Thursday, February 20, 2025

৫০ বছৰীয়া চিন্তা

বিশ বছৰীয়া মইজন যেতিয়া আয়নাৰ সমুখত ঠিয় দিওঁ, পঞ্চাশ বছৰীয়া এজন প্ৰৌঢ় আয়নাৰ সিটো পাৰত ৰৈ থাকে। আজিৰ জন্মদিনৰদিনা সেইটোৱেই দুখৰ কথা।

অৰুণাচলৰ এঢলীয়া ঠাই এটুকুৰাত আকাশ চুবলৈ জাপ এটা মাৰিলো। বন্ধুৱে শূন্যতে কেমেৰাৰ ক্লিক মাৰিছে। ফটোখন দেখি ঘৰৰ মানুহে উপদেশ দিছে -" কলেজত পঢ়া ডেকা ল'ৰাৰ বাপেক তুমি এতিয়া । এইবোৰ কৰিব যাওঁতে কৰবাত দুখ পালে গম পাবা!"

এই যে ৰবাৰ্ট ব্ৰাউনিঙে কৈছিল "জীৱনটো ৬০ বছৰত আৰম্ভ হয় ", কথাষাৰ চাগে ব্ৰাউনিঙে নিজৰ দুখ লুকুৱাবলৈ কৈছিল। জীৱনটো আচলতে ৬০ বছৰত শেষ হয়। ৬০ৰ পিচত প্ৰতিটো দিন এটা এটা ব'নাচ ! কত কেতিয়া শেষ হয়, কোনেও নাজানে ! এইযে কোনেও নাজানে, তাতেই শান্তি সকলোৰে।

মই জানো, অহা দশকত " নোৱাৰিবা", " নকৰিবা" জাতীয় হকা বাধাবোৰ অৱধাৰিত ভাবে বাঢ়িব। সেইখিনি ভাল পাওঁ বা বেয়া পাওঁ, প্ৰকৃতি আপোন পথত ধাৱমান হবই। কাৰো কথা শুনিবলৈ আহৰি নাই প্ৰকৃতিৰ।

মানুহৰ শৰীৰো কি বিমল আনন্দৰ উৎস। এই যে সন্ধিয়া বেগাই খোজ কাঢ়ো, ব্যায়াম কৰোঁ, শৰীৰৰ সাধাৰণ ব্যতিক্ৰমটো মনত উচ পিচ লাগে, এইবোৰ সেই বিমল আনন্দখিনিৰ মোহ আৰু বঞ্চিত হোৱাৰ ভয়।

নাই , নাই...বিশ বছৰতকৈ আৰু আগবাঢ়িব নোৱাৰি। ইমান সুন্দৰ পৃথিৱী! এহেজাৰ বছৰো অধিক নহয়। মাথোঁ লগত শ্ৰীমতীক লাগিব। তেওঁ নহলে, জীৱনত বেবেৰিবাং হৈ যায়।

৫০ বছৰত জীৱনত কি পালোঁ! যিখিনি পাইছোঁ সেইখিনি কিন্তু অলপ নহয়। মা দেউতাৰ, পৰিয়ালৰ আশীৰ্বাদ পাইছোঁ, ভাই ভনীৰ সন্মান আৰু মৰম, প্ৰিয় বন্ধুৰ আকুণ্ঠ সমৰ্থন পাইছোঁ। বিয়াৰ পিচত অৰ্পনাৰ ঘৰখন মোৰ নিজৰ হৈছে। মা দেউতাৰ, ভাই ভনীৰ স্নেহ আৰু আশীৰ্বাদত মোৰ অধিকাৰ আছে, কিন্তু অৰ্পনাৰ ঘৰৰ খিনি মোৰ আৰ্জিত।

এসময়ত ভিৰৰ পৰা আঁতৰি থকা মইজনে আজি মানুহৰ ভিৰৰ মাজত একাকাৰ হৈ আনন্দ পাওঁ । আকাশ, সুনীল সাগৰ, বৰফাবৃত পৰ্বতৰ হিম শীতল জাৰখিনি আজিও প্ৰাণভৰি ভাল পাওঁ । কল্পনাবিলাস নিত্য সহচৰ। অতীত হৈ যোৱা সম্পৰ্কবোৰৰ বৰ্তমান আৰু ভৱিষ্যত নাথাকিলেও, মই সময়খিনিক শ্ৰদ্ধা কৰোঁ। প্ৰবাহমান নৈৰ বুকুত আজিও মই কল্পনাৰ নাও মেলি দিওঁ , জীৱনৰ গভীৰ সত্যৰ মন্থনে আজিও মোক বিশ বছৰীয়া যুৱকৰ দৰে শিহৰিত কৰে।

এই পৃথিৱীৰ মই আজন্ম প্ৰেমিক।

বয়সৰ লগে লগে ব্ৰায়ান আডামচৰ এই পুৰণি গীতটো মোৰ আৰু বেছি প্ৰিয় হৈছে:

I wanna be young the rest of my life

Never say no, try anything twice

'Til the angels come, and ask me to fly

Gonna be 18 'til I die

18 'til I die

Can't live forever, that's wishful thinkin'

Whoever said that, must have been drinkin'

Don't wanna grow up, I don't see why

I couldn't care less if time flies by

18 'til I die

I'm gonna be 18 'til I die, yeah

It sure feels good to be alive

Someday I'll be 18 goin' on 55

18 'til I die, alright

You can contact Kamaljit at kamaljitmedhi1975@gmail.com