছিলো। কিন্তু  Solzhenitsyn ৰ উপন্যাস খনে ৰুছিয়াৰ বৰ্বৰতাৰ লগত মোক চিনাকি কৰাই দিলে।

কটনত দুবছৰ বিজ্ঞান শাখাত হায়াৰ চেকেণ্ডাৰী পঢ়িছিলো । তাৰ পিছত ইঞ্জিনিয়াৰিং কলেজ। পঢ়াশুনাত মধ্যমীয়া ধৰণৰ আছিলো। মহানগৰৰ উপকণ্ঠৰ মফচলিয়া এখন ঠাইৰ  স্কুলত সদায় প্ৰথম হৈ অহা ল’ৰাজনৰ কটনৰ বাকৰিত নিজকে চোকা আৰু মেধাবী ছাত্ৰ বুলি থকা ধাৰণাটো একেবাৰে সলনি হৈ গৈছিল। কটনৰ সেই ফিজিক্স আৰু কেমেষ্টিৰ ক্লাছ বোৰত শিকা বহুবোৰ কথা ভালদৰে বুজা নাছিলো। কিন্তু বিজ্ঞানৰ কিছু প্ৰাথমিক ধাৰণাই মনৰ মাজত  সাম্যবাদ সম্পৰ্কে কিছুমান নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছিল।

ফিজিক্সৰ শ্ৰেণীত বৈদ্যুতিক প্ৰবাহৰ সূত্ৰ পঢ়িলো। বুজি পালো বিভৱ পাৰ্থক্য  নাথাকিলে এটা বৰ্তনীত বিদ্যুতৰ পৰিবহন সম্ভৱ নহয়। ঠিক সেইদৰে এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ কোনো তৰল বা গেছ  বৈ যাবলৈ প্ৰয়োজন হয় চাপৰ তাৰতম্যতাৰ। যেতিয়াই অসমতা শেষ হৈ যায়, বন্ধ হৈ যায় বিদ্যুতৰ আহ যাহ , ৰুদ্ধ হৈ যাব নদীৰ বোৱতী সোঁত। ঠিক সেইদৰে অধিক উষ্ণতাৰ পৰা কম উষ্ণতালৈ তাপৰ পৰিবহনহে  স্বাভাৱিক। ইয়াৰ বিপৰীতে কাম কৰিবলৈ যোৱা মানেই শক্তিৰ অৱক্ষয়।

যদি অসমতাই প্ৰকৃতিৰ চালিকা শক্তি  হয়, তেনেহলে সাম্যবাদৰ এখন শ্ৰেণীহীন সমাজৰ লক্ষ্য প্ৰকৃতিৰ নিয়ম বিৰুদ্ধ  নহবনে ! যি অস্বাভাৱিক , সেই দর্শন কেতিয়াবা মানৱ জাতিৰ কল্যাণকামী আৰু ইতিহাসত স্থায়ী হব পাৰিবনে !  সেইবাবেই নেকি বিশ্বৰ মানচিত্ৰৰ পৰা সাম্যবাদ হেৰাই যোৱাৰ উপক্ৰম হৈছে ! মনলৈ এনে হাজাৰ প্ৰশ্ন আহিছিল সেই সময়ত ।  সন্দেহ নাই ১৯১৭ ৰ ৰুছ বিপ্লৱৰ পিছত বিজ্ঞান ,প্ৰযুক্তিবিদ্যাৰ দিশত অভাৱনীয় উন্নতি কৰিছিল ছোভিয়েট দেশে । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাম্যবাদৰ মন্ত্ৰৰে উদ্বুদ্ধ ৰুছ খেতিয়কে  হাতত যাঠি লৈ হিটলাৰৰ নাজী বাহিনীৰ পেনজাৰ টেংকৰ গতি ৰুদ্ধ কৰাৰ প্ৰয়াস কৰিছিল । জাৰ্মান সৈন্যৰ বাবে সেয়া আছিল আমোদজনক কিন্তু অকল্পনীয়। ৰুছ মানুহৰ দেশপ্ৰেমৰ কল্পনাতীত দৃষ্টান্ত আছিল লেনিনগ্ৰেডত নাজী বাহিনীৰ পৰাজয় আৰু হিটলাৰৰ পতনৰ আৰম্ভণি ।

বিজ্ঞানৰ আৰু এটা সূত্ৰৰ লগত এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ মিল দেখিবলৈ পাওঁ। ইঞ্জিনিয়াৰিঙত Fluid Flow Operation ত পঢ়া  এডাল পাইপৰ মাজেৰে পৰিবাহিত হোৱা পানীৰ সোঁত এটালৈ মনত পৰে। পাইপৰ মাজেৰে বৈ যোৱা পানী খিনিৰ গতি বেগ সকলো ঠাইতে সমান নহয়। পাইপৰ গাত লাগি থকা পানীৰ তৰপটো আমাৰ সমাজৰ কম  শিক্ষা আৰু কাৰিকৰী অৰ্হতা থকা মানুহখিনিৰ দৰে। পাইপৰ মাজেৰে বৈ যোৱা পানীৰ এই তৰপটোৰ গতি হয় তুলনামূলক ভাবে মন্থৰ। পাইপৰ গাৰ পৰা দূৰত থকা পানী খিনিৰ তৰপটোৰ গতি হয় সৰ্বাধিক। ঠিক একেদৰে এখন দেশৰ অৰ্থনৈতিক উন্নতিৰ পৰা আটাইতকৈ বেছি লাভবান হয় কাৰিকৰী অৰ্হতা আৰু সামৰ্থ থকা লোকসকল। সুফল সমাজৰ তলৰ শ্ৰেণীটোলৈও আহে , কিন্তু সেয়া তুলনাত কম । সমাজৰ তলৰ শ্ৰেণীৰ উন্নতিৰ বাবে দুটা ব্যৱস্থা আছে। পাইপৰ বোৱতী পানী খিনিৰ বেগ   আৰু বেছি তীব্ৰতৰ কৰি তলৰ মন্থৰ তৰপ বোৰৰ গতিও ত্বৰান্বিত কৰা বা পানী খিনিত চাকনৈয়াৰ সৃষ্টি কৰি বিভিন্ন তৰপবোৰৰ বেগৰ তাৰতম্য হ্ৰাস কৰা। পুঁজিপতি দেশবোৰে প্ৰথম উপায়টোত বিশ্বাস কৰে। সাম্যবাদী সকলে দ্বিতীয়টোত। সেয়া কৰিবলৈ যাওঁতে , দ্বিতীয় ব্যৱস্থাটোত পানী কঢ়িওয়া পাইপডাল ভাঙি পৰাৰ সম্ভাৱনাও সৰ্বাধিক। কিন্তু প্ৰথম ব্যৱস্থাটোৰো একাধিক ঋণাত্মক দিশ আছে।

সাম্যবাদী ভাৱধাৰাৰ আৰু এটা প্ৰধান ঋণাত্মক দিশ কটন আৰু ইঞ্জিনিয়াৰিং কলেজৰ দিনবোৰত চকুত পৰিছিল। এজন মানুহৰ জীৱনৰ সকলোবোৰ দিশ যেন বাওঁ আদৰ্শই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে । কেনে লোকৰ লগত বন্ধুত্ব কৰিব, কি কিতাপ পঢ়িব , কেনে মতবাদক সমৰ্থন কৰি মন্তব্য কৰিব এই  সকলোবোৰ স্বয়ংক্ৰিয় ভাবে নিয়ন্ত্ৰিত নিজস্ব চিন্তাধাৰাৰ দ্বাৰা নহয় । নিয়ন্ত্ৰিত হয় আদৰ্শৰ তাড়নাত। নিয়ন্ত্ৰণ কৰিব মাৰ্ক্স, লেনিন , বা চে গুয়াভাৰ আদিয়ে । এইসকল ব্যক্তিৰ আগৰ হাজাৰ বছৰৰ পুৰণি ভাৰতীয় সভ্যতা সংস্কৃতি যেন তেওঁলোকৰ বাবে অৰ্থহীন। শ্ৰেণীসংগ্ৰামৰ সাম্যবাদী সূত্ৰ অনুসৰি অৰ্থনৈতিক ভাবে সফল ব্যক্তিজন কিন্তু সদায় শোষণকাৰী। মৌলিক চিন্তাৰ পৰা ব্যক্তি বা সমষ্টিক নিৰুৎসাহ কৰা হয় এই আদৰ্শত,  নিজকে প্ৰগতিশীল বুলি ঘোষণা কৰা লোকসকলৰ চিন্তা Iচর্চা হৈ পৰে ঠেক পৰিসৰত আৱদ্ধ । স্বাভাৱিক বিকাশ হৈ পৰে ৰুদ্ধ ।

যি চিন্তাধাৰা, যি সমাজ ব্যৱস্থা, যি ধৰ্মই মানুহৰ  মৌলিক চিন্তাধাৰাক বাধাগ্ৰস্ত কৰি কোনো ব্যক্তিবিশেষ বা চিন্তাধাৰাকে জীৱনৰ একমাত্ৰ পথ বুলি ভাবিবলৈ বাধ্য কৰে , সেই চিন্তাধাৰা, সেই সমাজ ব্যৱস্থা, সেই ধৰ্মতে ফেনাটিচিজমৰো ( fanaticism) জন্ম হয়।  সেইবাবেই বাওঁচিন্তাত বিশ্বাসী সকল কেতিয়াও সাম্ৰদায়িকতাৰ পৰা মুক্ত নহয়। বাওঁ চিন্তা আৰু ফেনটিচিজম সমাৰ্থক হৈ পৰে । তেওঁলোকৰ প্ৰগতিশীলতা পক্ষপাতপূৰ্ণ , চিন্তাধাৰা ব্যপকতাহীন । বাওঁচিন্তাৰ বুদ্ধিজীৱিসকল আৰু অন্যান্য সাম্প্ৰদায়িক লোক সকলৰ চিন্তাধাৰা একেটা মুদ্ৰাৰে  ইপিঠি সিপিঠি। হওঁক যেনিবা তেওঁলোক বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী প্ৰতিভা।

যি সাম্যবাদী ভাৱধাৰাই সাধাৰণ ৰুছ খেতিয়ক এজনক অসাধাৰণলৈ পৰিৱৰ্তন কৰি নাজী বাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰিছিল, সেই একেই দর্শনৰ প্ৰতীক মাৰ্ক্স,  লেনিনৰ প্রস্থৰ মূৰ্তিবোৰৰ ওপৰত ৰুছিয়াত হাতুৰীৰ কোব পৰিছিল । ছোভিয়েট দেশ ভাঙি পৰিছিল। আনকি ৰুছ দেশৰ বুৰঞ্জীৰ পৰা আঁতৰাই পেলোৱা হৈছিল ১৯১৭ চনৰ ৰুছ বিপ্লৱৰ কাহিনী। সাম্যবাদৰ প্ৰতি  সেই একেই বিৰাগ পূব ইউৰোপৰ দেশবোৰত আজিও দেখা যায় ।

মানুহৰ মন , ব্যক্তি স্বাধীনতাৰ হেঁপাহ বোৱতী নদীৰ দৰে। সেই সোঁতৰ দুৰ্বাৰ বোৱতী বাধাক বন্ধ কৰি ৰাখিব পাৰি কিছু সময়ৰ বাবে , চিৰদিনৰ বাবে নহয়। সাম্যবাদৰ পতনে যেন ইতিহাসৰ সেই সৰল সূত্ৰটোকেই আকৌ এবাৰ প্ৰতিপন্ন কৰিলে।

স্বাধীনোত্তৰ ভাৰতবৰ্ষত ভোকৰ হাঁহাকাৰ আছিল সৰ্বব্যাপী। ছোভিয়েট ৰুছিয়াৰ চোৰাংচোৱা সংস্থা কেজিবি আৰু সাম্যবাদী বুৰঞ্জীবিদ , লিখক সকল আছিল প্ৰভাবশালী আৰু ৰাজঅনুগ্রহীত।  মুঠতে সাম্যবাদী চিন্তাধাৰাৰ প্ৰসাৰৰ বাবে ৰম্যভূমি আছিল ভাৰতবৰ্ষ। তথাপিও ভাৰতবৰ্ষত সাম্যবাদে সমাজৰ ব্যাপক সঁহাৰি নোপোৱাৰ কাৰণ আছিল ভাৰতীয় সংস্কৃতি আৰু উদাৰ হিন্দুত্ববাদ।

সাম্যবাদী সকলে মানি লবলৈ টান পালেও এই কথা অনস্বীকাৰ্য যে ভাৰতবৰ্ষৰ জাতীয় সংস্কৃতি আৰু চেতনাবোধৰ মূলতে  হিন্দুত্ববাদৰ উদাৰ পৰম্পৰা । বিদেশী আক্রমনকাৰীৰ হাতত বাৰে বাৰে আক্ৰান্ত , লাঞ্চিত হৈছিল ভাৰতবৰ্ষ । ধৰ্মৰ উন্মাদনাই সংহাৰ কৰিছিল লক্ষ লক্ষ জনগণক ।  ধৰ্মৰ সেই কদৰ্য ৰূপ স্বাধীনোত্তৰ ভাৰতবৰ্ষইও দেখিছিল। কিন্তু স্বাধীন ভাৰতবৰ্ষই ধৰ্মৰ বিপৰীতে বিচাৰিলে এখন ধৰ্ম নিৰপেক্ষ দেশ। উদাৰ জাতীয় সংস্কৃতিৰ এনে  উদাহৰণ বিৰল।

১৮৯৩ ৰ চিকাগোৰ ধৰ্মীয় সংসদত স্বামী বিবেকানন্দই  ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ ব্যাখ্যা কৰি কৈছিল , ভিন্ন ভিন্ন নদীৰ জলধাৰা যিদৰে বহুদূৰ বাট বুলি একেখন সাগৰত মিলিত হয়, সেইদৰে বিভিন্ন ঈশ্বৰ উপাসনাৰ একমাত্ৰ আৰু শেষ উদ্দেশ্য কিন্তু একেজনেই ঈশ্বৰ। এই উদাৰ গণতান্ত্ৰিক চেতনাবোধেই ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ। যি সংস্কৃতিয়ে মানুহক তেত্ৰিশ কোটি ভগবানত বিশ্বাস কৰাৰ অধিকাৰ দিছে, যি ধৰ্ম আৰু সংস্কৃতিৰ বিবিধতা আৰু উদাৰতা সাৰ্বজনীন, সেই সংস্কৃতিৰ বাবে সাম্যবাদ আছিল এক অপাংক্তেয় সত্তা মাত্ৰ । সুস্বাদু আহাৰত আবিষ্কাৰ হোৱা শিলগুটিৰ টুকুৰা।

ভাৰতীয় সংস্কৃতি আৰু হিন্দুত্ববাদৰ প্ৰতি সাম্যবাদৰ সহজাত বিৰোধৰ কাৰণো সেইটোৱেই ।

ৰঙা কৰবীৰ ফুল নামৰ ভ্ৰমণ কাহিনী খনত সন্নিবিষ্ট “মস্কো বহুত দূৰ”  নামৰ প্ৰবন্ধটোত , হেম বৰুৱাদেৱে লিখিছিল “ মায়কভস্কীয়ে পেৰিছৰ বুলিভাৰ বোৰক উপলুঙা কৰিছে। মস্কো চহৰতো বুলিভাৰ আছে। দুয়োটাৰে ভিতৰত পাৰ্থক্য হৈছে - মস্কোৰ বোৰত আছে মৃত মানৱৰ প্রস্থৰ মূৰ্তি। পেৰিছৰ বোৰত আছে ভাস্কৰ্য শিল্পীৰ কল্পনাত ধৰা দিয়া, অন্তৰ আলোকেৰে উদ্ভাসিত কৰা নিদর্শন। সি সময়ৰ সকলো বন্ধন নেওচি মানুহৰ আত্মা থাকে মানে চিৰকাল জীয়াই থাকিব, যাৰ কোনো কালেই মৰণ নাই - তেনে ভাস্কৰ্য প্ৰতীক । আনহাতে মস্কোৰ বোৰৰ ভাগ্য ষ্টেলিনৰ ছবি আৰু মূৰ্তিৰ দৰেই সাঙোৰ খাই আছে ৰাজনৈতিক আৰ্হিৰ লগত। এদিন সমগ্ৰ জীৱন আচ্ছন্ন কৰি থকা ষ্টেলিনৰ দৰেই এইবোৰৰো যদি ভাগ্য বিপৰ্যয় ঘটে , তেন্তে আচৰিত হব লগা কিবা জানো আছে ?”

ভাৰত আৰু ছোভিয়েট ৰুছিয়াৰ মৈত্ৰী সম্পৰ্কক  এক নতুন দিশ দিয়াৰ বাবে অন্য কেইজনমান সংসদৰ লগত হেম বৰুৱাদেৱে ভ্ৰমণ কৰিছিল সাম্যবাদী ছোভিয়েট ৰুছিয়া। সেই ভ্ৰমণ কাহিনী “ৰঙা কৰবীৰ ফুল” গ্ৰন্থৰূপত প্ৰকাশ হৈছিল ১৯৫৯ চনৰ জানুৱাৰী মাহত । ছোভিয়েট দেশ আৰু সাম্যবাদৰ  জয়জয় ময়ময় অৱস্থা তেতিয়া। এনে এক সময়তে, সাম্যবাদৰ বিপৰ্যয়ৰ অনুমান কৰা হেম বৰুৱাদেৱৰ প্ৰজ্ঞা আৰু দূৰদৰ্শিতাৰ কথা ভাবিলে শ্ৰদ্ধাত মুৰ দো খাই পৰে।

নিষ্পেষিত , নিপীড়িত জনৰ প্ৰতি আজিও মই হৃদয়ত অনুকম্পা অনুভৱ কৰো। শোকক শক্তিলৈ পৰিৱৰ্তন কৰাৰ মাওঁৰ বাক্যশাৰী আজিও মোৰ জীৱনৰ আমোঘ বাণী । জন হেনৰীৰ গীতটো আজিও মোৰ প্ৰিয়। তথাপি  সাম্যবাদ আজি আৰু মোৰ জীৱন দৰ্শন নহয়। মানৱ সভ্যতাৰ ইতিহাসত লক্ষ লক্ষ মানুহৰ তেজেৰে ৰাঙলী কৰা সাম্যবাদী দৰ্শনৰ পাপৰ বোজা বহন কৰিবলৈ অসমৰ্থ আৰু অপৰাগ ।

লিখকৰ ঠিকনা :
কমলজিত মেধি
আম্ৰপালি চাফায়াৰ
এপাৰ্টমেণ্ট নং - B ১০২
চেক্টৰ - ৪৫, নয়দা
মোবাইল : 9435529941

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Sunday, February 10, 2019

CAB বিতৰ্ক :অসমৰ বাবে অপ্ৰাসংগিক , লাভ লোকচান নোহোৱা ইছ্যু

ৰবিবাৰৰ ৰাতিপুৱা । কম্বলৰ মিঠা আমেজ লৈ শুই আছিলোঁ। এনেতে মোবাইলটো বাজি উঠিল । বন্ধুৰ ফোন।

" কমল , তুমি যে কৈ থাকা CAB অসমৰ বাবে অপ্ৰাসংগিক , লাভ লোকচান নোহোৱা ইছ্যু , কাৰণটো ফঁহিয়াই কিবা এটা লিখা । "

তাগিদাত লিখা এইখিনিয়ে মোৰ মনৰ কথা।

CAB বিতৰ্ক : নাগৰিকত্ব বিধেয়কখন লৈ অসমীয়া মানুহৰ মনত প্ৰধানকৈ এই দুটা বিষয় আলোচনা হৈছে :

১) বিধেয়কখনৰ বিৰোধ কৰা সকলৰ মতে , বিধেয়কখন সংসদত গৃহীত হোৱাৰ লগে লগে অসমত অসমীয়া মানুহ সখ্যালঘু হব। কৌটিৰ ঘৰত বাংলাদেশী হিন্দুসকলৰ অসমলৈ প্ৰব্ৰজন হব আৰু অসমীয়া ভাষা সংস্কৃতিৰ সৰ্বনাশ হব।

2) বিধেয়কখনৰ সপেক্ষে কোৱা বহুতৰ মতে এই বিধেয়কখন আইনত পৰিণত হলেহে অসমত অসমীয়াৰ অস্তিত্ব বৰ্তি থাকিব ।

মই নিজে দুয়োপক্ষৰে কথাখিনি পৰিসংখ্যাৰ ভিত্তিত কোৱা কথা নহয় বুলি ভাবো। কিয় নাভাবো সেই কথাখিনিকে ইয়াত লিখিব বিচাৰিছো।

অসম আৰু উত্তৰ পূবলৈ হিন্দু বাংলাদেশীৰ প্ৰব্ৰজন : অসম আৰু ত্ৰিপুৰাৰ লোকপিয়লৰ তথ্যখিনি যদি চোৱা যায়, দেখিবলৈ পাওঁ 1901 ৰ পৰা 2011 লৈ প্ৰতিটো লোকপিয়লৰ হিচাপত মুছলমান জনসংখ্যা 2 -4 শতাংশকৈ বাঢ়িছে আৰু হিন্দু ধর্মৰ মানুহৰ সংখ্যা একেই গতিত কমি আহিছে। ব্যতিক্ৰম মাত্ৰ 1951 আৰু 1971 ৰ লোকপিয়ল। 1941 ত মুছলমান জনসংখ্যা 25.72 % বিপৰীতে 1951 ত হৈছিলগৈ 24.68 % আৰু 1961 ৰ 25.26 % কমি 1971 ত হৈছিল 24.56 % । ঠিক একে সময়তে চুবুৰীয়া ত্ৰিপুৰাটো বঙালীভাষী মানুহৰ সংখ্যাৰ ব্যাপক বৃদ্ধিয়ে এই কথাটোকেই সূচায় যে দেশৰ স্বাধীনতাৰ সময়ত আৰু বাংলাদেশৰ মুক্তি আন্দোলনৰ সময়ত বুজন সংখ্যক বঙালী হিন্দু ভয়াবহ ধৰ্মীয় উন্মদনাত নিপীড়িত হৈ অসম আৰু আৰু ত্ৰিপুৰালৈ প্ৰব্ৰজন কৰিছিল।

1981 ৰ লোকপিয়লত ত্ৰিপুৰাৰ জনজাতীয় জনসংখ্যা কমি হৈছিল 28.44%। সন্দেহ নাই , বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজন আছিল ইয়াৰ মুখ্য কাৰণ। কিন্তু 1981 ৰ পিছত দেখিবলৈ পাওঁ ত্ৰিপুৰাৰ জনগাঁথনিত জনজাতি সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈছে আৰু বঙালীভাষী লোকৰ সংখ্যা হ্ৰাস পাইছে । ত্ৰিপুৰাৰ লোকপিয়লৰ হিচাপ মতে জনজাতীয় জনসংখ্যা 1991 আছিল 30.95% , 2001 ত 31.05 % আৰু 2011 ত 31.8 % । এই পৰিসংখ্যাই বোধহয় পৰিবৰ্তনীয় পৰিস্থিতিত ত্ৰিপুৰালৈ বাংলাদেশৰ পৰা হ্ৰাস হোৱা প্ৰব্ৰজনকে বুজায়।

এইখিনি পৰিসংখ্যাৰ পৰা এটা কথা প্ৰমাণিত হয় যে বাংলাদেশৰ পৰা এতিয়া আৰু কৌটিৰ ঘৰত হিন্দু সকল আহি অসমীয়াসকলক অসমত সংখ্যালঘুত পৰিণত কৰিব বুলি ভবা কথাষাৰ অমুলক। ইয়াৰ কাৰণ বাংলাদেশত সংখ্যালঘুৰ নিৰাপত্তাৰ প্ৰতি সজাগ আৱামী লীগৰ শ্বেইখ হাচিনাৰ চৰকাৰ আৰু বাংলাদেশৰ অৰ্থনীতিক উন্নয়ন। অৰ্থনৈতিক উন্নয়নৰ ফলত বাংলাদেশৰপৰা অহা মুছলমান প্ৰব্ৰজনকাৰীৰ সংখ্যাও সম্প্ৰতি হ্ৰাস পাইছে বুলি বোধ হয়।

তথাপিও যোৱা লোকপিয়লত যোৰহাট , শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় 9-10 % জনসংখ্যা বৃদ্ধিৰ বিপৰীতে গোৱালপাৰা, ধুবুৰী আদি ৰাজ্যত এই হাৰ আছিল সৰ্বাধিক। ইয়াৰ কাৰণ হিচাপে তলত মোৰ নিজৰ পৰিয়ালৰ এখন স্কিমাটিক চিত্ৰ দিছো। বৰ্তমানৰ প্ৰজন্মটোৰ আগত, মোৰ নিজৰ বংশৰে প্ৰতিটো পৰিয়ালৰ 6-7 টাকৈ সতি সন্ততি আছিল। এওঁলোকক লৈ দুটা বা তিনিটা প্ৰজন্মৰ মানুহখিনিৰ নামবোৰ এফালৰ পৰা লিখি গলে কাগজখিলা এটা প্ৰকাণ্ড পিৰামিডলৈ পৰিণত হয়। কিন্তু বৰ্তমানৰ প্ৰজন্মটোত বোধহয় অকল মোৰেই দুটা সন্তানৰ সৰ্ববৃহৎ সংসাৰ !

সৰু পৰিয়ালৰ ধাৰণাটো অসমৰ চুকে কোনে বিয়পি পৰিছে। অসমৰ খিলঞ্জীয়া মুছলমান খিনিও ইয়াৰ ব্যতিক্ৰম নহয়। কিন্তু চৰ চাপৰিত এই ধাৰণাটো এতিয়াও মানুহৰ মনলৈ অহা নাই। বিশেষকৈ যিখন সমাজত মহিলাসকল শিক্ষিত নহব, তেনে এখন অৰ্থনৈতিকভাবে পিছপৰা সমাজত জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যাধিক হোৱা আচৰিত নহয়।

ওপৰৰ কথাখিনিৰ পৰা সংক্ষেপে ইয়াকে কব পাৰি :

1) নাগৰিকত্ব আইনৰ সংশোধনৰ বাবে কৌটিৰ ঘৰত বাংলাদেশী হিন্দুসকল ( বাংলাদেশৰ মুঠ হিন্দু জনসংখ্যা বৰ্তমান 1.2 -1.7 কৌটি ) অসমলৈ অহাৰ ধাৰণাটো সত্য নহয়।

2) জন্ম নিয়ন্ত্ৰনৰ ব্যৱস্থা নথকা অৰ্থনৈতিক ভাবে পিছপৰা পমুৱা মানুহখিনিৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যাধিক হোৱা আচৰিত নহয়। অধিকাংশ বাংলাদেশৰ পৰা অহা হিন্দু আৰু মুছলমান মানুহৰ প্ৰব্ৰজন হৈছিল 1971ৰ আগেয়ে। গতিকে বৰ্তমানৰ 1971 ৰ ভিত্তি বৰ্ষ মতে তেওঁলোকৰ অধিকাংশ ভাৰতীয় নাগৰিক আৰু NRC ত তেওঁলোকৰ নাম সোমোৱা আচৰিত নহয়। বৰ্তমানৰ NRC য়ে অসমীয়া খিলঞ্জীয়াৰ অস্তিত্বক সুৰক্ষা দিব নোৱাৰে।

CAB কিয় খিলঞ্জীয়া অসমীয়াৰ ৰক্ষকবচ নহয় :

নাগৰিকত্ব আইন খনে অসমৰ থলুৱা মানুহখিনিক সংখ্যালঘু হোৱাত বাধা দিব বুলি কোৱা চৰকাৰী পক্ষ আৰু তেওঁলোকৰ সমর্থনকাৰী সকলৰ চিন্তাধাৰাও সচাঁ নহয় । লোকপিয়লৰ তথ্য খিনিয়ে অন্ততঃ সেই কথাকে প্ৰমাণ কৰে।

2011 ৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা 3.12 কৌটি। ইয়াৰে 61.54% হিন্দু আৰু 34.29% মুছলিম ধৰ্মাৱলম্বী মানুহ। 2001 ৰ পৰা 2011 লৈ অসমত হিন্দু ধর্মৰ মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 10% আৰু মুছলিম ধৰ্মৰ 29.59 % শতাংশ। এই হাৰ আছিল সৰ্বভাৰতীয় হাৰ 24.6 % তকৈ প্ৰায় 5 শতাংশ বেছি।

বৰ্তমানৰ এই হাৰৰ জনসংখ্যা বৃদ্ধিয়ে নিঃসন্দেহে 2051 ৰ ভিতৰতে অসমত হিন্দু সকলক সংখ্যালঘুলৈ পৰিৱৰ্তন কৰিব। আজিৰ পৰা আৰু 50 বছৰৰ ব্যৱধানত অসমত ইছলামধৰ্মী লোকৰ সংখ্যা হিন্দু সকলতকৈ প্ৰায় 1.5 কৌটি অধিক হব । জনবিন্যাসৰ এই পৰিৱৰ্তনক বাধা দিবলৈ বৰ্তমানৰ CAB খনৰ সমৰ্থক সকলে কৰ পৰা হিন্দু মানুহ বিচাৰি পৃথিৱী চলাথ কৰিব ?

ইয়াৰ লগতে উজনি অসমত চলি থকা ব্যাপক জনজাতীয় লোকৰ খ্ৰীষ্টান ধৰ্মান্তকৰণৰ কথা নকলোৱেই বা !

অসমৰ মুঠ জনসংখ্যাৰ ভিতৰত খিলঞ্জীয়া অসমীয়া মুছলমান লোকৰ সংখ্যা বৰ্তমান 25-30 লাখতকৈ বেছি নহব। এওঁলোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অন্যান্য খিলঞ্জীয়া সকলতকৈ অধিক নহয়। গতিকে বৰ্তমানৰ পৰিস্থিতিত পমুৱা মুছলমান মানুহখিনিয়ে অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী। যিহেতু গণতন্ত্ৰত ভোটৰ সংখ্যাৰ ওপৰত সকলো নিৰ্ভৰ কৰিব, সেইবাবে আৰু ত্ৰিশ বছৰৰ ভিতৰত এই জনগোষ্ঠীটোৰ এজন সদস্যই অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহাত আচৰিত হবলগীয়া একো নাই আৰু সেয়া তেওঁলোকৰ গণতান্ত্ৰিক ভাৰতীয় সংবিধান প্ৰদত্ত অধিকাৰ। লগতে অসমীয়া সংস্কৃতি আৰু অন্যান্য সামাজিক দিশবোৰ সংখ্যাগুৰু এই জনগোষ্ঠীৰ দ্বাৰা নিয়ন্ত্ৰিত হব । বৰ্তমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ ভিত্তিত , 2101 লৈ অসমৰ জনসংখ্যাৰ অনুমানিক হিচাপৰ তথ্যৰ চিত্ৰ দিয়া হৈছে।

অসমত বাস কৰা বাংলাদেশী মূলৰ মানুহখিনিক বহিস্কাৰ কৰাৰ চিন্তাটো বৰ্তমান এটা utopian সপোনৰ বাহিৰে অন্য একো নহয়। হয়তো নাগৰিকত্বৰ ভিত্তিবৰ্ষ 1951 কৰিলে কেইদিনমানলৈ অসমৰ থলুৱা মানুহৰ প্ৰশাসনিক অধিকাৰ কিছু বছৰলৈ সংৰক্ষিত থাকিব। সাংবিধানিক সুৰক্ষাৰ বাবে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব লাগিব আৰু সেয়া সহজসাধ্য কাম নহব। এনে কামৰ বাবে বিৰোধ আহিব অসমৰ বুদ্ধিজীৱি সমাজ আৰু দেশ বিদেশৰ মিডিয়াৰ পৰা।

ইতিহাসৰ পাত লুটিয়ালে দেখা যায় সংস্কৃতিৰ বোৱতী নৈখনত বিভিন্ন উপনৈবোৰ মিলি যায় আৰু মূল বোৱতী ধাৰাটোৰ দিশ নিৰ্ণয় কৰে। মহাভাৰতৰ সময়ত আজিৰ কান্দাহাৰ আছিল গান্ধাৰ। পিছলৈ আফগানিস্তানত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ আছিল সৰ্বাধিক। বৌদ্ধ ধৰ্মৰ পিছত আহিল ইছলাম আৰু ভৱিষ্যতলৈ কি আহিব সেয়া সময়েহে কব। প্ৰাচীন কালত আৰ্য্য সকলৰ আগমনৰ আগেয়ে ভাৰতবৰ্ষত দ্ৰাবিড়সকলৰ সভ্যতা আছিল উত্তৰৰ পৰা দক্ষিণলৈ , পূৱৰ পৰা পশ্চিমলৈ বিস্তৃত। আৰ্য্য সকলৰ আগমনৰ লগে লগে তেওঁলোক পশ্চিম আৰু উত্তৰ ভাৰতৰ পৰা বিতাড়িত হল। কিন্তু দ্ৰবিড় সকলৰ সংস্কৃতিৰ প্ৰভাৱতে আৰ্য্য সকলৰ সভ্যতা ঠন ধৰি উঠিছিল।

নিজৰ স্বকীয়তাক জীয়াই ৰখাৰ চিৰন্তন সংগ্ৰাম প্ৰতিটো জনগোষ্ঠীৰ। কিন্তু প্ৰকৃতিয়ে হিন্দু, মুছলমান, অসমীয়া, বঙালী বুজি নাপায়। হাজাৰ বছৰৰ ইতিহাসৰ ঘাঁহনিত পোত যায় মানুহৰ সৰু সৰু কত মান - অভিমান। আজি আমি যি ভূখণ্ডত নিজৰ অধিকাৰ সাব্যস্ত কৰি আছো সেই ঠাইৰ অধিকাৰ অতীতত অইন কাৰোবাৰ আছিল। অহাকালি আকৌ কোনোবা নতুন । এয়াই চিৰন্তন সত্য।

অসমীয়া খিলঞ্জীয়া মানুহৰ বাবে হাতত বোধহয় এইকেইটা পথ খোলা আছে :

1) নাগৰিকত্বৰ ভিত্তিবৰ্ষ 1951লৈ সলনি কৰি সাংবিধানিক সুৰক্ষাৰ চিন্তা চৰ্চা কৰা । জনজাতিকৰণ এক শক্তিশালী প্ৰদক্ষেপ হব পাৰে কিছু সময়লৈ খিলঞ্জীয়াৰ প্ৰশাসনিক অধিকাৰ সংৰক্ষণ কৰাৰ।

2) পমুৱা মানুহখিনিক বাংলাদেশী বুলি অসমীয়াৰ ঠাট্টা মস্কৰা কৰাৰ দিন উকলিল । তেওঁলোক বৃহৎ অসমীয়া সমাজৰ এৰিব নোৱাৰা অংগ মাত্ৰ নহয়। অসমৰ ভৱিষ্যতৰ দিশ নিৰ্ণায়ক। এই জনগোষ্ঠীৰ শিক্ষা আৰু প্ৰগতিৰ বাবে আজিৰ অসমীয়া সচেতন নহলে, অসমৰ ভৱিষ্যতৰ ইতিহাস সুখৰ নহব। 

Thursday, November 22, 2018

যি দৰ্শন আছিল মোৰ জীৱনৰ পথ

সাম্যবাদৰ সাম্প্ৰদায়িকতা আৰু অস্তিত্বৰ সংকট

                                                            কমলজিত মেধি
                                          
আমিবোৰ তেতিয়া স্কুলৰ তলৰ  শ্ৰেণীৰ ছাত্ৰ ।  আবেলিৰ ঘৰুৱা আলোচনাবোৰৰ এটা প্রিয় বিষয়বস্তু আছিল ছোভিয়েট দেশৰ সাম্যবাদৰ বিপৰীতে  আমেৰিকাৰ পুঁজিপতি সমাজ ব্যৱস্থা। আমেৰিকা আমাৰ বাবে সপোনৰ দেশ আছিল। কিন্তু নৈতিক সমৰ্থন আছিল সাম্যবাদৰ কথা কোৱা ছোভিয়েট ৰুছিয়াৰ প্ৰতি। অকল আমাৰ পৰিয়ালৰ  আলোচনাৰ  বিষয় নাছিল সেয়া। শীতল যুদ্ধৰ দিনৰ দুটা মেৰুত বিভক্ত  হৈছিল  প্ৰায় সমগ্ৰ পৃথিৱী।  সেই সময়তে গোষ্ঠী নিৰপেক্ষতাৰ নাম লৈ বহু কেইখন  দেশে এটা সংগঠন গঢ়িছিল । জৱাহৰলাল নেহৰু আছিল এই গোটটোৰ জাকত জিলিকা নেতা। ঢাল তৰোৱাল নথকা নিধিৰাম চৰ্দাৰৰ দৰে  দেশ কিছুমানৰ সংগঠন আছিল সেয়া। অধিকাংশ  সদস্য দেশেই আওপকীয়াকৈ  ছোভিয়েট ৰুছিয়াৰ সমৰ্থন কৰিছিল বা সুবিধাজনক স্থিতি লৈছিল।

ডাকোৱালে দি থৈ যোৱা ছোভিয়েট দেশৰ পত্ৰিকা বোৰ পঢ়ো। সেই আলোচনীবোৰে হাজাৰ হাজাৰ মাইল দূৰৰ এখন স্বপ্নৰ দেশ ৰুছিয়াৰ লগত আমাৰ কৌতূহলী শৈশৱৰ মনবোৰৰ মাজত এক সংযোগী সেঁতু গঢ়ি তোলে। সেইখন সুন্দৰ দেশৰ ধুনীয়া ধুনীয়া ল’ৰা ছোৱালী বোৰৰ ফটোবোৰ চুই চাওঁ। মুহূৰ্তৰ বাবে মনলৈ আহে মই পঢ়া স্কুলখন আৰু সহপাঠীসকলৰ দৈন্যতা । মনত এক বিশ্বাস জাগে। সেই পথেই পৃথিৱীৰ চৰম সত্য । দুৰ্বল আৰু নিষ্পেষিত মানুহৰ মুক্তিৰ একমাত্ৰ  পথ বুলি  বিশ্বাস দৃঢ় হৈ উঠে।

নতুন পৃথিৱী নামৰ আলোচনী খন পঢ়ো মাজে মাজে। আলোচনী খনৰ  বেটুপাতবোৰ বোধহয়  ৰঙা ৰঙৰ আছিল । কথাবোৰ ভালদৰে বুজাৰ বয়স হোৱা নাছিল।  শৈশৱ আৰু কৈশোৰৰ সেই আলিদোমোজাত থমাছ হুদৰ Song of the shirt নামৰ কবিতাটোৱেও মনত তোলপাৰ লগাইছিল।

১৯৪৩ চনত লিখা এই কবিতাটো আছিল ইংলেণ্ডৰ শ্ৰমিক শ্ৰেণীৰ জীৱনৰ সকৰুণ কাহিনী। ডিচেম্বৰ মাহৰ লণ্ডনৰ হাড় কপোৱা জাৰ । এনে এটি জাৰৰ দিনত , কোনো এটা বন্ধ কোঠাত এজনী শ্রমিকে  কাপোৰ চিলাইছে । অনাহাৰ আৰু অনিদ্ৰাই পিষ্ট  কৰা এটা শৰীৰ আৰু মন ….

With fingers weary and worn,
With eyelids heavy and red,
A woman sat in unwomanly rags,
Plying her needle and thread –
Stitch! Stitch! Stitch!

শ্ৰীমতী বিদয়েলৰ জীৱনৰ ওপৰত লিখা  থমাছ হুদৰ সেই কবিতাটো কিমান বাৰ আওৰাইছিলোঁ ! যিমানে কবিতাটো আওৰাইছিলোঁ সিমানেই পুঁজিপতি ব্যৱস্থা টোৰ প্ৰতি বিদ্ৰোহ অনুভৱ কৰিছিলো।  স্কুলত এই কবিতাটো আমাক পঢ়ুৱাইছিল ইংৰাজীৰ শিক্ষক আমাৰ দেউতাই। শ্ৰেণীকোঠাত তেওঁৰ গলগলীয়া মাতটোৰ  ধ্বনি প্ৰতিধ্বনি বহু দেৰিলৈ আমাৰ মনত অনুৰণিত হৈ ৰৈছিল। ঔদ্যোগিক বিপ্লৱৰ সময়ৰ ইউৰোপলৈ যেন  তেওঁ আমাক লৈ গৈছিল।

স্কুলৰ সেই সময়খিনিত লিখা মোৰ কবিতাবোৰত প্ৰায়েই পৃথিৱীৰ মানুহৰ  মুক্তিৰ  কথা লিখিছিলো। “ আশাবোৰ ভোকৰ ৰুটি হৈ ভাঁহি” থকা দেখিছিলো ,  হৃদয়ত “অগ্নিকণ্ঠ প্ৰমুঠিওজক মুক্ত কৰাৰ পণ” । সাম্যবাদৰ প্ৰতি মোৰ আকৰ্ষণ দিনে দিনে বাঢ়ি আহিছিল।

কটনত সেই সময়ত বাওঁ চিন্তাৰ ব্যাপক পৰিসৰ। মেধাবী এটা শ্ৰেণী ছাত্ৰ ছাত্ৰী বাওঁ ছাত্ৰ সংগঠনৰ সদস্য। কটনলৈ অহাৰ আগেয়ে মনৰ মাজত ৰোপিত হোৱা সৰু গছৰ পুলিটোৱে বিৰাট এক বৰগছলৈ পৰিণত হোৱাৰ অৱকাশ আছিল। কিন্তু ১৯৯০ ত কটনলৈ অহাৰ আগেয়ে পৃথিৱী কঁপোৱা কেইটামান ঘটনাই কমুনিজিমৰ প্ৰতি মোৰ মনটো সন্দিহান কৰি তুলিছিল।

টিয়েনমেন স্কোয়াৰ , ১৯৮৯। চীনৰ হাজাৰ হাজাৰ ছাত্ৰ ৰাজপথলৈ ওলাই আহিছিল গণতন্ত্ৰৰ সমৰ্থনত  আৰু দুৰ্নীতিৰ বিৰোধীতা কৰিবলৈ। ছাত্ৰসকলৰ সেই শান্তিপুৰ্ন আন্দোলন মষিমূৰ কৰিবলৈ চীনৰ সৰ্বহাৰাৰ চৰকাৰে তেতিয়া  টেংক পঠিয়াইছিল। হাজাৰ হাজাৰ ছাত্ৰৰ তেজেৰে ৰাঙলী কৰিছিল টিয়েনমেন স্কোয়াৰ । কোনোবা এখন আলোচনীত চীনাসৈন্যৰ টেংকৰ সমুখত থিয় হৈ  মৃত্যুক  নিৰ্ভয়ে আলিংগন কৰা এজন চীনা ছাত্ৰৰ  ফটো এখন দেখিছিলোঁ। মানুহ কিমান আশাহীন আৰু অতিষ্ঠ হলে এনেদৰে সাহসী প্ৰতিবাদ কৰিব পাৰে , সেয়া যেন সমগ্ৰ বিশ্বক বুজাই দিছিল সেই অখ্যাত ছাত্ৰজনে । ১৯৮৯ ৰ টিয়েনমেন স্কোৱাৰৰ সেই হৃদয় বিদাৰক ঘটনা আছিল কুৰি শতিকাৰ ইতিহাসৰ এক অন্ধকাৰ অধ্যায়।

১৯৮৯ ৰ প্ৰায় দুবছৰ আগেয়ে ৰোমানিয়াত শেষ হৈছিল অন্য এক একনায়কত্ববাদী শাসন ব্যৱস্থাৰ। নিকোলাই চিছেচকু আৰু তেওঁৰ পত্নীক হত্যা কৰিছিল ৰোমানিয়াৰ মুক্তিকামী জনতাই । সততে মুক্তিকামী সৰ্বহাৰাৰ কথা কোৱা সাম্যবাদী দেশ এখনত এনেদৰে সাম্যবাদৰ পৰা মুক্তি বিচৰা জনতাৰ আচৰণত আচৰিত হৈছিলোঁ।  পূব ইউৰোপত তেতিয়া পৰিবৰ্তনৰ বতাহ। এখনৰ পিছত এখনকৈ কমিউনিষ্ট চৰকাৰ উফৰি গৈছে । ছোভিয়েট ৰুছিয়া আকৌ পেৰেষ্ট্ৰইকা , গ্লাছনস্তৰ বামাৰলিত  উটি ভাঁহি যোৱাৰ উপক্ৰম।

কটনলৈ আহি Aleksandr  Isayevich Solzhenitsyn ৰ সেই বিখ্যাত উপন্যাস  One Day in the Life of Ivan Denisovich খনৰ সম্ভেদ পালো। এই উপন্যাস খনে শৈশৱৰ পৰা সপোনৰ দেশ বুলি  গণ্য কৰা দেশখন  আৰু সাম্যবাদী সংস্কৃতিৰ এক বিপৰীত চিত্ৰ দাঙি ধৰিলে। হিটলাৰৰ নাজী বাহিনীৰ বৰ্বৰতাৰ বিষয়ে পঢ়িছিলো। এন ফ্ৰাঙ্কৰ ডায়েৰী পঢ়িছিলো। থমাছ কেনেলীৰ চিনলাৰছ আৰ্ক নামৰ বহু পঠিত উপন্যাসখনো পঢ়িছিলো। কিন্তু  Solzhenitsyn ৰ  উপন্যাস খনে ৰুছিয়াৰ লেনিন, ষ্টেলিনৰ বৰ্বৰতাৰ লগত মোক চিনাকি কৰাই দিলে।

কটনত দুবছৰ বিজ্ঞান শাখাত হায়াৰ চেকেণ্ডাৰী পঢ়িছিলো । তাৰ পিছত ইঞ্জিনিয়াৰিং কলেজ। পঢ়াশুনাত মধ্যমীয়া ধৰণৰ আছিলো। মহানগৰৰ উপকণ্ঠৰ মফচলিয়া এখন ঠাইৰ  স্কুলত সদায় প্ৰথম হৈ অহা ল’ৰাজনৰ  কটনৰ বাকৰিত নিজকে  চোকা আৰু মেধাবী ছাত্ৰ বুলি থকা ধাৰণাটো একেবাৰে  সলনি হৈ গৈছিল। কটনৰ সেই ফিজিক্স আৰু কেমেষ্টিৰ ক্লাছ বোৰত শিকা বহুবোৰ কথা ভালদৰে বুজা নাছিলো। কিন্তু বিজ্ঞানৰ কিছু প্ৰাথমিক ধাৰণাই মনৰ মাজত  সাম্যবাদ সম্পৰ্কে কিছুমান নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছিল।

ফিজিক্সৰ শ্ৰেণীত বৈদ্যুতিক প্ৰবাহৰ সূত্ৰ পঢ়িলো। বুজি পালো বিভৱ পাৰ্থক্য  নাথাকিলে এটা বৰ্তনীত  বিদ্যুতৰ পৰিবহন সম্ভৱ নহয়। ঠিক সেইদৰে এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ কোনো তৰল বা গেছ  বৈ যাবলৈ প্ৰয়োজন হয় চাপৰ তাৰতম্যতাৰ। যেতিয়াই অসমতা শেষ হৈ যায়, বন্ধ হৈ যায় বিদ্যুতৰ আহ যাহ ,  ৰুদ্ধ হৈ যাব নদীৰ বোৱতী সোঁত। ঠিক সেইদৰে অধিক উষ্ণতাৰ পৰা কম উষ্ণতালৈ তাপৰ পৰিবহনহে  স্বাভাৱিক। ইয়াৰ বিপৰীতে কাম কৰিবলৈ যোৱা মানেই শক্তিৰ অৱক্ষয়।

যদি অসমতাই প্ৰকৃতিৰ চালিকা শক্তি  হয়, তেনেহলে সাম্যবাদৰ  এখন শ্ৰেণীহীন সমাজৰ লক্ষ্য প্ৰকৃতিৰ নিয়ম বিৰুদ্ধ  নহবনে ! যি অস্বাভাৱিক , সেই দর্শন  কেতিয়াবা মানৱ জাতিৰ কল্যাণকামী আৰু ইতিহাসত স্থায়ী হব পাৰিবনে !  সেইবাবেই নেকি বিশ্বৰ মানচিত্ৰৰ পৰা সাম্যবাদ হেৰাই  যোৱাৰ উপক্ৰম হৈছে ! মনলৈ এনে  হাজাৰ প্ৰশ্ন আহিছিল সেই সময়ত ।  সন্দেহ নাই ১৯১৭ ৰ ৰুছ বিপ্লৱৰ পিছত বিজ্ঞান ,প্ৰযুক্তিবিদ্যাৰ দিশত অভাৱনীয় উন্নতি কৰিছিল ছোভিয়েট দেশে । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাম্যবাদৰ মন্ত্ৰৰে উদ্বুদ্ধ ৰুছ খেতিয়কে  হাতত যাঠি লৈ হিটলাৰৰ নাজী বাহিনীৰ পেনজাৰ  টেংকৰ  গতি ৰুদ্ধ কৰাৰ প্ৰয়াস কৰিছিল । জাৰ্মান সৈন্যৰ বাবে সেয়া আছিল আমোদজনক কিন্তু অকল্পনীয়।  ৰুছ মানুহৰ দেশপ্ৰেমৰ কল্পনাতীত দৃষ্টান্ত আছিল লেনিনগ্ৰেডত নাজী বাহিনীৰ পৰাজয় আৰু হিটলাৰৰ পতনৰ আৰম্ভণি ।

বিজ্ঞানৰ আৰু এটা সূত্ৰৰ লগত এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ মিল দেখিবলৈ পাওঁ। ইঞ্জিনিয়াৰিঙত Fluid Flow Operation ত পঢ়া  এডাল পাইপৰ মাজেৰে পৰিবাহিত হোৱা পানীৰ সোঁত এটালৈ মনত পৰে। পাইপৰ মাজেৰে বৈ যোৱা পানী খিনিৰ গতি বেগ সকলো ঠাইতে সমান নহয়। পাইপৰ গাত লাগি থকা পানীৰ তৰপটো আমাৰ সমাজৰ কম  শিক্ষা আৰু কাৰিকৰী অৰ্হতা থকা মানুহখিনিৰ দৰে। পাইপৰ মাজেৰে বৈ যোৱা পানীৰ এই তৰপটোৰ গতি হয় তুলনামূলক ভাবে মন্থৰ। পাইপৰ গাৰ পৰা দূৰত থকা পানী খিনিৰ তৰপটোৰ গতি হয় সৰ্বাধিক। ঠিক একেদৰে এখন দেশৰ অৰ্থনৈতিক উন্নতিৰ পৰা আটাইতকৈ বেছি লাভবান হয় কাৰিকৰী অৰ্হতা আৰু সামৰ্থ থকা লোকসকল। সুফল সমাজৰ তলৰ শ্ৰেণীটোলৈও আহে , কিন্তু সেয়া তুলনাত কম । সমাজৰ তলৰ শ্ৰেণীৰ উন্নতিৰ বাবে দুটা ব্যৱস্থা আছে। পাইপৰ বোৱতী পানী খিনিৰ বেগ   আৰু বেছি তীব্ৰতৰ কৰি  তলৰ মন্থৰ  তৰপ বোৰৰ  গতিও ত্বৰান্বিত কৰা বা পানী খিনিত চাকনৈয়াৰ সৃষ্টি কৰি বিভিন্ন তৰপবোৰৰ বেগৰ তাৰতম্য হ্ৰাস কৰা। পুঁজিপতি দেশবোৰে প্ৰথম উপায়টোত বিশ্বাস কৰে। সাম্যবাদী সকলে দ্বিতীয়টোত। সেয়া কৰিবলৈ যাওঁতে , দ্বিতীয় ব্যৱস্থাটোত পানী কঢ়িওয়া পাইপডাল ভাঙি পৰাৰ সম্ভাৱনাও সৰ্বাধিক। কিন্তু প্ৰথম ব্যৱস্থাটোৰো একাধিক ঋণাত্মক  দিশ আছে।

সাম্যবাদী ভাৱধাৰাৰ আৰু এটা প্ৰধান ঋণাত্মক দিশ কটন আৰু ইঞ্জিনিয়াৰিং কলেজৰ দিনবোৰত চকুত পৰিছিল। এজন মানুহৰ জীৱনৰ সকলোবোৰ দিশ যেন বাওঁ আদৰ্শই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে । কেনে লোকৰ লগত বন্ধুত্ব কৰিব, কি কিতাপ পঢ়িব , কেনে মতবাদক সমৰ্থন কৰি মন্তব্য কৰিব এই  সকলোবোৰ স্বয়ংক্ৰিয় ভাবে  নিয়ন্ত্ৰিত নিজস্ব চিন্তাধাৰাৰ দ্বাৰা  নহয় । নিয়ন্ত্ৰিত হয় আদৰ্শৰ তাড়নাত।   নিয়ন্ত্ৰণ কৰিব মাৰ্ক্স, লেনিন , বা চে গুয়াভাৰ আদিয়ে । এইসকল ব্যক্তিৰ আগৰ হাজাৰ বছৰৰ পুৰণি ভাৰতীয় সভ্যতা সংস্কৃতি যেন তেওঁলোকৰ বাবে অৰ্থহীন। শ্ৰেণীসংগ্ৰামৰ সাম্যবাদী সূত্ৰ অনুসৰি অৰ্থনৈতিক ভাবে সফল ব্যক্তিজন কিন্তু সদায় শোষণকাৰী। মৌলিক চিন্তাৰ পৰা ব্যক্তি বা সমষ্টিক নিৰুৎসাহ কৰা হয় এই আদৰ্শত,  নিজকে প্ৰগতিশীল বুলি ঘোষণা কৰা লোকসকলৰ চিন্তা Iচর্চা হৈ পৰে ঠেক পৰিসৰত আৱদ্ধ । স্বাভাৱিক বিকাশ হৈ পৰে ৰুদ্ধ ।

যি চিন্তাধাৰা, যি সমাজ ব্যৱস্থা, যি ধৰ্মই মানুহৰ  মৌলিক চিন্তাধাৰাক বাধাগ্ৰস্ত কৰি কোনো ব্যক্তিবিশেষ বা চিন্তাধাৰাকে জীৱনৰ একমাত্ৰ পথ বুলি ভাবিবলৈ বাধ্য কৰে , সেই চিন্তাধাৰা, সেই সমাজ ব্যৱস্থা, সেই ধৰ্মতে ফেনাটিচিজমৰো ( fanaticism) জন্ম হয়।  সেইবাবেই বাওঁচিন্তাত বিশ্বাসী সকল  কেতিয়াও সাম্ৰদায়িকতাৰ পৰা মুক্ত নহয়। বাওঁ চিন্তা আৰু ফেনটিচিজম সমাৰ্থক হৈ পৰে । তেওঁলোকৰ প্ৰগতিশীলতা পক্ষপাতপূৰ্ণ , চিন্তাধাৰা ব্যপকতাহীন । বাওঁচিন্তাৰ বুদ্ধিজীৱিসকল আৰু অন্যান্য সাম্প্ৰদায়িক লোক সকলৰ চিন্তাধাৰা একেটা মুদ্ৰাৰে  ইপিঠি সিপিঠি। হওঁক যেনিবা তেওঁলোক বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী প্ৰতিভা।

যি সাম্যবাদী ভাৱধাৰাই সাধাৰণ ৰুছ খেতিয়ক এজনক অসাধাৰণলৈ পৰিৱৰ্তন কৰি নাজী বাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰিছিল, সেই একেই দর্শনৰ প্ৰতীক মাৰ্ক্স,  লেনিনৰ প্রস্থৰ মূৰ্তিবোৰৰ ওপৰত ৰুছিয়াত হাতুৰীৰ কোব পৰিছিল । ছোভিয়েট দেশ ভাঙি পৰিছিল। আনকি ৰুছ দেশৰ বুৰঞ্জীৰ পৰা আঁতৰাই পেলোৱা হৈছিল ১৯১৭ চনৰ ৰুছ বিপ্লৱৰ কাহিনী। সাম্যবাদৰ প্ৰতি  সেই একেই বিৰাগ পূব ইউৰোপৰ দেশবোৰত আজিও  দেখা যায় ।

মানুহৰ মন , ব্যক্তি স্বাধীনতাৰ হেঁপাহ বোৱতী নদীৰ দৰে। সেই সোঁতৰ দুৰ্বাৰ বোৱতী বাধাক বন্ধ কৰি ৰাখিব পাৰি কিছু সময়ৰ বাবে , চিৰদিনৰ বাবে নহয়। সাম্যবাদৰ পতনে যেন ইতিহাসৰ সেই সৰল সূত্ৰটোকেই আকৌ এবাৰ প্ৰতিপন্ন কৰিলে।

স্বাধীনোত্তৰ ভাৰতবৰ্ষত ভোকৰ হাঁহাকাৰ আছিল সৰ্বব্যাপী। ছোভিয়েট ৰুছিয়াৰ চোৰাংচোৱা সংস্থা কেজিবি আৰু সাম্যবাদী বুৰঞ্জীবিদ , লিখক সকল আছিল প্ৰভাবশালী আৰু ৰাজঅনুগ্রহীত।  মুঠতে সাম্যবাদী চিন্তাধাৰাৰ প্ৰসাৰৰ বাবে ৰম্যভূমি আছিল ভাৰতবৰ্ষ। তথাপিও ভাৰতবৰ্ষত সাম্যবাদে সমাজৰ ব্যাপক সঁহাৰি নোপোৱাৰ কাৰণ আছিল ভাৰতীয় সংস্কৃতি আৰু উদাৰ হিন্দুত্ববাদ।

সাম্যবাদী সকলে মানি লবলৈ টান পালেও এই কথা অনস্বীকাৰ্য যে ভাৰতবৰ্ষৰ জাতীয় সংস্কৃতি আৰু চেতনাবোধৰ মূলতে  হিন্দুত্ববাদৰ উদাৰ পৰম্পৰা । বিদেশী আক্রমনকাৰীৰ হাতত বাৰে বাৰে আক্ৰান্ত , লাঞ্চিত হৈছিল ভাৰতবৰ্ষ । ধৰ্মৰ উন্মাদনাই সংহাৰ কৰিছিল লক্ষ লক্ষ জনগণক ।  ধৰ্মৰ সেই কদৰ্য ৰূপ  স্বাধীনোত্তৰ ভাৰতবৰ্ষইও দেখিছিল। কিন্তু স্বাধীন ভাৰতবৰ্ষই ধৰ্মৰ বিপৰীতে বিচাৰিলে এখন ধৰ্ম নিৰপেক্ষ দেশ। উদাৰ জাতীয় সংস্কৃতিৰ এনে  উদাহৰণ বিৰল।

১৮৯৩ ৰ চিকাগোৰ ধৰ্মীয় সংসদত স্বামী বিবেকানন্দই  ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ ব্যাখ্যা কৰি কৈছিল , ভিন্ন ভিন্ন নদীৰ জলধাৰা যিদৰে বহুদূৰ বাট বুলি একেখন সাগৰত মিলিত হয়, সেইদৰে বিভিন্ন ঈশ্বৰ উপাসনাৰ একমাত্ৰ আৰু শেষ উদ্দেশ্য কিন্তু একেজনেই ঈশ্বৰ। এই উদাৰ গণতান্ত্ৰিক চেতনাবোধেই ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ। যি সংস্কৃতিয়ে মানুহক তেত্ৰিশ কোটি ভগবানত বিশ্বাস কৰাৰ অধিকাৰ দিছে, যি ধৰ্ম আৰু সংস্কৃতিৰ বিবিধতা আৰু উদাৰতা সাৰ্বজনীন, সেই সংস্কৃতিৰ বাবে সাম্যবাদ আছিল এক অপাংক্তেয় সত্তা মাত্ৰ । সুস্বাদু আহাৰত আবিষ্কাৰ হোৱা শিলগুটিৰ টুকুৰা।

ভাৰতীয় সংস্কৃতি আৰু হিন্দুত্ববাদৰ প্ৰতি সাম্যবাদৰ সহজাত বিৰোধৰ কাৰণো সেইটোৱেই ।

ৰঙা কৰবীৰ ফুল নামৰ ভ্ৰমণ কাহিনী খনত সন্নিবিষ্ট “মস্কো বহুত দূৰ”  নামৰ প্ৰবন্ধটোত , হেম বৰুৱাদেৱে লিখিছিল    “ মায়কভস্কীয়ে পেৰিছৰ বুলিভাৰ বোৰক উপলুঙা কৰিছে। মস্কো চহৰতো বুলিভাৰ আছে। দুয়োটাৰে ভিতৰত পাৰ্থক্য হৈছে - মস্কোৰ বোৰত আছে মৃত মানৱৰ প্রস্থৰ মূৰ্তি। পেৰিছৰ বোৰত আছে ভাস্কৰ্য শিল্পীৰ কল্পনাত ধৰা দিয়া, অন্তৰ আলোকেৰে উদ্ভাসিত কৰা নিদর্শন। সি সময়ৰ সকলো বন্ধন নেওচি মানুহৰ আত্মা থাকে মানে চিৰকাল জীয়াই থাকিব, যাৰ কোনো কালেই মৰণ নাই - তেনে ভাস্কৰ্য প্ৰতীক । আনহাতে মস্কোৰ বোৰৰ ভাগ্য ষ্টেলিনৰ ছবি আৰু মূৰ্তিৰ দৰেই সাঙোৰ খাই আছে ৰাজনৈতিক আৰ্হিৰ লগত। এদিন সমগ্ৰ জীৱন আচ্ছন্ন কৰি থকা ষ্টেলিনৰ দৰেই এইবোৰৰো যদি ভাগ্য বিপৰ্যয় ঘটে , তেন্তে আচৰিত হব লগা কিবা জানো আছে ?”

ভাৰত আৰু ছোভিয়েট ৰুছিয়াৰ মৈত্ৰী সম্পৰ্কক  এক নতুন দিশ দিয়াৰ বাবে অন্য কেইজনমান সংসদৰ লগত হেম বৰুৱাদেৱে ভ্ৰমণ কৰিছিল সাম্যবাদী ছোভিয়েট ৰুছিয়া। সেই ভ্ৰমণ কাহিনী “ৰঙা কৰবীৰ ফুল” গ্ৰন্থৰূপত প্ৰকাশ হৈছিল ১৯৫৯ চনৰ জানুৱাৰী মাহত । ছোভিয়েট দেশ আৰু সাম্যবাদৰ  জয়জয় ময়ময় অৱস্থা তেতিয়া। এনে এক সময়তে, সাম্যবাদৰ বিপৰ্যয়ৰ অনুমান কৰা হেম বৰুৱাদেৱৰ প্ৰজ্ঞা আৰু দূৰদৰ্শিতাৰ কথা ভাবিলে শ্ৰদ্ধাত  মুৰ দো খাই পৰে।

নিষ্পেষিত , নিপীড়িত জনৰ প্ৰতি আজিও মই হৃদয়ত অনুকম্পা অনুভৱ কৰো। শোকক শক্তিলৈ পৰিৱৰ্তন কৰাৰ মাওঁৰ বাক্যশাৰী আজিও মোৰ জীৱনৰ আমোঘ বাণী । জন হেনৰীৰ গীতটো আজিও মোৰ প্ৰিয়। তথাপি  সাম্যবাদ আজি আৰু মোৰ  জীৱন দৰ্শন নহয়। মানৱ সভ্যতাৰ ইতিহাসত লক্ষ লক্ষ মানুহৰ তেজেৰে ৰাঙলী কৰা সাম্যবাদী দৰ্শনৰ পাপৰ বোজা বহন কৰিবলৈ অসমৰ্থ আৰু অপৰাগ ।

লিখকৰ ঠিকনা :
কমলজিত মেধি
আম্ৰপালি চাফায়াৰ
এপাৰ্টমেণ্ট নং - B ১০২
চেক্টৰ - ৪৫, নয়দা
মোবাইল : 9435529941

You can contact Kamaljit at kamaljitmedhi1975@gmail.com
 
Saturday, October 6, 2018

যোগসূত্ৰ

অন্ধকাৰত বুৰ গৈ থকা অলিবাটটোত সেয়া মোৰ শৈশৱৰ পৰিয়াল। ভাইটি দুটা আৰু সৰু ভন্টীৰ তেতিয়াও জন্ম হোৱা নাই। মাৰ কোচত ডাঙৰ ভন্টী, দেউতাৰ  তৰ্জনী আঙুলিটো খামুচি সেয়া মই নিজে। কেতিয়াবা আঙুলি এৰি দি কেংগাৰুৰ দৰে জঁপিয়াই যোৱা বাবে ধমক খাইছো। আকৌ দেউতাৰ আঙুলিত ধৰিছো, মাজে মাজে আঙুলিত  ওলমি দি তেওঁক হায়ৰাণ কৰিছো।

দেউতাৰ হাতত এটা দুই বেটাৰীৰ পুৰণি টৰ্চ লাইট । টৰ্চৰ পোহৰৰ বৃত্তটোৰ বাহিৰত অবিশ্ৰান্ত অন্ধকাৰ, হাজাৰ হাজাৰ জোনাকী পৰুৱাৰ বিয়নী মেল আৰু জিলিৰ অখণ্ড সংগীত। গধূলি গোহালিত জ্বলোৱা জুইৰ আদিম গোন্ধ এটা নাকত লাগে। দেউতাই টৰ্চটোৰে মাক বাটত পৰি থকা নগচিবলগীয়া বস্তুবোৰ দেখুৱাই যায়। মাৰ ভৰিখন কিন্তু প্ৰায়েই গোবৰত পৰে। দেউতাৰ খং উঠে - “দেখুৱাই দিয়াৰ পিছতো নেদেখে কিছুমান মানুহে” । মায়ে মুখ পাতি ধৰে - আপুনি ইংৰাজীৰ শিক্ষক, অংকৰটো নহয়। টৰ্চৰে বাটত বৃত্ত অঁকাতকৈ ভাষাৰে  কৈ দিলেহে ভালদৰে বুজিলোঁ হয়।

খুটুং খাটাং কথাৰ কটা কটি এখন চলি থাকে গৃহস্থৰ ঘৰ নোপোৱালৈ। ই-মেইল আৰু মোবাইল ফোনৰ আগৰ পৃথিৱী সেইখন। আগতীয়া খবৰ নিদিয়াকৈ অহা আলহী আমি। আমাক দেখাৰ লগে লগে আনন্দ আৰু আশ্চৰ্য্যত উজলি উঠা সেই মুখবোৰৰ ছবিবোৰ মনৰ ভাঁজত আজিও হুবহু  সাঁচি থৈছো। কোনো সংগ্ৰহালয়ত থকা প্ৰাচীন ইজিপ্টীয় মামীৰ দৰে, মোৰ বাবে আপুৰুগীয়া সম্পদ সেইবোৰ।

কথাখিনি লিখি থকাৰ সময়ত বাৰে বাৰে ভাবিছো , শৈশৱৰ সেই সময়খিনিলৈ কিয় মনটো বাৰে বাৰে উৰি যাব খোজে। সেইদিনা  ভাইটোৱে মোক জোকাই কলে , এয়া হেনো যৌৱনে ভাটি দিয়াৰ পূর্বাভাষ। কথাখিনি জুকিয়াই থাকোতে কৰবাত হোমেন বৰগোহাঞিদেৱৰ লেখা এটা মনত পৰিছে। বোধহয় হোমেন বৰগোহাঞিদেৱে কোৱাৰ দৰেই স্মৃতিবোৰ সময়ৰ চেকেনিত পৰিশ্ৰুত হৈ বৰ্তমানৰ বাবে মধুৰ হৈ পৰে। শৈশৱৰ দিনবোৰ বৰ্তমানটোৰ পৰা আটাইতকৈ দূৰত বাবেই শৈশৱ  হেনো আমাৰ আটাইতকৈ মোহনীয় ।

সময় নামৰ সেই চেকেনিখনৰ বাবেই নেকি গাঁৱৰ গধূলিৰ সেই জুইকুৰাৰ গোন্ধটো মোৰ আজিও  প্ৰিয়। কিবা এক আদিম বন্য মাদকতা আছে গোন্ধটোত । যেন মানৱ সভ্যতাৰ বিবৰ্তমানৰ এক যুগমীয়া সাক্ষী । বিখ্যাত ইংৰাজ লিখক ৰুদয়াৰ্ড কিপলিঙৰো বৰ প্রিয় আছিল সেই গোন্ধটো। তেওঁ লিখিছিল - হিমালয়ৰ গধূলিবোৰৰ কিবা এটা অবুজ  মাদকতা আছে। গধূলি সময়ৰ বতাহজাকে বহু দূৰৰ পৰা কঢ়িয়াই অনা কোনো গাঁৱৰ জুইৰ সেই গোন্ধটো যাৰ এবাৰ নাকত লাগে, তেওঁ হেনো বাৰে বাৰে হিমালয়ৰ বুকুলৈ উভতি আহে।

কিপলিঙৰ হিমালয়ৰ  গধূলিৰ সেই মাদকতা বিচাৰি  পাহাৰে পাহাৰে হিমালয়ৰ বুকুত লাগি থকা ঠাইবোৰত লক্ষ্যহীনহৈ  কতদিন ঘূৰি ফুৰিলো। চেঁচা বতাহত নাকটো গুজি দি দুৰৰ তৰাইনৰ কোনোবা গাঁৱৰ  গধূলিবোৰৰ বুজ ললো। অন্ধকাৰত তিতি থকা পাহাৰবোৰলৈ এক বেথা জন্মিছিল। সেই একেই অন্ধকাৰে এদিন সাৱটি ৰাখিছিল মোৰ   শৈশৱৰ অলিবাটবোৰ, ঘৰবোৰ আৰু গছবোৰ। সেই তমশা অন্ধকাৰৰ বুকুতেই যে সৃষ্টিৰ প্ৰথম অংকুৰণ।

শ্ৰীমতী আৰু মোৰ  বহুবোৰ কথাত মিল আছে । আমি তেতিয়া থাকো ডিগবৈত। এদিন গধূলি খবৰ পালো কিবা বিজুতিৰ বাবে  সেইদিনা ৰাতি টাউনশ্বিপত লাইট হেনো নাহিব পাৰে। কথাখিনি শুনাৰ পিছত আমাৰ দুয়োৰে বিৰাট আনন্দ। আহ.. কি ৰোমান্টিক পৰিবেশ ডিগবৈৰ শৰতকালৰ সেই গধূলিৰ ! তাতে আকৌ অৰণ্যৰ মাজৰ পৰা জোনটো উঠি আহি মিঠা জোনাকেৰে বুৰাই পেলাইছে পৃথিৱীখন। শাৰদীয় বতাহত বনৰীয়া ফুলৰ গোন্ধ এটা নাকত পৰিছে। জোনাকত দুটি জোনাকী  হৈ মহা আনন্দত আমি দুয়ো পদূলিত।

আৰু ঠিক সেই সময়তেই কোনো হৃদয়হীন, নিৰ্দয়ী ওপৰৰ বিষয়াৰ কাঢ়া নিৰ্দেশ মানি আপ্ৰাণ চেষ্টাৰে কামত লাগি থকা বিষয়া আৰু কৰ্মচাৰীৰ দলটোৱে সকলো বাধা আঁতৰাই বিজুলীৰ পোহৰেৰে চমকাই তোলে সৰু চহৰখন। সেই পোহৰে আমাৰ মনৰ পোহৰখিনিক একেবাৰে মোহাৰি মুচৰি হৃদয়ত ভৰাই তোলে বিষাদ আৰু অন্ধকাৰ।

আলহী খোৱালৈ আকৌ উভতি গৈছো। গৃহস্থৰ লগত কথা পতাত দেউতা ব্যস্ত থাকে । মই ৰৈ থাকো কেতিয়ানো খোৱাৰ  নিমন্ত্ৰণ আহে। গৰম গৰম লুচী, আলু ভাজি, নাৰিকলৰ লাড়ু, পিঠা আৰু একোটা অমলেট । দেউতাৰ আপত্তি - বাবাই ইমান খাব নোৱাৰিব।

এখন খালি প্লেটত অৰ্ধেকৰো বেছি খিনি ৰাখি দি যেতিয়া পাতল থালখন মোলৈ আগবঢ়াই দিয়ে, মনৰ কোনোবা খিনিত বিদ্ৰোহ এটা জাগি উঠে। ডাঙৰ হোৱাৰ বাসনা এটা তীব্ৰতৰ হৈ পৰে।

কেতিয়াবা আমাৰ ঘৰলৈ অহা আলহীৰ লগত দেউতা ব্যস্ত।মায়ে ৰাতিৰ সাজ চৰ্ত- কাট্ মাৰি থৈছে। আলহী গলেই গৰম গৰম ভাজিৰে ভাত পৰিবেশন কৰিব। ইপিনে আলহী নাযাইহে নাযায়। দেউতা মাৰ ওচৰলৈ উঠি আহে।

“ ভাত হলনে ! ৰাতি হোৱা বাবে  মই আকৌ তেওঁক ভাত খোৱাৰ কথা কৈ থৈছো”।

মাৰ মুৰত আকাশী সৰগ ভাঙি পৰে। দৌৰা দৌৰি লাগে। পুনৰ পাগঘৰৰ চৌকা জ্বলে।

বাহিৰৰ ইঞ্জিনিয়াৰিং কলেজত ( আমাৰ দিনৰ আৰ.ই.চি  আৰু আজিকালিৰ এন. ই.টি) পঢ়াৰ মোৰ হেঁপাহ। আই আই টি যোগ্যতা নাছিল বুলি সোনকালে বুজি উঠাৰ বাবে কটন কলেজৰ দুবছৰ ভালদৰে উপভোগ কৰিবলৈ সময় পাইছিলো। এদিন ৰাতিপুৱা মায়ে কলে - কিয়নো বাহিৰলৈ যাব লাগে তই ! আজি তিনিদিন দেউতাৰে ভালদৰে শুব পৰা নাই তই বাহিৰলৈ যাবি বুলি।

খঙতে নাম ভৰ্তি নকৰো বুলিয়ে ভাবিছিলো। কটনত ডিগ্ৰী পঢ়িম বুলিয়ে ভাবিছিলো।  মাৰ বুজনিত পিছদিনা খং কমিল যেনিবা।

আৰু সদায় চকুৰ আগত ৰাখিব খোজা সেই ল’ৰাটোকে এখন দুৰণিবতীয়া ৰেলৰ এটা ডবাত এদিন উঠাই দি ঘৰৰ পৰা বিদায় দিয়াৰ দিনা, ৰেলখন নচলাললৈ ষ্টেচনৰ প্লেটফৰ্মত  ৰৈ আছিল দুয়োজন।

পানীৰ বটলটো ৰাখিছনে ভালদৰে ! ৰাতি এচিত ঠাণ্ডা লাগিব, চাদৰ খন নুগুচাবি ….এনে অজস্ৰ উপদেশ লৈ মই এদিন স্বাধীন হৈছিলো। সেই স্বাধীনতা সেইদিনা বুকুত শেল হৈ বিন্ধিছিল।

মা দেউতাৰ সেই অভ্যাস এতিয়াও আছে। আজিও  ঘৰলৈ গলে গধূলি মই আৰু পৰিবাৰ কৰবালৈ ওলালে তেওঁলোক শংকিত হৈ পৰে। আমাৰ লগত  গাড়ীত বহি পৰে। নিছিদ্ৰ প্ৰহৰীৰ দৰে আগুৰি ৰাখিব চল্লিশৰ দেওনা পাৰ হোৱা মোক।

জীৱন পথত দেউতাৰ হাতৰ সেই আঙুলিটো এৰি দি কত চহৰ নগৰৰ অচিনাকি  শত সহস্ৰ অলিবাটত অকলশৰে ঘূৰি ফুৰিলো । এবাৰ এলিচক কৈছিলো কথাষাৰ।  চেমপেইনৰ মৃদু মিঠা অনুভৱ এটা লৈ , সপোন নগৰী পেৰিছৰ ছেইন নদীৰ পাৰত মাজৰাতি এজনী ছোৱালীৰ লগত ঘূৰি ফুৰা শুনিলে মোৰ ঘৰত কেনে আশংকা হব শুনি তাইৰ চকু দুটা ডাঙৰ হৈছিল।

“তোমাক হোটেললৈ মই লগ দিম বুলি ভাবিছা যদি ভুলকৈ ভাবিছা। ইয়াৰ পৰা তুমি চিধা অকলশৰেই  খোজ কাঢ়ি যাবা হোটেললৈ । চেম্পচ দি মাৰচৰ পৰা মই মেট্ৰত উঠি দিম “ তাই হাঁহি হাঁহি কৈছিল।

দীঘল অকলশৰীয়া অলিবাটবোৰত এতিয়াও কেতিয়াবা হাতখন মুঠি মাৰি অনুভৱ কৰো সেই তৰ্জনী আঙুলীটোৰ গভীৰ নিৰপত্তা ।

গধূলিৰ আলহী হোৱা সেই বৰদেউতা, খুড়া, জেঠাইবোৰৰ বহুবোৰে কেতিয়াবাই ধৰাৰ মোহ এৰি আঁতৰি গৈছে। মা দেউতাই খবৰ দিয়ে - আজি তহঁতৰ অমুক জেঠাই ঢুকাল অ’ । হৃদয়ত  হাঁহাকাৰ জাগে। তেজৰ সম্পৰ্ক নথকা অথচ শৈশৱ কৈশোৰৰ দিনবোৰ মধুৰ কৰি ৰখা বহুবোৰ সম্পর্ক আজি মাথো মনৰ স্মৃতি।

সেই সম্পৰ্কবোৰক লৈয়েই এখন ঠাইৰ লগতে হৃদয়ৰ যোগসূত্ৰ । সম্পৰ্কবোৰৰ দৰেই এদিন উৱঁলি আহে হৃদয় বান্ধি ৰখা যোগসূত্ৰডালো ।

You can contact Kamaljit at kamaljitmedhi1975@gmail.com