Sunday, May 5, 2019

সেই চিনাকি মুখবোৰ (2)


পৃথিৱীৰ লগত মিলি থকা দিগন্তৰ শেষ সীমালৈ বিস্তৃত বহাগৰ পথাৰখনত মাথো সেউজীয়া আৰু সেউজীয়া । বহাগী আকাশখন কলীয়া ডাৱৰে ওন্দোলাই আনিছে । দূৰ দিগন্ত আৰু ডাৱৰবোৰৰ মাজৰ অকাশখনিত তেতিয়াও পোহৰৰ ৰিং এটা আছে । তাৰেই মাজেদি আবেলিৰ স্তিমিত বেলিৰ এচেৰঙা ৰ'দ আহি দূৰৰ গছবোৰৰ গাত পৰিছে। তেনে এটি আবেলি, প্ৰায় জনশূন্য পথাৰ খনত এটা সাত বছৰীয়া শিশুয়ে গাইজনীৰ দৰখ ডালত টানি প্ৰাণপনে ঘৰমুৱা কৰিবলৈ চেষ্টা কৰিছে। গাইজনীও নাচোৰবান্দা। পথাৰখন নেৰাৰ পণ।এচাটি বতাহে ল'ৰাটোৰ চুলিবোৰ নচুৱাই আছে। দূৰত শিশুটোৰ মাক ৰৈ আছে । দুচকুত প্রানাধিক পুত্ৰৰ প্ৰতি উথলি উঠা মমতা । 

“ আহ , বেগাই আহ। তোক কোনে ইয়ালৈ আহিব কৈছিল ! ধুমুহা পাবহিয়েই আৰু ।” 

বতাহত মিশ্ৰিত গোন্ধ এটা নাকত লাগিছে। কোমল ঘাঁহনি গচকি শিশুটো আগুৱাই আহিছে মাকৰ ওচৰলৈ । পিছে পিছে গাইজনী।

কোনো কলা বিথিকাৰ স্থিৰ চিত্ৰ নহয় এইখন। মোৰ শৈশৱৰ অনেক জীয়া স্মৃতিৰ মাজত লুকাই থকা এৰি অহা দিনবোৰৰ এটা স্নেপশ্বটহে মাথো । 

দেউতাৰ কঢ়া শাসনত ঘৰৰ চাৰিসীমাৰ বাহিৰ ওলোৱাৰ সুবিধা বেচি নাছিল। তথাপি আমাক জীৱনৰ কিছু নতুন অভিজ্ঞতা লভিবকৈ সুবিধা কৰি দিয়াৰ বাবে বোধহয় মাজে মাজে তেওঁ শাসনৰ বাঘজৰী ডাল অলপ শিথিল কৰি দিছিল। শৈশৱত দুদিন দাদা এজনৰ লগত নদীত গা ধোৱাৰ অনুমতি পাইছিলোঁ। হাতত টকা এটা দি ফুটবল 'মেচ' ( match) কেইখনমান চাবলৈ অনুমতি দিছিল। সেইখিনি সময় আছিল মোৰ জীৱনৰ অমূল্য সম্পদ। 

ফুটৱল খেলচোৱাৰ কথা ওলালেই মনটো অতীতলৈ ঢপলিয়াই যায়। হাজো হায়াৰ চেকেণ্ডাৰী স্কুলৰ প্ৰকাণ্ড খেলপথাৰখনত ফুটবল খেল হয়। বৰদলৈ ট্ৰফীৰ প্ৰাৰম্ভিক লীগৰ অসম পুলিচৰ খেলো চাইছিলো সেইখন খেলপথাৰত। আমাৰ হাজো স্পৰ্টছ ইউনিয়নৰ দলটো তেতিয়া জাকত জিলিকা। ওচৰে পাজৰে বিভিন্ন খেলবোৰত প্ৰায়ে জিকে। মিন্টু আলীৰ দুৰ্ধৰ্ষ গলকিপিং, নৃপেন আঠপৰীয়াৰ ডিফেন্স, দীপকদা আৰু মণ্টু মামাৰ তীব্ৰ দৌৰ আৰু বল গ'লপোষ্টৰ ভিতৰত ...লগে লগে প্ৰায় দুইহাজাৰ মানুহৰ হৰ্ষল্লাস। কামৰূপ পুলিচৰ দলটো আছিল আকৌ মহা কুচুটীয়া। হাৰিব ধৰিলেই ফাউলত ধৰে। কেতিয়াবা উত্তেজিত জনতাৰ ওপৰত লাঠীও পৰে আৰু এইবোৰৰ মাজতে ৰেফাৰীয়ে তীব্ৰ বেগত জীৱন ৰক্ষাৰ দৌৰত খেলপথাৰ এৰে ! 

এই খেলবোৰৰ টিকটৰ হাৰ আছিল 25 পইচাৰ পৰা এটকা। আমাক ঘৰৰ পৰা আৰু এটকা দিছিল হাফ টাইমত কেঁচা বুট , ধনীয়া, জলকীয়া বা একপ্লেট ঘুগুনী খাবলৈ। পিচে যিদিনা খেলপথাৰৰ লগত লাগি থকা মানুহঘৰৰ জেওৰাৰ ওপৰেৰে বা মাজেৰে সৰকি খেলপথাৰত সোমাব পাৰিলো, সেইদিনা টিকটৰ পইচাটো আছিল আমাৰ বাবে বনাচ। 

ফুটবল খেল, থিয়েটাৰ আহিলে সৰু এখন মেজত কেঁচা বুট, ভজা বুট, ঘুগুনী বেচা এজন এতিয়া হাজোৰ সন্মানীয় চহকী ব্যৱসায়ী।

এনেকুৱা এখন খেলেই চলি আছিল সেইদিনা। মায়ে মোক দহ নে পোন্ধৰটকা দিছিল বজাৰৰ পৰা বিস্ময় আৰু বোধহয় ৰংঘৰ নামৰ আলোচনী দুখন কিনিবলৈ। মই লাগি গলো ফুটবল চোৱাত। বৰষুণত তিতি বুৰি একাকাৰ হলোঁ। বৰপেটা ক্ৰীড়া একাদশ আৰু চন্দ্ৰপুৰ থাৰ্মেলৰ খেল তীব্ৰ প্ৰতিদ্বন্দিতাৰ মুৰত 1-1 ফলাফলত শেষ হল। তিতি বুৰি, পেণ্টত বোকাৰ কলাজলৈ আন্ধাৰ হোৱাৰ পিছত যেতিয়া বিস্ময় আৰু ৰংঘৰদুখন লৈ ঘৰ সোমালো, মায়ে খঙত সেইদিনা গালদুখন কেইবাবাৰো চুই দিছিল । 

পাৰ হোৱা সময়ৰ কথাবোৰ লিখিবলৈ গলে এয়াই সমস্যা। ইমানবোৰ কথা মনলৈ আহে , কি লিখিম , কত এৰিম ! তিৰাশীৰ অসম আন্দোলনৰ দিনবোৰত মোৰ বয়স আছিল সাত নে আঠ। পুৱা গধূলি পঢ়া মেজত নিয়মীয়াকৈ বহাৰ আদেশ তেতিয়া কাৰ্যকৰী হৈ গৈছিল। মাজে মাজে মুক্ত জীৱনৰ সোৱাদ পাইছিলোঁ মামাহতঁৰ বা পেহীৰ ঘৰত। কিন্তু তিৰাশীৰ আন্দোলনে হঠাৎ আমাৰ জীৱনবোৰলৈ লৈ আহিল শৈশৱৰ অবাধ স্বাধীনতা , মুক্ত বন্যতা। 

আন্দোলনৰ কিছু সময়ত আমি ৰাতি নিজৰ ঘৰত নাথাকি বৰদেউতাহতৰ ঘৰত আছিলোঁ। বোধহয় ছাত্ৰ সন্থাৰ পৰা দেউতাহঁতক নিজৰ ঘৰত থাকিবলৈ মানা কৰিছিল যাতে বলপূৰ্বক ভাবে নিৰ্বাচনৰ কামত নিয়োগ কৰিব নোৱাৰে। বৰদেউতাৰ ঘৰত দুখন বিচনা একে লগ কৰি আমাৰ ল’ৰা ছোৱালী কেইটাক শুবলৈ দিছিল। সবিতা বাইদেউ, কবিতা বাইদেউ, প্ৰাণৰ (মোৰ বাইদেউ আৰু ভাই, ইংৰাজীত কাজিন বুলি কও যে ) লগত মই আৰু ভন্টি । বিচনাত পৰিলেও আমাৰ সোনকালে টোপনি নাহিছিল। বাইদেউ দুজনী আমাতকৈ ডাঙৰ। বহু কথা জানে। ডাঙৰৰ পৰা শুনা আন্দোলনৰ কিছুমান উৰাবাতৰিৰ অপভ্রংশ আমাক শুনাইছিল। সেইবোৰ শুনি মনৰ ভিতৰত চিআৰপি আৰু "বঙাল" ৰ ভয় এটা সোমাইছিল। কিন্তু তাতকৈও ভয়লগা আছিল ভূতৰ ভয়। তথাপি ভূতৰ কাহিনী শুনিবলৈ বৰ হেঁপাহ। জাৰৰ দিন । ভূতৰ ভয়, শিহৰণ আৰু লেপৰ উম মিহলি হৈ কিযে এক বুজাব নোৱাৰা সুখানুভৱ ! দূৰত ফেঁচা এটাই হঠাৎ চিঞঁৰি উঠে। আমি ভয়ত লেপখন গাৰ পিনে টানি লওঁ। লেপৰ সিমুৰত থকাজনে চিঞৰি উঠে -" ইমানকৈ লেপখন কিয় টানিলি" । এইবাৰ সেইজনে লেপত টান দিয়ে। এইজনৰ গা উদং হয়।

বহাগৰ আসন্ন ধুমুহাৰ মাজত গৰু আনিব যোৱাৰ চিত্ৰ খনলৈ উভতি যাওঁ। সেইযে , বহাগৰ পথাৰৰ কোমল ঘাঁহবোৰ গচকাৰ আনন্দ লৈ নতুন ফুল, সেউজীয়া কুমলীয়া পাত, বৰষুণৰ মিশ্ৰিত মন মতলীয়া কৰা পথাৰৰ কোমল গোন্ধ এটা নাকত লাগিছিল , সেই মন মতলীয়া কৰা গোন্ধটো যেন আজিও হৃদয়ৰ কৰবাত লাগিয়েই আছে । এবাৰ মোৰ ল'ৰাটোক লৈ গৈছিলোঁ মোৰ শৈশৱৰ চিনাকিতেনে এজোপা গছৰ তলীলৈ। তাক কলো - "চোৱাচোন, বহাগৰ বতৰত কিমান ধুনীয়া হৈ যায় অসমৰ পৰিবেশ ! কিমান চৰাই গছত ! চকু দুটা মুদি , তুমি এবাৰ চৰাই মাতবোৰ আৰু বতাহজাক অনুভৱ কৰাচোন। কিমান ভাল লাগিব ! তোমাৰ বয়সত এইবোৰ মই কিমান ভাল পাইছিলোঁ।"

সি অবাক। ভাবিছে , আজি চাগে পাপাৰ কিবা মস্ত গণ্ডগোল হল। সি কলে - পাপা , কিবা এটা পঁচা গোন্ধ পাইছো । চৰাইবোৰে ওপৰৰ পৰা টয়লেট কৰিও দিব পাৰে। আমি যাওঁ নেকি ইয়াৰ পৰা।

মই বুজিলোঁ দুয়োৰে শৰীৰত প্ৰবাহিত তেজৰ সোঁত একে হলেও আমি দুটা আচলতে ভিন্ন যুগৰ প্ৰতিনিধি। 

আমাৰ সৰু পেহীৰ ঘৰলৈ যোৱাৰ অন্যতম আকৰ্ষণ আছিল বিশাল লুইতখন আৰু ওচৰৰ হাতীমুৰা পাহাৰখন, পাহাৰৰ পৰা ওলোৱা নিজৰা আৰু মন্দিৰটো । আবেলি গাঁৱৰ এজাক ল’ৰা ছোৱালীয়ে আমাক নদী দেখুৱাবলৈ লৈ যায়। লুইতখনৰ কি মোহনীয় ৰূপ ধৰা পৰিছিল আঠ ন বছৰৰ মোৰ কুমলীয়া মনত ! তন্ময় হৈ চাইছিলো। পাহাৰৰ নিজৰাৰ পানী চুই পোৱা মোৰ আনন্দ আৰু কৌতূহল দেখি ল’ৰা ছোৱালীৰ জাকটোৰো আনন্দ লাগিছিল। যিবোৰ অভিজ্ঞতা আছিল মোৰ বাবে অনন্য , সেইবোৰযে আছিল সিহঁতৰ দৈনন্দিন জীৱন।

পেহা আছিল অসম্ভৱ মাছ পাগল মানুহ। বৰশীৰে মাছ ধৰা নিচা তেওঁৰ। মাজে মাজে তেওঁ ধৰা প্ৰকাণ্ড বৰালি মাছৰ কিছু অংশ আমাৰ ঘৰলৈও পঠাইছিল। অফিচৰ পৰাও মাজে মাজে ছুটি লৈ বৰশী বাবলৈ যায়। মাছ ধৰাৰ কত কিমান কাহিনী ! আমি গৰমৰ দিনত গলে গধুলি পেহীয়ে বাহিৰত চোতালত ঢাৰি পাৰি দিয়ে। প্ৰকাণ্ড চোতালখন। মুৰৰ ওপৰত মুকলি আকাশ। আকাশত কত তৰাৰ জিলমিল। সাধুকথা, মাছৰ গল্প, ডাঙৰ বোৰৰ পুৰণি দিনৰ গল্প আৰু কোনোবা এজনী আইতাই বিচনী বাই থাকে আমাৰ বাবে। মানুহবোৰৰ প্ৰায়বোৰ ঘটনাৰ লগত চন তাৰিখৰ উল্লেখ নাথাকে। সেই বৰ ভূঁইকপ, ইন্দিৰা গান্ধীৰ ইমাৰজেঞ্চি বা কোনোবা ডাঙৰ বানপানীক ৰেফাৰেন্স হিচাপে ঘটনাবোৰ মানুহবোৰে মনত পেলায়। 

পেহাৰ আকৌ আলহী নহলে ভাল নালাগে। ভাত সাঁজৰ সোৱাদ নালাগে। বাটৰ মানুহৰ লগত উপযাচি চিনাকি হৈ নিমন্ত্ৰণ দিয়ে। তাতে যদি তেওঁৰ শহুৰৰ ঘৰৰ ওচৰৰ মানুহ হয়, ৰক্ষা নাই। ধৰি বান্ধি ভাত এসাঁজ খুৱাইহে মানুহক এৰিব। চাহৰ কেটেলিটো জুইৰ ওপৰত থাকেই। মাৰ পেহীলৈ চিন্তা হয় । " জোনাকী, তই ইমান আলহী শুধি থাকিলে ল'ৰা ছোৱালীৰ পঢ়া শুনা কেতিয়া চাবি !!" মাৰ চিন্তা হয়। 

আকৌ উভতি যাওঁ অন্য এক স্নেপশ্বটলৈ। জীৱনৰ বাটত কিছুদূৰ আগুৱাইছিলো বোধহয়। সেইদিনাও মই বাট পোনাইছোঁ লুইতৰ পিনে। বালি গচকি আগুৱাই গৈছোঁ। নদীৰ পাৰত গা ধুই থকা অবয়ব এটা দেখিছিলো চয়াময়াকৈ । পাৰ হৈ যাওঁ বুলিও যাব নোৱাৰিলোঁ। নদীৰ দেৱতাই পাইছিল নেকি সেইদিনা মোক। সময়খিনি স্থিৰ হৈ ৰৈছিল। মই জানিছিলোঁ, সেয়া সঠিক নাছিল। অথচ এক অজান পুলকে মোৰ শৰীৰক যেন বান্ধি ৰাখিছিল একেখিনি ঠাইতে , মোহাচ্ছন্ন কৰি ৰাখিছিল। মোক দেখি , তেওঁ তিতা কাপোৰেৰে নিজক লুকুৱাবৰ চেষ্টা কৰিছিল। নদীৰ দেৱতাৰ ক্ষণিক মোহগ্ৰস্থতা আঁতৰাই মই অহাবাটেৰে ওভতনি খোজ পেলাইছিলোঁ। শৈশৱ কৈশোৰক নেওচি কেতিয়াযে যৌৱনে সন্তৰ্পণে ভুমুকি মাৰিলে , গমকে নাপালোঁ। 

যোৱাবাৰ ঘৰলৈ যাওঁতে মায়ে পেহীৰ ঘৰলৈ যাবলৈ লগ ধৰিলে। শিল দিয়া গ্ৰেভেল ৰাস্তাটো ধৰি থাকিলেই পেহীৰ ঘৰ পাই যাওঁ। এতিয়া বহুবোৰ পকী ৰাস্তা হল। বাওঁপিনে যাওঁ নে সোপিনে যাওঁ , বাৰে বাৰে ৰাস্তা ভুল কৰো। GPS টো অন কৰি ললোঁ। এইখন মোৰ শৈশৱৰ হাতীমুৰা পাহাৰ। পাহাৰখনত কাৰোবাৰ নৃশংস হাতোৰাৰ আঁচোৰ পৰিছে। কাটি পেলোৱা পাহাৰৰ অংশবোৰৰ পৰা জিলিকি থকা ৰঙা মাটিবোৰ যেন মাটি নহয়, এডোঙা এডোঙা তেজহে । অবিৰাম গতিত চলিছে শিল ভঙা কামবোৰ। শিল ভঙাৰ ধাতৱ শব্দটো বুকুত লাগিছিল । বুকুখনৰ কৰবাত দুখ এটা উজাই আহিল। নিজৰাটো জীয়াই আছেনে ! কাৰোবাক সুধিছিলোঁ। আজিকালি হেনো মানুহৰ ঘৰতে খোৱা পানীৰ ব্যৱস্থা হল। নিজৰাৰ পানী নিবলৈ আহোতে বহা জীয়াৰী বোৱাৰীৰ মেলখন একেবাৰে ভাঙি গল। 

পেহীৰ ঘৰৰ সেই প্ৰকাণ্ড চোতালখনো ভাগ ভাগ হৈ গল। চোতালখনৰ বুকুত কেইবাখনো বাঁহৰ জেওৰা গজিল । চোতালখন যেন আমাৰ হেৰুৱা সময়খিনিৰ প্ৰতীক। সময়খিনিৰ প্ৰতিবিম্ব যেন দেখিছোঁ এখন খণ্ডিত দাপোনত। পেহাই আকাশৰ কৰবাত বোধহয় আজিও বৰহমপুত্ৰৰ কোনোবা ঘুলিত বৰশী পতাৰ গল্প কৰিছে। শৈশৱত দেখা পাহোৱাল মানুহবোৰৰ কঁকালবোৰ হালিছে। কোনোবা পুৰণি চিনাকি এজনে সেইদিনাও ওচৰৰ মিঠাইৰ দোকানৰ পৰা পতকৈ দুটামান গজা কাগজ এখনেৰে বান্ধি মোৰ হাতত সুমুৱাই দিছে - "সৰুতে তই খাই কিমান ভাল পাইছিলি , দেউতাৰেহে খাবলৈ নিদিছিল ।"

সময় সলনি হৈছে । একেই আছে মাথো পেহীৰ আৰু আৰু মানুহবোৰৰ মৰমকণ । 




You can contact Kamaljit at kamaljitmedhi1975@gmail.com

সেই চিনাকি মুখবোৰ


মানুহজনক বেছিদিন লগ পোৱাৰ কথা মনত নপৰে। দেউতাৰ লগত মানুহজনৰ সম্পৰ্কই আছিল তেনেধৰণৰ । কিন্তু যিকেইদিন লগ পাইছিলোঁ , সেইকেইদিনতে মনত সাঁচ বহুৱাই যোৱাকৈ যথেষ্ট আছিল মানুহজন ।
মানুহজন আছিল দেউতাৰ নিজৰ মামা , বহুতৰ বাবে বিশ্বাসীবাবু। ধক ধকীয়া বগা ধুতি কুৰ্তা পিন্ধা দীঘল নাক, উজ্জ্বল বুদ্ধিদীপ্ত চকুৰ ভদ্ৰলোক । মই তেওঁক প্ৰথম লগপোৱাৰ সময়ত তেওঁৰ বয়স আছিল 70ৰ ওপৰত। কিন্তু মানুহজন আছিল অত্যন্ত সপ্ৰতিভ। চিগাৰেটটো হাতত লাগি থাকিছিল । একে ঠাইত স্থিৰ হৈ বহি থকা তেওঁৰ নিয়ম বিৰুদ্ধ কথা আছিল। মানুহজন কৃপন আছিল বুলি দেউতাৰ মুখত শুনিছিলো। মোক পিছে তেওঁলোকৰ ঘৰত বৰ মৰমেৰে ভাত এসাজ খুৱাইছিল। তেওঁলোকৰ ঘৰৰ মুগৰ দাইলখনৰ সোৱাদ আছিল অনন্য।
মানৰ আক্ৰমণৰ সময়ত হেনো দেউতাৰ মামাকহতঁৰ পৰিয়ালটো ভটিয়াই অসম এৰিবলৈ গৈ কামৰূপত ৰৈ গৈছিল। মামাকৰ মুখৰ আৰ্য্যমূলৰ চেহেৰাটো গোটেই কেইজন ভায়েকৰ ভিতৰত বেছিকৈ পাইছিল দেউতাই ।
দ্বিতীয় মহাসমৰৰ সময়ত তেওঁ ব্ৰিটিছৰ লগত কাম কৰিছিল। কথাখিনি জনাৰ পিছত মোৰ কৌতূহল বাঢ়ি তুংগত । বন্দুক এটা লৈ ককাই জাপানী সৈন্যৰ বিৰুদ্ধে যুদ্ধত আগুৱাই গৈছে । ভীষণ যুদ্ধ চলিছে। তাৰ মাজত ককাই অহৰহ বন্দুক চলাইছে....
" My dear boy, Logistic decides war outcome "
চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী পকাই তেওঁ কৈ উঠিছিল।
আমাৰ কল্পনাৰ ঘোঁৰাটোত লেকাম লাগে। উৎসাহত চেঁচা পানী পৰে। কত যুদ্ধক্ষেত্ৰ আৰু ক'ত logistic support .. ! সেইটো কিবা কাম হলনে !!
ইংৰাজী, বঙালী আৰু সংস্কৃতত তেওঁৰ বিশেষ দখল আছিল বুলি দেউতাৰ মুখত শুনিছিলোঁ। তেওঁৰ ইংৰাজীত জঁতুৱা ঠাঁচৰ প্ৰয়োগ আছিল সৰ্বাধিক। সৰুতে তেওঁৰ মুখতে প্ৰথম শুনিছিলোঁ " Why carry coals to Newcastle " বাক্যশাৰী ।
বুজি নোপোৱা বাবে বেঙাৰ দৰে তেওঁৰ মুখলৈ চাইছিলো।
" বুজিছা বাপু, 15 শতিকাত উত্তৰ পূৱ ইংলেণ্ডৰ Newcastle নামৰ ঠাইত কয়লা উদ্যোগ গঢ় লৈ উঠে। কয়লা আৰু কয়লা ! এনে এখন ঠাইলৈ দুৰৰ পৰা কয়লা কঢ়িয়াই নিয়া কামটো কেনে মূৰ্খামি হব ! সেই তেতিয়াৰ পৰাই ইংৰাজী সাহিত্যত এই নতুন ইদিয়মছৰ জন্ম। তুমি কেতিয়াও নিউ কেচ'ললৈ ব্যৱহাৰৰ বাবে কয়লা নিনিবা কিন্তু।"
কয়লা এটা লাগতিয়াল বস্তু বুলি সৰুতে জনা নাছিলো। কেৰোচিনৰ পাৰফেক্ট ষ্টভত মায়ে ভাত বনাইছিল। আগৰ জনতা ষ্টভটোত এদিন জুই লগাত দেউতাই দলিয়াই দিছিল। তাৰপিছত পাৰফেক্টৰ আগমণ। পিছে ককাক লগ পোৱাৰ সময়ত আমাৰ ঘৰলৈ ৰন্ধন গেছৰ আগমণ হৈছিল। 84 চন মানৰ কথা সেয়া। ৰন্ধন গেছত জুই লাগে বুলি ভয়তে আমাৰ সৰু কেইটাক পাগঘৰত সোমাব নিদিয়ে। আইতাই আক্ষেপ কৰে এনে ভয়ানক যন্ত্ৰ এটা ঘৰলৈ কিয় আনিব লাগে !
প্ৰেছাৰ কুকাৰৰ প্ৰথম ব্যৱহাৰৰ দিনটোৰ কথাও মনত আছে। প্ৰথম হুইছেলটো বজাৰ দিনা আমাৰ মায়ে পাগঘৰ এৰি জীৱন ৰক্ষাৰ বাবে পলাবই খুজিছিল। দেউতা তেওঁৰ পিছত থিয় হৈ থকা বাবে তেওঁ পলাবলৈ বাট নাপাইছিল। চিঞৰত গগন ফালিছিল।
1983 ত আমাৰ ঘৰৰ ওচৰৰ ডিপোটোত কেৰোচিন নিবলৈ অহা মানুহৰ দীঘল শাৰীবোৰৰ কথাও মনত আছে। কিন্তু কয়লা আৰু ষ্টীম ইঞ্জিনৰ কথা আমাৰ জ্ঞাত নাছিল। সেই মজাদাৰ কাহিনীবোৰ কোৱা মানুহজনৰ প্ৰতি আমাৰ কৌতূহল নাথাকিবনে ?
হাজোৰ আমাৰ ঘৰলৈ অহাৰ দিনা ফাগুনৰ এছাটি পচোৱা তেওঁৰ গাত লাগিছিল। তেওঁ ৰবি ঠাকুৰৰ গীতৰ এটা কলি গুণগুণাইছিল। বোধহয় গীতটো আছিল "আজ দখিন-বাতাসে নাম-না-জানা কোন্‌ বনফুল ফুটল বনের ঘাসে।
ও মোর পথের সাথী,পথে পথে গোপনে যায় আসে....।"
ৰবি ঠাকুৰ আৰু দখিন বাতাস , এই কেইটা শব্দহে মোৰ মনত ৰৈ গৈছিল।
আড্ডাৰ পোক আছিল মানুহজন। আড্ডা দিব পালে মানুহক সতকাই নেৰিছিল আৰু বাকী মানুহখিনিৰ শ্ৰোতা হোৱাৰ বাহিৰে অন্য উপায়ো নাছিল। এবাৰ দেউতাক কৈছিল - বুজিছা বাপু, পণ্ডিতজী অসমলৈ আহিছে। অতিথিশালাত তেওঁক আদৰিব আমাৰ বিমলা প্ৰসাদ চলিহাই। মইও আছিলোঁ বিভিন্ন কামবোৰ চোৱাৰ দায়িত্বত। মোৰ আকৌ চলিহা ডাঙৰীয়াৰ ইংৰাজী লৈ মনত কৌতূহল ...।"
খেতিয়কৰ ল'ৰা বিষ্ণুৰাম মেধিৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল বিমলা প্ৰসাদ চলিহা। বিখ্যাত চলিহা পৰিয়ালৰ সন্তান। আনুষ্ঠানিক শিক্ষা বেছি নাছিল চলিহাৰ। ককাৰ দৰে কিছুমানে ডাঙৰ ঘৰৰ মেট্ৰিক পাছ চলিহা ডাঙৰীয়াক খুব এটা পচন্দ নকৰিছিল।
দেউতা আৰু ককাৰ সম্পৰ্কটোত মাজে মাজে খুট খাট লাগি থাকিছিল। গীতাৰ শ্লোক এটা মাতি ককাই লগে লগে ইংৰাজীত ভাঙনি কৰি দিছিল । মই ওচৰতে আড্ডা শুনি বহি আছো। ইংৰাজী ভাঙনিত scorching heat শব্দটো আহিছিল।
"বুজিছা ভাগিন , আজিকালিৰ বহু গ্ৰেজুয়েটে scorching মানে কি বস্তু নাজানেই !"
মামাকক ওলোটাই দিবলৈ দেউতাই মোক সোধে - তই জাননে অৰ্থটো ? মই তেতিয়া ক্লাছ ফাইভত পঢ়ো। এনে এটা শব্দ মই শুনাই নাছিলোঁ।
মই ইঞ্জিনিয়াৰিং পাছ কৰি বোকাৰোত ষ্টীল প্লেণ্টত কাম কৰি থাকোতে বিশ্বাসী ককা ঢুকাইছিল। খবৰটো পাই আকৌ এবাৰ Newcastle লৈ মনত পৰিছিল। এটা ৰঙীন চৰিত্ৰ মোৰ জীৱনৰ পৰা হেৰাই গৈছিল।
মোৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ ককাৰ ঘৰলৈ গৈছিল মোৰ ভাইটি আৰু খুৰা । ককা ইতিমধ্যে ঢুকাইছে। দুৱাৰখন খুলি এজনী অচিনাকি মহিলা ওলাই আহিছিল।
" বিশ্বাসীৰ ঘৰ নহয় জানো ?"
আদবয়সত বিয়া কৰা ককাৰ ল'ৰা এজন আছিল। হেম বৰুৱাৰ ইংৰাজী ভোকেবুলাৰী, কীটছৰ কবিতা, বিষ্ণু মেধিৰ খং, কোনোবা হকিন্স চাহাবৰ ধেমালি এইবোৰ তাৰ বাবে কাহানিও কৌতুহলৰ বিষয় নাছিল। দেউতাক ঢুকুৱাৰ পিছত ঘৰ মাটি বিক্ৰী কৰি পাহাৰৰ ওপৰৰ কোনোবা খিনিলৈ উঠি গৈছিল।
এটা যুগৰ সমাপ্তি ঘটিছিল ।
–--–---------//////----------
ফুল হৈ ফুলা এটা বনৰীয়া সপোন
বিশ্বাসী ককাৰ দৰে আকৰ্ষণীয় জীৱন নাছিল মানুহজনৰ। তেওঁৰ মৃত্যুৰ দিনা কোনো ৰাজহুৱা অনুষ্ঠানে শোকসভা পতা নাছিল, কোনো স্মৃতিচাৰণ, স্মৰণিকাও ছপা হোৱা নাছিল। স্কুল কলেজৰ শিক্ষা নথকা মানুহজনে এটা সপোন দেখিছিল আৰু সেই সপোনটো আছিল আধুনিক ভাৰতৰ সপোনটোৰ পৰিপুৰক। ল'ৰা ছোৱালী কেইটাক লৈ দেখা সেই সপোনটোক দিঠকত পৰিণত কৰিবলৈ অত্যাধিক পৰিশ্ৰমে মানুহ জনৰ জীৱনলৈ অকাল বার্ধক্য কঢ়িয়াই আনিছিল।
মানুহজন অইন কোনো নাছিল। তেওঁ আছিল মোৰ মামা ককা, আমাৰ মাৰ দেউতাক।
এহাল গৰু, কেইবিঘামান মাটি , পাঁচটা ল'ৰা ছোৱালীৰ পৰিয়ালটো আৰু এটা বনৰীয়া সপোন- ল'ৰা ছোৱালী কেইটাক শিক্ষিত কৰাৰ , সেয়াই আছিল মানুহজনৰ সম্বল আৰু সাধনা। মাৰ মুখত শুনিছিলো তেওঁৰ সেই সাধনাৰ কাহিনী। দুপৰীয়াৰ ভাত সাঁজ যেতিয়া খাবলৈ তেওঁ সময় পাইছিল, তেতিয়া প্ৰায়ে গধূলি হৈছিল। ৰ'দ, বৰষুণ , জাৰৰ অতপালি একোৱেই তেওঁক বাধা দিব পৰা নাছিল। পথাৰত তেওঁক সহায় কৰাতকৈ, ল'ৰা ছোৱালী কেইটা স্কুললৈ যোৱাটো তেওঁৰ বাবে বেচি প্ৰয়োজনীয় আছিল। জোনাক নিশা বোৰত তেওঁ বিচনাত পৰি থকা নাছিল। বাৰীৰ কামকাজত লাগিছিল। পাঁচলিখিনি বিক্ৰী কৰি পোৱা ধন কেইটাৰে ল'ৰা ছোৱালীকেইটাৰ স্কুলৰ বহী, কিতাপ কিনিছিল।
বাঁহৰ ওপৰত মাটিৰ লেপ দিয়া সেই তেওঁৰ খেৰৰ ঘৰটো আছিল আমাৰ শৈশৱৰ কিমান হেঁপাহৰ ঠাই ! সেই ঘৰটোত , এখন কাঠৰ ৰেক আছিল। তাত খুচুৰি মই পঢ়িব পৰা কিতাপ বিচাৰিছিলো। ৰেকখনৰ ওপৰত এখন বিষ্ণুৰাভা আৰু জ্যোতিপ্ৰসাদৰ ফটো আছিল।
ডাঙৰ মামাই বৰ সুন্দৰ কবিতা লিখিছিল, বক্তৃতা দিছিল। বিভিন্ন আলোচনীত লিখা, নাটক কৰা , ছবি অঁকা, ফুটবল খেলা মামাহঁতৰ স্বভাৱবোৰ পিছলৈ আমালৈ সিঁচৰিছিল। মা আৰু ডাঙৰ মামাই স্কুলত জিলাৰ ভিতৰত বৃত্তি পাইছিল। বৃত্তিৰ সেই টকাকেইটা বৰ কামৰ ধন আছিল।
মামা হতঁৰ ঘৰত পোৱা মুক্ত পৰিবেশত মোৰ আকৌ প্ৰায়ে পেটৰ অসুখ হৈছিল। ঘৰত খাব নিদিয়া বস্তুবোৰ হেঁপাহ পলুৱাই খাইছিলোঁ। দুৰ্গা পূজাৰ সময় আছিল। সেইদিনা মই মামাহতঁৰ ঘৰত আছিলো আৰু পূজাৰ জিলাপী খাই পেটৰ অসুখত ভুগিছিলো। বাহিৰত সেইদিনা এজাক অৱতৰীয়া বৰষুণ আৰু ঘৰৰ ভিতৰত পেটৰ বিষত পৰি আছিলো মই । কাঠৰ ৰেকখনৰ পৰা টলষ্টয়ৰ সাধুকথা এখন বিচাৰি উলিয়াই পঢ়িছিলোঁ। কিয় জানো টলষ্টয়ৰ সেই কিতাপখনে মোক সেইদিনা পেটৰ বিষটো উপশম কৰি এক বুজাব নোৱাৰা আনন্দ দিছিল ।
মাৰ বিয়াত ককাই কিতাপ ৰাখিবলৈ এটা কাঠৰ আলমাৰী দিছিল। সেই কাঠৰ আলমাৰীটোত থকা দেশ বিদেশৰ কিতাপবোৰে পিছলৈ মোৰ জীৱনটোক অন্য এক মাত্ৰা দিছিল।
ককা ঢুকোৱাৰ দিনা ফেঁহুজালি দিয়াৰ আগেয়ে আমাক লৈ মা আৰু দেউতা মামাহঁতৰ ঘৰলৈ ঢপলিয়াই গৈছিল। ষাঠিৰ দেওনা মাত্ৰ পাৰ হৈছিলহে তেওঁ ।
মৃত্যুৰ আগেয়ে তেওঁ ৰোৱা সপোনটো ফুল হৈ ফুলিবলৈ ধৰা দেখিছিল। সেই ফুলপাহৰ অংশ হৈছিল মামাহঁত, আমিবোৰ , আমাৰ কেএফচি চিকেন, বাৰ্গাৰ খাই ভাল পোৱা পৰৱৰ্তী প্রজন্মটো। ককাৰ কথা কলে বিস্মিত হৈ শুনি থাকে সিহঁতে।
ককাৰ জীৱন সংগ্ৰামৰ কাহিনীটো জানো বাবেই, হেজাৰ বাধা বিঘিনি অতিক্ৰম কৰি উঠি অহা মানুহজনৰ প্ৰতি হৃদয়ত অনুভৱ হয় গভীৰ শ্ৰদ্ধা আৰু অনুকম্পা। সেইবাবেই মই শ্ৰদ্ধা কৰো নৰেন্দ্ৰ মোদীৰ অতীতটোক । একবিংশ শতিকাৰ ভাৰতৰ ইতিহাসৰ দিশ নিৰ্ণয় কৰিব আজি সমাজৰ পিৰামিডটোৰ একেবাৰে তলত থকা নিপীড়িত মানুহ খিনিয়ে।
ককা আৰু আইতাৰ পৰা মোৰ জীৱনত দুটা গুণ পাইছিলোঁ । ককাৰ পৰা পৰিশ্ৰমৰ মৰ্যাদা আৰু আইতাৰ পৰা জীৱনবোধ ।
আইতা আছিল অফুৰন্ত শক্তি আৰু জীৱনক ভাল পোৱা মহিলা। মোৰ শ্ৰীমতীক তেওঁ বৰ মৰম কৰিছিল। " জিনছ পিন্ধিলেহে তোক ভাল দেখো " বুলি কৈছিল। শ্ৰীমতীয়ে তেওঁৰ বাবে চকলেট নিছিল।
শৈশৱৰ সেই আপোন মামাহঁতৰ খেৰৰ ঘৰটো আজি আৰু নাই। আইতা ঢুকোৱাৰ পিছৰ বছৰ ঘৰলৈ অহাৰ সময়ত আইতাৰ কোঠাটো চাবলৈ গৈছিলোঁ মই আৰু পৰিবাৰ। সকলোবোৰ একেই আছিল।
উভতাৰ সময়ত , দূৰৰ কেঁকুৰি টোত আমাৰ গাড়ীৰ পৰা মামাহঁতৰ নঙলামুখ নেদেখা হোৱাৰ আগেয়ে অইন বাৰৰ দৰে গাড়ী খন ৰখাই পিছলৈ আকৌ এবাৰ ঘুৰি চাইছিলো। সেই লোহাৰ গেট খনত আউজি যিখিনি ঠাইত আমালৈ আইতাই ৰৈ চাই থাকে, সেইখিনিত মাথো ৰৈ আছিল এক বিৰাট শূন্যতা।


You can contact Kamaljit at kamaljitmedhi1975@gmail.com