Friday, March 29, 2019

সাম্যবাদৰ সাম্প্ৰদায়িকতা আৰু অস্তিত্বৰ সংকট

সাম্যবাদৰ সাম্প্ৰদায়িকতা আৰু অস্তিত্বৰ সংকট
                                                            কমলজিত মেধি
                                          
আমিবোৰ তেতিয়া স্কুলৰ তলৰ  শ্ৰেণীৰ ছাত্ৰ । আবেলিৰ ঘৰুৱা আলোচনাবোৰৰ এটা প্রিয় বিষয়বস্তু আছিল ছোভিয়েট দেশৰ সাম্যবাদৰ বিপৰীতে  আমেৰিকাৰ পুঁজিপতি সমাজ ব্যৱস্থা। আমেৰিকা আমাৰ বাবে সপোনৰ দেশ আছিল। কিন্তু নৈতিক সমৰ্থন আছিল সাম্যবাদৰ কথা কোৱা ছোভিয়েট ৰুছিয়াৰ প্ৰতি। অকল আমাৰ পৰিয়ালৰ  আলোচনাৰ বিষয় নাছিল সেয়া। শীতল যুদ্ধৰ দিনৰ দুটা মেৰুত বিভক্ত হৈছিল প্ৰায় সমগ্ৰ পৃথিৱী। সেই সময়তে গোষ্ঠী নিৰপেক্ষতাৰ নাম লৈ বহু কেইখন দেশে এটা সংগঠন গঢ়িছিল । জৱাহৰলাল নেহৰু আছিল এই গোটটোৰ জাকত জিলিকা নেতা। ঢাল তৰোৱাল নথকা নিধিৰাম চৰ্দাৰৰ দৰে  দেশ কিছুমানৰ সংগঠন আছিল সেয়া। অধিকাংশ সদস্য দেশেই আওপকীয়াকৈ ছোভিয়েট ৰুছিয়াৰ সমৰ্থন কৰিছিল বা সুবিধাজনক স্থিতি লৈছিল।

ডাকোৱালে দি থৈ যোৱা ছোভিয়েট দেশৰ পত্ৰিকা বোৰ পঢ়ো। সেই আলোচনীবোৰে হাজাৰ হাজাৰ মাইল দূৰৰ এখন স্বপ্নৰ দেশ ৰুছিয়াৰ লগত আমাৰ কৌতূহলী শৈশৱৰ মনবোৰৰ মাজত এক সংযোগী সেঁতু গঢ়ি তোলে। সেইখন সুন্দৰ দেশৰ ধুনীয়া ধুনীয়া ল’ৰা ছোৱালী বোৰৰ ফটোবোৰ চুই চাওঁ। মুহূৰ্তৰ বাবে মনলৈ আহে মই পঢ়া স্কুলখন আৰু সহপাঠীসকলৰ দৈন্যতা । মনত এক বিশ্বাস জাগে। সেই পথেই পৃথিৱীৰ চৰম সত্য । দুৰ্বল আৰু নিষ্পেষিত মানুহৰ মুক্তিৰ একমাত্ৰ  পথ বুলি বিশ্বাস দৃঢ় হৈ উঠে।

নতুন পৃথিৱী নামৰ আলোচনী খন পঢ়ো মাজে মাজে। আলোচনী খনৰ  বেটুপাতবোৰ বোধহয় ৰঙা ৰঙৰ আছিল । কথাবোৰ ভালদৰে বুজাৰ বয়স হোৱা নাছিল।  শৈশৱ আৰু কৈশোৰৰ সেই আলিদোমোজাত থমাছ হুদৰ Song of the shirt নামৰ কবিতাটোৱেও মনত তোলপাৰ লগাইছিল।

১৯৪৩ চনত লিখা এই কবিতাটো আছিল ইংলেণ্ডৰ শ্ৰমিক শ্ৰেণীৰ জীৱনৰ সকৰুণ কাহিনী। ডিচেম্বৰ মাহৰ লণ্ডনৰ হাড় কপোৱা জাৰ । এনে এটি জাৰৰ দিনত , কোনো এটা বন্ধ কোঠাত এজনী শ্রমিকে  কাপোৰ চিলাইছে । অনাহাৰ আৰু অনিদ্ৰাই পিষ্ট কৰা এটা শৰীৰ আৰু মন ….

With fingers weary and worn,
With eyelids heavy and red,
A woman sat in unwomanly rags,
Plying her needle and thread –
Stitch! Stitch! Stitch!

শ্ৰীমতী বিদয়েলৰ জীৱনৰ ওপৰত লিখা  থমাছ হুদৰ সেই কবিতাটো কিমান বাৰ আওৰাইছিলোঁ ! যিমানে কবিতাটো আওৰাইছিলোঁ সিমানেই পুঁজিপতি ব্যৱস্থা টোৰ প্ৰতি বিদ্ৰোহ অনুভৱ কৰিছিলো।  স্কুলত এই কবিতাটো আমাক পঢ়ুৱাইছিল ইংৰাজীৰ শিক্ষক আমাৰ দেউতাই। শ্ৰেণীকোঠাত তেওঁৰ গলগলীয়া মাতটোৰ ধ্বনি প্ৰতিধ্বনি বহু দেৰিলৈ আমাৰ মনত অনুৰণিত হৈ ৰৈছিল। ঔদ্যোগিক বিপ্লৱৰ সময়ৰ ইউৰোপলৈ যেন  তেওঁ আমাক লৈ গৈছিল।

স্কুলৰ সেই সময়খিনিত লিখা মোৰ কবিতাবোৰত প্ৰায়েই পৃথিৱীৰ মানুহৰ  মুক্তিৰ কথা লিখিছিলো। “ আশাবোৰ ভোকৰ ৰুটি হৈ ভাঁহি” থকা দেখিছিলো ,  হৃদয়ত “অগ্নিকণ্ঠ প্ৰমুঠিওজক মুক্ত কৰাৰ পণ” । সাম্যবাদৰ প্ৰতি মোৰ আকৰ্ষণ দিনে দিনে বাঢ়ি আহিছিল।

কটনত সেই সময়ত বাওঁ চিন্তাৰ ব্যাপক পৰিসৰ। মেধাবী এটা শ্ৰেণী ছাত্ৰ ছাত্ৰী বাওঁ ছাত্ৰ সংগঠনৰ সদস্য। কটনলৈ অহাৰ আগেয়ে মনৰ মাজত ৰোপিত হোৱা সৰু গছৰ পুলিটোৱে বিৰাট এক বৰগছলৈ পৰিণত হোৱাৰ অৱকাশ আছিল। কিন্তু ১৯৯০ ত কটনলৈ অহাৰ আগেয়ে পৃথিৱী কঁপোৱা কেইটামান ঘটনাই কমুনিজিমৰ প্ৰতি মোৰ মনটো সন্দিহান কৰি তুলিছিল।

টিয়েনমেন স্কোয়াৰ , ১৯৮৯। চীনৰ হাজাৰ হাজাৰ ছাত্ৰ ৰাজপথলৈ ওলাই আহিছিল গণতন্ত্ৰৰ সমৰ্থনত  আৰু দুৰ্নীতিৰ বিৰোধীতা কৰিবলৈ। ছাত্ৰসকলৰ সেই শান্তিপুৰ্ন আন্দোলন মষিমূৰ কৰিবলৈ চীনৰ সৰ্বহাৰাৰ চৰকাৰে তেতিয়া  টেংক পঠিয়াইছিল। হাজাৰ হাজাৰ ছাত্ৰৰ তেজেৰে ৰাঙলী কৰিছিল টিয়েনমেন স্কোয়াৰ । কোনোবা এখন আলোচনীত চীনাসৈন্যৰ টেংকৰ সমুখত থিয় হৈ  মৃত্যুক নিৰ্ভয়ে আলিংগন কৰা এজন চীনা ছাত্ৰৰ ফটো এখন দেখিছিলোঁ। মানুহ কিমান আশাহীন আৰু অতিষ্ঠ হলে এনেদৰে সাহসী প্ৰতিবাদ কৰিব পাৰে , সেয়া যেন সমগ্ৰ বিশ্বক বুজাই দিছিল সেই অখ্যাত ছাত্ৰজনে । ১৯৮৯ ৰ টিয়েনমেন স্কোৱাৰৰ সেই হৃদয় বিদাৰক ঘটনা আছিল কুৰি শতিকাৰ ইতিহাসৰ এক অন্ধকাৰ অধ্যায়।

১৯৮৯ ৰ প্ৰায় দুবছৰ আগেয়ে ৰোমানিয়াত শেষ হৈছিল অন্য এক একনায়কত্ববাদী শাসন ব্যৱস্থাৰ। নিকোলাই চিছেচকু আৰু তেওঁৰ পত্নীক হত্যা কৰিছিল ৰোমানিয়াৰ মুক্তিকামী জনতাই । সততে মুক্তিকামী সৰ্বহাৰাৰ কথা কোৱা সাম্যবাদী দেশ এখনত এনেদৰে সাম্যবাদৰ পৰা মুক্তি বিচৰা জনতাৰ আচৰণত আচৰিত হৈছিলোঁ।  পূব ইউৰোপত তেতিয়া পৰিবৰ্তনৰ বতাহ। এখনৰ পিছত এখনকৈ কমিউনিষ্ট চৰকাৰ উফৰি গৈছে । ছোভিয়েট ৰুছিয়া আকৌ পেৰেষ্ট্ৰইকা , গ্লাছনস্তৰ বামাৰলিত উটি ভাঁহি যোৱাৰ উপক্ৰম।

কটনলৈ আহি Aleksandr  Isayevich Solzhenitsyn ৰ সেই বিখ্যাত উপন্যাস  One Day in the Life of Ivan Denisovich খনৰ সম্ভেদ পালো। এই উপন্যাস খনে শৈশৱৰ পৰা সপোনৰ দেশ বুলি  গণ্য কৰা দেশখন আৰু সাম্যবাদী সংস্কৃতিৰ এক বিপৰীত চিত্ৰ দাঙি ধৰিলে। হিটলাৰৰ নাজী বাহিনীৰ বৰ্বৰতাৰ বিষয়ে পঢ়িছিলো। এন ফ্ৰাঙ্কৰ ডায়েৰী পঢ়িছিলো। থমাছ কেনেলীৰ চিনলাৰছ আৰ্ক নামৰ বহু পঠিত উপন্যাসখনো পঢ়িছিলো। কিন্তু  Solzhenitsyn ৰ উপন্যাস খনে ৰুছিয়াৰ বৰ্বৰতাৰ লগত মোক চিনাকি কৰাই দিলে।

কটনত দুবছৰ বিজ্ঞান শাখাত হায়াৰ চেকেণ্ডাৰী পঢ়িছিলো । তাৰ পিছত ইঞ্জিনিয়াৰিং কলেজ। পঢ়াশুনাত মধ্যমীয়া ধৰণৰ আছিলো। মহানগৰৰ উপকণ্ঠৰ মফচলিয়া এখন ঠাইৰ  স্কুলত সদায় প্ৰথম হৈ অহা ল’ৰাজনৰ কটনৰ বাকৰিত নিজকে চোকা আৰু মেধাবী ছাত্ৰ বুলি থকা ধাৰণাটো একেবাৰে সলনি হৈ গৈছিল। কটনৰ সেই ফিজিক্স আৰু কেমেষ্টিৰ ক্লাছ বোৰত শিকা বহুবোৰ কথা ভালদৰে বুজা নাছিলো। কিন্তু বিজ্ঞানৰ কিছু প্ৰাথমিক ধাৰণাই মনৰ মাজত  সাম্যবাদ সম্পৰ্কে কিছুমান নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছিল।

ফিজিক্সৰ শ্ৰেণীত বৈদ্যুতিক প্ৰবাহৰ সূত্ৰ পঢ়িলো। বুজি পালো বিভৱ পাৰ্থক্য  নাথাকিলে এটা বৰ্তনীত বিদ্যুতৰ পৰিবহন সম্ভৱ নহয়। ঠিক সেইদৰে এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ কোনো তৰল বা গেছ  বৈ যাবলৈ প্ৰয়োজন হয় চাপৰ তাৰতম্যতাৰ। যেতিয়াই অসমতা শেষ হৈ যায়, বন্ধ হৈ যায় বিদ্যুতৰ আহ যাহ , ৰুদ্ধ হৈ যাব নদীৰ বোৱতী সোঁত। ঠিক সেইদৰে অধিক উষ্ণতাৰ পৰা কম উষ্ণতালৈ তাপৰ পৰিবহনহে  স্বাভাৱিক। ইয়াৰ বিপৰীতে কাম কৰিবলৈ যোৱা মানেই শক্তিৰ অৱক্ষয়।

যদি অসমতাই প্ৰকৃতিৰ চালিকা শক্তি  হয়, তেনেহলে সাম্যবাদৰ এখন শ্ৰেণীহীন সমাজৰ লক্ষ্য প্ৰকৃতিৰ নিয়ম বিৰুদ্ধ  নহবনে ! যি অস্বাভাৱিক , সেই দর্শন কেতিয়াবা মানৱ জাতিৰ কল্যাণকামী আৰু ইতিহাসত স্থায়ী হব পাৰিবনে !  সেইবাবেই নেকি বিশ্বৰ মানচিত্ৰৰ পৰা সাম্যবাদ হেৰাই যোৱাৰ উপক্ৰম হৈছে ! মনলৈ এনে হাজাৰ প্ৰশ্ন আহিছিল সেই সময়ত ।  সন্দেহ নাই ১৯১৭ ৰ ৰুছ বিপ্লৱৰ পিছত বিজ্ঞান ,প্ৰযুক্তিবিদ্যাৰ দিশত অভাৱনীয় উন্নতি কৰিছিল ছোভিয়েট দেশে । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাম্যবাদৰ মন্ত্ৰৰে উদ্বুদ্ধ ৰুছ খেতিয়কে  হাতত যাঠি লৈ হিটলাৰৰ নাজী বাহিনীৰ পেনজাৰ টেংকৰ গতি ৰুদ্ধ কৰাৰ প্ৰয়াস কৰিছিল । জাৰ্মান সৈন্যৰ বাবে সেয়া আছিল আমোদজনক কিন্তু অকল্পনীয়। ৰুছ মানুহৰ দেশপ্ৰেমৰ কল্পনাতীত দৃষ্টান্ত আছিল লেনিনগ্ৰেডত নাজী বাহিনীৰ পৰাজয় আৰু হিটলাৰৰ পতনৰ আৰম্ভণি ।

বিজ্ঞানৰ আৰু এটা সূত্ৰৰ লগত এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ মিল দেখিবলৈ পাওঁ। ইঞ্জিনিয়াৰিঙত Fluid Flow Operation ত পঢ়া  এডাল পাইপৰ মাজেৰে পৰিবাহিত হোৱা পানীৰ সোঁত এটালৈ মনত পৰে। পাইপৰ মাজেৰে বৈ যোৱা পানী খিনিৰ গতি বেগ সকলো ঠাইতে সমান নহয়। পাইপৰ গাত লাগি থকা পানীৰ তৰপটো আমাৰ সমাজৰ কম  শিক্ষা আৰু কাৰিকৰী অৰ্হতা থকা মানুহখিনিৰ দৰে। পাইপৰ মাজেৰে বৈ যোৱা পানীৰ এই তৰপটোৰ গতি হয় তুলনামূলক ভাবে মন্থৰ। পাইপৰ গাৰ পৰা দূৰত থকা পানী খিনিৰ তৰপটোৰ গতি হয় সৰ্বাধিক। ঠিক একেদৰে এখন দেশৰ অৰ্থনৈতিক উন্নতিৰ পৰা আটাইতকৈ বেছি লাভবান হয় কাৰিকৰী অৰ্হতা আৰু সামৰ্থ থকা লোকসকল। সুফল সমাজৰ তলৰ শ্ৰেণীটোলৈও আহে , কিন্তু সেয়া তুলনাত কম । সমাজৰ তলৰ শ্ৰেণীৰ উন্নতিৰ বাবে দুটা ব্যৱস্থা আছে। পাইপৰ বোৱতী পানী খিনিৰ বেগ   আৰু বেছি তীব্ৰতৰ কৰি তলৰ মন্থৰ তৰপ বোৰৰ গতিও ত্বৰান্বিত কৰা বা পানী খিনিত চাকনৈয়াৰ সৃষ্টি কৰি বিভিন্ন তৰপবোৰৰ বেগৰ তাৰতম্য হ্ৰাস কৰা। পুঁজিপতি দেশবোৰে প্ৰথম উপায়টোত বিশ্বাস কৰে। সাম্যবাদী সকলে দ্বিতীয়টোত। সেয়া কৰিবলৈ যাওঁতে , দ্বিতীয় ব্যৱস্থাটোত পানী কঢ়িওয়া পাইপডাল ভাঙি পৰাৰ সম্ভাৱনাও সৰ্বাধিক। কিন্তু প্ৰথম ব্যৱস্থাটোৰো একাধিক ঋণাত্মক দিশ আছে।

সাম্যবাদী ভাৱধাৰাৰ আৰু এটা প্ৰধান ঋণাত্মক দিশ কটন আৰু ইঞ্জিনিয়াৰিং কলেজৰ দিনবোৰত চকুত পৰিছিল। এজন মানুহৰ জীৱনৰ সকলোবোৰ দিশ যেন বাওঁ আদৰ্শই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে । কেনে লোকৰ লগত বন্ধুত্ব কৰিব, কি কিতাপ পঢ়িব , কেনে মতবাদক সমৰ্থন কৰি মন্তব্য কৰিব এই  সকলোবোৰ স্বয়ংক্ৰিয় ভাবে নিয়ন্ত্ৰিত নিজস্ব চিন্তাধাৰাৰ দ্বাৰা নহয় । নিয়ন্ত্ৰিত হয় আদৰ্শৰ তাড়নাত। নিয়ন্ত্ৰণ কৰিব মাৰ্ক্স, লেনিন , বা চে গুয়াভাৰ আদিয়ে । এইসকল ব্যক্তিৰ আগৰ হাজাৰ বছৰৰ পুৰণি ভাৰতীয় সভ্যতা সংস্কৃতি যেন তেওঁলোকৰ বাবে অৰ্থহীন। শ্ৰেণীসংগ্ৰামৰ সাম্যবাদী সূত্ৰ অনুসৰি অৰ্থনৈতিক ভাবে সফল ব্যক্তিজন কিন্তু সদায় শোষণকাৰী। মৌলিক চিন্তাৰ পৰা ব্যক্তি বা সমষ্টিক নিৰুৎসাহ কৰা হয় এই আদৰ্শত,  নিজকে প্ৰগতিশীল বুলি ঘোষণা কৰা লোকসকলৰ চিন্তা Iচর্চা হৈ পৰে ঠেক পৰিসৰত আৱদ্ধ । স্বাভাৱিক বিকাশ হৈ পৰে ৰুদ্ধ ।

যি চিন্তাধাৰা, যি সমাজ ব্যৱস্থা, যি ধৰ্মই মানুহৰ  মৌলিক চিন্তাধাৰাক বাধাগ্ৰস্ত কৰি কোনো ব্যক্তিবিশেষ বা চিন্তাধাৰাকে জীৱনৰ একমাত্ৰ পথ বুলি ভাবিবলৈ বাধ্য কৰে , সেই চিন্তাধাৰা, সেই সমাজ ব্যৱস্থা, সেই ধৰ্মতে ফেনাটিচিজমৰো ( fanaticism) জন্ম হয়।  সেইবাবেই বাওঁচিন্তাত বিশ্বাসী সকল কেতিয়াও সাম্ৰদায়িকতাৰ পৰা মুক্ত নহয়। বাওঁ চিন্তা আৰু ফেনটিচিজম সমাৰ্থক হৈ পৰে । তেওঁলোকৰ প্ৰগতিশীলতা পক্ষপাতপূৰ্ণ , চিন্তাধাৰা ব্যপকতাহীন । বাওঁচিন্তাৰ বুদ্ধিজীৱিসকল আৰু অন্যান্য সাম্প্ৰদায়িক লোক সকলৰ চিন্তাধাৰা একেটা মুদ্ৰাৰে  ইপিঠি সিপিঠি। হওঁক যেনিবা তেওঁলোক বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী প্ৰতিভা।

যি সাম্যবাদী ভাৱধাৰাই সাধাৰণ ৰুছ খেতিয়ক এজনক অসাধাৰণলৈ পৰিৱৰ্তন কৰি নাজী বাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰিছিল, সেই একেই দর্শনৰ প্ৰতীক মাৰ্ক্স,  লেনিনৰ প্রস্থৰ মূৰ্তিবোৰৰ ওপৰত ৰুছিয়াত হাতুৰীৰ কোব পৰিছিল । ছোভিয়েট দেশ ভাঙি পৰিছিল। আনকি ৰুছ দেশৰ বুৰঞ্জীৰ পৰা আঁতৰাই পেলোৱা হৈছিল ১৯১৭ চনৰ ৰুছ বিপ্লৱৰ কাহিনী। সাম্যবাদৰ প্ৰতি  সেই একেই বিৰাগ পূব ইউৰোপৰ দেশবোৰত আজিও দেখা যায় ।

মানুহৰ মন , ব্যক্তি স্বাধীনতাৰ হেঁপাহ বোৱতী নদীৰ দৰে। সেই সোঁতৰ দুৰ্বাৰ বোৱতী বাধাক বন্ধ কৰি ৰাখিব পাৰি কিছু সময়ৰ বাবে , চিৰদিনৰ বাবে নহয়। সাম্যবাদৰ পতনে যেন ইতিহাসৰ সেই সৰল সূত্ৰটোকেই আকৌ এবাৰ প্ৰতিপন্ন কৰিলে।

স্বাধীনোত্তৰ ভাৰতবৰ্ষত ভোকৰ হাঁহাকাৰ আছিল সৰ্বব্যাপী। ছোভিয়েট ৰুছিয়াৰ চোৰাংচোৱা সংস্থা কেজিবি আৰু সাম্যবাদী বুৰঞ্জীবিদ , লিখক সকল আছিল প্ৰভাবশালী আৰু ৰাজঅনুগ্রহীত।  মুঠতে সাম্যবাদী চিন্তাধাৰাৰ প্ৰসাৰৰ বাবে ৰম্যভূমি আছিল ভাৰতবৰ্ষ। তথাপিও ভাৰতবৰ্ষত সাম্যবাদে সমাজৰ ব্যাপক সঁহাৰি নোপোৱাৰ কাৰণ আছিল ভাৰতীয় সংস্কৃতি আৰু উদাৰ হিন্দুত্ববাদ।

সাম্যবাদী সকলে মানি লবলৈ টান পালেও এই কথা অনস্বীকাৰ্য যে ভাৰতবৰ্ষৰ জাতীয় সংস্কৃতি আৰু চেতনাবোধৰ মূলতে  হিন্দুত্ববাদৰ উদাৰ পৰম্পৰা । বিদেশী আক্রমনকাৰীৰ হাতত বাৰে বাৰে আক্ৰান্ত , লাঞ্চিত হৈছিল ভাৰতবৰ্ষ । ধৰ্মৰ উন্মাদনাই সংহাৰ কৰিছিল লক্ষ লক্ষ জনগণক ।  ধৰ্মৰ সেই কদৰ্য ৰূপ স্বাধীনোত্তৰ ভাৰতবৰ্ষইও দেখিছিল। কিন্তু স্বাধীন ভাৰতবৰ্ষই ধৰ্মৰ বিপৰীতে বিচাৰিলে এখন ধৰ্ম নিৰপেক্ষ দেশ। উদাৰ জাতীয় সংস্কৃতিৰ এনে  উদাহৰণ বিৰল।

১৮৯৩ ৰ চিকাগোৰ ধৰ্মীয় সংসদত স্বামী বিবেকানন্দই  ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ ব্যাখ্যা কৰি কৈছিল , ভিন্ন ভিন্ন নদীৰ জলধাৰা যিদৰে বহুদূৰ বাট বুলি একেখন সাগৰত মিলিত হয়, সেইদৰে বিভিন্ন ঈশ্বৰ উপাসনাৰ একমাত্ৰ আৰু শেষ উদ্দেশ্য কিন্তু একেজনেই ঈশ্বৰ। এই উদাৰ গণতান্ত্ৰিক চেতনাবোধেই ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ। যি সংস্কৃতিয়ে মানুহক তেত্ৰিশ কোটি ভগবানত বিশ্বাস কৰাৰ অধিকাৰ দিছে, যি ধৰ্ম আৰু সংস্কৃতিৰ বিবিধতা আৰু উদাৰতা সাৰ্বজনীন, সেই সংস্কৃতিৰ বাবে সাম্যবাদ আছিল এক অপাংক্তেয় সত্তা মাত্ৰ । সুস্বাদু আহাৰত আবিষ্কাৰ হোৱা শিলগুটিৰ টুকুৰা।

ভাৰতীয় সংস্কৃতি আৰু হিন্দুত্ববাদৰ প্ৰতি সাম্যবাদৰ সহজাত বিৰোধৰ কাৰণো সেইটোৱেই ।

ৰঙা কৰবীৰ ফুল নামৰ ভ্ৰমণ কাহিনী খনত সন্নিবিষ্ট “মস্কো বহুত দূৰ”  নামৰ প্ৰবন্ধটোত , হেম বৰুৱাদেৱে লিখিছিল “ মায়কভস্কীয়ে পেৰিছৰ বুলিভাৰ বোৰক উপলুঙা কৰিছে। মস্কো চহৰতো বুলিভাৰ আছে। দুয়োটাৰে ভিতৰত পাৰ্থক্য হৈছে - মস্কোৰ বোৰত আছে মৃত মানৱৰ প্রস্থৰ মূৰ্তি। পেৰিছৰ বোৰত আছে ভাস্কৰ্য শিল্পীৰ কল্পনাত ধৰা দিয়া, অন্তৰ আলোকেৰে উদ্ভাসিত কৰা নিদর্শন। সি সময়ৰ সকলো বন্ধন নেওচি মানুহৰ আত্মা থাকে মানে চিৰকাল জীয়াই থাকিব, যাৰ কোনো কালেই মৰণ নাই - তেনে ভাস্কৰ্য প্ৰতীক । আনহাতে মস্কোৰ বোৰৰ ভাগ্য ষ্টেলিনৰ ছবি আৰু মূৰ্তিৰ দৰেই সাঙোৰ খাই আছে ৰাজনৈতিক আৰ্হিৰ লগত। এদিন সমগ্ৰ জীৱন আচ্ছন্ন কৰি থকা ষ্টেলিনৰ দৰেই এইবোৰৰো যদি ভাগ্য বিপৰ্যয় ঘটে , তেন্তে আচৰিত হব লগা কিবা জানো আছে ?”

ভাৰত আৰু ছোভিয়েট ৰুছিয়াৰ মৈত্ৰী সম্পৰ্কক  এক নতুন দিশ দিয়াৰ বাবে অন্য কেইজনমান সংসদৰ লগত হেম বৰুৱাদেৱে ভ্ৰমণ কৰিছিল সাম্যবাদী ছোভিয়েট ৰুছিয়া। সেই ভ্ৰমণ কাহিনী “ৰঙা কৰবীৰ ফুল” গ্ৰন্থৰূপত প্ৰকাশ হৈছিল ১৯৫৯ চনৰ জানুৱাৰী মাহত । ছোভিয়েট দেশ আৰু সাম্যবাদৰ  জয়জয় ময়ময় অৱস্থা তেতিয়া। এনে এক সময়তে, সাম্যবাদৰ বিপৰ্যয়ৰ অনুমান কৰা হেম বৰুৱাদেৱৰ প্ৰজ্ঞা আৰু দূৰদৰ্শিতাৰ কথা ভাবিলে শ্ৰদ্ধাত মুৰ দো খাই পৰে।

নিষ্পেষিত , নিপীড়িত জনৰ প্ৰতি আজিও মই হৃদয়ত অনুকম্পা অনুভৱ কৰো। শোকক শক্তিলৈ পৰিৱৰ্তন কৰাৰ মাওঁৰ বাক্যশাৰী আজিও মোৰ জীৱনৰ আমোঘ বাণী । জন হেনৰীৰ গীতটো আজিও মোৰ প্ৰিয়। তথাপি  সাম্যবাদ আজি আৰু মোৰ জীৱন দৰ্শন নহয়। মানৱ সভ্যতাৰ ইতিহাসত লক্ষ লক্ষ মানুহৰ তেজেৰে ৰাঙলী কৰা সাম্যবাদী দৰ্শনৰ পাপৰ বোজা বহন কৰিবলৈ অসমৰ্থ আৰু অপৰাগ ।

লিখকৰ ঠিকনা :
কমলজিত মেধি
আম্ৰপালি চাফায়াৰ
এপাৰ্টমেণ্ট নং - B ১০২
চেক্টৰ - ৪৫, নয়দা
মোবাইল : 9435529941

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Sunday, February 10, 2019

CAB বিতৰ্ক :অসমৰ বাবে অপ্ৰাসংগিক , লাভ লোকচান নোহোৱা ইছ্যু

ৰবিবাৰৰ ৰাতিপুৱা । কম্বলৰ মিঠা আমেজ লৈ শুই আছিলোঁ। এনেতে মোবাইলটো বাজি উঠিল । বন্ধুৰ ফোন।

" কমল , তুমি যে কৈ থাকা CAB অসমৰ বাবে অপ্ৰাসংগিক , লাভ লোকচান নোহোৱা ইছ্যু , কাৰণটো ফঁহিয়াই কিবা এটা লিখা । "

তাগিদাত লিখা এইখিনিয়ে মোৰ মনৰ কথা।

CAB বিতৰ্ক : নাগৰিকত্ব বিধেয়কখন লৈ অসমীয়া মানুহৰ মনত প্ৰধানকৈ এই দুটা বিষয় আলোচনা হৈছে :

১) বিধেয়কখনৰ বিৰোধ কৰা সকলৰ মতে , বিধেয়কখন সংসদত গৃহীত হোৱাৰ লগে লগে অসমত অসমীয়া মানুহ সখ্যালঘু হব। কৌটিৰ ঘৰত বাংলাদেশী হিন্দুসকলৰ অসমলৈ প্ৰব্ৰজন হব আৰু অসমীয়া ভাষা সংস্কৃতিৰ সৰ্বনাশ হব।

2) বিধেয়কখনৰ সপেক্ষে কোৱা বহুতৰ মতে এই বিধেয়কখন আইনত পৰিণত হলেহে অসমত অসমীয়াৰ অস্তিত্ব বৰ্তি থাকিব ।

মই নিজে দুয়োপক্ষৰে কথাখিনি পৰিসংখ্যাৰ ভিত্তিত কোৱা কথা নহয় বুলি ভাবো। কিয় নাভাবো সেই কথাখিনিকে ইয়াত লিখিব বিচাৰিছো।

অসম আৰু উত্তৰ পূবলৈ হিন্দু বাংলাদেশীৰ প্ৰব্ৰজন : অসম আৰু ত্ৰিপুৰাৰ লোকপিয়লৰ তথ্যখিনি যদি চোৱা যায়, দেখিবলৈ পাওঁ 1901 ৰ পৰা 2011 লৈ প্ৰতিটো লোকপিয়লৰ হিচাপত মুছলমান জনসংখ্যা 2 -4 শতাংশকৈ বাঢ়িছে আৰু হিন্দু ধর্মৰ মানুহৰ সংখ্যা একেই গতিত কমি আহিছে। ব্যতিক্ৰম মাত্ৰ 1951 আৰু 1971 ৰ লোকপিয়ল। 1941 ত মুছলমান জনসংখ্যা 25.72 % বিপৰীতে 1951 ত হৈছিলগৈ 24.68 % আৰু 1961 ৰ 25.26 % কমি 1971 ত হৈছিল 24.56 % । ঠিক একে সময়তে চুবুৰীয়া ত্ৰিপুৰাটো বঙালীভাষী মানুহৰ সংখ্যাৰ ব্যাপক বৃদ্ধিয়ে এই কথাটোকেই সূচায় যে দেশৰ স্বাধীনতাৰ সময়ত আৰু বাংলাদেশৰ মুক্তি আন্দোলনৰ সময়ত বুজন সংখ্যক বঙালী হিন্দু ভয়াবহ ধৰ্মীয় উন্মদনাত নিপীড়িত হৈ অসম আৰু আৰু ত্ৰিপুৰালৈ প্ৰব্ৰজন কৰিছিল।

1981 ৰ লোকপিয়লত ত্ৰিপুৰাৰ জনজাতীয় জনসংখ্যা কমি হৈছিল 28.44%। সন্দেহ নাই , বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজন আছিল ইয়াৰ মুখ্য কাৰণ। কিন্তু 1981 ৰ পিছত দেখিবলৈ পাওঁ ত্ৰিপুৰাৰ জনগাঁথনিত জনজাতি সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈছে আৰু বঙালীভাষী লোকৰ সংখ্যা হ্ৰাস পাইছে । ত্ৰিপুৰাৰ লোকপিয়লৰ হিচাপ মতে জনজাতীয় জনসংখ্যা 1991 আছিল 30.95% , 2001 ত 31.05 % আৰু 2011 ত 31.8 % । এই পৰিসংখ্যাই বোধহয় পৰিবৰ্তনীয় পৰিস্থিতিত ত্ৰিপুৰালৈ বাংলাদেশৰ পৰা হ্ৰাস হোৱা প্ৰব্ৰজনকে বুজায়।

এইখিনি পৰিসংখ্যাৰ পৰা এটা কথা প্ৰমাণিত হয় যে বাংলাদেশৰ পৰা এতিয়া আৰু কৌটিৰ ঘৰত হিন্দু সকল আহি অসমীয়াসকলক অসমত সংখ্যালঘুত পৰিণত কৰিব বুলি ভবা কথাষাৰ অমুলক। ইয়াৰ কাৰণ বাংলাদেশত সংখ্যালঘুৰ নিৰাপত্তাৰ প্ৰতি সজাগ আৱামী লীগৰ শ্বেইখ হাচিনাৰ চৰকাৰ আৰু বাংলাদেশৰ অৰ্থনীতিক উন্নয়ন। অৰ্থনৈতিক উন্নয়নৰ ফলত বাংলাদেশৰপৰা অহা মুছলমান প্ৰব্ৰজনকাৰীৰ সংখ্যাও সম্প্ৰতি হ্ৰাস পাইছে বুলি বোধ হয়।

তথাপিও যোৱা লোকপিয়লত যোৰহাট , শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় 9-10 % জনসংখ্যা বৃদ্ধিৰ বিপৰীতে গোৱালপাৰা, ধুবুৰী আদি ৰাজ্যত এই হাৰ আছিল সৰ্বাধিক। ইয়াৰ কাৰণ হিচাপে তলত মোৰ নিজৰ পৰিয়ালৰ এখন স্কিমাটিক চিত্ৰ দিছো। বৰ্তমানৰ প্ৰজন্মটোৰ আগত, মোৰ নিজৰ বংশৰে প্ৰতিটো পৰিয়ালৰ 6-7 টাকৈ সতি সন্ততি আছিল। এওঁলোকক লৈ দুটা বা তিনিটা প্ৰজন্মৰ মানুহখিনিৰ নামবোৰ এফালৰ পৰা লিখি গলে কাগজখিলা এটা প্ৰকাণ্ড পিৰামিডলৈ পৰিণত হয়। কিন্তু বৰ্তমানৰ প্ৰজন্মটোত বোধহয় অকল মোৰেই দুটা সন্তানৰ সৰ্ববৃহৎ সংসাৰ !

সৰু পৰিয়ালৰ ধাৰণাটো অসমৰ চুকে কোনে বিয়পি পৰিছে। অসমৰ খিলঞ্জীয়া মুছলমান খিনিও ইয়াৰ ব্যতিক্ৰম নহয়। কিন্তু চৰ চাপৰিত এই ধাৰণাটো এতিয়াও মানুহৰ মনলৈ অহা নাই। বিশেষকৈ যিখন সমাজত মহিলাসকল শিক্ষিত নহব, তেনে এখন অৰ্থনৈতিকভাবে পিছপৰা সমাজত জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যাধিক হোৱা আচৰিত নহয়।

ওপৰৰ কথাখিনিৰ পৰা সংক্ষেপে ইয়াকে কব পাৰি :

1) নাগৰিকত্ব আইনৰ সংশোধনৰ বাবে কৌটিৰ ঘৰত বাংলাদেশী হিন্দুসকল ( বাংলাদেশৰ মুঠ হিন্দু জনসংখ্যা বৰ্তমান 1.2 -1.7 কৌটি ) অসমলৈ অহাৰ ধাৰণাটো সত্য নহয়।

2) জন্ম নিয়ন্ত্ৰনৰ ব্যৱস্থা নথকা অৰ্থনৈতিক ভাবে পিছপৰা পমুৱা মানুহখিনিৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যাধিক হোৱা আচৰিত নহয়। অধিকাংশ বাংলাদেশৰ পৰা অহা হিন্দু আৰু মুছলমান মানুহৰ প্ৰব্ৰজন হৈছিল 1971ৰ আগেয়ে। গতিকে বৰ্তমানৰ 1971 ৰ ভিত্তি বৰ্ষ মতে তেওঁলোকৰ অধিকাংশ ভাৰতীয় নাগৰিক আৰু NRC ত তেওঁলোকৰ নাম সোমোৱা আচৰিত নহয়। বৰ্তমানৰ NRC য়ে অসমীয়া খিলঞ্জীয়াৰ অস্তিত্বক সুৰক্ষা দিব নোৱাৰে।

CAB কিয় খিলঞ্জীয়া অসমীয়াৰ ৰক্ষকবচ নহয় :

নাগৰিকত্ব আইন খনে অসমৰ থলুৱা মানুহখিনিক সংখ্যালঘু হোৱাত বাধা দিব বুলি কোৱা চৰকাৰী পক্ষ আৰু তেওঁলোকৰ সমর্থনকাৰী সকলৰ চিন্তাধাৰাও সচাঁ নহয় । লোকপিয়লৰ তথ্য খিনিয়ে অন্ততঃ সেই কথাকে প্ৰমাণ কৰে।

2011 ৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা 3.12 কৌটি। ইয়াৰে 61.54% হিন্দু আৰু 34.29% মুছলিম ধৰ্মাৱলম্বী মানুহ। 2001 ৰ পৰা 2011 লৈ অসমত হিন্দু ধর্মৰ মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 10% আৰু মুছলিম ধৰ্মৰ 29.59 % শতাংশ। এই হাৰ আছিল সৰ্বভাৰতীয় হাৰ 24.6 % তকৈ প্ৰায় 5 শতাংশ বেছি।

বৰ্তমানৰ এই হাৰৰ জনসংখ্যা বৃদ্ধিয়ে নিঃসন্দেহে 2051 ৰ ভিতৰতে অসমত হিন্দু সকলক সংখ্যালঘুলৈ পৰিৱৰ্তন কৰিব। আজিৰ পৰা আৰু 50 বছৰৰ ব্যৱধানত অসমত ইছলামধৰ্মী লোকৰ সংখ্যা হিন্দু সকলতকৈ প্ৰায় 1.5 কৌটি অধিক হব । জনবিন্যাসৰ এই পৰিৱৰ্তনক বাধা দিবলৈ বৰ্তমানৰ CAB খনৰ সমৰ্থক সকলে কৰ পৰা হিন্দু মানুহ বিচাৰি পৃথিৱী চলাথ কৰিব ?

ইয়াৰ লগতে উজনি অসমত চলি থকা ব্যাপক জনজাতীয় লোকৰ খ্ৰীষ্টান ধৰ্মান্তকৰণৰ কথা নকলোৱেই বা !

অসমৰ মুঠ জনসংখ্যাৰ ভিতৰত খিলঞ্জীয়া অসমীয়া মুছলমান লোকৰ সংখ্যা বৰ্তমান 25-30 লাখতকৈ বেছি নহব। এওঁলোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অন্যান্য খিলঞ্জীয়া সকলতকৈ অধিক নহয়। গতিকে বৰ্তমানৰ পৰিস্থিতিত পমুৱা মুছলমান মানুহখিনিয়ে অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী। যিহেতু গণতন্ত্ৰত ভোটৰ সংখ্যাৰ ওপৰত সকলো নিৰ্ভৰ কৰিব, সেইবাবে আৰু ত্ৰিশ বছৰৰ ভিতৰত এই জনগোষ্ঠীটোৰ এজন সদস্যই অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহাত আচৰিত হবলগীয়া একো নাই আৰু সেয়া তেওঁলোকৰ গণতান্ত্ৰিক ভাৰতীয় সংবিধান প্ৰদত্ত অধিকাৰ। লগতে অসমীয়া সংস্কৃতি আৰু অন্যান্য সামাজিক দিশবোৰ সংখ্যাগুৰু এই জনগোষ্ঠীৰ দ্বাৰা নিয়ন্ত্ৰিত হব । বৰ্তমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ ভিত্তিত , 2101 লৈ অসমৰ জনসংখ্যাৰ অনুমানিক হিচাপৰ তথ্যৰ চিত্ৰ দিয়া হৈছে।

অসমত বাস কৰা বাংলাদেশী মূলৰ মানুহখিনিক বহিস্কাৰ কৰাৰ চিন্তাটো বৰ্তমান এটা utopian সপোনৰ বাহিৰে অন্য একো নহয়। হয়তো নাগৰিকত্বৰ ভিত্তিবৰ্ষ 1951 কৰিলে কেইদিনমানলৈ অসমৰ থলুৱা মানুহৰ প্ৰশাসনিক অধিকাৰ কিছু বছৰলৈ সংৰক্ষিত থাকিব। সাংবিধানিক সুৰক্ষাৰ বাবে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব লাগিব আৰু সেয়া সহজসাধ্য কাম নহব। এনে কামৰ বাবে বিৰোধ আহিব অসমৰ বুদ্ধিজীৱি সমাজ আৰু দেশ বিদেশৰ মিডিয়াৰ পৰা।

ইতিহাসৰ পাত লুটিয়ালে দেখা যায় সংস্কৃতিৰ বোৱতী নৈখনত বিভিন্ন উপনৈবোৰ মিলি যায় আৰু মূল বোৱতী ধাৰাটোৰ দিশ নিৰ্ণয় কৰে। মহাভাৰতৰ সময়ত আজিৰ কান্দাহাৰ আছিল গান্ধাৰ। পিছলৈ আফগানিস্তানত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ আছিল সৰ্বাধিক। বৌদ্ধ ধৰ্মৰ পিছত আহিল ইছলাম আৰু ভৱিষ্যতলৈ কি আহিব সেয়া সময়েহে কব। প্ৰাচীন কালত আৰ্য্য সকলৰ আগমনৰ আগেয়ে ভাৰতবৰ্ষত দ্ৰাবিড়সকলৰ সভ্যতা আছিল উত্তৰৰ পৰা দক্ষিণলৈ , পূৱৰ পৰা পশ্চিমলৈ বিস্তৃত। আৰ্য্য সকলৰ আগমনৰ লগে লগে তেওঁলোক পশ্চিম আৰু উত্তৰ ভাৰতৰ পৰা বিতাড়িত হল। কিন্তু দ্ৰবিড় সকলৰ সংস্কৃতিৰ প্ৰভাৱতে আৰ্য্য সকলৰ সভ্যতা ঠন ধৰি উঠিছিল।

নিজৰ স্বকীয়তাক জীয়াই ৰখাৰ চিৰন্তন সংগ্ৰাম প্ৰতিটো জনগোষ্ঠীৰ। কিন্তু প্ৰকৃতিয়ে হিন্দু, মুছলমান, অসমীয়া, বঙালী বুজি নাপায়। হাজাৰ বছৰৰ ইতিহাসৰ ঘাঁহনিত পোত যায় মানুহৰ সৰু সৰু কত মান - অভিমান। আজি আমি যি ভূখণ্ডত নিজৰ অধিকাৰ সাব্যস্ত কৰি আছো সেই ঠাইৰ অধিকাৰ অতীতত অইন কাৰোবাৰ আছিল। অহাকালি আকৌ কোনোবা নতুন । এয়াই চিৰন্তন সত্য।

অসমীয়া খিলঞ্জীয়া মানুহৰ বাবে হাতত বোধহয় এইকেইটা পথ খোলা আছে :

1) নাগৰিকত্বৰ ভিত্তিবৰ্ষ 1951লৈ সলনি কৰি সাংবিধানিক সুৰক্ষাৰ চিন্তা চৰ্চা কৰা । জনজাতিকৰণ এক শক্তিশালী প্ৰদক্ষেপ হব পাৰে কিছু সময়লৈ খিলঞ্জীয়াৰ প্ৰশাসনিক অধিকাৰ সংৰক্ষণ কৰাৰ।

2) পমুৱা মানুহখিনিক বাংলাদেশী বুলি অসমীয়াৰ ঠাট্টা মস্কৰা কৰাৰ দিন উকলিল । তেওঁলোক বৃহৎ অসমীয়া সমাজৰ এৰিব নোৱাৰা অংগ মাত্ৰ নহয়। অসমৰ ভৱিষ্যতৰ দিশ নিৰ্ণায়ক। এই জনগোষ্ঠীৰ শিক্ষা আৰু প্ৰগতিৰ বাবে আজিৰ অসমীয়া সচেতন নহলে, অসমৰ ভৱিষ্যতৰ ইতিহাস সুখৰ নহব। 

Thursday, November 22, 2018

যি দৰ্শন আছিল মোৰ জীৱনৰ পথ

সাম্যবাদৰ সাম্প্ৰদায়িকতা আৰু অস্তিত্বৰ সংকট

                                                            কমলজিত মেধি
                                          
আমিবোৰ তেতিয়া স্কুলৰ তলৰ  শ্ৰেণীৰ ছাত্ৰ ।  আবেলিৰ ঘৰুৱা আলোচনাবোৰৰ এটা প্রিয় বিষয়বস্তু আছিল ছোভিয়েট দেশৰ সাম্যবাদৰ বিপৰীতে  আমেৰিকাৰ পুঁজিপতি সমাজ ব্যৱস্থা। আমেৰিকা আমাৰ বাবে সপোনৰ দেশ আছিল। কিন্তু নৈতিক সমৰ্থন আছিল সাম্যবাদৰ কথা কোৱা ছোভিয়েট ৰুছিয়াৰ প্ৰতি। অকল আমাৰ পৰিয়ালৰ  আলোচনাৰ  বিষয় নাছিল সেয়া। শীতল যুদ্ধৰ দিনৰ দুটা মেৰুত বিভক্ত  হৈছিল  প্ৰায় সমগ্ৰ পৃথিৱী।  সেই সময়তে গোষ্ঠী নিৰপেক্ষতাৰ নাম লৈ বহু কেইখন  দেশে এটা সংগঠন গঢ়িছিল । জৱাহৰলাল নেহৰু আছিল এই গোটটোৰ জাকত জিলিকা নেতা। ঢাল তৰোৱাল নথকা নিধিৰাম চৰ্দাৰৰ দৰে  দেশ কিছুমানৰ সংগঠন আছিল সেয়া। অধিকাংশ  সদস্য দেশেই আওপকীয়াকৈ  ছোভিয়েট ৰুছিয়াৰ সমৰ্থন কৰিছিল বা সুবিধাজনক স্থিতি লৈছিল।

ডাকোৱালে দি থৈ যোৱা ছোভিয়েট দেশৰ পত্ৰিকা বোৰ পঢ়ো। সেই আলোচনীবোৰে হাজাৰ হাজাৰ মাইল দূৰৰ এখন স্বপ্নৰ দেশ ৰুছিয়াৰ লগত আমাৰ কৌতূহলী শৈশৱৰ মনবোৰৰ মাজত এক সংযোগী সেঁতু গঢ়ি তোলে। সেইখন সুন্দৰ দেশৰ ধুনীয়া ধুনীয়া ল’ৰা ছোৱালী বোৰৰ ফটোবোৰ চুই চাওঁ। মুহূৰ্তৰ বাবে মনলৈ আহে মই পঢ়া স্কুলখন আৰু সহপাঠীসকলৰ দৈন্যতা । মনত এক বিশ্বাস জাগে। সেই পথেই পৃথিৱীৰ চৰম সত্য । দুৰ্বল আৰু নিষ্পেষিত মানুহৰ মুক্তিৰ একমাত্ৰ  পথ বুলি  বিশ্বাস দৃঢ় হৈ উঠে।

নতুন পৃথিৱী নামৰ আলোচনী খন পঢ়ো মাজে মাজে। আলোচনী খনৰ  বেটুপাতবোৰ বোধহয়  ৰঙা ৰঙৰ আছিল । কথাবোৰ ভালদৰে বুজাৰ বয়স হোৱা নাছিল।  শৈশৱ আৰু কৈশোৰৰ সেই আলিদোমোজাত থমাছ হুদৰ Song of the shirt নামৰ কবিতাটোৱেও মনত তোলপাৰ লগাইছিল।

১৯৪৩ চনত লিখা এই কবিতাটো আছিল ইংলেণ্ডৰ শ্ৰমিক শ্ৰেণীৰ জীৱনৰ সকৰুণ কাহিনী। ডিচেম্বৰ মাহৰ লণ্ডনৰ হাড় কপোৱা জাৰ । এনে এটি জাৰৰ দিনত , কোনো এটা বন্ধ কোঠাত এজনী শ্রমিকে  কাপোৰ চিলাইছে । অনাহাৰ আৰু অনিদ্ৰাই পিষ্ট  কৰা এটা শৰীৰ আৰু মন ….

With fingers weary and worn,
With eyelids heavy and red,
A woman sat in unwomanly rags,
Plying her needle and thread –
Stitch! Stitch! Stitch!

শ্ৰীমতী বিদয়েলৰ জীৱনৰ ওপৰত লিখা  থমাছ হুদৰ সেই কবিতাটো কিমান বাৰ আওৰাইছিলোঁ ! যিমানে কবিতাটো আওৰাইছিলোঁ সিমানেই পুঁজিপতি ব্যৱস্থা টোৰ প্ৰতি বিদ্ৰোহ অনুভৱ কৰিছিলো।  স্কুলত এই কবিতাটো আমাক পঢ়ুৱাইছিল ইংৰাজীৰ শিক্ষক আমাৰ দেউতাই। শ্ৰেণীকোঠাত তেওঁৰ গলগলীয়া মাতটোৰ  ধ্বনি প্ৰতিধ্বনি বহু দেৰিলৈ আমাৰ মনত অনুৰণিত হৈ ৰৈছিল। ঔদ্যোগিক বিপ্লৱৰ সময়ৰ ইউৰোপলৈ যেন  তেওঁ আমাক লৈ গৈছিল।

স্কুলৰ সেই সময়খিনিত লিখা মোৰ কবিতাবোৰত প্ৰায়েই পৃথিৱীৰ মানুহৰ  মুক্তিৰ  কথা লিখিছিলো। “ আশাবোৰ ভোকৰ ৰুটি হৈ ভাঁহি” থকা দেখিছিলো ,  হৃদয়ত “অগ্নিকণ্ঠ প্ৰমুঠিওজক মুক্ত কৰাৰ পণ” । সাম্যবাদৰ প্ৰতি মোৰ আকৰ্ষণ দিনে দিনে বাঢ়ি আহিছিল।

কটনত সেই সময়ত বাওঁ চিন্তাৰ ব্যাপক পৰিসৰ। মেধাবী এটা শ্ৰেণী ছাত্ৰ ছাত্ৰী বাওঁ ছাত্ৰ সংগঠনৰ সদস্য। কটনলৈ অহাৰ আগেয়ে মনৰ মাজত ৰোপিত হোৱা সৰু গছৰ পুলিটোৱে বিৰাট এক বৰগছলৈ পৰিণত হোৱাৰ অৱকাশ আছিল। কিন্তু ১৯৯০ ত কটনলৈ অহাৰ আগেয়ে পৃথিৱী কঁপোৱা কেইটামান ঘটনাই কমুনিজিমৰ প্ৰতি মোৰ মনটো সন্দিহান কৰি তুলিছিল।

টিয়েনমেন স্কোয়াৰ , ১৯৮৯। চীনৰ হাজাৰ হাজাৰ ছাত্ৰ ৰাজপথলৈ ওলাই আহিছিল গণতন্ত্ৰৰ সমৰ্থনত  আৰু দুৰ্নীতিৰ বিৰোধীতা কৰিবলৈ। ছাত্ৰসকলৰ সেই শান্তিপুৰ্ন আন্দোলন মষিমূৰ কৰিবলৈ চীনৰ সৰ্বহাৰাৰ চৰকাৰে তেতিয়া  টেংক পঠিয়াইছিল। হাজাৰ হাজাৰ ছাত্ৰৰ তেজেৰে ৰাঙলী কৰিছিল টিয়েনমেন স্কোয়াৰ । কোনোবা এখন আলোচনীত চীনাসৈন্যৰ টেংকৰ সমুখত থিয় হৈ  মৃত্যুক  নিৰ্ভয়ে আলিংগন কৰা এজন চীনা ছাত্ৰৰ  ফটো এখন দেখিছিলোঁ। মানুহ কিমান আশাহীন আৰু অতিষ্ঠ হলে এনেদৰে সাহসী প্ৰতিবাদ কৰিব পাৰে , সেয়া যেন সমগ্ৰ বিশ্বক বুজাই দিছিল সেই অখ্যাত ছাত্ৰজনে । ১৯৮৯ ৰ টিয়েনমেন স্কোৱাৰৰ সেই হৃদয় বিদাৰক ঘটনা আছিল কুৰি শতিকাৰ ইতিহাসৰ এক অন্ধকাৰ অধ্যায়।

১৯৮৯ ৰ প্ৰায় দুবছৰ আগেয়ে ৰোমানিয়াত শেষ হৈছিল অন্য এক একনায়কত্ববাদী শাসন ব্যৱস্থাৰ। নিকোলাই চিছেচকু আৰু তেওঁৰ পত্নীক হত্যা কৰিছিল ৰোমানিয়াৰ মুক্তিকামী জনতাই । সততে মুক্তিকামী সৰ্বহাৰাৰ কথা কোৱা সাম্যবাদী দেশ এখনত এনেদৰে সাম্যবাদৰ পৰা মুক্তি বিচৰা জনতাৰ আচৰণত আচৰিত হৈছিলোঁ।  পূব ইউৰোপত তেতিয়া পৰিবৰ্তনৰ বতাহ। এখনৰ পিছত এখনকৈ কমিউনিষ্ট চৰকাৰ উফৰি গৈছে । ছোভিয়েট ৰুছিয়া আকৌ পেৰেষ্ট্ৰইকা , গ্লাছনস্তৰ বামাৰলিত  উটি ভাঁহি যোৱাৰ উপক্ৰম।

কটনলৈ আহি Aleksandr  Isayevich Solzhenitsyn ৰ সেই বিখ্যাত উপন্যাস  One Day in the Life of Ivan Denisovich খনৰ সম্ভেদ পালো। এই উপন্যাস খনে শৈশৱৰ পৰা সপোনৰ দেশ বুলি  গণ্য কৰা দেশখন  আৰু সাম্যবাদী সংস্কৃতিৰ এক বিপৰীত চিত্ৰ দাঙি ধৰিলে। হিটলাৰৰ নাজী বাহিনীৰ বৰ্বৰতাৰ বিষয়ে পঢ়িছিলো। এন ফ্ৰাঙ্কৰ ডায়েৰী পঢ়িছিলো। থমাছ কেনেলীৰ চিনলাৰছ আৰ্ক নামৰ বহু পঠিত উপন্যাসখনো পঢ়িছিলো। কিন্তু  Solzhenitsyn ৰ  উপন্যাস খনে ৰুছিয়াৰ লেনিন, ষ্টেলিনৰ বৰ্বৰতাৰ লগত মোক চিনাকি কৰাই দিলে।

কটনত দুবছৰ বিজ্ঞান শাখাত হায়াৰ চেকেণ্ডাৰী পঢ়িছিলো । তাৰ পিছত ইঞ্জিনিয়াৰিং কলেজ। পঢ়াশুনাত মধ্যমীয়া ধৰণৰ আছিলো। মহানগৰৰ উপকণ্ঠৰ মফচলিয়া এখন ঠাইৰ  স্কুলত সদায় প্ৰথম হৈ অহা ল’ৰাজনৰ  কটনৰ বাকৰিত নিজকে  চোকা আৰু মেধাবী ছাত্ৰ বুলি থকা ধাৰণাটো একেবাৰে  সলনি হৈ গৈছিল। কটনৰ সেই ফিজিক্স আৰু কেমেষ্টিৰ ক্লাছ বোৰত শিকা বহুবোৰ কথা ভালদৰে বুজা নাছিলো। কিন্তু বিজ্ঞানৰ কিছু প্ৰাথমিক ধাৰণাই মনৰ মাজত  সাম্যবাদ সম্পৰ্কে কিছুমান নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছিল।

ফিজিক্সৰ শ্ৰেণীত বৈদ্যুতিক প্ৰবাহৰ সূত্ৰ পঢ়িলো। বুজি পালো বিভৱ পাৰ্থক্য  নাথাকিলে এটা বৰ্তনীত  বিদ্যুতৰ পৰিবহন সম্ভৱ নহয়। ঠিক সেইদৰে এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ কোনো তৰল বা গেছ  বৈ যাবলৈ প্ৰয়োজন হয় চাপৰ তাৰতম্যতাৰ। যেতিয়াই অসমতা শেষ হৈ যায়, বন্ধ হৈ যায় বিদ্যুতৰ আহ যাহ ,  ৰুদ্ধ হৈ যাব নদীৰ বোৱতী সোঁত। ঠিক সেইদৰে অধিক উষ্ণতাৰ পৰা কম উষ্ণতালৈ তাপৰ পৰিবহনহে  স্বাভাৱিক। ইয়াৰ বিপৰীতে কাম কৰিবলৈ যোৱা মানেই শক্তিৰ অৱক্ষয়।

যদি অসমতাই প্ৰকৃতিৰ চালিকা শক্তি  হয়, তেনেহলে সাম্যবাদৰ  এখন শ্ৰেণীহীন সমাজৰ লক্ষ্য প্ৰকৃতিৰ নিয়ম বিৰুদ্ধ  নহবনে ! যি অস্বাভাৱিক , সেই দর্শন  কেতিয়াবা মানৱ জাতিৰ কল্যাণকামী আৰু ইতিহাসত স্থায়ী হব পাৰিবনে !  সেইবাবেই নেকি বিশ্বৰ মানচিত্ৰৰ পৰা সাম্যবাদ হেৰাই  যোৱাৰ উপক্ৰম হৈছে ! মনলৈ এনে  হাজাৰ প্ৰশ্ন আহিছিল সেই সময়ত ।  সন্দেহ নাই ১৯১৭ ৰ ৰুছ বিপ্লৱৰ পিছত বিজ্ঞান ,প্ৰযুক্তিবিদ্যাৰ দিশত অভাৱনীয় উন্নতি কৰিছিল ছোভিয়েট দেশে । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাম্যবাদৰ মন্ত্ৰৰে উদ্বুদ্ধ ৰুছ খেতিয়কে  হাতত যাঠি লৈ হিটলাৰৰ নাজী বাহিনীৰ পেনজাৰ  টেংকৰ  গতি ৰুদ্ধ কৰাৰ প্ৰয়াস কৰিছিল । জাৰ্মান সৈন্যৰ বাবে সেয়া আছিল আমোদজনক কিন্তু অকল্পনীয়।  ৰুছ মানুহৰ দেশপ্ৰেমৰ কল্পনাতীত দৃষ্টান্ত আছিল লেনিনগ্ৰেডত নাজী বাহিনীৰ পৰাজয় আৰু হিটলাৰৰ পতনৰ আৰম্ভণি ।

বিজ্ঞানৰ আৰু এটা সূত্ৰৰ লগত এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ মিল দেখিবলৈ পাওঁ। ইঞ্জিনিয়াৰিঙত Fluid Flow Operation ত পঢ়া  এডাল পাইপৰ মাজেৰে পৰিবাহিত হোৱা পানীৰ সোঁত এটালৈ মনত পৰে। পাইপৰ মাজেৰে বৈ যোৱা পানী খিনিৰ গতি বেগ সকলো ঠাইতে সমান নহয়। পাইপৰ গাত লাগি থকা পানীৰ তৰপটো আমাৰ সমাজৰ কম  শিক্ষা আৰু কাৰিকৰী অৰ্হতা থকা মানুহখিনিৰ দৰে। পাইপৰ মাজেৰে বৈ যোৱা পানীৰ এই তৰপটোৰ গতি হয় তুলনামূলক ভাবে মন্থৰ। পাইপৰ গাৰ পৰা দূৰত থকা পানী খিনিৰ তৰপটোৰ গতি হয় সৰ্বাধিক। ঠিক একেদৰে এখন দেশৰ অৰ্থনৈতিক উন্নতিৰ পৰা আটাইতকৈ বেছি লাভবান হয় কাৰিকৰী অৰ্হতা আৰু সামৰ্থ থকা লোকসকল। সুফল সমাজৰ তলৰ শ্ৰেণীটোলৈও আহে , কিন্তু সেয়া তুলনাত কম । সমাজৰ তলৰ শ্ৰেণীৰ উন্নতিৰ বাবে দুটা ব্যৱস্থা আছে। পাইপৰ বোৱতী পানী খিনিৰ বেগ   আৰু বেছি তীব্ৰতৰ কৰি  তলৰ মন্থৰ  তৰপ বোৰৰ  গতিও ত্বৰান্বিত কৰা বা পানী খিনিত চাকনৈয়াৰ সৃষ্টি কৰি বিভিন্ন তৰপবোৰৰ বেগৰ তাৰতম্য হ্ৰাস কৰা। পুঁজিপতি দেশবোৰে প্ৰথম উপায়টোত বিশ্বাস কৰে। সাম্যবাদী সকলে দ্বিতীয়টোত। সেয়া কৰিবলৈ যাওঁতে , দ্বিতীয় ব্যৱস্থাটোত পানী কঢ়িওয়া পাইপডাল ভাঙি পৰাৰ সম্ভাৱনাও সৰ্বাধিক। কিন্তু প্ৰথম ব্যৱস্থাটোৰো একাধিক ঋণাত্মক  দিশ আছে।

সাম্যবাদী ভাৱধাৰাৰ আৰু এটা প্ৰধান ঋণাত্মক দিশ কটন আৰু ইঞ্জিনিয়াৰিং কলেজৰ দিনবোৰত চকুত পৰিছিল। এজন মানুহৰ জীৱনৰ সকলোবোৰ দিশ যেন বাওঁ আদৰ্শই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে । কেনে লোকৰ লগত বন্ধুত্ব কৰিব, কি কিতাপ পঢ়িব , কেনে মতবাদক সমৰ্থন কৰি মন্তব্য কৰিব এই  সকলোবোৰ স্বয়ংক্ৰিয় ভাবে  নিয়ন্ত্ৰিত নিজস্ব চিন্তাধাৰাৰ দ্বাৰা  নহয় । নিয়ন্ত্ৰিত হয় আদৰ্শৰ তাড়নাত।   নিয়ন্ত্ৰণ কৰিব মাৰ্ক্স, লেনিন , বা চে গুয়াভাৰ আদিয়ে । এইসকল ব্যক্তিৰ আগৰ হাজাৰ বছৰৰ পুৰণি ভাৰতীয় সভ্যতা সংস্কৃতি যেন তেওঁলোকৰ বাবে অৰ্থহীন। শ্ৰেণীসংগ্ৰামৰ সাম্যবাদী সূত্ৰ অনুসৰি অৰ্থনৈতিক ভাবে সফল ব্যক্তিজন কিন্তু সদায় শোষণকাৰী। মৌলিক চিন্তাৰ পৰা ব্যক্তি বা সমষ্টিক নিৰুৎসাহ কৰা হয় এই আদৰ্শত,  নিজকে প্ৰগতিশীল বুলি ঘোষণা কৰা লোকসকলৰ চিন্তা Iচর্চা হৈ পৰে ঠেক পৰিসৰত আৱদ্ধ । স্বাভাৱিক বিকাশ হৈ পৰে ৰুদ্ধ ।

যি চিন্তাধাৰা, যি সমাজ ব্যৱস্থা, যি ধৰ্মই মানুহৰ  মৌলিক চিন্তাধাৰাক বাধাগ্ৰস্ত কৰি কোনো ব্যক্তিবিশেষ বা চিন্তাধাৰাকে জীৱনৰ একমাত্ৰ পথ বুলি ভাবিবলৈ বাধ্য কৰে , সেই চিন্তাধাৰা, সেই সমাজ ব্যৱস্থা, সেই ধৰ্মতে ফেনাটিচিজমৰো ( fanaticism) জন্ম হয়।  সেইবাবেই বাওঁচিন্তাত বিশ্বাসী সকল  কেতিয়াও সাম্ৰদায়িকতাৰ পৰা মুক্ত নহয়। বাওঁ চিন্তা আৰু ফেনটিচিজম সমাৰ্থক হৈ পৰে । তেওঁলোকৰ প্ৰগতিশীলতা পক্ষপাতপূৰ্ণ , চিন্তাধাৰা ব্যপকতাহীন । বাওঁচিন্তাৰ বুদ্ধিজীৱিসকল আৰু অন্যান্য সাম্প্ৰদায়িক লোক সকলৰ চিন্তাধাৰা একেটা মুদ্ৰাৰে  ইপিঠি সিপিঠি। হওঁক যেনিবা তেওঁলোক বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী প্ৰতিভা।

যি সাম্যবাদী ভাৱধাৰাই সাধাৰণ ৰুছ খেতিয়ক এজনক অসাধাৰণলৈ পৰিৱৰ্তন কৰি নাজী বাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰিছিল, সেই একেই দর্শনৰ প্ৰতীক মাৰ্ক্স,  লেনিনৰ প্রস্থৰ মূৰ্তিবোৰৰ ওপৰত ৰুছিয়াত হাতুৰীৰ কোব পৰিছিল । ছোভিয়েট দেশ ভাঙি পৰিছিল। আনকি ৰুছ দেশৰ বুৰঞ্জীৰ পৰা আঁতৰাই পেলোৱা হৈছিল ১৯১৭ চনৰ ৰুছ বিপ্লৱৰ কাহিনী। সাম্যবাদৰ প্ৰতি  সেই একেই বিৰাগ পূব ইউৰোপৰ দেশবোৰত আজিও  দেখা যায় ।

মানুহৰ মন , ব্যক্তি স্বাধীনতাৰ হেঁপাহ বোৱতী নদীৰ দৰে। সেই সোঁতৰ দুৰ্বাৰ বোৱতী বাধাক বন্ধ কৰি ৰাখিব পাৰি কিছু সময়ৰ বাবে , চিৰদিনৰ বাবে নহয়। সাম্যবাদৰ পতনে যেন ইতিহাসৰ সেই সৰল সূত্ৰটোকেই আকৌ এবাৰ প্ৰতিপন্ন কৰিলে।

স্বাধীনোত্তৰ ভাৰতবৰ্ষত ভোকৰ হাঁহাকাৰ আছিল সৰ্বব্যাপী। ছোভিয়েট ৰুছিয়াৰ চোৰাংচোৱা সংস্থা কেজিবি আৰু সাম্যবাদী বুৰঞ্জীবিদ , লিখক সকল আছিল প্ৰভাবশালী আৰু ৰাজঅনুগ্রহীত।  মুঠতে সাম্যবাদী চিন্তাধাৰাৰ প্ৰসাৰৰ বাবে ৰম্যভূমি আছিল ভাৰতবৰ্ষ। তথাপিও ভাৰতবৰ্ষত সাম্যবাদে সমাজৰ ব্যাপক সঁহাৰি নোপোৱাৰ কাৰণ আছিল ভাৰতীয় সংস্কৃতি আৰু উদাৰ হিন্দুত্ববাদ।

সাম্যবাদী সকলে মানি লবলৈ টান পালেও এই কথা অনস্বীকাৰ্য যে ভাৰতবৰ্ষৰ জাতীয় সংস্কৃতি আৰু চেতনাবোধৰ মূলতে  হিন্দুত্ববাদৰ উদাৰ পৰম্পৰা । বিদেশী আক্রমনকাৰীৰ হাতত বাৰে বাৰে আক্ৰান্ত , লাঞ্চিত হৈছিল ভাৰতবৰ্ষ । ধৰ্মৰ উন্মাদনাই সংহাৰ কৰিছিল লক্ষ লক্ষ জনগণক ।  ধৰ্মৰ সেই কদৰ্য ৰূপ  স্বাধীনোত্তৰ ভাৰতবৰ্ষইও দেখিছিল। কিন্তু স্বাধীন ভাৰতবৰ্ষই ধৰ্মৰ বিপৰীতে বিচাৰিলে এখন ধৰ্ম নিৰপেক্ষ দেশ। উদাৰ জাতীয় সংস্কৃতিৰ এনে  উদাহৰণ বিৰল।

১৮৯৩ ৰ চিকাগোৰ ধৰ্মীয় সংসদত স্বামী বিবেকানন্দই  ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ ব্যাখ্যা কৰি কৈছিল , ভিন্ন ভিন্ন নদীৰ জলধাৰা যিদৰে বহুদূৰ বাট বুলি একেখন সাগৰত মিলিত হয়, সেইদৰে বিভিন্ন ঈশ্বৰ উপাসনাৰ একমাত্ৰ আৰু শেষ উদ্দেশ্য কিন্তু একেজনেই ঈশ্বৰ। এই উদাৰ গণতান্ত্ৰিক চেতনাবোধেই ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ। যি সংস্কৃতিয়ে মানুহক তেত্ৰিশ কোটি ভগবানত বিশ্বাস কৰাৰ অধিকাৰ দিছে, যি ধৰ্ম আৰু সংস্কৃতিৰ বিবিধতা আৰু উদাৰতা সাৰ্বজনীন, সেই সংস্কৃতিৰ বাবে সাম্যবাদ আছিল এক অপাংক্তেয় সত্তা মাত্ৰ । সুস্বাদু আহাৰত আবিষ্কাৰ হোৱা শিলগুটিৰ টুকুৰা।

ভাৰতীয় সংস্কৃতি আৰু হিন্দুত্ববাদৰ প্ৰতি সাম্যবাদৰ সহজাত বিৰোধৰ কাৰণো সেইটোৱেই ।

ৰঙা কৰবীৰ ফুল নামৰ ভ্ৰমণ কাহিনী খনত সন্নিবিষ্ট “মস্কো বহুত দূৰ”  নামৰ প্ৰবন্ধটোত , হেম বৰুৱাদেৱে লিখিছিল    “ মায়কভস্কীয়ে পেৰিছৰ বুলিভাৰ বোৰক উপলুঙা কৰিছে। মস্কো চহৰতো বুলিভাৰ আছে। দুয়োটাৰে ভিতৰত পাৰ্থক্য হৈছে - মস্কোৰ বোৰত আছে মৃত মানৱৰ প্রস্থৰ মূৰ্তি। পেৰিছৰ বোৰত আছে ভাস্কৰ্য শিল্পীৰ কল্পনাত ধৰা দিয়া, অন্তৰ আলোকেৰে উদ্ভাসিত কৰা নিদর্শন। সি সময়ৰ সকলো বন্ধন নেওচি মানুহৰ আত্মা থাকে মানে চিৰকাল জীয়াই থাকিব, যাৰ কোনো কালেই মৰণ নাই - তেনে ভাস্কৰ্য প্ৰতীক । আনহাতে মস্কোৰ বোৰৰ ভাগ্য ষ্টেলিনৰ ছবি আৰু মূৰ্তিৰ দৰেই সাঙোৰ খাই আছে ৰাজনৈতিক আৰ্হিৰ লগত। এদিন সমগ্ৰ জীৱন আচ্ছন্ন কৰি থকা ষ্টেলিনৰ দৰেই এইবোৰৰো যদি ভাগ্য বিপৰ্যয় ঘটে , তেন্তে আচৰিত হব লগা কিবা জানো আছে ?”

ভাৰত আৰু ছোভিয়েট ৰুছিয়াৰ মৈত্ৰী সম্পৰ্কক  এক নতুন দিশ দিয়াৰ বাবে অন্য কেইজনমান সংসদৰ লগত হেম বৰুৱাদেৱে ভ্ৰমণ কৰিছিল সাম্যবাদী ছোভিয়েট ৰুছিয়া। সেই ভ্ৰমণ কাহিনী “ৰঙা কৰবীৰ ফুল” গ্ৰন্থৰূপত প্ৰকাশ হৈছিল ১৯৫৯ চনৰ জানুৱাৰী মাহত । ছোভিয়েট দেশ আৰু সাম্যবাদৰ  জয়জয় ময়ময় অৱস্থা তেতিয়া। এনে এক সময়তে, সাম্যবাদৰ বিপৰ্যয়ৰ অনুমান কৰা হেম বৰুৱাদেৱৰ প্ৰজ্ঞা আৰু দূৰদৰ্শিতাৰ কথা ভাবিলে শ্ৰদ্ধাত  মুৰ দো খাই পৰে।

নিষ্পেষিত , নিপীড়িত জনৰ প্ৰতি আজিও মই হৃদয়ত অনুকম্পা অনুভৱ কৰো। শোকক শক্তিলৈ পৰিৱৰ্তন কৰাৰ মাওঁৰ বাক্যশাৰী আজিও মোৰ জীৱনৰ আমোঘ বাণী । জন হেনৰীৰ গীতটো আজিও মোৰ প্ৰিয়। তথাপি  সাম্যবাদ আজি আৰু মোৰ  জীৱন দৰ্শন নহয়। মানৱ সভ্যতাৰ ইতিহাসত লক্ষ লক্ষ মানুহৰ তেজেৰে ৰাঙলী কৰা সাম্যবাদী দৰ্শনৰ পাপৰ বোজা বহন কৰিবলৈ অসমৰ্থ আৰু অপৰাগ ।

লিখকৰ ঠিকনা :
কমলজিত মেধি
আম্ৰপালি চাফায়াৰ
এপাৰ্টমেণ্ট নং - B ১০২
চেক্টৰ - ৪৫, নয়দা
মোবাইল : 9435529941

You can contact Kamaljit at kamaljitmedhi1975@gmail.com
 
Saturday, October 6, 2018

যোগসূত্ৰ

অন্ধকাৰত বুৰ গৈ থকা অলিবাটটোত সেয়া মোৰ শৈশৱৰ পৰিয়াল। ভাইটি দুটা আৰু সৰু ভন্টীৰ তেতিয়াও জন্ম হোৱা নাই। মাৰ কোচত ডাঙৰ ভন্টী, দেউতাৰ  তৰ্জনী আঙুলিটো খামুচি সেয়া মই নিজে। কেতিয়াবা আঙুলি এৰি দি কেংগাৰুৰ দৰে জঁপিয়াই যোৱা বাবে ধমক খাইছো। আকৌ দেউতাৰ আঙুলিত ধৰিছো, মাজে মাজে আঙুলিত  ওলমি দি তেওঁক হায়ৰাণ কৰিছো।

দেউতাৰ হাতত এটা দুই বেটাৰীৰ পুৰণি টৰ্চ লাইট । টৰ্চৰ পোহৰৰ বৃত্তটোৰ বাহিৰত অবিশ্ৰান্ত অন্ধকাৰ, হাজাৰ হাজাৰ জোনাকী পৰুৱাৰ বিয়নী মেল আৰু জিলিৰ অখণ্ড সংগীত। গধূলি গোহালিত জ্বলোৱা জুইৰ আদিম গোন্ধ এটা নাকত লাগে। দেউতাই টৰ্চটোৰে মাক বাটত পৰি থকা নগচিবলগীয়া বস্তুবোৰ দেখুৱাই যায়। মাৰ ভৰিখন কিন্তু প্ৰায়েই গোবৰত পৰে। দেউতাৰ খং উঠে - “দেখুৱাই দিয়াৰ পিছতো নেদেখে কিছুমান মানুহে” । মায়ে মুখ পাতি ধৰে - আপুনি ইংৰাজীৰ শিক্ষক, অংকৰটো নহয়। টৰ্চৰে বাটত বৃত্ত অঁকাতকৈ ভাষাৰে  কৈ দিলেহে ভালদৰে বুজিলোঁ হয়।

খুটুং খাটাং কথাৰ কটা কটি এখন চলি থাকে গৃহস্থৰ ঘৰ নোপোৱালৈ। ই-মেইল আৰু মোবাইল ফোনৰ আগৰ পৃথিৱী সেইখন। আগতীয়া খবৰ নিদিয়াকৈ অহা আলহী আমি। আমাক দেখাৰ লগে লগে আনন্দ আৰু আশ্চৰ্য্যত উজলি উঠা সেই মুখবোৰৰ ছবিবোৰ মনৰ ভাঁজত আজিও হুবহু  সাঁচি থৈছো। কোনো সংগ্ৰহালয়ত থকা প্ৰাচীন ইজিপ্টীয় মামীৰ দৰে, মোৰ বাবে আপুৰুগীয়া সম্পদ সেইবোৰ।

কথাখিনি লিখি থকাৰ সময়ত বাৰে বাৰে ভাবিছো , শৈশৱৰ সেই সময়খিনিলৈ কিয় মনটো বাৰে বাৰে উৰি যাব খোজে। সেইদিনা  ভাইটোৱে মোক জোকাই কলে , এয়া হেনো যৌৱনে ভাটি দিয়াৰ পূর্বাভাষ। কথাখিনি জুকিয়াই থাকোতে কৰবাত হোমেন বৰগোহাঞিদেৱৰ লেখা এটা মনত পৰিছে। বোধহয় হোমেন বৰগোহাঞিদেৱে কোৱাৰ দৰেই স্মৃতিবোৰ সময়ৰ চেকেনিত পৰিশ্ৰুত হৈ বৰ্তমানৰ বাবে মধুৰ হৈ পৰে। শৈশৱৰ দিনবোৰ বৰ্তমানটোৰ পৰা আটাইতকৈ দূৰত বাবেই শৈশৱ  হেনো আমাৰ আটাইতকৈ মোহনীয় ।

সময় নামৰ সেই চেকেনিখনৰ বাবেই নেকি গাঁৱৰ গধূলিৰ সেই জুইকুৰাৰ গোন্ধটো মোৰ আজিও  প্ৰিয়। কিবা এক আদিম বন্য মাদকতা আছে গোন্ধটোত । যেন মানৱ সভ্যতাৰ বিবৰ্তমানৰ এক যুগমীয়া সাক্ষী । বিখ্যাত ইংৰাজ লিখক ৰুদয়াৰ্ড কিপলিঙৰো বৰ প্রিয় আছিল সেই গোন্ধটো। তেওঁ লিখিছিল - হিমালয়ৰ গধূলিবোৰৰ কিবা এটা অবুজ  মাদকতা আছে। গধূলি সময়ৰ বতাহজাকে বহু দূৰৰ পৰা কঢ়িয়াই অনা কোনো গাঁৱৰ জুইৰ সেই গোন্ধটো যাৰ এবাৰ নাকত লাগে, তেওঁ হেনো বাৰে বাৰে হিমালয়ৰ বুকুলৈ উভতি আহে।

কিপলিঙৰ হিমালয়ৰ  গধূলিৰ সেই মাদকতা বিচাৰি  পাহাৰে পাহাৰে হিমালয়ৰ বুকুত লাগি থকা ঠাইবোৰত লক্ষ্যহীনহৈ  কতদিন ঘূৰি ফুৰিলো। চেঁচা বতাহত নাকটো গুজি দি দুৰৰ তৰাইনৰ কোনোবা গাঁৱৰ  গধূলিবোৰৰ বুজ ললো। অন্ধকাৰত তিতি থকা পাহাৰবোৰলৈ এক বেথা জন্মিছিল। সেই একেই অন্ধকাৰে এদিন সাৱটি ৰাখিছিল মোৰ   শৈশৱৰ অলিবাটবোৰ, ঘৰবোৰ আৰু গছবোৰ। সেই তমশা অন্ধকাৰৰ বুকুতেই যে সৃষ্টিৰ প্ৰথম অংকুৰণ।

শ্ৰীমতী আৰু মোৰ  বহুবোৰ কথাত মিল আছে । আমি তেতিয়া থাকো ডিগবৈত। এদিন গধূলি খবৰ পালো কিবা বিজুতিৰ বাবে  সেইদিনা ৰাতি টাউনশ্বিপত লাইট হেনো নাহিব পাৰে। কথাখিনি শুনাৰ পিছত আমাৰ দুয়োৰে বিৰাট আনন্দ। আহ.. কি ৰোমান্টিক পৰিবেশ ডিগবৈৰ শৰতকালৰ সেই গধূলিৰ ! তাতে আকৌ অৰণ্যৰ মাজৰ পৰা জোনটো উঠি আহি মিঠা জোনাকেৰে বুৰাই পেলাইছে পৃথিৱীখন। শাৰদীয় বতাহত বনৰীয়া ফুলৰ গোন্ধ এটা নাকত পৰিছে। জোনাকত দুটি জোনাকী  হৈ মহা আনন্দত আমি দুয়ো পদূলিত।

আৰু ঠিক সেই সময়তেই কোনো হৃদয়হীন, নিৰ্দয়ী ওপৰৰ বিষয়াৰ কাঢ়া নিৰ্দেশ মানি আপ্ৰাণ চেষ্টাৰে কামত লাগি থকা বিষয়া আৰু কৰ্মচাৰীৰ দলটোৱে সকলো বাধা আঁতৰাই বিজুলীৰ পোহৰেৰে চমকাই তোলে সৰু চহৰখন। সেই পোহৰে আমাৰ মনৰ পোহৰখিনিক একেবাৰে মোহাৰি মুচৰি হৃদয়ত ভৰাই তোলে বিষাদ আৰু অন্ধকাৰ।

আলহী খোৱালৈ আকৌ উভতি গৈছো। গৃহস্থৰ লগত কথা পতাত দেউতা ব্যস্ত থাকে । মই ৰৈ থাকো কেতিয়ানো খোৱাৰ  নিমন্ত্ৰণ আহে। গৰম গৰম লুচী, আলু ভাজি, নাৰিকলৰ লাড়ু, পিঠা আৰু একোটা অমলেট । দেউতাৰ আপত্তি - বাবাই ইমান খাব নোৱাৰিব।

এখন খালি প্লেটত অৰ্ধেকৰো বেছি খিনি ৰাখি দি যেতিয়া পাতল থালখন মোলৈ আগবঢ়াই দিয়ে, মনৰ কোনোবা খিনিত বিদ্ৰোহ এটা জাগি উঠে। ডাঙৰ হোৱাৰ বাসনা এটা তীব্ৰতৰ হৈ পৰে।

কেতিয়াবা আমাৰ ঘৰলৈ অহা আলহীৰ লগত দেউতা ব্যস্ত।মায়ে ৰাতিৰ সাজ চৰ্ত- কাট্ মাৰি থৈছে। আলহী গলেই গৰম গৰম ভাজিৰে ভাত পৰিবেশন কৰিব। ইপিনে আলহী নাযাইহে নাযায়। দেউতা মাৰ ওচৰলৈ উঠি আহে।

“ ভাত হলনে ! ৰাতি হোৱা বাবে  মই আকৌ তেওঁক ভাত খোৱাৰ কথা কৈ থৈছো”।

মাৰ মুৰত আকাশী সৰগ ভাঙি পৰে। দৌৰা দৌৰি লাগে। পুনৰ পাগঘৰৰ চৌকা জ্বলে।

বাহিৰৰ ইঞ্জিনিয়াৰিং কলেজত ( আমাৰ দিনৰ আৰ.ই.চি  আৰু আজিকালিৰ এন. ই.টি) পঢ়াৰ মোৰ হেঁপাহ। আই আই টি যোগ্যতা নাছিল বুলি সোনকালে বুজি উঠাৰ বাবে কটন কলেজৰ দুবছৰ ভালদৰে উপভোগ কৰিবলৈ সময় পাইছিলো। এদিন ৰাতিপুৱা মায়ে কলে - কিয়নো বাহিৰলৈ যাব লাগে তই ! আজি তিনিদিন দেউতাৰে ভালদৰে শুব পৰা নাই তই বাহিৰলৈ যাবি বুলি।

খঙতে নাম ভৰ্তি নকৰো বুলিয়ে ভাবিছিলো। কটনত ডিগ্ৰী পঢ়িম বুলিয়ে ভাবিছিলো।  মাৰ বুজনিত পিছদিনা খং কমিল যেনিবা।

আৰু সদায় চকুৰ আগত ৰাখিব খোজা সেই ল’ৰাটোকে এখন দুৰণিবতীয়া ৰেলৰ এটা ডবাত এদিন উঠাই দি ঘৰৰ পৰা বিদায় দিয়াৰ দিনা, ৰেলখন নচলাললৈ ষ্টেচনৰ প্লেটফৰ্মত  ৰৈ আছিল দুয়োজন।

পানীৰ বটলটো ৰাখিছনে ভালদৰে ! ৰাতি এচিত ঠাণ্ডা লাগিব, চাদৰ খন নুগুচাবি ….এনে অজস্ৰ উপদেশ লৈ মই এদিন স্বাধীন হৈছিলো। সেই স্বাধীনতা সেইদিনা বুকুত শেল হৈ বিন্ধিছিল।

মা দেউতাৰ সেই অভ্যাস এতিয়াও আছে। আজিও  ঘৰলৈ গলে গধূলি মই আৰু পৰিবাৰ কৰবালৈ ওলালে তেওঁলোক শংকিত হৈ পৰে। আমাৰ লগত  গাড়ীত বহি পৰে। নিছিদ্ৰ প্ৰহৰীৰ দৰে আগুৰি ৰাখিব চল্লিশৰ দেওনা পাৰ হোৱা মোক।

জীৱন পথত দেউতাৰ হাতৰ সেই আঙুলিটো এৰি দি কত চহৰ নগৰৰ অচিনাকি  শত সহস্ৰ অলিবাটত অকলশৰে ঘূৰি ফুৰিলো । এবাৰ এলিচক কৈছিলো কথাষাৰ।  চেমপেইনৰ মৃদু মিঠা অনুভৱ এটা লৈ , সপোন নগৰী পেৰিছৰ ছেইন নদীৰ পাৰত মাজৰাতি এজনী ছোৱালীৰ লগত ঘূৰি ফুৰা শুনিলে মোৰ ঘৰত কেনে আশংকা হব শুনি তাইৰ চকু দুটা ডাঙৰ হৈছিল।

“তোমাক হোটেললৈ মই লগ দিম বুলি ভাবিছা যদি ভুলকৈ ভাবিছা। ইয়াৰ পৰা তুমি চিধা অকলশৰেই  খোজ কাঢ়ি যাবা হোটেললৈ । চেম্পচ দি মাৰচৰ পৰা মই মেট্ৰত উঠি দিম “ তাই হাঁহি হাঁহি কৈছিল।

দীঘল অকলশৰীয়া অলিবাটবোৰত এতিয়াও কেতিয়াবা হাতখন মুঠি মাৰি অনুভৱ কৰো সেই তৰ্জনী আঙুলীটোৰ গভীৰ নিৰপত্তা ।

গধূলিৰ আলহী হোৱা সেই বৰদেউতা, খুড়া, জেঠাইবোৰৰ বহুবোৰে কেতিয়াবাই ধৰাৰ মোহ এৰি আঁতৰি গৈছে। মা দেউতাই খবৰ দিয়ে - আজি তহঁতৰ অমুক জেঠাই ঢুকাল অ’ । হৃদয়ত  হাঁহাকাৰ জাগে। তেজৰ সম্পৰ্ক নথকা অথচ শৈশৱ কৈশোৰৰ দিনবোৰ মধুৰ কৰি ৰখা বহুবোৰ সম্পর্ক আজি মাথো মনৰ স্মৃতি।

সেই সম্পৰ্কবোৰক লৈয়েই এখন ঠাইৰ লগতে হৃদয়ৰ যোগসূত্ৰ । সম্পৰ্কবোৰৰ দৰেই এদিন উৱঁলি আহে হৃদয় বান্ধি ৰখা যোগসূত্ৰডালো ।

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Saturday, September 22, 2018

ডায়েৰীৰ পাতৰ পৰা

খিড়িকীখন বেৰৰ যিখিনিৰ পৰা আৰম্ভ হয় , তাতকৈ মই তেতিয়া অলপহে বেছি ওখ। বিচনাখনত উঠি  পৰ্দা খন আঁতৰাই লোৰ মাৰি দুডালত ধৰি কাঠৰ ফ্ৰেম টোৰ ওপৰত থিয় হৈ আকাশখনলৈ চাই থাকো। বিচনা চাদৰ লেতেৰা কৰা বুলি মায়ে মাজে মাজে খং কৰে। সোধে -

“ তাত ঠিয় হৈ কিনো চাই থাক তই ! “

উত্তৰ দিব পৰাকৈ কথাবোৰ সজাই কোৱাৰ বয়স হোৱা নাছিল তেতিয়া। মই কব পৰা নাছিলো আকাশ, উৰি যোৱা চৰাইবোৰ আৰু বাহিৰৰ পৃথিৱীখনৰ লগত মোৰ যোগসূত্ৰ আছিল সেইখন খিড়িকী। ঘনে ঘনে সলনি হয় আকাশৰ ৰূপ। কেতিয়াবা যদি এখন  নীলা দলিছাৰ দৰে , কেতিয়াবা আকৌ ওন্দোলাই থকা আকাশত চঞ্চলা মেঘৰ আহ যাহ, বিজুলীৰ চমক। কবিতাময়ী এজাক বৰষুণ নামি আহে ধৰালৈ। বৰষুণৰ সেই চিপ চিপ শব্দটো মোৰ আছিল শৈশৱৰ আটাইতকৈ প্রিয়। দেউতাৰ ধমকক নেওচি তিতাৰ সাহস নাছিল। বাৰাণ্ডাৰ এটা খুটাত খামুচি ভৰি খন মেলি দিছিলো বৰষুণৰজাকৰ ফালে।

শৈশৱৰ সেই দিনবোৰতে  মই প্ৰেমত পৰিছিলো আকাশৰ, বৰষুণৰ , কোমল ঘাঁহনিৰ, চৰাইবোৰৰ আৰু পৃথিবীখনৰ।

গছবোৰৰ কথা নকলেও অন্যায় কৰা হব।

আমাৰ ঘৰৰ পদূলিৰ ঠিক সন্মুখত এডাল অকাশলংঘী আমগছ আছিল । বনৰীয়া দতাল বৰা এটাই সেইখিনিতে হেনো এবাৰ ককাক দুপৰীয়া খেদি আহিছিল। ককা তেতিয়া সৰু। আমডালৰ বুকুত লুকাই ককাই ৰক্ষা পৰিছিল। বাঘৰ গর্জনত সন্ধিয়াবোৰৰ নিৰ্জনতা ভাঙিছিল। মোৰ বাবে সেইবোৰ আছিল অতীতৰ ৰূপকথা। আমডালৰ নিগাজী বাসিন্দা  বুঢ়াডাঙৰীয়াৰ ভয় এটা পিছে বৰ্তমান আছিল তেতিয়া। আড্ডাপ্ৰিয় দেউতা যিদিনা বন্ধুৰ ঘৰৰ পৰা দেৰিকৈ ঘৰলৈ উভতে, আমিবোৰ বাহিৰলৈ ওলাব লাগিলে টাইগাৰ (দেউতাৰ কুকুৰ পোহাৰ খুব চখ আছিল) ৰৈ থাকে বিশ্বস্ত প্ৰহৰীৰ দৰে।

সেই গছজোপা আছিল তিনিটা পুৰুষৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ অলেখ অলিখিত সময়ৰ সাক্ষী। বহাগৰ বৰদৈচিলাৰ পিছত আমৰ সৰু সৰু মুচি বোৰে গছ ডালৰ তলখিনি সেউজীয়া কৰি তোলে। নতুন মুচিৰ সেই মন মতলীয়া কৰা গোন্ধটো আজিও যেন নাকত লাগি আছে।

আমাৰ ঠাইখিনি যদি আমৰতল আছিল, মোৰ পঢ়াশালী খন আছিল বকুলতল। সেই আমডালৰ তলেৰে পিঠিত স্কুলৰ বেগটো লৈ মই ওলাই যাওঁ বকুলতললৈ। । অভাৱ আৰু ভোকৰ সমাহাৰ দেখিছিলো স্কুলত, আমাৰ চৌপাশে। ভোকৰ ভাতৰ অভাৱত ৰুটি (আটাৰ পিঠা) খোৱা দেখিছিলো বহুতক।  নটি বয় জোতা পিন্ধা আৰু পিঠিত বেগ লোৱা ব্যতিক্ৰমী ছাত্ৰ আছিলো মই। অন্যসকলৰ চকুত ধনী ঘৰৰ সন্তান।

স্কুলত থকা সময়খিনিত ভাব হয় মায়ে যেন মোক সঘনাই  মাতিহে আছে। ঘৰলৈ আহি মাক সুধিছিলো - স্কুলত থাকোতে তই মোক মাতি থকা কিয় শুনো মই ! মায়ে একো কোৱা নাছিল। তেওঁৰ চকুত প্রশ্রয়ভৰা কাৰুণ্য আৰু স্নেহৰ অনাবিল সমাহাৰ ঘটিছিল।

আকাশ, বৰষুণ, আমৰ মুচি বোৰৰ সেই গোন্ধটোৰ মাজতে কেতিয়া জানো সেই সংশয়ে মোৰ বুকুত কুৰুপি কুৰুপি সোমাই পৰিছিল গমেই নাপালো। শৈশৱ আৰু কৈশোৰত কিমান ৰাতি মই বিনিদ্ৰ ৰজনী পাৰ কৰিছিলো ত্ৰস্তমান হৈ ! বৰষুণৰ মায়া এৰি এদিন পৃথিৱী এৰি যোৱাৰ সংশয়টোৱে মোক উদ্বাউল কৰি ৰাখিছিল।বয়স তেতিয়া বেছি নাছিল। প্ৰাইমাৰী স্কুলৰ দেওনা  মাত্ৰ পাৰ হৈছিলোহে তেতিয়া।

বুঢ়া বকুলতলত পঢ়া আকাশ আৰু বৰষুণ ভাল পোৱা সৰু ল’ৰাটো এদিন যেতিয়া এখন মহানগৰৰ প্ৰান্তত উপস্থিত হৈছিল, তেতিয়া শৈশৱৰ সেই মৃত্যুভয় আৰু নাছিল।  জীৱনক প্ৰাণভৰি ভালপোৱা বাইশ বছৰীয়া তজবজীয়া যুৱকৰ বুকুত আছিল পৃথিৱীদেখাৰ দুৰন্ত হেঁপাহ। সৰুৰে পৰা সাঁচি ৰখা ইংৰাজী আলোচনী বোৰৰ পেপাৰ কাটিং বোৰ তেতিয়া বগা এম্বেচাদাৰ গাড়ীৰ ওপৰত থকা ৰঙা লাইটটোৰ প্ৰতি এটা মোহলৈ ৰূপান্তৰিত হৈছিল।

অফিচৰ পৰা ৰাতিপূৱাৰ শ্বিফ্ট শেষ কৰি আহি অফিচাৰ চামাৰীত ৰমিলা থাপৰৰ Ancient Indian Social History খন পঢ়ি আছিলো। সন্ধিয়া বন্ধুৱে লগ দিলে - কিমান আৰু কবিৰাজী কৰ !  তোক চিকেন ৰল আৰু কফি একাপ খুৱাম আজি।

চিকেন ৰোলৰ লোভ। বাইকখন লৈ ওলাই গলো। সেইদিনা জনা নাছিলো জীৱনৰ  বহুবোৰ সপোন মোহাৰি মোৰ জীৱনৰ দিশ সলনি কৰিবলৈ চকা এটা ৰৈ আছিল বজাৰখনত ।  মানৱ সভ্যতাৰ আদিমতম যন্ত্ৰ সেই চকাটোয়ে কত কিমানৰ ভাগ্য চক্ৰ ঘূৰাই আছে। মোৰো জীৱনৰ ভাগ্যচক্ৰ ঘূৰাই দিছিল সেইদিনা।

ওলমি পৰা হাতখন ,  সিঁচৰিত হৈ পৰা মাংস আৰু হাড় বোৰ বৰ সযতনে অইনখন হাতেৰে তুলি লৈ মই এখন গাড়ীৰ পিছৰ চিটত বহি দিছিলো।  ৰঙা লাইট নথকা এখন পুৰণি এম্বেচাদৰ গাড়ী। কোনোবাই ওচৰৰ ফাৰ্মাচীৰ পৰা আনি দিয়া কটনখিনি আৰু জোৰেৰে হেঁচি ধৰিছিলোঁ হাতখনত । তেজৰ বোৱতী সোঁত এটাৰ উষ্ণতা অনুভৱ কৰি  বন্ধুক কৈছিলোঁ - নিজকে হলিউদৰ যুদ্ধৰ চিনেমাবোৰৰ আহত নায়কজন যেন লাগিছে। সি চিঞঁৰিছিল - চুপ ৰহো য়াৰ।

হস্পিতালত কোনোবা এজনে এখন কেচিৰে মোৰ কাপোৰ বোৰ এফালৰ পৰা কাটি গৈছে। ফটা চোলা, বনিয়ন, অন্তৰ্বাস। কোনোবা এজনে এটা ড্ৰিপ লগাইছে।

এজাক বৰষুণ নামিছিল। বাৰাণ্ডাত বহি মই চাই আছো বৰষুণৰ কণিকাবোৰ। এখন কাগজৰ নাওঁ উটাই দিছো বৈ যোৱা পানীখিনিত। টুলুং ভুটুং কৈ নাওঁ খন আগুৱাই গৈছে। দীঘলীয়া বাৰাণ্ডাখনৰ  এমুৰৰ পৰা অইনটো মুৰলৈ দৌৰি গৈছো মই, কাগজৰ নাওখনৰ পিছে পিছে। মায়ে পিছপিনৰ পৰা মাত দিছে - বাবা।

মাৰ সেই মাতটোৱে বোধহয় পৃথিৱী আৰু আকাশৰ মাজত দুলি থকা মোক পৃথিৱীলৈ ঘুৰাই আনিছিল ।
দুৰ্গাপূৰৰ পৰা এমাহ পিছত ভেলোৰলৈ আহিলো।1999 চনৰ আগষ্ট মাহৰ দহ তাৰিখে  যি হস্পিতালত সোমালো, তাৰ পৰা ছুটি পাইছিলোঁ 2001ৰ এপ্ৰিল মাহত। কিছুমান মানুহৰ কক্ষপথ তেতিয়া মোৰ লগত  নিমিলা হৈছিল । কিছুমান নতুন মানুহৰ যোগ হৈছিল । এৰি যোৱা সকলৰ অনন্য অনুভৱৰে সৌভাগ্যশালী হৈছিলো মই।

পৃথিৱীখন সলনি হৈছে। আমাৰ পদূলিৰ এই বুঢ়া আমজোপা , বকুলডাল এতিয়া আৰু নাই। দিনটোত দুখন গাড়ী চলা অলিবাটটোত এতিয়া খোজ কাঢ়িবলৈ ঠাই নাই। খেৰৰ সৰু পঁজাবোৰ ভাঙি মানুহবোৰে কংক্ৰীটৰ দালান সাজিছে।

আকাশ আৰু বৰষুণ আজিও মোৰ প্ৰিয় আৰু যিদিনা, পুনৰ উভতি নহাকৈ, আঁতৰি যাম,  কোনোবা আহক নাহক, বিষাদৰ এটি কৰুণ সুৰ লৈ সেইদিনা নিশ্চয়কৈ ৰৈ থাকিব এজাক মুখলধাৰ বৰষুণ ।

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Thursday, September 6, 2018

নায়কজন সম্ভ্ৰান্ত পৰিয়ালৰ। চাকৰিসূত্ৰে ভিতৰুৱা ঠাই এখনলৈ আহিছে আৰু তাতেই  লগ পালে সুন্দৰী নায়িকাক। চাৰিচকুৰ মিলন হল। প্ৰথম দর্শনতে প্ৰেম।

তাৰ পিছত বিভিন্ন চিকুয়েন্সত নায়ক নায়িকাই নাচি বাগি প্ৰেমত মচগুল । কিন্তু সমস্যা হল ল’ৰাৰ বাপেক। ৰাতিপূৱা তেওঁ ড্ৰেছিং গাউন পিন্ধি মুখত পাইপ লৈ বাতৰি কাকত পঢ়া আঢ্যৱন্ত মানুহ।   ল’ৰাৰ বিয়া ঠিক কৰিব খুজিছে বিখ্যাত ইণ্ডাষ্ট্ৰিয়েলিষ্ট মিষ্টাৰ সিংহানিয়াৰ পুত্ৰৰ লগত। কিন্তু নায়কে মানি লব খোজা নাই দেউতাকৰ ইচ্ছা, জাত্যাভিমান, আদেশ আৰু ভীতি প্ৰদর্শনক। লাগিলে কৰক দেউতাকে তেজ্যপুত্ৰ । সি বিয়া কৰাব সেইজনী ছোৱালী, যিজনীয়ে স্কুল কলেজ নেদেখিব পাৰে, ইংৰাজী বৰ্ণমালা চিনি নাপাব পাৰে , চহৰৰ আদব কায়দা নাজানিব পাৰে, কিন্তু সুললিত ৰোমান্টিক গীত আৰু ৰূপ লাবন্যৰে  নায়কৰ হৃদয়ৰ লগতে আমাৰো মনবোৰ মুহি, হৃদয়ত ঈৰ্ষা, বাসনা আৰু বুজাব নোৱাৰা কিছু অনুভৱৰ সংমিশ্ৰিত হাঁহাকাৰ এটা জগাই তুলিছিল।

চিনেমাৰ পৰ্দাত কাহিনী চলি আছে আৰু দৰ্শকৰ আসনত বহি আমিবোৰে নায়ক নায়িকাক তামাম সমৰ্থন কৰি আছো। পাৰিলে নায়কৰ দেউতাকক যেন নচছা শূলতহে দিম। হওঁক এইখন বিয়া। প্ৰেমৰ বাটত হেঙাৰ হব আহিছে !

শেষত লৰাৰ দেউতাক সৈমান হবলৈ বাধ্য। ৰাইজৰ হাতচাপৰি আৰু চিনেমাৰ যৱনিকা ।

চিনেমাৰ এই কাহিনীটোৰ প্ৰায় পুনৰাবৃত্তি দেখিছিলো সেইদিনা, যিদিনা মোৰ এজন বন্ধুয়ে তেওঁৰ ভাল লগা গাভৰু গৰাকী দেখুৱাবলৈ মোক লৈ গৈছিল।

আহিবৰ সময়ত চুলিখিনি, কাপোৰযোৰ সৰু আয়না খনত কেইবাবাৰো চাই ঠিক থাক আছে বুলি আশ্বস্ত হৈ ওলাই আহিছো। হাজাৰ হওঁক , গুৰুত্বপূৰ্ণ কাম।  বহুবছৰৰ আগৰ কথা। কিন্তু কথাবোৰ হুবহু মনত আছে। আমি দুয়ো ছাত্ৰাৱাসৰ পৰা বজাৰলৈ ওলাই আহিলো আৰু বন্ধুয়ে যেতিয়া আঙুলিয়াই মোক দেখুৱাইছিল তেওঁৰ হৃদয়ত প্ৰেমৰ অবুজ  ঝঙ্কাৰ তোলা প্ৰেয়সীলৈ, মই সমুখত প্ৰথমে একোয়েই দেখা নাছিলো। ৰাস্তাটোৰ কাষত কেইখনমান সৰু গুমটিৰ দোকান আছিল । তাৰে এটা গুমটিৰ সমুখত বাঁহৰ চাং এখনত শাক পাচলিৰ এখন দোকানৰ বিক্রেতা  এজনী গাভৰু বহি আছিল। আমাক দেখি তাই অসহজ হৈ পৰিছিল। পিন্ধি থকা ফ্ৰকটো টানি ঠিক ঠাক কৰি লৈছিল।

ইঞ্জিনিয়াৰিং পঢ়া ছাত্ৰৰ চকুৰ উচাত্মিকা বোধ মোহাৰি এইবাৰ মই ভালদৰে গাভৰু গৰাকী লক্ষ্য কৰিলো। নিঃসন্দেহে তাই চিনেমাৰ সেই নায়িকাবোৰৰ দৰে ৰূপহী আছিল। পুৰণি ফ্ৰক এটা পিন্ধিছিল তাই । সেই ফ্ৰকটোৱে  তাইৰ যৌৱনৰ ঔদ্ধতা আৰু অহংকাৰক লুকুৱাই ৰখাত শোচনীয় ভাবে ব্যৰ্থ হৈছিল।

চিনেমাত দেখা সেই পাইপৰ ধোঁৱা উৰোৱা বাপেকজনৰ চৰিত্ৰটোৰ দৰে সেইদিনা মই বন্ধুক বুজনি দিছিলো। সি আছিল ঠিক চিনেমাৰ সেই নায়কজনৰ দৰে। অকাট্য যুক্তি দিছিল। মই লিখা কবিতাবোৰ বৰষুণৰ পানীত উটুৱাই দিবলৈ কৈছিল। তাৰ  যুক্তিবোৰত আবেগ আছিল। এৰিক চেগালৰ Love Story নামৰ উপন্যাসখনৰ অ’লিভাৰ বেৰেটৰ দেউতাকে কোৱাৰ দৰে কৈছিলো - “এইবোৰ তোৰ সাময়িক মোহ। This incompatible relation has to pass the.test of time”

আৰভিং ষ্টোনে লিখা  লাষ্ট ফৰ লাইফ নামৰ উপন্যাস খন তেতিয়া পঢ়িছিলো। ভেন গঘৰ প্ৰেম  নিবেদন প্ৰত্যাখ্যান কৰা দেহোপজীবিনি জনীলৈ ভেন গঘে পঠিয়াই দিয়া নিজৰ কাণৰ লটিটোৰ কথা পঢ়ি শিঁহৰিত হৈছিলোঁ। কিন্তু বন্ধুৰ স্বাৰ্থত সেইদিনা সেইবোৰ মই পাহৰি গৈছিলো।

আজি বহু বছৰ সেই বন্ধুক লগ পোৱা নাই। শুনিছো অভিযন্তা পত্নীৰ লগত তেওঁৰ সুখী পৰিয়াল, জীৱন যুদ্ধৰ এজন অক্লান্ত যোদ্ধা।

আজি মাননীয় আদালতৰ দ্বাৰা সমকামী সকলক জীৱন সংগী নিৰ্বাচন কৰাৰ অধিকাৰ দিয়াৰ বাতৰিটো শুনি , বহু বছৰ আগৰ সেই বন্ধুলৈ মনত পৰিল। সমকামী সকলৰ প্ৰতি মোৰ সহমৰ্মিতা আছে। তেওঁলোক নিজৰ ইচ্ছা অনুসৰি সমকামী নহয়। প্ৰকৃতিৰ এক বিস্ময়কৰ যোগ বিয়োগৰ অংকৰ ফলাফল তেওঁলোক। তেওঁলোকক জীৱন উপভোগৰ পৰা বঞ্চিত কৰা নিশ্চয় অনুচিত।

তথাপি কিয় জানো মই চিনেমাৰ সেই কণফৰ্মইটিত বিশ্বাসী বাপেকজনৰ দৰে অনুভৱ কৰিছো। কেইজনমান মুষ্টিমেয় মানুহৰ বাবে , যেন এক  অপ্ৰাকৃতিক ঘোষণা এয়া । সমকামী স্বাধীনতাৰ বিৰূপ বিপাক বোৰৰ যথোচিত ব্যৱস্থা লবলৈ আমাৰ নিয়ম কানুনবোৰৰ সংশোধন প্ৰয়োজনীয় আছিল নেকি  সেয়া মাননীয় আদালতে খুচুৰি চাইছেনে ? এই ৰায় মানিবলৈ ভাৰতীয় আইন আৰু প্ৰশাসন প্ৰস্তুত নে ! আমাৰ শিশু আৰু কিশোৰ সকলৰ যথোচিত নিৰপত্তাৰ ব্যৱস্থা আছেনে ?

আৰু যদি এইবোৰ কথা আদালতে ভবা নাই , আদালতৰ এই ৰায় আৰু  ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী চমকৰ মাজত একো পাৰ্থক্য নাথাকিব।

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Tuesday, August 7, 2018

এৰি অহা ঘৰবোৰ

কেইদিনমানৰ আগেয়ে অফিচৰ কামত গুৱাহাটীলৈ গৈছিলো। অফিচৰ কামত  গলে মই থাকো নুনমাটিৰ তিনি নম্বৰ চেক্টৰত পাহাৰৰ টিলা এটা বগাই পোৱা ভাৰতীয় তেল নিগমৰ অতিথিখালাত। সেই অতিথিখালাটোৰ তলৰ অন্য এটা টিলাৰ এটা ঘৰ আছিল গুৱাহাটীত মোৰ যোৱা তিনিবছৰৰ  বাসস্থান ।

গধূলি গাড়ীখন চলাই অতিথিখালাটোলৈ গৈ আছিলো । গাড়ীৰ খিৰিকী খুলি থৈছো। বৰষাসিক্ত বতাহ এছাটি গাড়ী খনৰ ভিতৰলৈ সোমাই আহিছে। হঠাৎ দেখিলো এয়া কি ! অৱচেতন মনটোয়ে স্বয়ংক্ৰিয় ভাবে মোক  অতিথিখালাৰ সলনি আমাৰ পুৰণি আবাসৰ সন্মুখ কেতিয়া পোৱালেহি ধৰিবই নোৱাৰিলো। খোলা গেটেৰে গাড়ী খন ভিতৰলৈ নিবলৈ ধৰোতেহে মোৰ হুঁচ আহিল ।

গাড়ীখন আকৌ ঘুৰাই দিলো।  এখন্তেক ৰৈ দেখিলো দুৱাৰ মুখৰ পৰা মোৰ নামটো মচি দিয়া হৈছে।  ঘৰটোৰ যিখন বাৰাণ্ডাত বহি একাপ চাহ খোৱাৰ ইচ্ছা জাগিছিল তাত অসংখ্য কাপোৰ শুকাবলৈ মেলি দিয়া আছিল। অনুমতি অবিহনে সেই খিনি ঠাইত আৰু মোৰ প্ৰৱেশ সম্ভৱ নাছিল।

সেইখন ঘৰটো মোৰ নিজৰ নহয়। কোম্পানীয়ে থাকিবলৈ দিয়া ক্ষন্তেকীয়া জিৰণি ঠাইহে আছিল । এদিন সেয়া অঘৰী জীৱনৰ ঠিকনা আছিল, আজি অন্য এখন ঠাই  নতুন ঠিকনা হৈছে। মাথো তিমানেই।

এইখিনি লিখি থাকোতে আৰু এখন ঘৰৰ পুৰণি স্মৃতি মনলৈ আহিছে। মানুহবোৰক লৈয়েই ঘৰ এখনৰ অৱস্থিতি আৰু আত্মা। আইতা (দেউতাৰ মাক) জীয়াই থকালৈ যিখন ঘৰ আছিল আমাৰ কলেজৰ পৰা উভতি অহা পথৰ প্ৰথম ষ্টপেজ, আইতা ঢুকোৱাৰ পিছত, সেইখন ঘৰলৈ যোৱাৰ সংখ্যাটো বোধহয় আঙুলিৰ মূৰত গন্তি কৰাৰো প্ৰয়োজন নহব।

বিয়াৰ আগেয়ে অকলে আৰু পিছতো ডিগবৈৰ পৰা ঘৰলৈ আহিলে আইতা থকা আমাৰ পুৰণি ঘৰখনত মই আৰু পৰিবাৰ প্ৰথমে সোমাই যাওঁ। বয়স্কজনক সেৱা কৰা পৰম্পৰা মোক কোনে প্ৰথম শিকাইছিল মনত নাই।  সেই পৰম্পৰা দেখিছো এতিয়া আমাৰ লৰা দুটাই শিকিছে।

বয়সে জৰাজীৰ্ণ কৰা দুখন হাত উঠি আহে মোৰ আৰু পৰিবাৰক স্পৰ্শ কৰিবলৈ।  আমাক দিবলৈ বৈসয়িক ধন সম্পদ সেই দুখন হাতত নাছিল। আছিল সেইবোৰৰ উৰ্ধত, হৃদয় উদ্বেলিত কৰা, সাঁচতীয়া  আশীৰ্বাদৰ বান্ধ ভাঙি অহা অফুৰন্ত এক স্ৰোতধাৰা । সেই বোৱতী সুঁতিত স্নান কৰাৰ সৌভাগ্য আছিল আমাৰ পৰম সম্পদ।

কাঠ, বালি, বিলাতী মাটিৰ ঘৰৰ কথা বাৰু  নকওঁ। জীৱনৰ বাটত কত মানুহে কত কিমান সম্পৰ্কক নেওচি আঁতৰি যায়।  সম্পৰ্কৰ কঁপাহী উশাহৰ সেই নিঃশব্দ ভাষা, চিন্তা আৰু দুঃচিন্তাৰ মেৰপাক, স্পৰ্শৰ অনাবিল আনন্দ আৰু অধিকাৰ , জীৱনৰ সৰু ডাঙৰ অজস্ৰ স্মৃতিক নেওচি সময়ৰ আহ্বানত আঁতৰি যোৱা সম্পৰ্কবোৰৰ ভিতৰত কত কিমান বেদনা লুকাই থাকে কিজানি !

অতীত হোৱা সেই সময়বোৰে বৰ্ষাসিক্ত কোনো এক অকলশৰীয়া সন্ধিয়া হৃদয়ত বিৰাট এক  হাঁহাকাৰ জগাই তোলে । এনে বহু বেদনা কঢ়িয়াই এদিন মই, আপুনি আৰু আমি সকলো উপস্থিত হম সেই শেষ প্ৰান্তত যি প্ৰান্তৰ পিছলৈ মাথো অতীতৰ বিস্তৃত পৰিধি।

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Saturday, August 12, 2017

The great fall to the real world

The great fall to the real world

People working in the industries are so much fun to watch. Reading people has been one of my favourite pastimes  too.

I am not talking about those who are little bothered about jobs at office , but have no other topics to talk about when two friends meet in the evening over a mug of beer except how much stressed he is or how stupid and mean is  his boss to cut his last appraisal to shreds. They are a highly adoptable species and will always survive feasting on others’ hard work.

Buy my prayer goes to  those who sleep, breathe, walk and eat  his job 24 × 7 hrs and demand others to inculcate their virtues too.  Feverishly calculative , they rule their kingdom  with the swaying  hunter , mowing down everyone on the way to the top. Somehow, they remind me to those words of  Julius Caesar, talking to Antony  about Cassius -  “He rarely smiles, and when he does smile, he does so in a self-mocking way, as if he scorns himself for smiling at all.”

Those who never felt the temptation of being a child seeing the autumn sky, murmur a soft song or feel the pleasure of  reading a few lines of poetry, never cherished beauty and elegance with all the subtle perfections except careful gaze with piercing eyes through the end where flesh meets the clothes , life for those is surely a curse post retirement.

And when they return to their kingdom of past  sometimes, does it hurt to find the honeybees, once used to encircle them, gone out on  killing spree to some other places !! They look around for a place to rest the tired legs and someone to come forward and say " Gentleman, can you squeeze yourself here.."

No, I am not going to be the one like that. Rather, post those 10-12 hours ,  which buy food, shelter, social security, I will come back to my own world of imperfections.

( This post is not for those who left behind a legacy and mere thought of them bring out altruistic respect and indebtedness )

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Thursday, July 13, 2017

আমাৰ দেউতা এজন শিক্ষক আছিল । তেওঁ হাজো হায়াৰ চেকেণ্ডাৰী স্কুলত ইংৰাজী পঢ়ুৱাইছিল। আছিল নহয় , বৰ্তমানেও হয়।  কাৰণ অৱসৰৰ পিছত আজিও  ল'ৰা ছোৱালী পঢ়ুৱাব পালে, দুখ ভাগৰ পাহৰি থাকে।

দেউতা নিজেও চোকা ছাত্ৰ আছিল। অতি আকৰ্ষণীয় আছিল তেওঁৰ ব্যক্তিত্ব। বজ্ৰ সদৃশ কণ্ঠস্বৰ, অফুৰন্ত শক্তি  আৰু সভাশুৱনি মানুহ জনৰ  ওচৰত অন্যবোৰ যেন নিষ্প্ৰভ হৈ পৰে। তেওঁৰ অধ্যয়ন আৰু দৃষ্টিভংগী অতি সূক্ষ্ম। দেশ বিদেশৰ বিভিন্ন ঘটনা প্ৰবাহৰ নিৰ্ভুল ভৱিষ্যত দেখা পায়। আমি কেতিয়াবা কওঁ - আজিৰ পৰা ত্ৰিশ বছৰ আগৰ ঘটনাবোৰ তুমি কেনেদৰে দেখিছিলা ! সেইবোৰ কাকত আলোচনীত লিখা হলে কিমান যে বাহ বাহ পালাহেতেন ! এই যে অসমত এদিন ভাজপাৰ চৰকাৰ হব, বহু বছৰ আগেয়ে দেউতাই বোধহয় আমাৰ ডাঙৰ মামাক কৈছিল কোনো এটা গধূলি চাহৰ আড্ডাত। যিয়েই নহওঁক ইয়াৰ পিছৰ অসম খনৰ ভৱিষ্যতৰ বিষয়ে তেওঁৰ অনুমান  যেন  সঁচা নহয় কেতিয়াওঁ !

আমি ঘৰৰ গোটেইকেইজনে দেউতাই পঢ়ুৱা স্কুলতে পঢ়িছিলো। গৰমৰ দিনত আমাৰ স্কুলত বিজুলী পাংখা নাছিল। গৰমত কেতিয়াবা কোনো ছাত্র ছাত্ৰী বেহুচ হৈ গলে আমাৰ খুব আনন্দ। লগে লগে স্কুল ছুটী হৈ যায়। বৰষুণৰ দিনৰ কথা নকলোয়েই বা !

পিছে সেই স্কুলত দেউতাই John Keats, Wordsworth, Jean Paul Sartre, বাৰ্ট্ৰাণ্ড  ৰাছেল,  টলষ্টয়ৰ পৰা আৰু কত তাৰকাৰ লগত কৈশোৰত চিনাকি কৰাই দিয়া নাছিল !  Elocution ৰ প্ৰথম পাঠ শিকিছিলো দেউতাৰ বক্তৃতা শুনি। চমৎকাৰ আছিল তেওঁৰ দেহ আৰু মুখৰ ভাষা। দেউতা এটা অকলশৰীয়া উদাহৰণ নহয়। দেউতা সেই সময়ৰ এনে বহুতো শিক্ষকৰ প্ৰতীক। বিজ্ঞানৰ পাঠত দাস  ছাৰৰ লগত ষ্টীম ইঞ্জিনৰ ধাৰণাৰ ব্যৱহাৰিক পৰীক্ষণ কৰি  হাজোৰ মাধৱ মন্দিৰৰ পুখুৰীত জাহাজৰ prototype চলোৱাৰ কথাবোৰ ভাবি আজি অভিভূত হওঁ।

দেউতাই অৱসৰ লোৱাৰ সময়ত মই ইঞ্জিনিয়াৰিং পাছ কৰি চাকৰিত সোমাইছো। মই ডাঙৰ। মোৰ তলত আৰু দুজন ভাইটি আৰু দুজনী ভন্টী। সৰু ভাইটি অভিজিতৰ বাহিৰে গোটেই কেইটাই কলেজ উনিভাৰ্ছিটিত পঢ়ে। ইপিনে সকলো কাম সময়মতে হব লাগে বুলি নিজে ছোৱালী চাই মোক বিয়া পাতি দিছে। অৱসৰৰ পিছত পাব লগা পইচা কেইটা দেউতাই নাপাই হে নাপায় ! ঘোচ নিদিয়ে দেউতাই। কাম হব ক’ৰ পৰা !

মোক শিক্ষক কৰাৰ ইচ্ছা আছিল। মায়ে কলে - এইবাৰ কিন্ত্ত মোৰ কথা মতে হব। মোৰ বোৱাৰী কেইজনীৰ অন্ততঃ ভাগ্যবোৰ ভাল হওক।( ভাগ্য পিছে ভাল নহল তেওঁলোকৰ) আমাৰ এজনৰো শিক্ষক হোৱা নহল। ভাগ্য ভাল আছিল,  এজন এজনকৈ ঘোচ নিদিয়াকৈ আমি প্ৰতিজনে পাছ কৰাৰ  লগে লগে কৰবাত মূৰ সুমুৱাব পাৰিছিলো !

দেউতাই আগেয়ে প্ৰায়ে কয় - নিজৰ সন্মান বচাই অৱসৰ লব পাৰিলোঁ যে। বৰ দুৰ্দিন আহিছে জাতিটোৰ বাবে। যি শিক্ষকে গঢ়ি পিটি জাতি আৰু দেশৰ ভবিষ্যত গঢ়িব লাগে, ৰাজনৈতিক দালালৰ হাতত এটা বাক্য ভালদৰে লিখিব নোৱাৰা বহুতো আজি আমাৰ বেছিভাগ অসমীয়া মাধ্যমৰ চৰকাৰী শিক্ষক হৈছে। অমিবোৰে কৰা ত্যাগৰ মূল্য সমাজে নিদিয়ে। চুৰি ডকাইতি কৰি  আৰ্জন কৰা সম্পদৰ ভক্তিত গদ গদ সমাজ আজি। আমাৰ সময়ত ভাল ছাত্ৰ সকলক মালা পিন্ধোৱাই ৰাইজে শিক্ষক কৰি আদৰি অনাৰ দিন উকলিল ।

আমি পঢ়া হাজোৰ সেই স্কুলখনত বিজুলী পাংখা নাথাকিব পাৰে, কত কিমান চোকা ছাত্ৰৰ সেই স্কুলৰ চৌহদ আছিল   জীৱন গঢ়া পাঠশালা।  সেইখন স্কুলৰ কাষেৰে কেতিয়াবা পাৰ হলে আজি বুকু খন গভীৰ হৈ পৰে। প্ৰকাণ্ড খেলপথাৰ (এসময়ত বৰদলৈ  ট্ৰফীৰ লীগ খেল চাইছিলো ইয়াতে) আৰু শাৰী শাৰী অসম আৰ্হিৰ ঘৰ বোৰ। সৰুতে  দেখাৰ দৰে আজি খেলুৱৈৰে গিজ গিজাই নাথাকে খেলপথাৰ। গধূলিৰ শক্তিবৰ্ধক পানীয় সেৱনকাৰী শৰীৰত ফটবলৰ পিছে পিছে দৌৰাৰ শকতি কত থাকিব! মানুহৰ পিছে আৰ্থিক উন্নতি হৈছে। দহমাইল দূৰৰ ইংৰাজী স্কুলত পঢ়ে আজিৰ বেছি ভাগ সজাগ পিতৃ মাতৃৰ সন্তান সকল। কি সুন্দৰ ইউনিফৰ্ম ! দৃষ্টিৰ আঁতৰ নোহোৱালৈ, মাক বাপেকে সন্তানক দেৱালৰ  ছিদ্ৰৰেও জুমি জুমি চাই থাকিব। যিসকলে আজি  মই পঢ়া স্কুলত পঢ়ে, সেইসকল কিন্তু অকলে আহে, দেহত নাথাকে সুন্দৰ ইউনিফৰ্ম, ভৰিত জোতা। মিড দে মিলৰ স্কীমটো আমাৰ সময়ত নাছিল, এতিয়া জোৰদাৰ চলি আছে।  আজিৰ শিক্ষক ব্যস্ত থাকে মিড দে মিলৰ চাউল আৰু খৰিৰ হিচাপত। এতিয়াও দেউতাৰ ওচৰলৈ কোনো কোনো ডেকা  শিক্ষক আহে। ইংৰাজীত দৰ্খাস্ত লিখিবলৈ বা অন্য কিছু তৰ্জমা কৰিবলৈ। দেউতাৰ বয়স হৈছে, হাত কঁপে এতিয়া। সৰু ভন্টীলৈ ৰৈ থাকে। তাইৰ হাতৰ আখৰ আমাৰ সকলোতকৈ ধুনীয়া। দেউতাই শ্ৰুতলিপি দিয়ে, তাই লিখি যায়। সৰুতে ঘৰত ভাতৰ পাতত বহা, দেশ বিদেশৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা সভা খনৰ আজিকালি আগৰ দৰে  ৰং নাই। কাচিৎহে আমি পাঁচটা লগ হওঁ। জীৱনৰ কত কি দায়িত্ব ! হাজোৰ পুৰণা ঘৰত এতিয়া দুজন অকলশৰীয়া মানুহ, ভাত খোৱা মেজৰ মাত্ৰ দুখন চকী হলেই হৈ যায়।

হয় পিছে, মোৰ দেউতাও এজন শিক্ষক আছিল বা এতিয়াও আছে । এটা কথা ঠিক।  আত্ম সন্মানতকৈ চাকৰিটো তেওঁৰ বাবে বেছি গুৰুত্বপূৰ্ণ নাছিল।  মন্ত্ৰীৰ অপমান সহ্য কৰাতকৈ, তেওঁ যে চাকৰি ত্যাগ কৰিবলৈ কুন্ঠা বোধ নকৰিলেহেঁতেন, সেয়া ধূৰুপ।

FB ত মন্ত্ৰী হিমন্তবিশ্বৰ বিষয়ে লিখা মন্তব্যবোৰ পঢ়িছোঁ।  মন্ত্ৰী হিচাপে সমীক্ষা লোৱা তেওঁৰ দায়িত্ব। কিন্তু তাৰ বাবে live TV ৰ দৰকাৰ বোধহয় নাছিল ।  গোটেই ঘটনাটো আজিও বৰ্তি থকা নিষ্ঠাবান আৰু প্ৰতিভাশালী শিক্ষক বা শিক্ষয়ত্ৰীসকলৰ বাবে অপমানজনক নহয়নে! অৱশ্যে  বৰ্তমানৰ শিক্ষা বিভাগটোৰ বাবে অকল মন্ত্ৰীজনেই দায়ী নহয় ! সত্তৰ আৰু আশীৰ দশকৰ পৰা আমাৰ সমাজলৈ অহা পৰিৱৰ্তন বোৰলৈ মনত পেলাওকচোন। এই গোটেই প্ৰক্ৰিয়া টোৰ   কিন্তু বৰ্তমান হল  আজিৰ আমাৰ শিক্ষা ব্যৱস্থা আৰু মন্ত্ৰীজনা।

( আজিকালি টেটৰ পৰীক্ষা দি শিক্ষক হোৱা  সকলৰ মাজত বহুতো প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীও আছে। অন্ততঃ ঘোচ নিদিয়াকৈ বহুজন শিক্ষক হৈছে। তাৰ বাবে কিছু কৃতিত্বও কিন্ত্ত মন্ত্ৰী জনাৰ প্ৰাপ্য)
You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Tuesday, June 27, 2017

Dynasties are killing their parties

When Pandit Nehru expired, there was lot of apprehension - who next to fill up the vacancy of a colossus like Nehru. From 1964 to 66, Lal Bahadur Shastri showed the world that to inspire a nation, the PM didn't require to belong to blue blood . The slogan from the simple dhotiwaala PM, “Jai Jawan, Jai Kishan “  reverberated across the length and breadth of this country at a difficult time which was unheard and unseen. Indiraji’s “ Garibi Hatao” was pale and dull  as compared to what  Shastri delivered.

Rajiv Gandhi’s  untimely death gave PV  Narasimha  Rao to redeem himself as one of the finest PMs ever to give new direction to the economy of the  country.

Atalji was always no pushover and was a highly decorated MP before becoming PM. He was another gem of a PM who delivered against the constant bickering amongst his allies.

Manmohan Singh will perhaps go down in the history for the mega scams during his time.  He is often credited with liberation of Indian economy though the credit should go to PM Rao rather than MMS. His ever dependence   on a family made PMO actually rudderless. Yet, many of the initiatives which Singh failed to implement with gusto were taken over by Narendra Modi. From GST to Swachh  Bharat, contribution of MMS can't be undermined.

Next came  the chaiwala and some people still intoxicated by the slave attitude ,  immediately raised  questions on his credibility. One avid follower even asked which language Modi would speak with the foreign dignitaries, as he had never been to any University abroad.

All of us now know what a chaiwala can do !

The crux of my post is there are enough talents even  amongst our political leaders including the oldest party as well. Look beyond dynasty to create a bond with the emerging India. This young India never gives a damn for what your great grand Fathers were. The young generation is all about achievement by tireless  hard work and dedication. Nothing is taken for granted for sure.

The political parties should listen to the call of time to remain relevant.

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Sunday, April 30, 2017

Rumblings of marital bliss

“It's your life, it's your wish.” she curtly cut my call off.

“Ahh.. these ladies ! Even God fails to count their moves, I am only an ordinary mortal” I murmured as I placed the phone back on the cradle. After a long time, my old friend had dropped at  our town on Official assignment. So, I called  my wife, Arpana, to inform that I would return home little late in the evening as I was to  go to the Club from Office with my friend.

So , two friends spent a beautiful evening, sipped few drinks , minced words with nuts till it was 10 PM and the time for the bar to close.

Coming home  back, I met rather an indifferent wife at the door,  quickly moving away without any pleasantries. Our son Hrishi was already at bed which was unusual at 10 PM.  Only after my repeated call,  he whispered  - Papa, Mama is very angry.

By now I was little peeved.

" Am I not entitled  an evening alone with my friend ? Doesn't she catch up with her own friends ? Have I ever shown such attitude! “

Dinner was laid and I found her  best crockeries resting on the table with my favorite cuisines. Normally , we eat simple dinner and make up the calories in breakfast and lunch. The seductive look and odour of the cuisines tinkered my taste buds hard enough to make me gulp the flowing saliva in my watery mouth.

Something was utterly  wrong !  We kept on eating dinner silently till  Arpana broke the stillness  - Still you don't remember what it is today !!

Ah…. I cursed myself. It was our  Wedding Anniversary and how could I forget !! That was the reason  she was hooked to the phone all the time in the morning answering to calls and not even a single family member wished me to remind that it was our Anniversary ! I knew it was a trick she hatched to see if I remembered our day taking advantage of me being out of my mobile at Office as  I worked inside the Refinery where mobiles were barred.

“OK. I shall make it up in October in your birthday” I  made a vow.

Days and months passed by.  I was busy in a late evening meeting at Office, when I received a call from Hrishi.

“Papa… Can you bring a B’day cake for Mama while you come home ? Don't you remember ?”

Oh… Goodness gracious ! I almost goofed up once more. It  was 17th October and Arpana's  B’day. It was already 7:30 pm with an unfinished agenda at Office while at Digboi most of the shops close by 8 in the evening.

While I assured Hrishi, I remembered the day (Papa remembers all)  and all I wanted was to surprise her in the evening ! I hurriedly called at the lone baker's shop to order  a B’day cake.

By the time, I finished my Office and collected the cake, it was almost 9 O’clock. I enquired at nearby stationary shop , still open, whether they had any   B’day gift. They had nothing much of a collection except that masterpiece.

It was indeed a surprise for Arpana as she was planning for a repeat of the last Anniversary to remind me how careless I was for my family while each and every other  man was such wonderful devoted husband !

As she opened the wrapper, her excitement and curiosity  turned into disappointment followed by  sarcasm and laughter. The Bone China tea set with a pot  was smiling at  and wished her a Happy B’day.

“ A tea set for use of the entire family !!!! This has to be the most unromantic gift ever a husband brought for his wife . This is my destiny. Tell me, you again forgot my day and this is the only stuff you got in New Market at this hour. ”

Hrishi was still confused and trying hard to understand whether his Mama was happy or annoyed to receive the gift which he made sure to write his name as  well in the attached gift card just below the “ Best Wishes” tag line.

“ It's the best gift I thought off after so many days and you call it unromantic ! ” I said.

“ In the weekend afternoons, we will  sit outside seeing the beautiful Digboi skyline, seeing the birds fly home, seeing the Sun sets in the horizon , engrossed in each other's eyes while the tea brews  in this pot. Doesn't that sound  romantic ???” I was in my elements to woo a lady.

My words had magic. We had a happy celebration thereafter including a dinner invitation to my friend next day.

Arpana still wonders my choice of gift on that B’day and till date keeps on enquiring about it. I didn't tell her the background story. So, while she reads this Sunday  post, which she often does, she will find on her own. Come 3rd of July and we will be another year older as a couple. While I have traits of a vagabond at heart making her life difficult at times, I am required to be precise , calculative and methodical as a professional. Life has been a constant tussle between the two facets of the same person.

In the last 14 years, I have only words of gratitude to Arpana for everything, endless sacrifices she made , for bearing my forgetfulness and above all making this wild feral domesticated to remember important dates !

You can contact Kamaljit at kamaljitmedhi1975@gmail.com

Tuesday, February 21, 2017

I am 42 today

I was born on this day 42 years ago. At 42, halfway between the cradle and the final amble,  feel like still having the best years ahead and the mind restless as ever, though occasional bout of uric acid reminds me, I have crossed some distance from the cradle.
Born in the month of Phalguna, my horoscope says, I am light hearted like the gentle breeze of my birth month. Out of all the many predictions, this is the one, coming perfectly true. In life, very rarely, I am not happy. Beauty, magnanimity and all good spirits of life still make me heady the way I used to be twenty years ago.  
As I scribble through the key pad to write this post, memories of my 34th & 36th B’day, once more making me feel nostalgic. In 2009, we were burning the candle at both hands with the Project construction and B’day celebration was the last thing in my mind. Suddenly, I received a call from Naba Da (Nabajyoti Bora - Presently working at Digboi Refinery as Chief Maintenance Manager) to urgently rush to the Project site. The project had a huge conceptual error (The part looked after by me) requiring entire underground civil work redoing and a high level meeting was urgently convened at site. When I pleaded to let me know the flaw, he somewhat sternly cut me off by asking to rush.

As I hurried to the site, I found the meeting was on. The General Manager  was not at the table and most important chair was occupied by our Chief Project Manager instead who asked me to have a sit. Everyone looked serious at the round project table when Debdoot and Naba Da came out with a B’day cake. It was some surprise!
I had no role on the Time, Venue, Menu , neither on Invitees,  for the evening as everything was decided by Nitish Da (Presently Dy. general Manager at Guwahati Refinery). The spontaneity and the camaraderie of the evening were incredible and left me with an indelible mark in my memory.  
I spent the 36th B’day at IiPM, Gurgaon undergoing a residential Management training program. We had a long weekend and with my good friends Ruchir and Ranjeet, I was off to Mathura and Agra. While coming back, perhaps, the romance of Shahjahan & Mumtaz was still working overtime at the back my mind as I missed to spot a sharp sheet of Iron in the garage while parking our car. I needed nine stitches to cover the cut on my head and stop the gushing blood.
In the evening,   I was feeling appallingly lonely, down and out. This had to be the worst day and ominous sign of the year to come,  I said to myself.  And then, I heard my phone ringing. Subha Jyothsna, who was a fellow participant of the same course, was at the other end.
“How are you feeling Kamaljit?” She enquired. “ This has to be your day to rejoice. I have ordered a cake and invited other participants to your room”.
On my 42th  B’day, with fond remembrance, I thank Dibakar Bhattacharjee Sir, Nitish Da, Naba Da, Son, Debdoot, Rakesh,  Sanjib , Rupak Laskar , Jyotirmoy, Burnwal , Abhishek, Arundhuti Bou, Swarnali , Doli   for that wonderful evening  Digboi tourist lodge on 21-Feb, 2009.  
And let me tell you, Subha Jyothsna Madam, the sweetness of that cake has lingered on in the last six years. On my B’day,  I still remember and talk to my wife about that evening at IiPM, Gurgaon and the kindness you and others showered on me. 

You can contact Kamaljit at kamaljitmedhi1975@gmail.com